ভাৰতৰ জলবায়ু, প্রাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা, Ch-9, Class-7

Next chapter

পাঠঃ ৯ – ভাৰতৰ জলবায়ু, প্রাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা

ক্ৰিয়াকলাপ আৰু অনুশীলনীৰ সকলো প্ৰশ্ন-উত্তৰ




ক্ৰিয়াকলাপ (পৃষ্ঠা ৮৪)

প্ৰশ্ন: দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব মৌচুমী বতাহৰ মাজত থকা তিনিটা পাৰ্থক্য লিখা।

উত্তৰ: দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব মৌচুমী বতাহৰ মাজত থকা তিনিটা পাৰ্থক্য হ’ল:
সময়: দক্ষিণ-পশ্চিম মৌচুমী বতাহ গ্ৰীষ্মকালত বহে, আনহাতে উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বহে।
উৎপত্তি আৰু প্ৰকৃতি: দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰত মহাসাগৰৰ পৰা আহে আৰু ই জলীয় ভাপপুষ্ট হয়। উত্তৰ-পূব মৌচুমী বতাহ উত্তৰৰ ছাইবেৰীয়া অঞ্চলৰ পৰা আহে আৰু ই শীতল আৰু শুকান হয় (যদিও বংগ উপসাগৰৰ ওপৰেদি আহোঁতে কিছু জলীয় ভাপ গ্ৰহণ কৰে)।
বৃষ্টিপাতৰ অঞ্চল: দক্ষিণ-পশ্চিম মৌচুমী বতাহে অসম, মেঘালয়, পশ্চিমবংগ আৰু পশ্চিম উপকূল আদি ভাৰতৰ বহল অঞ্চলত প্ৰচুৰ বৰষুণ দিয়ে। উত্তৰ-পূব মৌচুমী বতাহে ঘাইকৈ তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ কৰমণ্ডল উপকূলীয় অংশতহে বৰষুণ দিয়ে।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৮৫)

প্ৰশ্ন: ঠাই এখনৰ তাপমাত্রা কি কি কাৰকৰ প্ৰভাৱত কম বেছি হয়, লিখা।

উত্তৰ: ঠাই এখনৰ তাপমাত্রা বতাহ, সূৰ্যৰ উত্তাপ, ঠাইখনৰ উচ্চতা, বিষুৱৰ পৰা ঠাইখনৰ দূৰত্ব আদি কাৰকৰ প্ৰভাৱত কম-বেছি হয়।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৮৬)

প্ৰশ্ন: ভাৰতবৰ্ষত আমি ঠাইভেদে কিয় বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পাওঁ? ভাবি চোৱা।

উত্তৰ: ভাৰতবৰ্ষত সূৰ্যৰ তাপ, উষ্ণতা আৰু বৃষ্টিপাতৰ ভিন্নতা আৰু মাটিৰ গুণাগুণ অনুসাৰে অঞ্চল ভেদে বেলেগ বেলেগ প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৮৯)

প্ৰশ্ন: শস্য উৎপাদনৰ অঞ্চলসমূহ মানচিত্ৰত চিহ্নিত কৰা।

উত্তৰ: (এইটো এটা অংকন কাৰ্য। ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰ মানচিত্ৰত পাঠত দিয়া তথ্য অনুসৰি অঞ্চলসমূহ চিহ্ন দি দেখুৱাব লাগিব।)




ক্ৰিয়াকলাপ (পৃষ্ঠা ৯০)

(ক) ১৯০১ চনৰ পৰা ২০১১ চনলৈ ভাৰতবৰ্ষৰ জনসংখ্যা কিমান বৃদ্ধি পাইছে?

উত্তৰ: ১৯০১ চনৰ ২৩.৮৪ কোটিৰ পৰা ২০১১ চনৰ ১২১.০১ কোটিলৈ, অৰ্থাৎ ৯৭.১৭ কোটি বৃদ্ধি পাইছে।

(খ) কোন দুটা লোকপিয়লৰ ভিতৰত জনসংখ্যা হ্রাস দেখা গৈছে?

উত্তৰ: ১৯১১ চন আৰু ১৯২১ চনৰ লোকপিয়লৰ ভিতৰত জনসংখ্যা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে (-০.৩১)।

(গ) কোন দুই লোকপিয়লৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি?

উত্তৰ: ১৯৬১ চন আৰু ১৯৭১ চনৰ লোকপিয়লৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি (+২৪.৮০)।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৯১)

(ক) আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য?

উত্তৰ: উত্তৰ প্ৰদেশ (১৯,৯৮,১২,৩৪১)।

(খ) আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য?

উত্তৰ: ছিকিম (৬,০৭,৬৮৮)।

(গ) অসমৰ বৰ্তমান জনসংখ্যা?

উত্তৰ: ৩,১২,০৫,৫৭৬।

(ঘ) নতুন দিল্লীৰ জনসংখ্যা?

উত্তৰ: ১,৬৩,১৪,৮৩৮।




ক্ৰিয়াকলাপ (পৃষ্ঠা ৯২)

প্ৰশ্ন: মহানগৰসমূহত জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ কাৰণ কি?

উত্তৰ: মহানগৰসমূহত জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ কাৰণ হ’ল যাতায়াতৰ সুচলতা, উদ্যোগ আৰু বসবাসৰ সুবিধা (যেনে—শিক্ষা, স্বাস্থ্য, উদ্‌যোগ আদিৰ সুবিধা) থাকা।




অনুশীলনী

১। শুদ্ধ–অশুদ্ধ

(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্রবাহিত হয়। — শুদ্ধ
(খ) জনসংখ্যাৰ আকাৰত ভাৰত পৃথিৱীত প্ৰথম। — অশুদ্ধ
(গ) কর্কটক্রান্তি ৰেখা ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হয়। — শুদ্ধ
(ঘ) দক্ষিণ ভাৰতৰ ক’লা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী। — অশুদ্ধ
(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। — অশুদ্ধ




২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা

(ক) দক্ষিণ-পশ্চিম মৌচুমী বতাহ আহে — আৰব সাগৰৰ ওপৰেদি
(খ) ২০১১ জনসংখ্যা ঘনত্ব — ৩৮২ জন/বৰ্গ কিমি
(গ) ফলমূল উৎপাদনত প্ৰথম — জম্মু–কাশ্মীৰ
(ঘ) মৰুভূমিৰ উদ্ভিদ — কাঁইটীয়া
(ঙ) আটাইতকৈ বেছি জনসংখ্যা — উত্তৰ প্ৰদেশ




৩। মিলোৱা

১. মৌচুমীয় উদ্ভিদ — ৪. বছৰি ১০০–২০০ চেমি বৰষুণ
২. তৃণজাতীয় উদ্ভিদ — ৩. বছৰি ৫০–১০০ চেমি বৰষুণ
৩. কাঁইটীয়া মৰুজ উদ্ভিদ — ২. বছৰি ৫০ চেমিতকৈ কম বৰষুণ
৪. চিৰসেউজীয়া উদ্ভিদ — ১. ২০০ চেমিতকৈ অধিক বৰষুণ




৪। চমু উত্তৰ (৪০ শব্দ)

(ক) জনসংখ্যা হ্রাস–বৃদ্ধিৰ কাৰণ

উত্তৰ: জন্মহাৰ, মৃত্যুহাৰ, প্ৰব্ৰজন, প্ৰাকৃতিক দুৰ্যোগ, ৰোগ-ব্যাধি, যুদ্ধ-বিগ্ৰহ, মহামাৰী বা লোকসকলৰ ঠাই এৰি যোৱা আদি কাৰণত জনসংখ্যা হ্ৰাস-বৃদ্ধি হয়।

(খ) জলবায়ু নিৰ্ধাৰণকাৰী কাৰক

উত্তৰ: দেশখনৰ বিশালতা, ভূ-প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য আৰু মৌচুমী বতাহ।

(গ) চিৰসেউজীয়া উদ্ভিদ ক’ত পোৱা যায়?

উত্তৰ: পশ্চিমঘাট, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অঞ্চল, মণিপুৰ, মিজোৰাম, আন্দামান-নিকোবৰ দ্বীপপুঞ্জত।

(ঘ) কপাহ খেতিৰ অঞ্চল

উত্তৰ: মধ্য প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ কৰ্ণাটকৰ ক’লা মাটি অঞ্চল।




৫। দীৰ্ঘ উত্তৰ (৮০ শব্দ)

(ক) দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ

উত্তৰ: গ্ৰীষ্মকালত ভাৰত মহাসাগৰৰ পৰা জলীয় ভাপপুষ্ট হৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহ বহে। আৰব সাগৰৰ সোঁত পশ্চিমঘাটত খুন্দা মাৰি মালাবাৰ, কংকন, গুজৰাট উপকূলত বৰষুণ দিয়ে। বংগোপসাগৰৰ সোঁত অসম, মেঘালয়, পশ্চিমবংগ আদি অঞ্চলত বেছি বৰষুণ দিয়ে। মৌচিনৰামত বিশ্বৰ সৰ্বাধিক বৰষুণ হয়। এই বতাহে উষ্ণতা হ্ৰাস কৰে।

(খ) ভিন্ন খেতিৰ বাবে ভিন্ন জলবায়ু

উত্তৰ: ধানৰ বাবে গৰম জলবায়ু আৰু ১০০ চেমিতকৈ অধিক বৰষুণ লাগে। ঘেঁহুৰ বাবে শুকান জলবায়ু উপযোগী। কপাহ খেতিৰ বাবে দাক্ষিণাত্যৰ ক’লা মাটি ভাল। অসম–পশ্চিমবংগৰ ওখ মাটিত চাহ উৎপাদন হয়। মাটিৰ গুণাগুণ আৰু জলবায়ুৰ পার্থক্যই খেতিত ভিন্নতা আনে।

(গ) মৌচুমীয় উদ্ভিদ

উত্তৰ: বছৰি ১০০–২০০ চেমি বৰষুণ আৰু ২৭°চে গড় উষ্ণতা লাগেঃ শুকান বতৰত পাত সৰি যায়; সেইবাবে পর্ণপাতী। উদাহৰণ: শাল, চেগুণ, বাঁহ, শিশুৰ দৰে গছ। পোৱা যায়—অসম, বিহাৰ, পশ্চিমবংগ, ছট্টিশগড়,ঝাৰখণ্ড, মধ্যপ্ৰদেশ, তামিলনাডু, দাক্ষিণাত্যৰ পূব অংশ।

(ঘ) ধান খেতিৰ জলবায়ু

উত্তৰ: পলসুৱা মাটি, ২৫°চেতকৈ বেছি উষ্ণতা আৰু ১০০ চেমিতকৈ অধিক বৰষুণ ধান খেতিৰ বাবে প্ৰয়োজন। প্ৰধান ৰাজ্য: পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পঞ্জাব, হাৰিয়ানা, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা।

(ঙ) জনসংখ্যা বৃদ্ধিৰ সমস্যা

উত্তৰ: বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমি হ্ৰাস, খাদ্য সংকট, নিবনুৱা সমস্যা, স্বাস্থ্য–শিক্ষাৰ ওপৰত চাপ, পৰিবহন আৰু পৰিসেবা সংকট আদি বহু সমস্যাৰ সৃষ্টি হয়। অত্যধিক জনঘনত্বে দেশৰ সম্পদ ব্যৱহাৰত বেশী চাপ সৃষ্টি কৰে।

 

Leave a Comment

Your email address will not be published. Required fields are marked *