Date:18/03/20263 Daily GK for ADRE 3.0,Assam police,Grade 3 & 4 and other Exam

আজি ১৮ মাৰ্চ ২০২৬ৰ পৰীক্ষা উপযোগী এক-লাইন সাম্প্ৰতিক ঘটনাবলী 👇

অসম বিধানসভা নিৰ্বাচন ৯ এপ্ৰিলত ভোটগ্ৰহণ আৰু ৪ মে’ত গণনা অনুষ্ঠিত হ’ব।

অসমৰ ময়াঙ্ক চক্ৰৱৰ্তীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গ্ৰ্যান্ডমাষ্টাৰ হিচাপে ইতিহাস ৰচনা কৰিলে।

অসম চৰকাৰে কুকি আৰু হমাৰ গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিলে।

মাজুলী-যোৰহাট দলং নিৰ্মাণে মাজুলীক মূল ভূখণ্ডৰ সৈতে স্থায়ী সংযোগ দিব।

মানস ৰাষ্ট্ৰীয় উদ্যানত ‘Osbeckia zubeengargiana’ নামৰ নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে।

তেজপুৰ বিশ্ববিদ্যালয়ত PMFME আঁচনিৰ অধীনত ইনকিউবেচন চেণ্টাৰ উদ্বোধন কৰা হৈছে।

অসম মালা ৩.০ৰ অধীনত ৯০০ কিমি পথ নিৰ্মাণৰ প্ৰকল্প আৰম্ভ কৰা হৈছে।

শিলং-শিলচৰ হাই-স্পীড কৰিডৰে যাত্ৰাৰ সময় ৮.৫ ঘণ্টাৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰিব।

চাহ শ্ৰমিকসকলক মাটিৰ পট্টা বিতৰণ কৰা হৈছে।

কামাখ্যা-চাৰ্লাপল্লীসহ তিনিখন নতুন ৰে’ল সেৱা আৰম্ভ কৰা হৈছে।

PM-KISANৰ ২২তম কিস্তি ৯.৩ কোটি কৃষকৰ বাবে মুকলি কৰা হৈছে।

নুমলীগড় শোধনাগাৰৰ ক্ষমতা ৩ৰ পৰা ৯ MMTPAলৈ বৃদ্ধি কৰা হ’ব।

ব্ৰহ্মপুত্ৰৰ তলত প্ৰথম Rail-cum-Road সুৰংগ নিৰ্মাণৰ প্ৰস্তুতি চলি আছে।


Leave a Comment

Your email address will not be published. Required fields are marked *