অধ্যায় ১২: প্রাকৃতিক সম্পদ, Class 6,


অধ্যায় ১২: প্রাকৃতিক সম্পদ, Class 6, Science Chapter 12, SEBA New Book, Assamese Medium

Next Chapter 

অনুশীলনী
১. তলৰ তালিকাত কেইটামান প্রাকৃতিক সম্পদৰ চিত্ৰ দিয়া হৈছে। …বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁ হাতৰ ঘৰবোৰত থকা কোনটো উত্তৰ শুদ্ধ মিলোৱা।
উত্তৰ:
(গছৰ ছবি) – নৱীকৰণযোগ্য
(কয়লাৰ ছবি) – অনৱীকৰণযোগ্য
(সূর্যৰ ছবি) – নৱীকৰণযোগ্য
(OIL/তেলৰ ছবি) – অনৱীকৰণযোগ্য
২. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা –
(i) যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক বোলে –
(b) অনৱীকৰণযোগ্য সম্পদ
(ii) পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাকে বোলে –
(b) মাটি
(iii) বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়?
(b) 22 মার্চ
(iv) ভূ-পৃষ্ঠৰ পৰা বহু কিল’মিটাৰ ওপৰলৈ…
(b) বায়ুমণ্ডল
৩. এটা শব্দত উত্তৰ দিয়া –
(a) বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে?
উত্তৰ – 21 শতাংশ।
(b) এবিধ জলজ উদ্ভিদৰ নাম লিখা।
উত্তৰ – মেটেকা (বা পদুম ফুল)।
(c) এবিধ জলজ প্রাণীৰ নাম লিখা।
উত্তৰ – মাছ।
(d) শক্তিৰ প্ৰধান উৎস কি?
উত্তৰ – সূর্য।
৪. শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা –
(a) অৰণ্য প্রাকৃতিক সম্পদ।
উত্তৰ – শুদ্ধ।
(b) শিল নৱীকৰণযোগ্য সম্পদ।
উত্তৰ – অশুদ্ধ। (খনিজ পদার্থ অনৱীকৰণযোগ্য সম্পদ)।
(c) পুখুৰী অনৱীকৰণযোগ্য সম্পদ।
উত্তৰ – অশুদ্ধ। (পুখুৰী পানীৰ উৎস, যি নৱীকৰণযোগ্য)।
(d) যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন।
উত্তৰ – অশুদ্ধ। (সাধাৰণতে পেট্ৰ’ল আৰু ডিজেল বেছিকৈ ব্যৱহাৰ হয়)।
(e) বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে।
উত্তৰ – অশুদ্ধ। (নাইট্র’জেন ৭৮% থাকে)।
৫. চমু উত্তৰ দিয়া –
(a) প্রাকৃতিক সম্পদ কাক বোলে?
উত্তৰ – প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক সেইবোৰকে প্রাকৃতিক সম্পদ বোলে।
(b) প্রাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ – প্রাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে – (ক) নৱীকৰণযোগ্য প্রাকৃতিক সম্পদ আৰু (খ) অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ।
(c) নবীকৰণযোগ্য আৰু অনৰীকৰণযোগ্য প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ সহ লিখা।
উত্তৰ – নৱীকৰণযোগ্য সম্পদ: যিবোৰ সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায়, তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলা হয়। যেনে- সূৰ্যৰ ৰশ্মি, পানী, বায়ু।
অনৱীকৰণযোগ্য সম্পদ: যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি, তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। যেনে- প্রাকৃতিক গেছ, পেট্র’ল, কয়লা।
(d) সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়?
উত্তৰ – সূর্যই পৃথিৱীৰ সকলো জীৱক পোহৰ আৰু তাপ দিয়ে। সূৰ্যৰ পোহৰতে উদ্ভিদে খাদ্য প্রস্তুত কৰে, আৰু সেই উদ্ভিদৰ ওপৰত সকলো প্রাণী নিৰ্ভৰশীল। সেয়েহে সূর্য হৈছে সকলো শক্তিৰ উৎস।
(e) বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰ – সমগ্ৰ পৃথিৱীত নিৰ্মল পানীৰ (Fresh water) পৰিমাণ অতি কম। বৰষুণৰ পানী সংগ্ৰহ কৰি (বৰষুণৰ পানী আহৰণ) আমি পানীৰ অভাৱ পূৰণ কৰিব পাৰোঁ আৰু সেই পানী ঘৰুৱা কামত বা খেতিত ব্যৱহাৰ কৰিব পাৰোঁ।
৬. বিকল্প শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে?
উত্তৰ – জীৱাশ্ম ইন্ধনসমূহ (যেনে প্রাকৃতিক গেছ, কয়লা) প্রকৃতিত সীমিত পৰিমাণতহে থাকে। এইবোৰ অত্যধিক ব্যৱহাৰ কৰিলে পৃথিৱীত এই ইন্ধন শেষ হৈ যাব। সেয়েহে আমি প্রাকৃতিক গেছৰ ওপৰতে নিৰ্ভৰ নকৰি বিকল্প শক্তিৰ কথাও ভাবিব লাগিব।
৭. সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক কি শক্তি বোলা হয়?
উত্তৰ – সৌৰ শক্তি।
৮. বায়ুকল কি? বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে?
উত্তৰ – বায়ুকল হৈছে বতাহৰ শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি উৎপন্ন কৰা এটা ব্যৱস্থা। বায়ুকলত বতাহৰ শক্তি (বায়ু শক্তি) ব্যৱহাৰ কৰা হয়।
৯. বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা?
উত্তৰ – বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্য হ’ল: (১) চাইকেলৰ চকাত বায়ু ভৰোৱা আৰু (২) পালতৰা নাও, পেৰাচুট, উৰাজাহাজ আদি চলোৱা।
১০. বতাহ যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া।
উত্তৰ – কাগজৰ চকৰি বতাহত ঘূৰা কাৰ্যটোৱে প্ৰমাণ কৰে যে বতাহ এবিধ শক্তি। বতাহ নহ’লে চকৰিকেইটা নুঘূৰিলেহেঁতেন।
১১. …সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু কি কাম কৰিব পাৰি?
উত্তৰ – সূৰ্যৰ তাপ ব্যৱহাৰ কৰি তিতা কাপোৰ শুকুৱাব পাৰি, খাদ্য শস্য (যেনে ধান, সৰিয়হ) শুকুৱাই সংৰক্ষণ কৰিব পাৰি, আৰু আচাৰ আদিও শুকুৱাব পাৰি।
১২. পেট্র’ল, ডিজেল আদিক কিয় অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলা হয়?
উত্তৰ – পেট্র’ল, ডিজেল আদি জীৱাশ্ম ইন্ধন, যিবোৰ মৃত জীৱৰ অৱশেষৰ পৰা সৃষ্টি হ’বলৈ বহু নিযুত বছৰৰ প্ৰয়োজন হয়। এই সম্পদবোৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সহজে সৃষ্টি কৰিব নোৱাৰি আৰু এইবোৰ প্ৰকৃতিত সীমিত পৰিমাণতহে থাকে। সেয়েহে ইহঁতক অনৱীকৰণযোগ্য সম্পদ বোলা হয়।
১৩. অনৰীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা?
উত্তৰ – অনৰীকৰণযোগ্য সম্পদ (জীৱাশ্ম ইন্ধন) সংৰক্ষণ কৰিবলৈ মই (ক) খোজকাঢ়ি যাব পৰা দূৰত্বলৈ খোজকাঢ়ি বা চাইকেল চলাই যাম, (খ) ৰাজহুৱা গাড়ীত যোৱাৰ অভ্যাস কৰিম, আৰু (গ) যান-জঁটত দীঘলীয়া সময় ৰ’বলগীয়া হ’লে গাড়ীৰ ইঞ্জিন বন্ধ কৰি থ’ম।
১৪. …পানী অবাবত যাতে নষ্ট নহয় তাৰবাবে তুমি লগৰ বন্ধু-বান্ধৱীক কেনেদৰে সচেতন কৰিবা?
উত্তৰ – মই বন্ধু-বান্ধৱীক বুজাম যে সমগ্ৰ পৃথিৱীত নিৰ্মল পানীৰ পৰিমাণ অতি কম। আমি যদি পানীৰ অপচয় ৰোধ কৰিবলৈ সজাগ আৰু সাৱধান নহওঁ, তেন্তে ভৱিষ্যতে খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লাগিব।
১৫. …চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোৱানে? ৰোৱা যদি কি উপলক্ষে ৰোপণ কৰা?
উত্তৰ – (শিক্ষাৰ্থীৰ বাবে ব্যক্তিগত উত্তৰ) হয়, আমি চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও গছপুলি ৰোওঁ। বিশেষকৈ ‘বন মহোৎসৱ’, ‘ধৰিত্ৰী দিৱস’, আৰু ‘বিশ্ব পৰিৱেশ দিৱস’ উপলক্ষে বিদ্যালয়ত গছ ৰোপণৰ কাৰ্যসূচী লোৱা হয়।
১৬. প্রাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা।
উত্তৰ – বন মহোৎসৱ (বা বিশ্ব পৰিৱেশ দিৱস)।
১৭. …উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল’ব পাৰা…
উত্তৰ – উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ আমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ গছ ৰোপণৰ কাৰ্যসূচী হাতত ল’ব পাৰোঁ। গছে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰি অক্সিজেন যোগান ধৰে, যিটোৱে উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে।
১৮. তোমাৰ ঘৰত পানীৰ যাতে অপব্যৱহাৰ নহয় তাৰবাবে তুমি কি কি চিন্তা আগবঢ়াবা? এইক্ষেত্ৰত তুমি ঘৰৰ সদস্যসকলক কেনেদৰে সজাগ কৰিবা?
উত্তৰ – ঘৰত পানীৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ মই সকলো সদস্যক পানীৰ অপচয় নকৰিবলৈ সজাগ কৰিম, কাৰণ পৃথিৱীত ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ পৰিমাণ অতি কম। মই তেওঁলোকক বৰষুণৰ পানী সংগ্ৰহ কৰি সেই পানী ঘৰুৱা কামত বা খেতিত ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিম।
অধ্যায় ১৩: মহাকাশৰ বিচিত্ৰ কথা
অনুশীলনী (পৃষ্ঠা ২১৪)
(১-৫) লৈ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
১. তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ?
(c) সপ্তর্ষিমণ্ডল
২. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়?
(b) তাৰকাপুঞ্জ
৩. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য?
(d) গ্রহাণুপুঞ্জ
৪. তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়?
(b) প্লুটো
৫. তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় নিকটতম তৰা?
(c) প্রক্সিমা ছেন্টাউৰি
৬. I স্তম্ভৰ পদসমূহৰ সৈতে II স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা।
উত্তৰ:
(i) ৰঙাগ্রহ – (b) মঙ্গল
(ii) আঙঠি থকা গ্রহ – (c) শনি
(iii) তাৰকাপুঞ্জ – (d) কালপুৰুষ
(iv) গ্রহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় – (a) শুক্র
৭. খালী ঠাই পূৰ কৰা।
(i) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে।
(ii) মঙ্গল আৰু বৃহস্পতি-ৰ কক্ষপথৰ মাজত গ্রহাণুপুঞ্জসমূহ পোৱা যায়।
(iii) লুব্ধক নামৰ তৰাটো কেনিছ মেজৰ তাৰকাপুঞ্জত থাকে।
(iv) সূৰ্যৰ পৰা দূৰত্বৰ উৰ্ধক্ৰমত আঠোটা গ্রহ হৈছেঃ বুধ, শুক্র, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।
৮. তলৰ বাক্যসমূহ সত্য (স) বা অসত্য (অ) হিচাপে চিহ্নিত কৰা।
(i) প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্রহ।
উত্তৰ – অসত্য। (প্লুটোৱে গ্ৰহৰ মৰ্যাদা হেৰুৱাইছে)।
(ii) ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য।
উত্তৰ – অসত্য। (ধ্ৰুৱতৰা এটা তৰা, আমাৰ সৌৰজগতৰ বাহিৰত)।
(iii) ধূমকেতুৰ নেজ নাথাকে।
উত্তৰ – অসত্য। (সূৰ্যৰ ওচৰ চাপি আহিলে ইয়াৰ নেজ সৃষ্টি হয়)।
(iv) বিশ্বব্রহ্মাণ্ডত নিযুত নিযুত তৰা থাকে।
উত্তৰ – সত্য।
(v) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্রহ।
উত্তৰ – অসত্য। (নেপচুন আটাইতকৈ দূৰত)।
(vi) কালপুৰুষ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা।
উত্তৰ – অসত্য। (লুব্ধক বা ছিৰিয়াচ আটাইতকৈ উজ্জ্বল তৰা)।
(৯ আৰু ১০ নং প্রশ্ন দুটা চিত্ৰ অংকন কৰা কাৰ্য।)
১১. এটা পৰিষ্কাৰ নিশাত… সপ্তর্ষিমণ্ডলক গতি কৰি থকা যেন লাগিছেনে?
উত্তৰ – হয়, সপ্তর্ষিমণ্ডলক গতি কৰি থকা যেন লাগিব। পৃথিৱীয়ে নিজা অক্ষত পশ্চিমৰ পৰা পূব দিশলৈ আৱৰ্তন কৰি থকাৰ বাবে, সপ্তর্ষিমণ্ডলকে ধৰি আন তৰাবোৰক আকাশত পূবৰ পৰা পশ্চিমলৈ গতি কৰি থকা যেন লাগে। অৱশ্যে, প্ৰতিবাৰতে ধ্ৰুৱতৰাটো একে স্থানতে (উত্তৰ দিশত) স্থিৰ হৈ থকা দেখা যাব।
(১২ নং প্রশ্নটো এটা সৃষ্টিশীল লিখনি কাৰ্য।)
উচ্চস্তৰীয় চিন্তাৰ কৌশলৰ প্ৰশ্ন (পৃষ্ঠা ২১৮)
• দিনৰ ভাগত আমি তৰাবোৰ দেখা নাপাওঁ কিয় ব্যাখা কৰা।
উত্তৰ – দিনত সূৰ্যৰ উজ্জ্বল পোহৰৰ বাবে আকাশৰ আন বস্তুবোৰ (তৰাবোৰ) নিস্তেজ হৈ পৰে, সেয়ে আমি দিনৰ ভাগত তৰাবোৰ দেখা নাপাওঁ।
• দিনৰ ভাগত সূৰ্যটো আকাশত গতি কৰা যেন লাগে কিয়? কাৰণবোৰ লিখা।
উত্তৰ – প্ৰকৃততে সূৰ্যটোৱে গতি নকৰে, পৃথিৱীয়েহে গতি কৰে। পৃথিৱীয়ে পশ্চিমৰ পৰা পূব দিশলৈ নিজা অক্ষত আৱৰ্তন কৰি থাকে বাবে সূৰ্যটোক আকাশত পূবৰ পৰা পশ্চিমলৈ গতি কৰি থকা যেন লাগে।
• পৃথিৱীক নীলা গ্রহ বুলি কিয় কোৱা হয়?
উত্তৰ – পৃথিৱীৰ উপৰিভাগৰ ৭০% পানীৰে আগুৰি আছে। মহাকাশৰ পৰা চালে এই পানীৰ বাবে পৃথিৱীক এটা নীলা বলৰ দৰে দেখা যায়, সেয়ে পৃথিৱীক নীলা গ্রহ বুলিও কোৱা হয়।
• সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্রহ কোনটো আৰু কিয়?
উত্তৰ – সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্রহটো হ’ল শুক্র। যদিও বুধ সূৰ্যৰ আটাইতকৈ ওচৰত, শুক্ৰৰ বায়ুমণ্ডলে সূৰ্যৰ তাপখিনি ধৰি ৰাখে আৰু ইয়াক বাহিৰলৈ ওলাই যোৱাত বাধা দিয়ে। এই কাৰণতে শুক্ৰৰ উষ্ণতা বুধতকৈও বেছি।

 

Leave a Comment

Your email address will not be published. Required fields are marked *