অধ্যায় ১৩: মহাকাশৰ বিচিত্ৰ কথা, Class 6,


অধ্যায় ১৩: মহাকাশৰ বিচিত্ৰ কথা, Class 6, Science Chapter 13, SEBA New Book, Assamese Medium

Next Chapter 

অনুশীলনী
(১-৫) লৈ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
১. তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ?
উত্তৰ – (c) সপ্তর্ষিমণ্ডল
২. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়?
উত্তৰ – (b) তাৰকাপুঞ্জ
৩. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য?
উত্তৰ – (d) গ্রহাণুপুঞ্জ
৪. তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়?
উত্তৰ – (b) প্লুটো
৫. তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় নিকটতম তৰা?
উত্তৰ – (c) প্রক্সিমা ছেন্টাউৰি
৬. I স্তম্ভৰ পদসমূহৰ সৈতে II স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা।
* (i) ৰঙাগ্রহ – (b) মঙ্গল
* (ii) আঙঠি থকা গ্রহ – (c) শনি
* (iii) তাৰকাপুঞ্জ – (d) কালপুৰুষ
* (iv) গ্রহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় – (a) শুক্র
৭. খালী ঠাই পূৰ কৰা।
(i) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ____ বোলে।
উত্তৰ – উপগ্ৰহ
(ii) মঙ্গল আৰু ____-ৰ কক্ষপথৰ মাজত গ্রহাণুপুঞ্জসমূহ পোৱা যায়।
উত্তৰ – বৃহস্পতি
(iii) লুব্ধক নামৰ তৰাটো ____ তাৰকাপুঞ্জত থাকে।
উত্তৰ – কেনিছ মেজৰ
(iv) সূৰ্যৰ পৰা দূৰত্বৰ উৰ্ধক্ৰমত আঠোটা গ্রহ হৈছেঃ ____, শুক্র, পৃথিৱী, মঙ্গল, ____, শনি, ইউৰেনাছ আৰু নেপচুন।
উত্তৰ – বুধ, বৃহস্পতি
৮. তলৰ বাক্যসমূহ সত্য (স) বা অসত্য (অ) হিচাপে চিহ্নিত কৰা।
(i) প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্রহ। ()
উত্তৰ – অসত্য
(ii) ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য। ()
উত্তৰ – অসত্য
(iii) ধূমকেতুৰ নেজ নাথাকে। ()
উত্তৰ – অসত্য
(iv) বিশ্বব্রহ্মাণ্ডত নিযুত নিযুত তৰা থাকে। ()
উত্তৰ – সত্য
(v) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্রহ। ()
উত্তৰ – অসত্য
(vi) কালপুৰুষ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা। ()
উত্তৰ – অসত্য
(৯, ১০, আৰু ১২ নং হৈছে কাৰ্যকলাপ-ভিত্তিক বা সৃষ্টিশীল প্রশ্ন।)
১১. এটা পৰিষ্কাৰ নিশাত… সপ্তর্ষিমণ্ডলক গতি কৰি থকা যেন লাগিছেনে?
উত্তৰ – হয়, সপ্তর্ষিমণ্ডলক গতি কৰি থকা যেন লাগিব। পৃথিৱীয়ে নিজা অক্ষত পশ্চিমৰ পৰা পূব দিশলৈ আৱৰ্তন কৰি থাকে বাবে, সপ্তর্ষিমণ্ডলকে ধৰি আন তৰাবোৰক আকাশত পূবৰ পৰা পশ্চিমলৈ গতি কৰি থকা যেন লাগে। অৱশ্যে, প্ৰতিবাৰতে ধ্ৰুৱতৰাটো একে স্থানতে (উত্তৰ দিশত) স্থিৰ হৈ থকা দেখা যাব।
উচ্চস্তৰীয় চিন্তাৰ কৌশলৰ প্ৰশ্ন (পৃষ্ঠা ২১৮)
• দিনৰ ভাগত আমি তৰাবোৰ দেখা নাপাওঁ কিয় ব্যাখা কৰা।
উত্তৰ – দিনত সূৰ্যটো আমাৰ আটাইতকৈ ওচৰৰ তৰা। ইয়াৰ উজ্জ্বল পোহৰত আকাশৰ আন বস্তুবোৰ, যিবোৰ বহু দূৰত থাকে, সেইবোৰ নিস্তেজ হৈ পৰে। সেয়ে আমি দিনৰ ভাগত তৰাবোৰ দেখা নাপাওঁ।
• দিনৰ ভাগত সূৰ্যটো আকাশত গতি কৰা যেন লাগে কিয়? কাৰণবোৰ লিখা।
উত্তৰ – প্ৰকৃততে সূৰ্যটোৱে গতি নকৰে, পৃথিৱীয়েহে গতি কৰে। পৃথিৱীয়ে পশ্চিমৰ পৰা পূব দিশলৈ নিজা অক্ষত আৱৰ্তন কৰি থাকে। এই আৱৰ্তনৰ বাবেই সূৰ্যটোক আকাশত পূবৰ পৰা পশ্চিমলৈ গতি কৰি থকা যেন লাগে।
• পৃথিৱীক নীলা গ্রহ বুলি কিয় কোৱা হয়?
উত্তৰ – পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৭০% পানীৰে আগুৰি আছে। মহাকাশৰ পৰা চালে এই পানীৰ বাবে পৃথিৱীক এটা নীলা বলৰ দৰে দেখা যায়। সেয়ে পৃথিৱীক নীলা গ্রহ বুলিও কোৱা হয়।
• সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্রহ কোনটো আৰু কিয়?
উত্তৰ – সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্রহটো হ’ল শুক্র। যদিও বুধ সূৰ্যৰ আটাইতকৈ ওচৰত, শুক্ৰৰ বায়ুমণ্ডলে সূৰ্যৰ তাপখিনি ধৰি ৰাখে আৰু ইয়াক বাহিৰলৈ ওলাই যোৱাত বাধা দিয়ে। এই আৱদ্ধ তাপৰ বাবেই শুক্ৰৰ উষ্ণতা বুধতকৈও বেছি।

 

Leave a Comment

Your email address will not be published. Required fields are marked *