সম্পদ, Chapter-6, Class-7

 

Next chapter



পাঠঃ ৬ – সম্পদ

ক্ৰিয়াকলাপ আৰু অনুশীলনীৰ সকলো প্ৰশ্ন-উত্তৰ




ক্ৰিয়াকলাপ (পৃষ্ঠা ৫৮)

প্ৰশ্ন: সকলো দ্রব্য বা সামগ্ৰীয়ে সম্পদ নহয়— কথাষাৰ যুক্তিসহকাৰে দলত আলোচনা কৰি লিখা।

উত্তৰ: আমি প্ৰকৃতিত পোৱা সকলোবোৰ দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ নহয়। কাৰণ, আমি নজনা বা ব্যৱহাৰ নকৰা বহুতো দ্ৰব্য আছে, যিবোৰ আমাৰ প্ৰয়োজন পুৰাবলৈ ব্যৱহাৰ কৰা হোৱা নাই। কোনো দ্ৰব্য সম্পদ হ’বলৈ— ই আমাদের প্ৰয়োজন পুৰাব লাগিব, ব্যৱহাৰৰ উপযোগী হ’ব লাগিব, আৰু ভৱিষ্যতৰ বাবে কামত অহা হ’ব লাগিব।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৬০)

প্ৰশ্ন: জৈৱিক সম্পদৰ ভিতৰত মানৱক শ্রেষ্ঠতম সম্পদ বুলি কোৱা হয় কিয়?

উত্তৰ: মানুহ বুদ্ধি-বৃত্তি থকা প্ৰাণী। মানুহে নিজে উন্নয়ন সাধে আৰু প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণত বুদ্ধি-বৃত্তি খটুৱাই দেশৰ উৎকৰ্ষ সাধন কৰে। সেয়েহে মানৱক শ্ৰেষ্ঠতম জৈৱিক সম্পদ বুলি কোৱা হয়।




প্ৰশ্ন: তোমাৰ অঞ্চলত কি কি স্থানভিত্তিক সম্পদ আছে? তালিকাভুক্ত কৰা।

উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য—নিজৰ অঞ্চলৰ সম্পদ, যেনে লো, তাম, কয়লা, চাহ গছ, বনৌষধি আদি লিখিব লাগিব।)




ক্ৰিয়াকলাপ (পৃষ্ঠা ৬১)

প্ৰশ্ন: পানী কিয় এবিধ অতি সম্ভাব্যপূর্ণ সম্পদ? মানুহৰ বাবে এনেবিধ সম্পদ কিয় গুৰুত্বপূর্ণ?

উত্তৰ: ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ অতি কম (০.০০০৩%)। ব্ৰহ্মপুত্ৰৰ পানী জলবিদ্যুৎ আৰু জলসিঞ্চনৰ বাবে সম্ভাবনাপূৰ্ণ। মানুহৰ স্বাস্থ্য, চিকিৎসা আৰু জীৱনধাৰণৰ বাবে পানী অপৰিহাৰ্য।




প্ৰশ্ন: এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে সেই দেশৰ মানুহ আৰু মানবসম্পদৰ ওপৰত — যুক্তিসহকাৰে ব্যাখ্যা কৰা।

উত্তৰ: কোনো দেশৰ উন্নতি মানৱ সম্পদৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা, কৌশল, উৎপাদন ক্ষমতা আৰু আচৰণবিধিয়ে দেশৰ মানৱ সম্পদ সৃষ্টি কৰে। মানুহে নিজে সম্পদ হোৱাৰ লগতে সম্পদ সৃষ্টি আৰু ৰূপান্তৰত ৰাষ্ট্ৰৰ উন্নয়নত অৱদান ৰাখে।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৬২)

প্ৰশ্ন: সম্পদসমূহ আমি কি কি কাৰণে সংৰক্ষণ কৰিব লাগে? আলোচনা কৰি লিখা।

উত্তৰ:
১) গছ-গছনি, বন্যপ্ৰাণী আৰু অৰণ্য কমি গৈছে।
২) বতৰৰ পৰিৱৰ্তনত কৃষি-উদ্যোগ ক্ষতিগ্ৰস্ত।
৩) সীমিত সম্পদ আৰু বাঢ়ি যোৱা জনসংখ্যাৰ বাবে অভাৱ সৃষ্টি হৈছে।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৬৩)

প্ৰশ্ন: “অর্থনৈতিক উন্নয়নে প্রাকৃতিক সম্পদৰ ওপৰত হেঁচা প্রয়োগ কৰে” — যুক্তিযুক্ততা ব্যাখ্যা কৰা।

উত্তৰ: আধুনিক প্ৰযুক্তিৰে অধিক উৎপাদনৰ ফলত প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ হয়। উন্নয়ন বৃদ্ধি পালে সম্পদ আহৰণো বৃদ্ধি পায়। কাঠ, বাঁহ আদি অধিক মাত্রায় ব্যৱহাৰৰ ফলত নিঃশেষ হ’ব পাৰে।




প্ৰশ্ন: সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন কেনেদৰে সম্ভব? চিন্তা কৰি লিখা।

উত্তৰ: সম্পদৰ সংৰক্ষণ, সীমিত ব্যৱহাৰ, পৰিস্থিতিসৃষ্টি সচেতনতা গঢ়ি তোলা, আৰু ভবিষ্যতৰ প্রয়োজন ধৰি পরিকল্পনা কৰিলে দীৰ্ঘম্যাদী উন্নয়ন সম্ভব।




অনুশীলনী

১। উত্তৰ লিখা

প্ৰশ্ন: সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰ: প্ৰয়োজন পূৰণ কৰিব পৰা দ্ৰব্য-সামগ্ৰী সম্পদ। তিনিভাগ— প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ, মানৱসৃষ্ট সম্পদ।




২। ‘মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ’ — যুক্তি (১০০ শব্দৰ ভিতৰত)

উত্তৰ: মানুহ বুদ্ধিসম্পন্ন প্ৰাণী। বুদ্ধিমত্তা, কৰ্মদক্ষতা, কৌশল, উৎপাদন ক্ষমতা আৰু আচৰণবিধিয়ে মানৱ সম্পদ সৃষ্টি কৰে। মানুহে অন্য সকলো সম্পদ উপযুক্তভাৱে ব্যৱহাৰ, সংৰক্ষণ আৰু ৰূপান্তৰ কৰি ৰাষ্ট্ৰৰ উন্নয়ন সম্ভব কৰে। এইবোৰ কাৰণতে মানুহ শ্ৰেষ্ঠতম জৈৱিক সম্পদ।




৩। তুমি জনা প্রাকৃতিক সম্পদসমূহ কি কি? সংৰক্ষণ ব্যৱস্থা চমুকৈ লিখা।

উত্তৰ: বায়ু, পানী, মাটি, সূৰ্যৰ শক্তি, উদ্ভিদ, কয়লা, খনিজ, অৰণ্য, বন্যপ্ৰাণী।
সংৰক্ষণ ব্যৱস্থা— সম্পদৰ সদ্ব্যৱহাৰ, মজুত–প্ৰয়োজন সমতা, অপচয় ৰোধ, সচেতনতা সৃষ্টি, সৌৰশক্তি ব্যৱহাৰ, পানীৰ সংৰক্ষণ, ভূমিক্ষয় ৰোধ।




৪। দীর্ঘম্যাদী উন্নয়ন কি? কিয় প্রয়োজন?

উত্তৰ: বৰ্তমান আৰু ভবিষ্যত দুয়ো সময়তে প্রয়োজন পূৰণ কৰিব পৰা ব্যৱস্থাই দীৰ্ঘম্যাদী উন্নয়ন। প্ৰাকৃতিক সম্পদ নিঃশেষ নোহোৱা দৰে ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে ইয়াৰ প্ৰয়োজন।




৫। পার্থক্য লিখা

(ক) নবীকৰণক্ষম সম্পদ বনাম অ-নবীকৰণক্ষম সম্পদ

নবীকৰণক্ষম — শেষ নোহোৱা সম্পদ (মাটি, পানী, বায়ু)।
অ-নবীকৰণক্ষম — পুনৰ সৃষ্টি নহয় (খনিজ, কয়লা, খাৰুৱা তেল)।




(খ) সৰ্বব্যাপী সম্পদ বনাম স্থানভিত্তিক সম্পদ

সৰ্বব্যাপী — সকলো ঠাইত পোৱা যায় (বায়ু)।
স্থানভিত্তিক — নিৰ্দিষ্ট ঠাইতেই পোৱা যায় (লোহা, তাম, কয়লা)।




(গ) প্ৰকৃত সম্পদ বনাম সম্ভাৱনাপূর্ণ সম্পদ

প্ৰকৃত — ইতিমধ্যে ব্যৱহৃত/আহৰণ কৰা সম্পদ (কয়লা, পেট্ৰ’লিয়াম)।
সম্ভাৱনাপূর্ণ — ভবিষ্যতে ব্যৱহাৰৰ সম্ভাৱনা থকা সম্পদ (ব্ৰহ্মপুত্ৰৰ জলবিদ্যুৎ)।




৬। শুদ্ধ উত্তৰটোত ☑ চিন দিয়া

(ক) সম্পদ হ’বলৈ তলৰ কোনটো প্রয়োজন নহয়?
(i) পৰিমাণ ☑

(খ) তলৰ কোনটো মানবসৃষ্ট সম্পদ নহয়?
(i) পৰ্বত-পাহাৰ ☑




৭। বাসস্থানৰ চৌপাশৰ উদ্ভিদ–প্ৰাণীৰ তালিকা আৰু সংৰক্ষণৰ প্ৰয়োজন

উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য) — উদাহৰণ: আম, বাঁহ, তুলসী; গৰু, ছাগলী, চৰাই।
সংৰক্ষণৰ প্ৰয়োজন — ইহঁতে জৈৱিক সম্পদ, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, ভবিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষা প্রয়োজন।




৮। স্থানীয় সম্পদ সংৰক্ষণৰ পৰিকল্পনা (তালিকা অনুসৰি)

উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য) — উদাহৰণ:
সম্পদ: পুখুৰী/বিল
কেনেকৈ সংৰক্ষণ?: আবৰ্জনা নেপথপাত, গছ ৰোৱা, পৰিচ্ছন্নতা
কাৰ সহযোগ?: স্থানীয় ৰাইজ, পঞ্চায়ত
কেনেকৈ উপকাৰ?: মাছ পালন, জলসিঞ্চন, পৰিৱেশ উন্নয়ন

 

Leave a Comment

Your email address will not be published. Required fields are marked *