
অধ্যায় ১: বিজ্ঞানৰ বিচিত্ৰ জগতখন,Class 6, Science Chapter 1, SEBA New Book, Assamese Medium
Next Chapter
অনুশীলনী
১. খালী ঠাই পূৰ কৰা-
প্রশ্ন (a): বিজ্ঞান হ’ল ______ আৰু ______ ৰ জৰিয়তে লাভ কৰা জ্ঞান।
উত্তৰ: বিজ্ঞান হ’ল পর্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান।
প্রশ্ন (b): পর্যবেক্ষণ, ______ আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।
উত্তৰ: পর্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।
প্রশ্ন (c): ______ ৰ বাবে আমি খাদ্য খাওঁ।
উত্তৰ: বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ।
প্রশ্ন (d): পঞ্জাবত মানুহে প্রধানকৈ ______ খায়।
উত্তৰ: পঞ্জাবত মানুহে প্রধানকৈ ৰুটী খায়।
প্রশ্ন (e): কম্পাছত ______ থাকে।
উত্তৰ: কম্পাছত চুম্বক থাকে।
২. শুদ্ধ উক্তিটোত (✓) চিন দিয়া-
প্রশ্ন (a): আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে।
উত্তৰ: শুদ্ধ।
প্রশ্ন (b): পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো।
উত্তৰ: অশুদ্ধ।
প্রশ্ন (c): বৰষুণ হিচাপে পানী আকাশৰপৰা মাটিত পৰে।
উত্তৰ: শুদ্ধ।
প্রশ্ন (d): ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা-পশ্চিমা হৈ থাকে।
উত্তৰ: অশুদ্ধ।
প্রশ্ন (e): হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে।
উত্তৰ: শুদ্ধ।
৩. চমু উত্তৰ দিয়া-
প্রশ্ন (a): মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে?
উত্তৰ: মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে।
প্রশ্ন (b): কম্পাছৰ মূলবস্তু কি?
উত্তৰ: কম্পাছৰ মূলবস্তু হ’ল চুম্বক।
প্রশ্ন (c): ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে?
উত্তৰ: ওলোমাই ৰখা চুম্বক এডাল সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।
প্রশ্ন (d): নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে?
উত্তৰ: নাৱিকসকলে সাগৰত কম্পাছ নামৰ সঁজুলি ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে।
প্রশ্ন (e): বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি?
উত্তৰ: বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ’ল– পর্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা।
৪. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-
প্রশ্ন (i): উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল?
(a) উৰাজাহাজ (b) ছাবমেৰিন (c) ৰেল’গাড়ী (d) মটৰগাড়ী
উত্তৰ: (a) উৰাজাহাজ
প্রশ্ন (ii): তলৰ কোনটো কামত কম্পাছ যন্ত্র ব্যৱহাৰ কৰা হয়?
(a) দিশ নিৰ্ণয়ৰ কামত (b) গধুৰ বস্তু দাঙোতে (c) বস্তুৰ ওজন জুখিবৰ বাবে (d) বতাহৰ গতি জুখিবৰ বাবে
উত্তৰ: (a) দিশ নিৰ্ণয়ৰ কামত
