অসমৰ সম্পদ, Chapter -7, Class-7

Next chapter

পাঠঃ ৭ – অসমৰ সম্পদ

ক্ৰিয়াকলাপ আৰু অনুশীলনীৰ সকলো প্ৰশ্ন-উত্তৰ




ক্ৰিয়াকলাপ (পৃষ্ঠা ৬৬)

প্ৰশ্ন: তোমাৰ অঞ্চলত থকা তিনিবিধ চিৰসেউজীয়া উদ্ভিদৰ নাম লিখা।

উত্তৰ:  হলং, হলক, মাকাই, নাহৰ, উৰিয়াম, তিতাছপা।




প্ৰশ্ন: তোমাৰ অঞ্চলত পোৱা তিনিবিধ পর্ণপাতী উদ্ভিদৰ নাম লিখা।

উত্তৰ:  শাল, চেগুণ, গমাৰি, শিমলু, আম, কঠাল।




প্ৰশ্ন: উদ্ভিদৰ সংখ্যা বৃদ্ধি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ৩টা উপায় লিখা।

উত্তৰ:
১) বন্যপ্ৰাণীসমূহক সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহত সুৰক্ষিত কৰি ৰখা।
২) জধে-মধে বন্যভূমি ধ্বংস কৰা কাৰ্য (যেনে- কৃষিকাৰ্য, বাসস্থান নিৰ্মাণ, উদ্যোগ স্থাপন আদিৰ বাবে) বন্ধ কৰা।
৩) (সাধাৰণ জ্ঞান) নতুনকৈ অধিক গছপুলি ৰোপণ কৰা।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৬৮)

প্ৰশ্ন: অসমৰ খাৰুৱা তেলৰ পুং থকা পাঁচখন ঠাইৰ নাম লিখা।

উত্তৰ: ডিগবৈ, নাহৰকটীয়া, গ্ৰীজান, মৰাণ, আৰু ৰুদ্রসাগৰ।




প্ৰশ্ন: অসমৰ কয়লাখনি থকা পাঁচখন ঠাইৰ নাম লিখা।

উত্তৰ: মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, আৰু নাফুক।




প্ৰশ্ন: খনিজ সম্পদত অধিক চহকী অসমৰ পাহাৰীয়া জিলাখনৰ নাম কি?

উত্তৰ: কাৰ্বি আংলং জিলাত কয়লা, চুণশিল, ছিলিমেনাইট আৰু চিনামাটি পোৱা যায়।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৬৯)

প্ৰশ্ন: ব্ৰহ্মপুত্ৰৰ দহখন উপনৈৰ নাম লিখা।

উত্তৰ: সোৱণশিৰি, জীয়াভৰলী, জীয়াধনশিৰি, পুঠিমাৰি, পাগলাদিয়া, মানাহ, চম্পাৱতী আৰু বুঢ়ীদিহিং, দিখৌ, ধনশিৰি।




প্ৰশ্ন: বৰাকৰ তিনিখন উপনৈৰ নাম লিখা।

উত্তৰ: জিবি, জাতিংগা, আৰু সোণাই (পাঠত ধলেশ্বৰীৰ নামো উল্লেখ আছে)।





প্ৰশ্ন: ভূ-তল জল আহৰণ কৰাৰ দুটা ব্যৱস্থা লিখা।

উত্তৰ: খাদ খান্দি আৰু নল-নাকূপ (Tube-well)।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৭২)

তালিকাখনৰ পৰা তলত দিয়া তথ্য আহৰণ কৰি লিখা—

(ক) অসমৰ মুঠ জনসংখ্যা — ৩,১১,৬৯,২৭২
(খ) সৰ্বাধিক জনসংখ্যাৰ জিলা — নগাঁও (২৮,২৬,০০৬)
(গ) সৰ্বনিম্ন জনসংখ্যাৰ জিলা — ডিমা হাছাও (২,১৩,৫২৯)
(ঘ) সৰ্বাধিক জনঘনত্বৰ জিলা — কামৰূপ (মহাঃ) (২০১০)
(ঙ) সৰ্বনিম্ন জনঘনত্বৰ জিলা — ডিমা হাছাও (৪৪)
(চ) সৰ্বাধিক শিক্ষিত লোক থকা জিলা — কামরূপ (মহাঃ) (৮৮.৬৬%)
(ছ) অসমৰ মুঠ শিক্ষিত লোকৰ হাৰ — ৭৩.১৮%
(জ) অসমৰ মহিলা শিক্ষিতৰ হাৰ — ৬৭.২৭%




অনুশীলনী

১। উত্তৰ দিয়া

(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?

উত্তৰ: কাগজ কল (জাগীবোড, পঞ্চগ্রাম) আৰু প্লাইউড কাৰখানা (মাকুম, মাৰ্ঘেৰিটা, মৰিয়নি)।




(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম কি?

উত্তৰ: নামেৰি আৰু মানাহ।




(গ) অসমৰ কোনখন জিলাত সৰ্বাধিক লোকে বাস কৰে?

উত্তৰ: নগাঁও (২০১১)।




(ঘ) বৰ্তমান অসমৰ মুঠ শিক্ষিতৰ হাৰ কিমান?

উত্তৰ: ৭৩.১৮%।




(ঙ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?

উত্তৰ: কৃষি।




২। সঁচা–মিছা লিখা

(ক) অসমত ২০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ চিৰসেউজীয়া — সঁচা
(খ) শিমলু গছ পৰ্ণপাতী — সঁচা
(গ) কার্বি আংলং জিলাৰ জনঘনত্ব সর্বাধিক — মিছা
(ঘ) কপিলী বৰাক নৈৰ উপনৈ — মিছা
(ঙ) অসমত মহিলাতকৈ পুৰুষৰ শিক্ষিতৰ হাৰ কম — মিছা




৩। উদ্ভিদৰ পৰা আমি কি কি পাওঁ?

উত্তৰ:

কাঠ (ঘৰ-দুৱাৰ, আচবাব)

কাগজ কল, প্লাইউড শিল্পৰ বাবে বাঁহ-কাঠ

জুইশলা (Matchstick) শিল্পৰ বাবে কাঠ

খৰি (ইন্ধন)

খাদ্য সামগ্ৰী — খেৰ, টকৌপাত, পাতিদৈ, বৰৰ আদি

ঔষধি উদ্ভিদ





৪। বন্যপ্ৰাণীৰ বাবে অভয়াৰণ্যৰ প্রয়োজন (৫০ শব্দ)

উত্তৰ: বন্যভূমি ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান সংকুচিত হৈছে। অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানত প্ৰাণীসমূহ সুৰক্ষিত থাকে। ইয়াত বংশবৃদ্ধিৰো সুবিধা পায়। সেইবাবে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অভয়াৰণ্য অত্যন্ত প্রয়োজনীয়।




৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা।

খাৰুৱা তেলৰ পুং:

ডিগবৈ, নাহৰকটীয়া, গ্ৰীজান, মৰাণ, ৰুদ্রসাগৰ, গেলেকী, বহোলা, লাকুৱা, দিহিং উপত্যকা।

কয়লাখনি:

মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, নাগিনিমৰা, কয়লাজান, শিলভেটা, লংলৈ, শিঙিমাৰী।




৬। ভূ-তলজলৰ ব্যৱহাৰ (৫০ শব্দ)

উত্তৰ: অসম ভূ-তলজলত সমৃদ্ধ। ভূ-গৰ্ভত সঞ্চিত পানী খোৱাপানী, জলসিঞ্চন, উদ্যোগ, কৃষি আদি বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰা হয়। এই পানী মানুহৰ দৈনন্দিন জীৱনত অতি উপকাৰী।






৯। শিশুৰ শিক্ষাৰ অধিকাৰ আইন (২০০৯) বিষয়ে ১০০–১২০ শব্দত ৰচনা

উত্তৰ: ২০০৯ চনৰ “শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন” অনুসৰি ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৰ বাবে শিক্ষা এক মৌলিক অধিকাৰ। এই আইন ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়। আইনে প্রতিটো শিশুক বিনামূল্যে শিক্ষা প্ৰদান, নামভৰ্তিৰ ক্ষেত্ৰত বৈষম্য নিষিদ্ধকৰণ, বেচৰকাৰী বিদ্যালয়ত ২৫% আসন সংৰক্ষণ, বিদ্যালয়ৰ মানদণ্ড উন্নয়ন আৰু যোগ্য শিক্ষকৰ নিয়োগ নিশ্চিত কৰে। শিশুক অষ্টম শ্ৰেণীলৈকে অনুত্তীৰ্ণ বা বহিষ্কাৰ নকৰাৰ বাবেও আইনটো বিশেষ বিধান ৰাখে, যাতে সকলো শিশুৱে সুৰক্ষিত আৰু অনুকূল পৰিবেশত শিক্ষা লাভ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *