পাঠ ৬: জোনাকৰ জেউতি, Class 5, Chapter 6,

 

পাঠ ৬: জোনাকৰ জেউতি, Class 5, Chapter 6, SEBA New Book, Assamese Medium

Next Chapter 

 

(পৃষ্ঠা ৪৯)

ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া)

উত্তৰ দিয়া

(ক) ‘জোনাকৰ জেউতি’ পাঠটোত কোনে কালৈ চিঠি লিখিছিল?

উত্তৰ: ‘জোনাকৰ জেউতি’ পাঠটোত মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি লিখিছিল।

(খ) চিঠিখনত লিখা ভাল খবৰটো কি?

* উত্তৰ: চিঠিখনত লিখা ভাল খবৰটো হ’ল যে মুকুটহতঁৰ গাঁৱত ‘জোনাক’ নামৰ এটা পুথিভঁৰাল স্থাপিত হৈছে।

(গ) পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল?

* উত্তৰ: পুথিভঁৰালটোৰ নাম ‘জোনাক’ ৰখা হৈছিল।

(ঘ) পুথিভঁৰালীজনৰ নাম কি?

* উত্তৰ: পুথিভঁৰালীজনৰ নাম নীলকান্ত দাদা।

(ঙ) পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল?

* উত্তৰ: পুথিভঁৰালটো গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল।

(চ) পুথিভঁৰাললৈ দহখন কিতাপ কোনে দান কৰিছিল?

* উত্তৰ: অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই পুথিভঁৰাললৈ দহখন শিশু উপযোগী কিতাপ দান কৰিছিল।

(ছ) মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি?

* উত্তৰ: মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখন হ’ল ‘বিজ্ঞানৰ সৰু সৰu কথা- ১’ আৰু তাৰ দ্বিতীয় ভাগ।

(জ) প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি?

* উত্তৰ: প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম নালন্দা বিশ্ববিদ্যালয়।

 

Q. “ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ।” এই বাক্যশাৰী কোনে, কাক, কি প্ৰসংগত কৈছে? বহলাই লিখা।

* উত্তৰ: এই বাক্যশাৰী মুকুটে তাৰ বন্ধু নিয়ৰক চিঠিত লিখিছে। গাঁৱত নতুনকৈ স্থাপন কৰা ‘জোনাক’ পুথিভঁৰালটোৰ বিষয়ে কওঁতে এই প্ৰসংগটো কৈছে। পুথিভঁৰালটোত থকা বহুতো কিতাপ পঢ়ি সকলোৱে বিভিন্ন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিব আৰু নতুন নতুন কথা জানিব পাৰিব, সেয়ে ই সকলোৰে মনৰ আকাশ পোহৰাই তুলিব বুলি মুকুটে আশা প্ৰকাশ কৰিছে।

 

Q. বৰ্তমান সময়ত দেশ-বিদেশৰ বা-বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ-বিদেশৰ খা-খবৰ পোৱা সেইবোৰৰ নাম লিখা।

উত্তৰ: আমি বাতৰি কাকত, টেলিভিছন, ৰেডিঅ’, ইণ্টাৰনেট (মোবাইল, কম্পিউটাৰ) আদিৰ জৰিয়তে দেশ-বিদেশৰ খা-খবৰ পাওঁ।

 

Q.কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল?

* উত্তৰ: নীলকান্ত দাদাক সকলোৱে ‘কিতাপৰ পোক’ বুলি কয়, কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায়। ইয়াৰ উপৰিও তেওঁ কিতাপ-পত্ৰবোৰ পৰিপাটিকৈ সজাই পৰাই ৰাখিব জানে, সেয়ে তেওঁক পুথিভঁৰালী পতা হৈছিল।

 

(পৃষ্ঠা ৫০)

গামোচাখনত সিঁচৰতি হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা।

* কিতাপ – পুথি, পুস্তক, গ্ৰন্থ

* লিখোঁতা – গ্ৰন্থকাৰ, লিখক, প্ৰণেতা

* পঢ়োঁতা – পাঠক, পঢ়ুৱৈ

* ভঁৰাল – গ্ৰন্থাগাৰ, পুথিভঁৰাল, পুস্তকালয়

 

(পৃষ্ঠা ৫৩)

তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া।

(ক) বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া।

উত্তৰ: বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া নে?

(খ) গছজোপাত লমা-লমে আম লাগিছে।

* উত্তৰ: গছজোপাত লমা-লমে আম লাগিছে নেকি?

(গ) বেবীয়ে পঢ়িবলৈ ভাল পায়।

* উত্তৰ: বেবীয়ে পঢ়িবলৈ ভাল পায়নে?

(ঘ) ৰিজু গৰম বন্ধত ঘৰলৈ আহিব।

* উত্তৰ: ৰিজু গৰম বন্ধত ঘৰলৈ আহিবনে?

দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

* পৰিপাটি – অপৰিপাটি

* নতুন – পুৰণি

* উপযোগী – অনুপযোগী

* আশা – নিৰাশা

 

(পৃষ্ঠা ৫৪)

গ – জ্ঞান সম্প্ৰসাৰণ

গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য লিখা।

* উত্তৰ: পুথিভঁৰাল বা গ্ৰন্থাগাৰ হ’ল এটা অনুষ্ঠান য’ত কিতাপ-পত্ৰ, আলোচনী, খবৰ-কাকত আদি অধ্যয়নৰ কাৰণে গোটাই ৰখা হয়। ইয়াত পুথিভঁৰালী থাকে আৰু ইয়াৰ পৰা পঢ়ুৱৈয়ে কিতাপ পঢ়িবলৈ নিব পাৰে।

* আনহাতে, গ্ৰন্থমেলা হ’ল এখন মেলা য’ত বিভিন্ন প্ৰকাশকৰ কিতাপ বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰা হয়। গ্ৰন্থমেলা সাধাৰণতে কিছুমান নিৰ্দিষ্ট দিনৰ বাবে অনুষ্ঠিত হয় আৰু ইয়ালৈ মানুহ মূলতঃ কিতাপ কিনিবলৈ যায়।

 

(পৃষ্ঠা ৫৫)

তলত উল্লেখ কৰা সাহিত্যিকসকলৰ নামৰ পৰা শিশু-সাহিত্যিকসকলৰ নাম বিচাৰি লিখা।

* উত্তৰ:

* লক্ষ্মীনাথ বেজবৰুৱা

* মিত্ৰদেৱ মহন্ত

* অতুলচন্দ্ৰ হাজৰিকা

* নৱকান্ত বৰুৱা

* ভবেন্দ্ৰ নাথ শইকীয়া

* নিৰ্মলপ্ৰভা বৰদলৈ

* বন্দিতা ফুকন

* গগন চন্দ্ৰ অধিকাৰী

Leave a Comment

Your email address will not be published. Required fields are marked *