
অধ্যায় ৭: বতৰ আৰু জলবায়ু, Class 6, Science Chapter 7, SEBA New Book, Assamese Medium
Next Chapter
অনুশীলনী
১. অতি চমুকে উত্তৰ দিয়া –
প্রশ্ন (a): বতৰ কাক বোলে?
উত্তৰ: বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনিক যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়।
প্রশ্ন (b): জলবায়ু কাক বোলে?
উত্তৰ: কোনো এখন ঠাইৰ 25-30 বছৰ বা তাতোধিক কালৰ বতৰৰ গঢ়মানেই হৈছে সেই ঠাইৰ জলবায়ু।
প্রশ্ন (c): বতৰৰ তিনিটা কাৰকৰ নাম লিখা।
উত্তৰ: বতৰৰ তিনিটা কাৰক হ’ল– উষ্ণতা, আৰ্দ্ৰতা, আৰু বৰষুণৰ পৰিমাণ (বা বতাহৰ গতি)।
প্রশ্ন (d): জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি?
উত্তৰ: জলবায়ুৰ ভিত্তিত অসমত গ্ৰীষ্ম, বৰ্ষা, শৰৎ, আৰু শীত ঋতুত ভাগ কৰিব পাৰি।
২. বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা।
উত্তৰ:
* বতৰ হ’ল কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ দৈনিক অৱস্থা, যেনে উষ্ণতা, আৰ্দ্ৰতা আদি। বতৰ প্ৰতিদিনে বা প্ৰতিসপ্তাহে সঘনাই পৰিৱৰ্তন হয়।
* জলবায়ু হ’ল কোনো এখন ঠাইৰ ২৫-৩০ বছৰ বা তাতোধিক দীৰ্ঘ সময়ৰ বতৰৰ গঢ় অৱস্থা।
৩. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
প্রশ্ন (i): পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক’ত অৱস্থিত?
* (a) উত্তৰ মেৰু
* (b) দক্ষিণ মেৰু
* (c) বিষুৱীয়
* (d) বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ
উত্তৰ: (d) বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ
প্রশ্ন (ii): কোনবিধ খাৰিফ শস্য?
* (a) ধান
* (b) সৰিয়হ
* (c) আলু
* (d) ঘেঁহু
উত্তৰ: (a) ধান
৪. খালী ঠাই পূৰ কৰা:
প্রশ্ন (a): কোনো এটা অঞ্চলৰ দীৰ্ঘসময়ৰ বতৰৰ গঢ় অৱস্থাক সেই অঞ্চলৰ _______ বোলে।
উত্তৰ: কোনো এটা অঞ্চলৰ দীৰ্ঘসময়ৰ বতৰৰ গঢ় অৱস্থাক সেই অঞ্চলৰ জলবায়ু বোলে।
প্রশ্ন (b): _________ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।
উত্তৰ: দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।
