জাগা জননীৰ সন্তান, Ch-4, Class-8

Next chapter

পাঠ ৪: জাগা জননীৰ সন্তান (পৃষ্ঠা ৩২-৩৮)
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৩৩)

৩। উত্তৰ দিয়া।
(ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
উত্তৰ: কবিয়ে জননীৰ সন্তানসকলক অৰ্থাৎ দেশমাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে l

(খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?
উত্তৰ: ‘দুৰ্জ্জয় অভিযান’ বুলি এনে এক সংগ্ৰাম বা যাত্ৰাক বুজোৱা হৈছে যাক জয় কৰা অতি কঠিন।

(গ) দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?
উত্তৰ: দুৰ্জ্জয় অভিযানেৰে মৃত্যুকো নেওচি জয় লাভ কৰিবলৈ (জয় জিনি আনিবলৈ) কৈছে।

(ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
উত্তৰ: জননীৰ সন্তানক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে।

(ঙ) “তথাপিও নাই ভয়” বুলি কিয় কৈছে?
উত্তৰ: জননীৰ সন্তানসকল কৰ্মহীনতা আৰু কাপুৰুষতাৰ বাবে বৰ্তমান দুৰ্বল আৰু ম্ৰিয়মান হৈ পৰিলেও তেওঁলোকৰ মাজত অপাৰ শক্তি লুকাই আছে। সেই শক্তি জগাই তুলিলে শত্ৰুক পৰাস্ত কৰিব পাৰিব, সেয়েহে ভয় খাবলগীয়া একো নাই বুলি কবিয়ে কৈছে।

(চ) কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?
উত্তৰ: জননীৰ সন্তান অৰ্থাৎ দুৰ্ম্মদ বীৰ আৰু অজেয় নৱ-জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান হোৱাৰ কথা উল্লেখ কৰিছে।

(ছ) আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?
উত্তৰ: আপোন পাহৰা বীৰক ‘দুৰ্ম্মদ বীৰ’ আৰু ‘অজেয় নৱ-জোৱান’ বুলি আখ্যা দিছে।

৫। গীতটোৰ মূলভাব লিখা।
উত্তৰ: ‘জাগা জননীৰ সন্তান’ গীতটোৰ জৰিয়তে কবি জ্যোতিপ্ৰসাদ আগৰৱালাই দেশমাতৃৰ সন্তানসকলক তেওঁলোকৰ কৰ্মহীনতা আৰু কাপুৰুষতাৰ ভাৱ ত্যাগ কৰি জাগি উঠিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ অন্তৰত লুকাই থকা শক্তিক জগাই তুলি, সকলো বাধা-বিপত্তি আৰু মৃত্যুকো নেওচি দেশৰ বাবে এক দুৰ্জ্জয় সংগ্ৰামত নামি পৰি জয় কঢ়িয়াই আনিবলৈ কবিয়ে প্ৰেৰণা দিছে। তেওঁলোকৰ এই জাগৰণ আৰু জয়ধ্বনিতে শত্ৰু ভয়ত কঁপি উঠিব বুলি কবিয়ে গভীৰ আশা প্ৰকাশ কৰিছে।

ক্ৰিয়া-কলাপ (পৃষ্ঠা ৩৪)
৬। বাক্য ৰচনা কৰা।
শক্তিমান – দুৰ্বল বুলি ভবা মানুহজনো সময়ত শক্তিমান হৈ উঠিব পাৰে।
কাপুৰুষ – যি মানুহে অন্যায় দেখিও প্ৰতিবাদ নকৰে, সি কাপুৰুষ।
নিনাদ – ৰাতি বিহুৱা দলৰ ঢোলৰ নিনাদে গোটেই গাওঁখন মুখৰিত কৰি তুলিলে।
অজেয় – ভাৰতীয় সেনাদল শত্ৰুৰ বাবে সদায় অজেয়।
অভিযান – আৰক্ষীয়ে চোৰাংচোৱা দলটোৰ বিৰুদ্ধে এক অভিযান চলালে।

৭। সন্ধি গঠন কৰা আৰু ভাঙা।
দেৱ + অসুৰ = দেৱাসুৰ
কুশ + আসন = কুশাসন
বিদ্যা + অলংকাৰ = বিদ্যাংলকাৰ
মুৰ + অৰি = মুৰাৰি
দশ + আনন = দশানন
মহা + অৰ্ণৱ = মহাৰ্ণৱ
মহৰ্ষি = মহা + ঋষি
নৰেন্দ্ৰ = নৰ + ইন্দ্ৰ
মনোযোগ = মনঃ + যোগ
উল্লেখ = উৎ + লেখ
উজ্জ্বল = উৎ + জ্বল
নাৱিক = নৌ + ইক
দিগন্ত = দিক্ + অন্ত
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৩৬)

৯। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
মৃত্যু – জীৱন / জন্ম
জয় – পৰাজয়
দুৰ্বল – সবল
ভয় – সাহস / নিৰ্ভয়
শত্ৰু – মিত্ৰ

১০। তলৰ শব্দৰবোৰৰ সমাৰ্থক শব্দ লিখা।
মৃত্যু – মৰণ, দেহত্যাগ, স্বৰ্গ-গমন, পৰলোক-গমন
সন্তান – ল’ৰা-ছোৱালী, পো-আঁতি
জননী – মা, মাতৃ, আই
কাপুৰুষ – ভয়াতুৰ, সাহ নথকা
দুৰ্বল – শক্তিহীন, বলহীন
নিনাদ – ধ্বনি, শব্দ, কোলাহল

১১। এটা শব্দত প্ৰকাশ কৰা।
(ক) সাহস নথকা মানুহ – কাপুৰুষ
(খ) জাকৈৰে মাছ ধৰা মানুহ – জকাইয়া
(গ) যাৰ শক্তি আছে – শক্তিমান
(ঘ) যাক জিনিব নোৱাৰি – অজেয়

ক্ৰিয়া-কলাপ (পৃষ্ঠা ৩৭)
১২। তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা।
মান – মানী
দুৰ্বলতা – দুৰ্বল
দৰ্শন – দাৰ্শনিক
দুখ – দুখী
মানৱ – মানৱীয়

১৩। ভাব বহলাই লিখা।
“সাঁতোৰ সাঁতোৰ, নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে।”
উত্তৰ: উক্ত কথাফাঁকিৰ দ্বাৰা মানুহক আত্মনিৰ্ভৰশীল হ’বলৈ কোৱা হৈছে। জীৱনটো এখন নদী বা সাগৰৰ দৰে, ইয়াত জীয়াই থাকিবলৈ হ’লে আমি নিজৰ শক্তি, বুদ্ধি আৰু পৰিশ্ৰমৰ ওপৰত ভৰসা কৰিব লাগিব। নিজৰ বাহুবলেৰে সাঁতুৰি অৰ্থাৎ চেষ্টা কৰি জীৱনৰ সংগ্ৰামত আগবাঢ়িব লাগিব। যি মানুহে আনৰ ওপৰত নিৰ্ভৰ কৰি চলে বা নিজে চেষ্টা নকৰি এলেহুৱা হৈ থাকে, তেওঁ জীৱনৰ ধুমুহাত তিষ্ঠি থাকিব নোৱাৰে। তেনে লোকৰ ‘ৰসাতলে’ যোৱা অৰ্থাৎ অধঃপতন বা বিফলতা নিশ্চিত।

১৫। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনী চমুকৈ লিখা।
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা উল্লেখযোগ্য নাটকসমূহ হ’ল – ‘শোণিত কুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম্’, ‘নিমাতী কইনা’, ‘লভিতা’ আদি।
‘শোণিত কুঁৱৰী’ নাটকৰ কাহিনী: ‘শোণিত কুঁৱৰী’ হ’ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৪ বছৰ বয়সত ৰচনা কৰা এখন কালজয়ী নাটক। ইয়াৰ কাহিনী পৌৰাণিক আখ্যানৰ ওপৰত আধাৰিত। শোণিতপুৰৰ ৰজা বাণাসুৰৰ কন্যা উষাই এদিন সপোনত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক দেখি তেওঁৰ প্ৰেমত পৰে। উষাৰ সখী, চিত্ৰশিল্পী চিত্ৰলেখাই নিজৰ যোগবলৰ সহায়ত অনিৰুদ্ধক দ্বাৰকাৰ পৰা হৰণ কৰি আনি উষাৰ লগত গন্ধৰ্ব বিবাহ দিয়ে। কিন্তু ৰজা বাণাসুৰে এই কথা গম পাই অনিৰুদ্ধক বন্দী কৰে। ফলত নাতিয়েকক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণই বাণ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধতে ‘হৰি-হৰৰ যুদ্ধ’ নামে জনাজাত যুদ্ধখন হয়। শেষত বাণ ৰজা পৰাস্ত হয় আৰু উষা-অনিৰুদ্ধৰ মিলন হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *