পৰিকল্পনা, বাজেট আৰু উন্নয়ন, Ch-19, Class-7

Next chapter


পাঠঃ ১৯ – পৰিকল্পনা, বাজেট আৰু উন্নয়ন
পাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ)

প্ৰশ্ন: দেশ এখনে কাৰ কল্যাণৰ হকে কাম কৰে? 
উত্তৰ: চৰকাৰে দেশৰ জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰে। 
প্ৰশ্ন: চৰকাৰ এখনৰ উপাৰ্জনৰ মূল উৎস কি? 
উত্তৰ: চৰকাৰ এখনৰ উপাৰ্জনৰ মূল উৎস হ’ল ৰাজহ সংগ্ৰহ (কৰ-কাটল)। দেশৰ উপাৰ্জনৰ এটা বুজন অংশ কৰ-কাটলৰ পৰা সংগ্ৰহ হয়। 

প্ৰশ্ন: কি কামত চৰকাৰে বিনিয়োগ কৰে? 
উত্তৰ: ৰাহি হোৱা ধন উৎপাদনমূলক কাম-কাজত বিনিয়োগ কৰি চৰকাৰে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। 

প্ৰশ্ন: বাৰ্ষিক পৰিকল্পনা কি? 
উত্তৰ: চৰকাৰেও এবছৰৰ বাবে কৰিবলগীয়া কাম-কাজৰ যি আঁচনি প্ৰস্তুত কৰে তাকেই বাৰ্ষিক পৰিকল্পনা বোলা হয়। 

প্ৰশ্ন: আমাৰ দেশত কেতিয়াৰ পৰা পঞ্চবার্ষিক পৰিকল্পনাৰ কাম হাতত লোৱা হৈছিল? 
উত্তৰ: ১৯৫১ চনৰ পৰাই আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকৰী হয়। 

অনুশীলনী
১। চমু উত্তৰ লিখা-
(ক) সঞ্চয়ৰ অর্থ কি? 
উত্তৰ: উপাৰ্জনৰ যি অংশ ভৱিষ্যতৰ বাবে সাঁচি ৰখা হয় তাকে সঞ্চয় বোলে। 

(খ) পৰিকল্পনা কাক বোলে? 
উত্তৰ: এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলগীয়া কামৰ আগতীয়া আঁচনিয়েই হ’ল পৰিকল্পনা। 

(গ) বাজেট মানে কি? 
উত্তৰ: পৰিকল্পনা মতে কাম কৰিবলৈ এটা নিৰ্দিষ্ট সময়ৰ বাবে আয়-ব্যয়ৰ যি হিচাপ প্ৰস্তুত কৰা হয় তাকে বাজেট বোলে। 

(ঘ) কল্যাণমূলক কাম কাক বোলে? 
উত্তৰ: চৰকাৰে দেশৰ জনসাধাৰণৰ কল্যাণৰ হকে কৰা কামবোৰকে কল্যাণমূলক কাম বোলে, যেনে- স্বাস্থ্য, শিক্ষা, যাতায়াত, যোগাযোগ, কৃষি, উদ্যোগ আদি খণ্ডৰ উন্নতিৰ বাবে কৰা কাম। 

(ঙ) কোনবোৰ ব্যক্তিক মানৱ সম্পদ বুলি কোৱা হয়? 
উত্তৰ: কাৰ্যক্ষম ব্যক্তিহে মানৱ সম্পদ হিচাপে বিবেচিত হয়। 

২। উত্তৰ লিখা-
(ক) কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামক গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদবে অর্থ আহৰণ কবে? 
উত্তৰ: কোনো এখন দেশৰ পৰিকল্পনাত জনসাধাৰণৰ কল্যাণমূলক কামবোৰক গুৰুত্ব দিয়া হয়, যেনে- স্বাস্থ্য, শিক্ষা, যাতায়াত, যোগাযোগ, কৃষি, উদ্যোগ আদি খণ্ডৰ উন্নতি। এই কামবোৰ কৰিবলৈ চৰকাৰে ৰাজহ সংগ্ৰহ (কৰ-কাটল)ৰ জৰিয়তে অৰ্থ আহৰণ কৰে। 

**(খ) পাঠত উল্লেখ কৰাৰ উপৰি চৰকাৰে আৰু কি কি ক্ষেত্ৰত ৰাহি ধন খৰচ কৰে? (শিক্ষকৰ সহায় লৈ লিখা।) ** 
উত্তৰ: চৰকাৰে ৰাহি ধনৰ কিছু অংশ প্ৰয়োজন অনুসৰি উৎপাদন নোহোৱা কাম-কাজতো ব্যৱহাৰ কৰে। যেনে-প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে আগবঢ়োৱা সাহায্য, কুটাঘাতমূলক কাৰ্যৰ ফলত ক্ষতিগ্ৰস্ত বা সংঘৰ্ষপীড়িত অঞ্চলৰ মানুহৰ বাবে আগবঢ়োৱা সাহায্য আদি। 

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(ক) নীতি আয়োগৰ অধ্যক্ষ- 
উত্তৰ: (iii) প্ৰধানমন্ত্ৰী 
(খ) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল- 
উত্তৰ: (iv) ৫ বছৰ 
(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয়- 
উত্তৰ: (iii) অৰ্থ 
(ঘ) চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ জমা হয়- 
উত্তৰ: (iii) ৰাজকোষত 
(ঙ) বিনিয়োগ মানে- 
উত্তৰ: (iii) অধিক উৎপাদনৰ বাবে কৰা ব্যয় 

৪। খালী ঠাই পূৰ কৰা-
(ক) পৰিয়ালটো সুখে-সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক ____ দিব লাগে। 
উত্তৰ: গুৰুত্ব 
(খ) অৰুণিমা এগৰাকী ____ মহিলা। 
উত্তৰ: মিতব্যয়ী 
(গ) প্রতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট ____ থাকে। 
উত্তৰ: পৰিকল্পনা 
(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ ____ প্রস্তুত কৰি লোৱা হয়। 
উত্তৰ: বাজেট 
(ঙ) দেশৰ উপাৰ্জনৰ এটা বুজন অংশ ____ পৰা সংগ্ৰহ হয়। 
উত্তৰ: কৰ-কাটলৰ 

 

Leave a Comment

Your email address will not be published. Required fields are marked *