
পাঠ ৭: মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ, Class 6, Chapter 7, SEBA New Book, Assamese Medium
Next Chapter
অনুশীলনী – ১ (পৃষ্ঠা ৫৮)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্রহণ কৰিছিল?
উত্তৰ: আদিম মানুহে গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি সংগ্ৰহ কৰি আৰু জীৱ-জন্তু চিকাৰ কৰি খাদ্য হিচাপে গ্রহণ কৰিছিল।
(খ) আদিম মানুহৰ আশ্রয়স্থলবোৰ কেনে আছিল?
উত্তৰ: আদিম মানুহৰ আশ্রয়স্থলবোৰ আছিল শিলৰ গুহা আৰু গছৰ খোৰোং।
(গ) আদিম যুগৰ সজুঁলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল?
উত্তৰ: আদিম যুগৰ সঁজুলিবোৰ মাছ ধৰা আৰু চিকাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকে শিল, গছৰ ডাল, আৰু ডাঙৰ জন্তুৰ হাড়ৰপৰা এইবোৰ তৈয়াৰ কৰি লৈছিল।
(ঘ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?
উত্তৰ: আদিম মানুহে দেখিছিল যে শিলে শিলে জোৰকৈ ঘহঁনি খালেও জুইৰ ফিৰিঙতি ওলায়। তেওঁলোকে লক্ষ্য কৰিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত ঘহঁনি খালে জুইৰ শিখা ওলায় আৰু সেই শিখা শুকান ঘাঁহ বা পাতত লাগিলে জুই জ্বলি উঠে। তাৰ পিছৰপৰা তেওঁলোকে শিল ঘঁহি জুই জ্বলাবলৈ শিকিছিল।
২. চমুটোকা লিখা-
(ক) আদিম মানুহৰ খাদ্যাভ্যাস
উত্তৰ: আদিম মানুহে জীয়াই থকাৰ বাবে জীৱ-জন্তু চিকাৰ কৰাৰ লগতে উদ্ভিদৰপৰা খাদ্য সংগ্ৰহ কৰিছিল। তেওঁলোকে প্ৰথম অৱস্থাত জুইৰ ব্যৱহাৰ নজনাকৈ গছৰ ফল, বীজ, পাত, পোক-পতংগ আদি সংগ্ৰহ কৰি কেঁচাই খাইছিল।
(খ) আদিম মানুহৰ আশ্রয়স্থল
উত্তৰ: আদিম মানুহে ৰ’দ, বতাহ, বৰষুণ আদিৰপৰা হাত সাৰিবলৈ আৰু বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰপৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছিল। শিলৰ গুহা আৰু গছৰ খোৰোং আছিল তেওঁলোকৰ তেনে প্ৰধান আশ্রয়স্থল।
৩. জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা।
উত্তৰ: জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছিল। তেওঁলোকে জুই ব্যৱহাৰ কৰি নিজৰ শৰীৰ গৰম কৰি ৰাখিবলৈ (বিশেষকৈ শীতকালত) শিকিলে। ইয়াৰ উপৰি, তেওঁলোকে বনৰীয়া জীৱ-জন্তুৰপৰা ৰক্ষা পাবলৈ জুই ব্যৱহাৰ কৰিছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, তেওঁলোকে খাদ্য (যেনে- মাংস) জুইত পুৰি খাবলৈ লৈছিল।
অনুশীলনী – ২ (পৃষ্ঠা ৫৯)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) মানুহে পোহা প্রথম জন্তুবিধ কি আছিল?
উত্তৰ: বহুতো পণ্ডিতৰ মতে মানুহে পোহ মনোৱা প্রথম জন্তুবিধ আছিল কুকুৰ।
(খ) পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল?
উত্তৰ: মানুহে বহু বছৰ ধৰি জীৱ-জন্তুৰ আচৰণ নিৰীক্ষণ কৰিয়েই পোহপাল দিবলৈ শিকিছিল। কুকুৰৰ পাছত সময় আগবঢ়াৰ লগে লগে তেওঁলোকে গৰু, ছাগলী, ঘোঁৰা আদি জীৱ-জন্তুকো পোহপাল দিবলৈ শিকিলে। এনেদৰেই পশুপালন যুগৰ আৰম্ভ হৈছিল।
২. কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল?
উত্তৰ: আদিম মানুহে খাদ্য সংগ্ৰহ কৰি ফুৰোঁতে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য’ত পেলাই দিয়া হয়, তাতেই পুনৰ একেই গছ গজে আৰু ফলো ধৰে। গুটিৰপৰা গছ গজা এই কথাটো জনাৰ পিছত, তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ ল’লে। এইদৰেই কৃষিৰ আৰম্ভণি হৈছিল।
অনুশীলনী – ৩ (পৃষ্ঠা ৬১)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) আদিম মানুহে কেতিয়াৰপৰা স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে?
উত্তৰ: আদিম লোকসকলে জীৱ-জন্তুৰপৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাবে বাস কৰিবলৈ লৈছিল।
(খ) বর্তমান সময়তো খাদ্য-সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন-নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা।
উত্তৰ: আন্দামান-নিকোবৰ দ্বীপপুঞ্জত থকা ‘জাৰোৱা’ নামৰ জনগোষ্ঠীটোৱে এতিয়াও খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন-নিৰ্বাহ কৰি আছে।
(গ) গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল?
উত্তৰ: খেতি আৰু পশুপালনৰ বাবে পানী অপৰিহাৰ্য আছিল। সেইবাবে, আদিম লোকসকলে পানীৰ উৎসৰ ওচৰতে, যেনে নৈ-নিজৰা আদিৰ সমীপতে বসতি স্থাপন কৰিছিল। এইদৰেই গাঁওবোৰ গঢ়ি উঠিছিল।
(ঘ) মানুহে প্রথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?
উত্তৰ: মানুহে প্রথমে শস্য সাঁচি ৰাখিবলৈ গছৰ পাত, বাঁহ আদিৰে পাত্র কিছুমান সাজি মাটিৰে লেপি লৈছিল।
(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল?
উত্তৰ: চকাৰ আৱিষ্কাৰৰ পাছত মানুহে বস্তুৰ আদান-প্রদান আৰু পাছলৈ যাতায়াতৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ইয়াৰ ফলত বস্তু-বাহানিৰ আদান-প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ’বলৈ ধৰিছিল।
অনুশীলনী – ৪ (পৃষ্ঠা ৬১)
১. আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল?
উত্তৰ: মানুহে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ ধৰাৰ পিছত, সেই বেছিকৈ উৎপাদন কৰা শস্যবোৰ তেওঁলোকে আন সা-সামগ্ৰী প্ৰস্তুত কৰা লোকৰ লগত বিনিময় কৰাৰ সুযোগ পাইছিল। এইদৰেই বিনিময় ব্যৱস্থাটো আৰম্ভ হৈছিল।
২. অতীতত প্রথম বাণিজ্যকেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল?
উত্তৰ: আদিম লোকসকলে সামগ্রী বিনিময়ৰ কাৰণে লাহে লাহে কেতবোৰ সুচল ঠাই বাছি লৈছিল। সেই ঠাইবোৰেই পাছলৈ ব্যৱসায় বা বাণিজ্যৰ কেন্দ্র হিচাপে গঢ়ি উঠিছিল।
৩. আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰ: আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতবৰ্ষৰ কেইখনমান উল্লেখযোগ্য স্থান হ’ল- মধ্যপ্ৰদেশৰ ভীমবেটকা, উত্তৰ প্ৰদেশৰ বেলান উপত্যকা আৰু মির্জাপুৰ, ৰাজস্থানৰ বাগোৰ, আৰু কাশ্মীৰৰ বুর্জহোম।
ভাবি উলিওৱা (পৃষ্ঠা ৬২)
(ক) জুই অবিহনে আদিম মানুহে কেনেদৰে জীৱন-নিৰ্বাহ কৰিছিল?
উত্তৰ: জুই অবিহনে আদিম মানুহে সংগ্ৰহ কৰা ফল-মূল, পাত, পোক-পতংগ আদি কেঁচাই খাই জীৱন-নিৰ্বাহ কৰিছিল।
(খ) তেওঁলোকে নিজৰ মাজত কিদৰে কথা-বতৰা পাতিছিল?
উত্তৰ: (এই প্ৰশ্নটো পাঠটিৰ আধাৰত অনুমান কৰি উত্তৰ দিবলৈ দিয়া হৈছে। তেওঁলোকে হয়তো সাংকেতিক ভাষা, ভংগীমা, বা সৰল ধ্বনি ব্যৱহাৰ কৰি কথা-বতৰা পাতিছিল।)
