
পাঠ ১১: বৈচিত্র্যৰ মাজত ঐক্য: ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন, Class 6, Chapter 11, SEBA New Book, Assamese Medium
Next Chapter
অনুশীলনী – ১ (পৃষ্ঠা ৯৭)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বৈচিত্র্য মানে কি?
উত্তৰ: সমাজ বা দেশ এখনত বিভিন্ন জাতি, ধৰ্ম, বর্ণ, ভাষা, আদিৰ লোকে বাস কৰে। মানুহৰ মাজত থকা এই ভিন্নতাবোৰকে আমি বৈচিত্র্য বুলি ক’ব পাৰো।
(খ) ঐক্য মানে কি?
উত্তৰ: ঐক্যই এটাই আনটোৰ অস্তিত্ব বিনষ্ট নকৰাকৈ নিজৰ পৰিচয় বজাই ৰাখি একেলগে থকাটো বুজায়।
(গ) বৈচিত্র্যৰ মাজত ঐক্য বুলিলে কি বুজা?
উত্তৰ: সমাজত যেতিয়া ভিন্-ভিন্ ধৰণৰ মানুহে নিজৰ মাজত থকা পার্থক্যবোৰক প্রাধান্য নিদি একেলগ হৈ থাকে তাকেই ঐক্য বা বৈচিত্র্যৰ মাজত ঐক্য বুলি কব পাৰি।
২. ভাৰতৰ বৈচিত্র্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা।
উত্তৰ: ভাৰতৰ বৈচিত্র্যৰ অন্তৰালৰ প্ৰধান কাৰকসমূহ হ’ল:
* ভৌগোলিক ভিন্নতা
* গোষ্ঠীগত ভিন্নতা
* ধর্মীয় ভিন্নতা
* ভাষিক ভিন্নতা
৩. ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া।
উত্তৰ: ভাৰতৰ ভৌগোলিক ভিন্নতা অতি বৈচিত্র্যপূর্ণ। উদাহৰণস্বৰূপে, উত্তৰে সুউচ্চ হিমালয় পর্বতমালা, দক্ষিণে সুবিশাল মহাসাগৰ, পূবত পৃথিৱীৰ সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই আৰু পশ্চিমত বিশাল মৰুভূমি আছে।
অনুশীলনী – ২ (পৃষ্ঠা ৯৮)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়?
উত্তৰ: ভাৰতত হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্রীষ্টান, ইহুদি আদি বিভিন্ন ধৰ্মাৱলম্বী লোকে শান্তিপূৰ্ণভাৱে বসবাস কৰি আছে। ভাৰতীয় সমাজে নিজৰ ইচ্ছা অনুসৰি আনৰ হানি নোহোৱাকৈ সকলোৱে নিজৰ নিজৰ ধৰ্মীয় আস্থা বজাই ৰাখিব পৰা ব্যৱস্থাক সমৰ্থন কৰে, সেয়েহে ভাৰতক ধৰ্মনিৰপেক্ষতাৰ উৎকৃষ্ট উদাহৰণ হিচাপে দাঙি ধৰা হয়।
(খ) মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা।
উত্তৰ: মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱ হ’ল অসমত মাঘ বিহু আৰু তামিলনাডুত পোংগল। (ইয়াৰ উপৰি গুজৰাটত উত্তৰায়ণ আৰু পঞ্জাৱত লোহৰীও পালন কৰা হয়)।
২. উৎসৱ-পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়?
উত্তৰ: ভাৰতৰ বেছিভাগ উৎসৱ-পাৰ্বণ কৃষিভিত্তিক হয়। সেয়েহে এনে লোক-উৎসৱসমূহ পালন কৰাৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ মাজত মিল থকা দেখা যায়। উদাহৰণস্বৰূপে, মকৰ সংক্ৰান্তিৰ সময়ত খেতি চপোৱাৰ লগত সংগতি ৰাখি অসমত মাঘ বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পঞ্জাৱত লোহৰী পালন কৰা হয়। এই উৎসৱসমূহ উদ্যাপন কৰা পদ্ধতি আৰু পৰিৱেশন কৰা খাদ্যৰ ধৰণতো যথেষ্ট মিল দেখা যায়।
