
পাঠ ৫: ভক্ত প্ৰহ্লাদ (পৃষ্ঠা ৩৯-৫১)
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৪৬)
১। উত্তৰ দিয়া।
(ক) ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।
উত্তৰ: ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটা হ’ল হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা), হিৰণ্যকশিপু (দৈত্যৰাজ) আৰু প্ৰহ্লাদ (হিৰণ্যকশিপুৰ পুত্ৰ)।
(খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?
উত্তৰ: নাটিকাখনি পাঁচোটা দৃশ্যত বিভক্ত।
(গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?
উত্তৰ: প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।
(ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল?
উত্তৰ: হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম হিৰণ্যাক্ষ আছিল।
(ঙ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?
উত্তৰ: হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল।
(চ) প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰ: প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ দৈত্য-গুৰু যণ্ডামৰ্কক নিযুক্তি দিয়া হৈছিল।
(ছ) ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?
উত্তৰ: ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰিক কৈছিল।
(জ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?
উত্তৰ: স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম নৰসিংহ।
(ঝ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি?
উত্তৰ: অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ।
২। লিখা।
(ক) “কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ? …তুমি গমেই পোৱা নাইনে?” – এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাবত তন্ময় হৈ আছিল?
উত্তৰ: এই কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃয়ে কৈছিল। সেই সময়ত প্ৰহ্লাদে এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি তন্ময় হৈ আছিল।
(খ) স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল?
উত্তৰ: স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে ধৰি নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল। তেওঁৰ তৰ্জন-গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈ মূৰ্ছাপ্ৰায় হৈছিল আৰু ৰাজমহলকে ধৰি কাষৰীয়া ঠাইসমূহ ভূমিকম্পত ধৰণী কঁপাৰ দৰে কঁপি উঠিছিল।
৩। চমুকৈ লিখা।
(ক) প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্রমে লিখা।
উত্তৰ: প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে এই যুক্তিবোৰ দেখুৱাইছিল:
১. সত্যক স্বীকাৰ কৰা কাৰ্য কেতিয়াও অপৰাধ হ’ব নোৱাৰে।
২. ত্ৰিভুৱনৰ গৰাকী, ন্যায়ৰ প্ৰতিমূৰ্তি হৰিৰ মহিমা স্মৰণ কৰা কাৰ্য অনুচিত নহয়।
৩. হৰি ত্ৰিজগতৰ পিতৃস্বৰূপ, তেওঁৰ মহিমাক অৱজ্ঞা কৰিব নোৱাৰি।
৪. ‘ৰাখে হৰি মাৰে কোনে’, একান্ত ভক্তিৰ শক্তিয়েই সদায় ৰক্ষা কৰে।
৫. হৰি এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোতে সুপ্ত হৈ আছে।
(খ) বামানয় শাস্ত্ৰজ্ঞান ল’বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল?
উত্তৰ: প্ৰহ্লাদে বামানয় শাস্ত্ৰজ্ঞান ল’বলৈ আপত্তি কৰিছিল কাৰণ ই হৰিভক্তিৰ বিৰুদ্ধ আছিল।
(গ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল?
উত্তৰ: কাৰণ হিৰণ্যকশিপুৰ সহোদৰ ভ্ৰাতৃ হিৰণ্যাক্ষক বৰাহৰূপী বিষ্ণুৱে (হৰিৰ অন্যৰূপ) দাঁতেৰে খুঁচি হত্যা কৰিছিল। সেয়েহে হিৰণ্যকশিপুৱে হৰিক কেৱল নিজৰেই নহয়, সমগ্ৰ দৈত্য বংশৰে চিৰশক্ৰু বুলি কৈছিল।
(ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল?
উত্তৰ: প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এইবুলি কাকুতি কৰিছিল: “হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক। পিতৃৰ সকলো দোষ মাৰ্জনা কৰক।”
(চ) যণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল?
উত্তৰ: যণ্ডামৰ্কই প্ৰহ্লাদক বুজনি দি কৈছিল যে তেওঁ দৈত্যবংশৰ পুত্ৰ, সেয়ে তেওঁৰ কণ্ঠত হৰিনামে শোভা নাপায়। দেৱতাৰ জয়গান গোৱাটো তেওঁৰ বাবে উচিত নহয়, সেয়ে তেওঁ অসাৰ হৰিভক্তি ত্যাগ কৰি দৈত্যবংশৰ পৰম্পৰাৰ শিকনী থকা বামানয় শাস্ত্ৰ পঢ়িব লাগে।
(ছ) প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল?
উত্তৰ: প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কাৰণ তেওঁ পৰমপিতা হৰিৰ শ্ৰীচৰণত শৰণ লৈছিল আৰু তেওঁৰ বাবে বামানয় শাস্ত্ৰ হৰিভক্তিৰ বিৰুদ্ধ আছিল।
৪। ব্যাখ্যা কৰা।
‘ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযোজন।’
উত্তৰ: উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘ভক্ত প্ৰহ্লাদ’ পাঠটিৰ পাতনিৰ পৰা লোৱা হৈছে। ভাৰতীয় ভক্তিসাহিত্যত প্ৰহ্লাদৰ স্থান অতিশয় গুৰুত্বপূৰ্ণ। তেওঁ নিজ পিতৃ দৈত্যৰাজ হিৰণ্যকশিপুৰ কঠোৰ বাধা আৰু নিৰ্যাতনকো নেওচি সদায় সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি ভগৱানৰ মাহাত্ম্য শ্ৰৱণ-কীৰ্তন কৰিছিল। তেওঁ সকলো শাৰীৰিক আৰু মানসিক নিৰ্যাতন হাঁহিমুখে গ্ৰহণ কৰি निष्ठा আৰু বিনয়ৰ প্ৰতিমূৰ্তি হৈ পৰিছিল। দেউতাকৰ অন্যায় আদেশ নম্ৰতাৰে প্ৰত্যাখান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হোৱা প্ৰহ্লাদৰ এই চৰিত্ৰই ভাৰতীয় ভক্তিধাৰাৰ মহান ঐতিহ্যক এক গৌৰৱময় মাত্ৰা প্ৰদান কৰিছে।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৪৭)
৫। “…মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। … সহজে নহয় মোৰ বিনাশ।” – এই সংলাপটো কোনে কাক কৈছে? লিখা।
উত্তৰ: এই সংলাপটো দৈত্যৰাজ হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক কৈছিল l
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৪৮)
৬। ওপৰৰ সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা।
(ক) সমস্ত পদ: ত্ৰিভুৱন – ব্যাস বাক্য: তিনি ভুৱনৰ সমাহাৰ।
(খ) সমস্ত পদ: হতাহতি – ব্যাস বাক্য: পৰস্পৰে হাতে হাতে কৰা যি সংগ্ৰাম।
(গ) সমস্ত পদ: পৰ্বতগম্ভীৰ – ব্যাস বাক্য: পৰ্বতৰ নিচিনা গম্ভীৰ।
(ঘ) সমস্ত পদ: ত্ৰিজগত – ব্যাস বাক্য: তিনি জগতৰ সমাহাৰ।
(ঙ) সমস্ত পদ: সিংহাসন – ব্যাস বাক্য: সিংহ চিহ্নিত আসন।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৪৯)
৭। এটা শব্দত প্ৰকাশ কৰি লিখা।
(ক) যাৰ সাহস আছে – সাহসী
(খ) যি ঈশ্বৰক বিশ্বাস কৰে – আস্তিক
(গ) যি বিষ্ণুক উপাসনা কৰে – বৈষ্ণৱ
(ঘ) একে মাকৰ সন্তান – সহোদৰ
(ঙ) যি সঁচা কথা কয় – সত্যবাদী
(চ) যাক দেখা নাযায় – অদৃশ্য
৮। বাক্য ৰচনা কৰা।
চিৰবৈৰী – হিৰণ্যকশিপুৱে হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি গণ্য কৰিছিল।
হিংসা-দ্বেষ – সাধু লোকৰ মনত কাৰো প্ৰতি হিংসা-দ্বেষ নাথাকে।
গৰিমা – প্ৰহ্লাদে সকলো অত্যাচাৰ সহ্য কৰিও ভক্তি মাহাত্ম্যৰ গৰিমা প্ৰতিপন্ন কৰিছে।
চালে চকুৰোৱা – ৰাজমহলৰ সন্মুখৰ উদ্যানখনত চালে চকুৰোৱা এটি পুখুৰী আছিল।
আকাশ-পাতাল – ৰাজপুত্ৰ প্ৰহ্লাদে পুখুৰীৰ পাৰত বহি আকাশ-পাতাল ভাবি আছিল।
শয়নে-সপোনে – হিৰণ্যকশিপুৱে ভাতৃ হিৰণ্যাক্ষৰ হত্যাৰ কথা শয়নে-সপোনে পাহৰিব নোৱাৰিছিল।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৫০)
৯। চমু উত্তৰ দিয়া।
(ক) ষণ্ডামৰ্কৰ পিতৃৰ নাম কি?
উত্তৰ: ষণ্ডামৰ্কৰ (ষণ্ড আৰু অমৰ্ক) পিতৃৰ নাম আছিল দৈত্যগুৰু শুক্ৰাচাৰ্য।
(খ) বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?
উত্তৰ: শাস্ত্ৰৰ মতে বিষ্ণুৱে প্ৰধানকৈ দহটা অৱতাৰ ধাৰণ কৰিছিল।
(গ) বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি?
উত্তৰ: পাঠ্যপুথিখনত নৰসিংহক তৃতীয় অৱতাৰ বুলিহে উল্লেখ কৰা হৈছে। (চতুৰ্থ অৱতাৰৰ নাম পাঠত উল্লেখ নাই)।
(ঘ) বামানয় শাস্ত্ৰ কি?
উত্তৰ: বামানয় শাস্ত্ৰ হ’ল বেদ-বিৰুদ্ধ শাস্ত্ৰ, যাক সাধাৰণতে দৈত্যসকলৰ শাস্ত্ৰ বুলি কোৱা হয়।
