গড়গাঁও, Class -7, Chapter -15, SEBA

Next Chapter
পাঠ – ১৫: গড়গাঁও

(কবি –
বিনন্দচন্দ্ৰ বৰুৱা)

পৃষ্ঠা ১১৮:
ক-পাঠভিত্তিক ক্রিয়া

৪। উত্তৰ
দিয়া:

(ক) গড়গাঁও
কবিতাটি কোনে ৰচনা কৰিছে?

উত্তৰ:
গড়গাঁও কবিতাটি বিনন্দচন্দ্ৰ বৰুৱাই ৰচনা কৰিছে।

(খ) গড়গাঁও
কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়?

উত্তৰ:
গড়গাঁও কবিতাটিৰ ৰচকজনক
ধ্বনি কবিবুলি জনা
যায়।

(গ) মাৰ-নাও
বুলিলে কি বুজা?

উত্তৰ: এটা
নাৱৰ দাঁতিত আন এটা নাও বান্ধি লোৱা যোৰ-নাওক মাৰ-নাও বোলে।

(ঘ)
কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা।

উত্তৰ:
কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কামবোৰ হ
ল— মানুহবোৰ
দিনে-ৰাতি, পানী-মাটি একাকাৰ কৰি
সাজ(সাজু) হৈ থাকে আৰু বিলত নগৰ আৰু নগৰত নৈ বয়াই দিয়ে।

(ঙ)
গড়গাঁৱৰ কথা শুনি তল যোৱা বুলি কবিয়ে কিয় কৈছে?

উত্তৰ:
গড়গাঁৱৰ ওচৰলৈ গৈ তাৰ ওলটা-পালটা অৱস্থা দেখি, যেনে বাঘ-গৰুৱে একেলগে পানী খোৱা,
নগৰত দেও লগা ঘাট দেখা আদি আচৰিত কথাবোৰ দেখি কবিয়ে গড়গাঁৱৰ কথা শুনি তল যোৱা
বুলি কৈছে।

৫। চমু
উত্তৰ দিয়া:

(ক)দিখৌৰ সোঁতত যোৱা, ভটীয়নী বল পোৱা, উভতিব খোজে
মাৰ-নাও
– মাৰ-নাও
উভতিব খোজাৰ কাৰণ কি?

উত্তৰ:
গড়গাঁৱৰ ওচৰ পাই তাৰ আচৰিত অৱস্থা (ওলটা-পালটা দেশ) দেখি মাৰ-নাওখনো উভতিব খোজে।

(খ)ওলটা-পালটা দেশ, কথাৰে নহয় শেষ, কটাৰীৰো দাৰে
তাৰ কাটে
বুলি কবিয়ে
কি বুজাব খুজিছে?

উত্তৰ: এই
কথাষাৰিৰে কবিয়ে গড়গাঁৱৰ ৰাজশাসনৰ প্ৰতাপ আৰু কঠোৰ নিয়ম-কানুনৰ কথা বুজাব
খুজিছে। তাত সকলো কাম বেলেগ ধৰণৰ (ওলটা-পালটা) আৰু তাৰ বিৱৰণ কথাৰে কৈ শেষ কৰিব
নোৱাৰি। আনকি তাত দাৰে কটাৰী কটাৰ দৰে অসাধাৰণ কামো সম্ভৱ হৈছিল।

(গ)নাহি দিন, নাহি ৰাতি, নাহি পানী, নাহি মাটি,
আদেশ মাথোন হয়
সাজ’’ – কবিতাফাকিত থকাসাজশব্দই কি বুজাইছে?

উত্তৰ:
কবিতাফাকিত থকা
সাজশব্দই ৰজাৰ
আদেশ পোৱা মাত্ৰকে যিকোনো কাম কৰিবলৈ সাজু থকা অৱস্থাটোক বুজাইছে।

(ঘ)অহা-যোৱা নাহি তাত শেষ, জনে জনে ভিন ভিন বেচ।– এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে?

উত্তৰ: এই
কথাফাকিৰ মাজেৰে কবিয়ে গড়গাঁও নগৰৰ ব্যস্ততা আৰু বৈচিত্ৰ্যৰ কথা বুজাব বিচাৰিছে।
নগৰখনলৈ মানুহৰ অহা-যোৱাৰ কোনো শেষ নাই আৰু তালৈ অহা প্ৰতিজন মানুহৰ সাজ-পোছাক
(বেচ) বেলেগ বেলেগ।

৬। কবিতাটোৰ
মূল কথাখিনি গদ্যত প্ৰকাশ কৰা।

উত্তৰ:গড়গাঁওকবিতাটোত কবিয়ে আহোম ৰাজত্বৰ পুৰণি
ৰাজধানী গড়গাঁৱৰ গৌৰৱময় অতীতৰ বৰ্ণনা কৰিছে। কবি দিখৌ নৈৰে ভটীয়াই গৈ গড়গাঁৱৰ
ওচৰ পাইছে। সেই ঠাইখনৰ কথা শুনি তেওঁ তল গৈছে, আনকি মাৰ-নাওখনো উভতিব খুজিছে।
কবিয়ে গড়গাঁৱক এখন
ওলটা-পালটা দেশবুলি কৈছে, যাৰ কথা কৈ শেষ কৰিব নোৱাৰি। ইয়াত বাঘ আৰু গৰুৱে একেলগে ঘাটত পানী
খায় আৰু নগৰৰ ঘাটবোৰ দেও লগা। ইয়াত বিদেশী লোকৰ চকু স্থিৰ হৈ পৰে আৰু স্বদেশী
লোকৰো মূৰ ওখ হৈ পৰে। গড়গাঁৱৰ মানুহবোৰ অদ্ভুত; তেওঁলোকৰ দিন-ৰাতি, পানী-মাটি একো
নাই, কেৱল ৰজাৰ আদেশত
সাজহৈ থাকে।
ৰজাৰ আদেশত তেওঁলোকে বিলক নগৰলৈ আৰু নগৰক নৈলৈ ৰূপান্তৰিত কৰিব পাৰে।

৭। তলৰ দফাত
থকা খালী ঠাই পূৰ কৰা।

(ক)

বিদেশীৰ চকু
থিৰ, স্বদেশীৰ ওখ শিৰ,

দেও-লগা
মানুহৰ দেশ;

উজুটাত ভাগে
দাঁত, কেকোঁৰাত হৰে মাত,

অহা-যোৱা
নাহি তাত শেষ;

জনে জনে ভিন
ভিন বেচ।

(খ)

সকলোৰে আছে
কাম, নোহোৱাৰ নাহি নাম,

কাপুৰুষে
সদা পায় লাজ;

নাহি দিন,
নাহি ৰাতি, নাহি পানী, নাহি মাটি,

আদেশ মাথোন
হয়
সাজ

ইচ্ছা যেন
স্বৰ্গমহাৰাজ।

পৃষ্ঠা ১১৯:
খ-ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৮। পাঠৰ পৰা
অন্ত্যধ্বনিৰ মিল থকা শব্দবোৰ লিখা।

যাওঁ – পাওঁ
– নাও

শেষ – দেশ

কাটে – ঘাটে
– ঘাটে

শিৰ – দেশ

মাত – শেষ

কাম – নাম –
লাজ

মাটি – সাজ

বয় – আলি

৯।অংশত দিয়া
শব্দবোৰ
অংশৰ অৰ্থৰ লগত মিলাই লিখা।

(মিল খুৱাই
তলত দিয়া হ
ল)

ভটীয়নী –
নৈৰ ভাটী বা নামনিৰৈ বৈ যোৱা

বল পোৱা –
শক্তি পোৱা

মাৰ-নাও –
এটাৰ দাঁতিত আন এটা বাদ্ধি লোৱা যোৰ-নাও

ওলটা-পালটা
– তল ওপৰ হোৱা বা কৰা

বিদেশী –
পৰদেশৰ, যিটো নিজৰ দেশৰ নহয়

শিৰ – মূৰ

কোঁঠ –
নিৰ্মাণ কৰা, প্ৰস্তুত কৰা

সাজ –
বহুলোকে একেলগে কৰা হাই-উৰুমি

ধোপ –
এলেহুৱা, বন বাৰী নকৰি বহি থকা মানুহ

১০।
উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া:

বিদেশ –
বিদেশী

স্বদেশ –
স্বদেশী

দেশ – দেশী

পৰদেশ –
পৰদেশী

সুখ – সুখী

দুখ – দুখী

কপাহ – কপাহী

আকাশ – আকাশী

গোলাপ –
গোলাপী

বাদাম –
বাদামী

পৃষ্ঠা ১২০:
গ-জ্ঞান সম্প্ৰসাৰণ

১১।
কবিতাটোত উল্লেখ থকা নাওবোৰৰ বিষয়ে জুকিয়াই লিখা।

উত্তৰ:
কবিতাটোত
মাৰ-নাওৰ কথা
উল্লেখ আছে। মাৰ-নাও হ
ল দুখন নাও একেলগে যোৰকৈ বন্ধা নাও।
কবিয়ে এই মাৰ-নাৱেৰে দিখৌ নৈৰে ভটীয়াই গড়গাঁৱৰলৈ গৈছিল।

১২। নাৱে
আমাক কিদৰে সহায় কৰে?

উত্তৰ: নাৱে
আমাক জলপথত যাতায়ত কৰাত সহায় কৰে। ইয়াৰ জৰিয়তে মানুহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ
যাব পাৰে আৰু লগতে বয়-বস্তুও কঢ়িয়াব পাৰে। বানপানীৰ সময়ত নাৱেই মানুহক নিৰাপদ
স্থানলৈ যোৱাত সহায় কৰে।

১৩। মানুহে
খাল-বিল পুতিলে, পাহাৰ কাটিলে হোৱা সুবিধাবোৰ…

উত্তৰ:
মানুহে খাল-বিল পুতিলে ঘৰ-দুৱাৰ বা ৰাস্তা-ঘাট সাজিবলৈ মাটি ওলায়। পাহাৰ কাটিলেও
ৰাস্তা-ঘাট নিৰ্মাণ কৰিব পাৰি বা উদ্যোগ আদি স্থাপন কৰিব পাৰি।

অসুবিধাবোৰ:
কিন্তু ইয়াৰ ফলত বহুতো অসুবিধা হয়। খাল-বিল পুতিলে পানী জমা হ
ব নোৱাৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু জলজ প্ৰাণীৰ বাসস্থান নষ্ট হয়। পাহাৰ
কটাৰ ফলত গছ-গছনি ধ্বংস হয়, প্ৰাকৃতিক ভাৰসাম্য নষ্ট হয় আৰু ভূমিস্খলনৰ দৰে
দুৰ্যোগৰ সম্ভাৱনা বাঢ়ি যায়।

১৪।
কবিতাটোৰ দৰে আন এটা স্বদেশপ্ৰেমমূলক বা বুৰঞ্জীমূলক কবিতা…

(টোকা: এইটো
ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ক্ৰিয়া-কলাপ।)

১৫। তলৰ ধোপ
শব্দৰ… অৰ্থ লিখা:

ধোপ (১)
(বিশেষ্য): বগা ৰং, বৰণ। (যেনে: ধোপ বগা)

ধোপ (২)
(বিশেষণ): এলেহুৱা, কাম-বন নকৰা। (যেনে: মানুহটো বৰ ধোপ)

১৬। তলৰ
শব্দবোৰৰ অৰ্থ লিখা:

আলি
(বিশেষ্য): ৰাস্তা, পথ।

আলি
(বিশেষণ): ঘাই, প্ৰধান। (যেনে: আলিবাট)

আলী
(বিশেষ্য): শাৰী, পংক্তি

1 thought on “গড়গাঁও, Class -7, Chapter -15, SEBA”

Leave a Comment

Your email address will not be published. Required fields are marked *