পাঠ ৫: ভাৰত: পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য,

পাঠ ৫: ভাৰত: পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য, Class 6, Chapter 5, SEBA New Book, Assamese Medium

Next Chapter 


অনুশীলনী – ১ (পৃষ্ঠা ৪১)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ মুঠ মাটিকালি কিমান?
উত্তৰ: ভাৰতৰ মুঠ মাটিকালি ৩২,৮৭,৭৮২ বর্গ কিলোমিটাৰ।
(খ) ভাৰত আৰু শ্রীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি?
উত্তৰ: ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ’ল পক্ প্রণালী।
(গ) ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি?
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰায় মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পর্বত।
(ঘ) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি?
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰায় মাজভাগত অৱস্থিত বিন্ধ্য পর্বতকে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়।
(ঙ) এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা?
উত্তৰ: দেশ এখনৰ চাৰিওদিশে, অর্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ-প্রকৃতিবোৰৰ নাম উল্লেখ কৰিয়েই দেশখনৰ চাৰিসীমা প্রকাশ কৰা হয়।

২. ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা।
উত্তৰ: ভাৰতৰ চাৰিসীমাত আছে:
* উত্তৰ সীমাত: চীন, নেপাল আৰু ভূটান।
* উত্তৰ-পশ্চিমে: আফগানিস্তান আৰু পাকিস্তান।
* পূব সীমাত: বাংলাদেশ, ম্যানমাৰ আৰু বংগোপসাগৰ।
* দক্ষিণে: দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ।
* পশ্চিমফালে: আৰব সাগৰ।
অনুশীলনী – ২ (পৃষ্ঠা ৪৭)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ সীমাৰ প্ৰাচীৰ কি?
উত্তৰ: হিমালয় পর্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলিও কোৱা হয়।
(খ) ভাৰতৰ দুখন বন্দৰ-নগৰৰ নাম লিখা।
উত্তৰ: ভাৰতৰ দুখন বন্দৰ-নগৰৰ নাম হ’ল মুম্বাই আৰু চেন্নাই।
(গ) ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি?
উত্তৰ: ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হ’ল সাগৰীয় মাছ ধৰা।
(ঘ) জাৰোৱাসকলে ক’ত বাস কৰে?
উত্তৰ: জাৰোৱাসকলে আন্দামান-নিকোবৰ দ্বীপপুঞ্জত বাস কৰে।

২. চমু টোকা লিখা-
(ক) উত্তৰৰ পাৰ্বত্য অঞ্চল:
ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চলটো হিমালয় পর্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু-বৰ পৰ্বত- পাহাৰেৰে গঠিত। ইয়াক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়। উচ্চতাৰ ভিত্তিত ইয়াক উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় বুলি তিনি শ্রেণীত ভাগ কৰা হয়। এই অঞ্চলটোৱে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়; ই মৌচুমী বতাহক বাধা দি বৰষুণ হোৱাত সহায় কৰে আৰু শীতকালত চাইবেৰিয়াৰ চেঁচা বতাহক বাধা দি ভাৰতক ৰক্ষা কৰে। গংগা, যমুনা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰ আদি ভাৰতৰ ঘাই নদীসমূহৰ উৎসও এই অঞ্চলতে আছে।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল:
হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত উত্তৰ ভাৰতৰ সমভূমি অঞ্চল অৱস্থিত। সিন্ধু, গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ নদী আৰু ইহঁতৰ উপনৈসমূহৰ পলসুৱা মাটিৰে এই সমভূমি গঠিত। এই অঞ্চলটো পঞ্জাৱ, হাৰিয়ানা, উত্তৰ-প্রদেশ, দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অসমলৈ বিস্তৃত। এই সমভূমি পলসুৱা মাটিৰে গঠিত বাবে অতিকৈ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী। ইয়াত ঘেহুঁ, ধান, কুঁহিয়াৰ, মৰাপাট আদিৰ খেতি কৰা হয়।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল:
গংগা সমভূমিৰ দক্ষিণে আৰব সাগৰ আৰু বংগোপসাগৰৰ মাজত থকা তিনিকোণীয়া ভূ-ভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। নর্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশত আৰাৱলী, বিন্ধ্য, সাতপুৰা আদি পাহাৰ অৱস্থিত। গোদাবৰী, কাবেৰী, কৃষ্ণা আদি এই অঞ্চলৰ উল্লেখযোগ্য নদী। এই অঞ্চল খনিজ সম্পদত চহকী, বিশেষকৈ ছোটনাগপুৰ মালভূমিত প্ৰচুৰ লোৰ আকৰ আৰু কয়লা পোৱা যায়। ইয়াৰ ক’লা মাটি কপাহ খেতিৰ বাবে বিখ্যাত।

(ঘ) উপকূলীয় নিম্নভূমি অঞ্চল:
ভাৰতৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূবদিশত বংগোপসাগৰ, পশ্চিমে আৰব সাগৰ আৰু দক্ষিণ দিশে ভাৰত মহাসাগৰ আছে। দেশৰ পূব উপকূলটো তুলনামূলকভাবে বহল আৰু পশ্চিম উপকূলটো ঠেক। এই অঞ্চলক অংশ বিশেষে উৎকল উপকূল, মালাবাৰ উপকূল, কোৰমণ্ডল আদি নামেৰে জনা যায়। মুম্বাই, গোৱা, চেন্নাই আদি গুৰুত্বপূৰ্ণ বন্দৰ-নগৰবোৰ ইয়াতে অৱস্থিত আৰু সাগৰীয় মাছ ধৰা ইয়াৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি।

 

Leave a Comment

Your email address will not be published. Required fields are marked *