অধ্যায় ২: জীৱ আৰু জৈৱ বৈচিত্র্য, Class 6,

অধ্যায় ২: জীৱ আৰু জৈৱ বৈচিত্র্য, Class 6, Science Chapter 2, SEBA New Book, Assamese Medium

Next Chapter 

অনুশীলনী
১. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা
প্রশ্ন (i): তলৰ কোনটো প্রক্রিয়াত পখিলাই উদ্ভিদক সহায় কৰে?
* (a) অভিযোজন
* (b) খাদ্য প্ৰস্তুতকৰণ
* (c) প্রজনন
* (d) শ্বাস-প্রশ্বাস
   উত্তৰ: (c) প্রজনন
প্রশ্ন (ii): ডালিম গছ এবিধ –
* (a) বৃক্ষ
* (b) গুল্ম
* (c) তৃণ
* (d) আৰোহী লতা
   উত্তৰ: (b) গুল্ম
প্রশ্ন (iii): তলৰ কোনবিধ জলজ উদ্ভিদ নহয়?
* (a) পদুম
* (b) খৰিকাজাঁই
* (c) পুনি
* (d) ভেট
   উত্তৰ: (b) খৰিকাজাঁই (পুনি আৰু ভেট জলজ উদ্ভিদ বুলি পাঠত উল্লেখ আছে)
প্রশ্ন (iv): চৰাইৰ ডেউকা হ’ল –
* (a) পাখিৰ ৰূপান্তৰ
* (b) আগঠেঙৰ ৰূপান্তৰ
* (c) পিছঠেঙৰ ৰূপান্তৰ
* (d) (a) আৰু (b) দুয়োটাই
   উত্তৰ: (b) আগঠেঙৰ ৰূপান্তৰ
প্রশ্ন (v): ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি?
* (a) ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে।
* (b) ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে।
* (c) ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে।
* (d) ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে।
   উত্তৰ: (c) ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে।
২. খালী ঠাই পূৰ কৰা
প্রশ্ন (i): বীজপত্র ______ ৰ ভিতৰত থাকে।
উত্তৰ: বীজপত্র বীজৰ ভিতৰত থাকে।
প্রশ্ন (ii): জালৰ দৰে সিৰাবিন্যাস ______ উদ্ভিদৰ চৰিত্ৰ।
উত্তৰ: জালৰ দৰে সিৰাবিন্যাস দ্বিবীজপত্রী উদ্ভিদৰ চৰিত্ৰ।
প্রশ্ন (iii): উটৰ কুঁজটোত ______ জমা হৈ থাকে।
উত্তৰ: উটৰ কুঁজটোত খাদ্য জমা হৈ থাকে।
প্রশ্ন (iv): পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি ______ ৰ দৰে।
উত্তৰ: পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে।
প্রশ্ন (v): ফোপোলা হাড় ______ ৰ এক চৰিত্ৰ।
উত্তৰ: ফোপোলা হাড় চৰাইৰ এক চৰিত্ৰ।
৩. চমু উত্তৰ লিখা
প্রশ্ন (i): আবাসস্থল কাক বোলে?
উত্তৰ: জীৱ এবিধে স্বাভাৱিক ভাবে যি ঠাইত বাস কৰিব পাৰে, সেই ঠাইকে জীৱবিধৰ আবাসস্থলী বুলি কোৱা হয়।
প্রশ্ন (ii): জৈৱ বৈচিত্র্য মানে কি বুজা?
উত্তৰ: আমাৰ পৰিৱেশত অনেক প্ৰকাৰৰ জীৱ আছে। পৃথিৱীখনত থকা এই বিভিন্ন ধৰণৰ জীৱসমূহকে আমি জৈৱ বৈচিত্র্য বুলি কওঁ।
প্রশ্ন (iii): কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কি দৰে অভিযোজন কৰে?
উত্তৰ: কেকটাছৰ পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয় যাতে উদ্ভিদজোপাৰ পৰা পানী ওলাই যাব নোৱাৰে। ইয়াৰ গা-গছ সেউজীয়া হোৱা বাবে খাদ্য তৈয়াৰ কৰিব পাৰে আৰু কাণ্ড মঙহাল হোৱা বাবে ইয়াত পানী জমা কৰি ৰাখে।
প্রশ্ন (iv): সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ উদ্ভিদৰ উদাহৰণ দিয়া।
উত্তৰ: সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ উদ্ভিদ হ’ল– কলপাত, ধান গছ, আৰু মাকৈ।
প্রশ্ন (v): জৈৱ বৈচিত্র্যৰ গুৰুত্ব লিখা।
উত্তৰ: জৈৱ বৈচিত্র্যৰ বাবে পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা হৈছে। উদ্ভিদে প্রাণীক খাদ্য দিয়ে, উশাহ ল’বলৈ অক্সিজেন যোগান ধৰে। এইদৰে আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা হয়।
প্রশ্ন (vi): ‘চৰাই জৈৱ বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ’ – ব্যাখ্যা কৰা।
উত্তৰ: চৰাই জৈৱ বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ। কিছুমান চৰায়ে গছত থকা পোক-পতংগ খাই তেনে জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত অৱস্থাত ৰাখে। আন কিছুমান চৰায়ে গছৰ ফল খায়, আৰু সেই ফলৰ গুটিবোৰ মলৰ লগত ওলাই আন ঠাইত পৰে, যাৰ ফলত নতুন গছ গজে। এইদৰে চৰাইবোৰে অৰণ্যৰ বিস্তাৰত সহায় কৰে।
৪. শুদ্ধ নে অশুদ্ধ লিখা
প্রশ্ন (i): সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী।
উত্তৰ: অশুদ্ধ। (কিছুমান চৰায়ে শস্যপথাৰত থকা অনিষ্টকাৰী পোক-পতংগক খায়, যিয়ে শস্যৰ উপকাৰ কৰে)।
প্রশ্ন (ii): চৰায়ে অৰণ্য বিস্তাৰণত সহায় কৰে।
উত্তৰ: শুদ্ধ।
প্রশ্ন (iii): পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই।
উত্তৰ: অশুদ্ধ। (আমাৰ চাৰিওফালে থকা জীৱবোৰৰ লগত আমাৰ সকলোৰে সম্পৰ্ক আছে)।
প্রশ্ন (iv): জৈৱ বৈচিত্র্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়।
উত্তৰ: শুদ্ধ। (গছ-বন ধ্বংস কৰিলে পৰিৱেশ নষ্ট হয়)।
প্রশ্ন (v): অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।
উত্তৰ: অশুদ্ধ। (পৰ্বতীয়া ঠাইত থকা প্ৰাণীবোৰৰ গা নোমেৰে ঢকা থাকে আৰু সেইবাবে সিহঁতে নিজকে শীতৰ পৰা ৰক্ষা কৰিব পাৰে)।

 

Leave a Comment

Your email address will not be published. Required fields are marked *