পাঠ ৮: ভাৰতীয় সভ্যতাৰ আৰম্ভণি, Class 6,

পাঠ ৮: ভাৰতীয় সভ্যতাৰ আৰম্ভণি, Class 6, Chapter 8, SEBA New Book, Assamese Medium

Next Chapter 


তালিকা ৮.১: চাৰিটা প্রাচীন নৈপৰীয়া সভ্যতাৰ কাল আৰু অৱস্থিতি (পৃষ্ঠা ৬৫)
* সভ্যতা – (১) মেছ’পটেমিয়া
   * সময় – খ্রী.পূ. ৩৫০০ ৰ পৰা খ্রী.পূ. ৫০০ লৈ
   * সংশ্লিষ্ট দেশ – ইৰাণ, চিৰিয়া আৰু তুর্কী

* সভ্যতা – (২) হৰপ্পা
   * সময় – খ্রী.পূ. ৩১৫০ ৰ পৰা খ্রী.পূ. ১৯০০ লৈ
   * সংশ্লিষ্ট দেশ – আফগানিস্তান, পাকিস্তান আৰু ভাৰত

* সভ্যতা – (৩) মিছৰীয়
   * সময় – খ্রী.পূ. ৩১৫০ ৰ পৰা খ্রী.পূ. ৩০ লৈ
   * সংশ্লিষ্ট দেশ – ইজিপ্ত

* সভ্যতা – (৪) চীনা
   * সময় – খ্রী.পূ. ১৬০০ ৰ পৰা খ্রী.পূ. ১০৪৬ লৈ
   * সংশ্লিষ্ট দেশ – চীন

অনুশীলনী – ১ (পৃষ্ঠা ৬৫)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সভ্যতা বুলিলে কি বুজা?
উত্তৰ: কৃষিৰ ক্ষেত্ৰত ওপৰঞ্চি উৎপাদনে ব্যৱসায়-বাণিজ্য, বজাৰ আৰু নগৰৰ সৃষ্টিত সহায় কৰে। এনেধৰণে বেছিকৈ বিকাশ লাভ কৰা ঠাইক কেন্দ্ৰ কৰি মানুহৰ চিন্তা-চৰ্চা আৰু জীৱন-প্ৰণালীয়ে যি নতুন গতি আৰু উন্নত ৰূপ লাভ কৰে, তাকেই সভ্যতা বুলি ক’ব পাৰি।

(খ) সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: প্ৰাচীন সভ্যতাবোৰৰ বিকাশৰ ক্ষেত্ৰত থকা কেইটামান নির্দিষ্ট বৈশিষ্ট্য হ’ল:
* কেঁচামাল (শিল, ধাতু, কাঠ) সুলভ আছিল আৰু তাৰ পৰা শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল।
* আভ্যন্তৰীণ আৰু বহিঃবাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল।
* সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য মজুত আছে।
* সৃষ্টিশীল কাম-কাজ, যেনে, লিখিত সাহিত্য, ফলক, শিলালিপি আদিত সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায়।
* উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য যোগান ধৰিব পৰা সমৃদ্ধিশালী গাঁও আছিল।
(গ) নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল?
উত্তৰ: নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিল।
(ঘ) যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম লিখা।
উত্তৰ: যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম হ’ল হৰপ্পা সভ্যতা আৰু মেছ’পটেমিয়া সভ্যতা।

তালিকা ৮.২: হৰপ্পা সভ্যতাৰ অন্তৰ্গত বৃত্তি (পৃষ্ঠা ৬৭)
* বৃত্তিসমূহ – কৃষি
   * শস্য/পশু/নির্মিত সামগ্রী – ঘেহুঁ, বার্লি, সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহ।
* বৃত্তিসমূহ – পশুপালন
   * শস্য/পশু/নির্মিত সামগ্রী – হাতী, উট, ম’হ, গৰু, ভেড়া, ষাঁড়গৰু আদি।
* বৃত্তিসমূহ – হস্তশিল্প
   * শস্য/পশু/নির্মিত সামগ্রী – পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ-অলংকাৰ, তামৰ বাচন-বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাঁও, আদি।

অনুশীলনী – ২ (পৃষ্ঠা ৬৮)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়?
উত্তৰ: সিন্ধু সভ্যতাক প্রত্নতাত্ত্বিকসকলে ‘হৰপ্পা’ আৰু ‘সিন্ধু-সৰস্বতী’ সভ্যতা নামেৰেও নামকৰণ কৰিছে।
(খ) হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা।
উত্তৰ: হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য দুটা স্থান হ’ল মহেঞ্জোদাৰো আৰু হৰপ্পা।
(গ) হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ নগৰবোৰক গাঁথনিৰ ফালৰপৰা দুৰ্গ (চহৰৰ ওখ অংশ, য’ত ৰাজহুৱা গৃহ আছিল) আৰু নামনি চহৰ (য’ত সাধাৰণ প্ৰজাৰ বাসস্থান আছিল) – এই দুই ভাগত ভগাব পাৰি।

২. চমুটোকা লিখাঃ হৰপ্পা সভ্যতাৰ সময়ৰ-
(ক) সৰস্বতী নদী:
সৰস্বতী নদীৰ কাষত হৰপ্পা সভ্যতাৰ অসংখ্য ঠাই আছিল। এই নদীখনক এতিয়া ভাৰতত ‘ঘগ্নাৰ’ আৰু পাকিস্তানত ‘হকৰা’ বুলি কোৱা হয়। ঋগ্বেদত সৰস্বতী নদীক দেৱী আৰু পৰ্বতৰপৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে।
(খ) ঘৰ-দুৱাৰ:
হৰপ্পা সভ্যতাৰ ঘৰবোৰ ইটাৰে সজা হৈছিল। বেছিভাগ ঘৰেই দুমহলীয়া আছিল। এই ঘৰবোৰ ঘাইপথৰ দুয়োকাষে আৰু ঘাইপথতকৈ কিছু উচ্চতাত সজা হৈছিল। প্রত্যেক ঘৰতে শৌচাগাৰ, চোতাল, ৰান্ধনিঘৰ আৰু একাধিক শোৱা কোঠালীৰ ব্যৱস্থা আছিল।
(গ) ৰাস্তা-ঘাট:
হৰপ্পা সভ্যতাৰ চহৰবোৰৰ ৰাস্তা-ঘাটবোৰ আহল-বহল আৰু সাধাৰণতে ইটো-সিটোৰ সমান্তৰাল আছিল। মূল ঘাইপথৰপৰা ওলাই অহা সৰু আলিবোৰ সমান ব্যৱধানত আন পথত লগ লাগিছিল, যাৰ ফলত সমগ্ৰ চহৰখনৰ বাট-পথবোৰ আয়তাকাৰে বিভক্ত হৈ আছিল।
(ঘ) জল-নিষ্কাষণ ব্যৱস্থা:
হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল-নিষ্কাষণ ব্যৱস্থা সু-পৰিকল্পিত আছিল। প্রত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে-কাষে পানী যোৱা নলা আছিল আৰু সেইবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা হৈছিল।

৩. “হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।”- ব্যাখ্যা কৰা।
উত্তৰ: এই কথাষাৰ সত্য। কাৰণ হৰপ্পা সভ্যতাৰ চহৰবোৰত এক অত্যন্ত সু-পৰিকল্পিত জল-নিষ্কাষণ ব্যৱস্থা আছিল। প্ৰত্যেকটো ঘৰৰ ব্যৱহৃত পানী ওলাই যাবলৈ নলাৰ ব্যৱস্থা আছিল। আলিবাটৰ কাষে কাষে থকা এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি ৰখা হৈছিল। এই ব্যৱস্থাটোৱেই প্ৰমাণ কৰে যে সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণতাত বিশেষ গুৰত্ব দিছিল।

অনুশীলনী – ৩ (পৃষ্ঠা ৬৮)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল?
উত্তৰ: হৰপ্পাবাসীৰ প্ৰধান জীৱিকা বা বৃত্তি আছিল কৃষি, পশুপালন আৰু হস্তশিল্প।
(খ) হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পর্ক আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ লোকসকলৰ সমসাময়িক আন সভ্যতা যেনে মেছ’পটেমিয়া আৰু পাৰস্যৰ লগত বাণিজ্যিক সম্পর্ক আছিল।
(গ) বর্হিজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্রমাণ পোৱা যায়?
উত্তৰ: হৰপ্পা সভ্যতাৰ ছীল-মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছ’পটেমিয়া আৰু পাৰস্যৰপৰা উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছ’পটেমিয়াৰ ছীল-মোহৰ হৰপ্পাত পোৱা গৈছে। এইবোৰেই বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ।
(ঘ) হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ লোকসকলে ঘেহুঁ, বার্লি, সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহৰ খেতি কৰিছিল।
(ঙ) হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ সময়ছোৱাত পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ-অলংকাৰ, তামৰ বাচন-বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, আৰু নাঁও আদি হস্তশিল্পৰ প্ৰচলন আছিল।
(চ) কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক’ব পাৰি?
উত্তৰ: (পাঠ্যপুথিত ৰোমান সভ্যতাৰ উল্লেখ নাই, কেৱল মেছ’পটেমিয়া আৰু পাৰস্যৰ উল্লেখ আছে)
হৰপ্পা সভ্যতাৰ ছীল-মোহৰ আৰু মাটিৰ পাত্ৰ আদি মেছ’পটেমিয়া আৰু পাৰস্যত পোৱা গৈছে, আৰু একেদৰে মেছ’পটেমিয়াৰ ছীল-মোহৰ হৰপ্পাত পোৱাৰ ওপৰত ভিত্তি কৰি এই সভ্যতাবোৰৰ মাজত সম্পৰ্ক আছে বুলি ক’ব পাৰি।

২. চমুটোকা লিখাঃ
হৰপ্পাকালীন- (ক) জীৱিকা (খ) বাণিজ্য
উত্তৰ:
(ক) জীৱিকা: হৰপ্পাবাসীৰ প্ৰধান জীৱিকা আছিল কৃষি, পশুপালন আৰু হস্তশিল্প। তেওঁলোকে ঘেহুঁ, বার্লি, কপাহ আদি শস্যৰ খেতি কৰিছিল আৰু হাতী, উট, ম’হ, গৰু আদি পশুপালন কৰিছিল। ইয়াৰ উপৰি তেওঁলোক পোৰা মাটিৰ সামগ্ৰী, সোণৰ আ-অলংকাৰ, ব্ৰঞ্জৰ সঁজুলি, আৰু বয়ন সামগ্ৰী নিৰ্মাণতো পাৰ্গত আছিল।
(খ) বাণিজ্য: হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতা, যেনে মেছ’পটেমিয়া আৰু পাৰস্যৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল। এই বাণিজ্য স্থলপথ আৰু জলপথ উভয়ৰেদি চলিছিল। লোথাল আৰু চুটকাজেণ্ডৰ আদি উল্লেখযোগ্য বন্দৰ আছিল, যিবোৰ ব্যৱসায়িক আদান-প্ৰদানৰ কেন্দ্ৰ আছিল।

অনুশীলনী – ৪ (পৃষ্ঠা ৭০)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ‘ইউনিকর্ণ’ কি?
উত্তৰ: ‘ইউনিকর্ণ’ (Unicorn) হ’ল হৰপ্পাৰ ছীল-মোহৰবোৰত দেখা পোৱা এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি।
(খ) ছীল-মোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে?
উত্তৰ: ছীল-মোহৰবোৰত ষাঁড়গৰু, ভেড়া, বাঘ আৰু হাতীৰ চিত্ৰ খোদিত কৰা হৈছিল।
(গ) হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে?
উত্তৰ: হৰপ্পাকালীন লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, আৰু পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে।

২. চমুটোকা লিখাঃ
হৰপ্পাৰ সময়ৰ- (ক) ধর্মীয় বিশ্বাস (খ) ভাষা আৰু লিপি
উত্তৰ:
(ক) ধর্মীয় বিশ্বাস: হৰপ্পাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। তথাপিও, ভিন্-ভিন্ ঠাইৰপৰা উদ্ধাৰ হোৱা মাটিৰে নিৰ্মিত নাৰী মূর্তিক ইতিহাসবিদসকলে ধর্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়। তদুপৰি ছীল-মোহৰবোৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক ‘পশুপতি শিৱ’ বুলি অভিহিত কৰা দেখা যায়।
(খ) ভাষা আৰু লিপি: হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়। তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্রলিপি আছিল, অর্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই বাক্যবোৰ সোঁফালৰপৰা বাওঁফাললৈ লিখা হৈছিল। এই লিপিসমূহৰ পাঠোদ্ধাৰ এতিয়াও সম্ভৱ হৈ উঠা নাই।

অনুশীলনী – ৫ (পৃষ্ঠা ৭১)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল?
উttar: হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰেই দুমহলীয়া আছিল আৰু ইটাৰে সজা হৈছিল।
(খ) হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্রলিপি আছিল (অর্থাৎ, ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল)।
(গ) হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন জন্তু, যেনে, ষাঁড়গৰু, ভেড়া, বাঘ আৰু হাতীৰ চিত্ৰ খোদিত কৰা হৈছিল।
(ঘ) ১৯২১ চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কার্য চলিছিল?
উttar: ১৯২১ চনত ৰাখালদাস বেনাৰ্জীৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কার্য চলিছিল।

 

Leave a Comment

Your email address will not be published. Required fields are marked *