পাঠ ৮: ৰঙৰ ৰহস্য, Class 5, Chapter 8

পাঠ ৮: ৰঙৰ ৰহস্য, Class 5, Chapter 8, SEBA New Book, Assamese Medium

Next Chapter 

(পৃষ্ঠা ৬৭)

ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া)

উত্তৰ দিয়া

(ক) আদিম মানুহে ক’ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক’ত আঁকিছিল?

* উত্তৰ: আদিম মানুহে গুহাত বাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল।

(খ) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? সেই ৰংকেইটাৰ নাম কি কি?

* উত্তৰ: সূৰ্যৰ পোহৰত সাতোটা ৰং থাকে। সেইকেইটা হ’ল- বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

(গ) আমি বস্তু এটা কেতিয়া দেখোঁ? আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি?

* উত্তৰ: কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত থকা বস্তুত পোহৰ নপৰে, গতিকে তাৰপৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত নপৰেহি, সেয়ে আমি আন্ধাৰত থকা বস্তু নেদেখোঁ।

(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি?

* উত্তৰ: সূৰ্যৰ পোহৰত থকা সাতোটা ৰং মিলিহে বগা পোহৰ হয় (বা বগা ৰং সৃষ্টি হয়)। যি বস্তুৱে পোহৰৰ আটাইকেইটা ৰং শুহি লয় তাক ক’লা দেখি, তেনেদৰে যি বস্তুৱে পোহৰৰ আটাইকেইটা ৰং আমাৰ চকুলৈ প্ৰতিফলিত কৰে তাক বগা দেখা যায়। সেয়েহে চক পেঞ্চিলডাল বগা দেখা যায়।

(ঙ) মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি?

উত্তৰ: গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাংওটাং জাতীয় বন-মানুহবোৰে আমাৰ দৰেই ৰং চিনিব পাৰে। কিছুমান চৰায়েও আমাৰ দৰে ৰং চিনি পায়।

কাৰ কি ৰং মিলোৱা

* আকাশখন – নীলা

* গছৰ পাত – সেউজীয়া

* গাখীৰ – বগা

* সৰিয়হৰ ফুল – হালধীয়া

* চুলিটাৰি – ক’লা

খালী ঠাই পূৰ কৰা

* (ক) ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং মটীয়াহে দেখে।

* (খ) আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ক’লা দেখোঁ ।

* (গ)ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন।

সঁচা নে মিছা লিখা

* (ক) আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল। – সঁচা

* (খ) আঘোণ মাহৰ পথাৰ সেউজীয়া। – মিছা (পাঠটোত “আঘোণ মাহৰ পথাৰ ভৰা সোণোৱালী শইচে” বুলি আছে)

* (গ) মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে। – সঁচা

* (ঘ) কিছুমান চৰায়েও আমাৰ দৰে ৰং চিনি পায়। – সঁচা

* (ঙ) মানুহে অতিবেঙুনীয়া ৰংটোও দেখে। – মিছা (পাঠটোত মৌ-মাখিয়েহে দেখে বুলি কোৱা হৈছে)

(পৃষ্ঠা ৬৮)

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

তলত আঁচ দিয়া যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা।

* নিশ্চয় – শ্চ = শ + চ

* পেঞ্চিল – ঞ্চ = ঞ + চ

* অস্ত – স্ত = স + ত

* বিজ্ঞানী – জ্ঞ = জ + ঞ

* একাদিক্ৰমে – ক্ৰ = ক + ৰ

* আৱিষ্কাৰ – ষ্কা = ষ + ক

* চিম্পাঞ্জী – ম্প = ম + প; ঞ্জ = ঞ + জ

* বায়ুমণ্ডল – ণ্ড = ণ + ড

পাঠটোত ৰঙা, ৰঙীন, নীলা, সেউজীয়া, সোণোৱালী আদি বিশেষণবোৰে কি কি পদৰ গুণ বুজাইছে লিখা।

* ৰঙা – বেলি, ৰং (বেলি, ৰং)

* ৰঙীন – বস্তু, ছবি (বস্তু, ছবি)

* নীলা – আকাশ, ৰং (আকাশ, ৰং)

* সেউজীয়া – পথাৰ (পথাৰ)

* সোণোৱালী – শইচ (শইচ)

তলত অৰ্থৰে সৈতে শব্দ দিয়া হৈছে। সেই শব্দবোৰেৰে বাক্য সাজা।

* ৰং (আনন্দ, ধেমালি) – (বিহুৰ সময়ত সকলোৱে ৰং-ধেমালি কৰে।)

* ৰং (বৰণ) – (মই ৰঙা ৰং ভাল পাওঁ।)

* ৰঙিল (ৰং বোলোৱা) – (তেওঁ ছবিখন ধুনীয়াকৈ ৰঙিল কৰিলে।)

* বহুৰঙী (কেইবা ৰঙৰ) – (আকাশত বহুৰঙী ৰামধেনু ওলাইছে।)

* ৰঙীন (ৰংযুক্ত) – (তাই এখন ৰঙীন চাদৰ পিন্ধিছে।)

* ৰঙিলী (ৰঙিয়াল তিৰোতা) – (আইতা এগৰাকী ৰঙিলী মানুহ।)

* ৰঙালী (আনন্দপূৰ্ণ, ধেমেলীয়া, ব’হাগ বিহু) – (ৰঙালী বিহু অসমীয়াৰ বাপতি সাহোন।)

* ৰঙিয়াল (আমোদী, ৰং লগোৱা, আনন্দময়) – (ৰঙীন বস্তুৱে মন ৰঙিয়াল কৰে।)

* ৰঙচুৱা (অলপ ৰঙা বৰণৰ) – (অস্ত যোৱা বেলিটো ৰঙচুৱা হৈ পৰিছে।)

* ৰংচঙীয়া (বিবিধ বৰণৰ সাজ-সজ্জা) – (বিহুত গাভৰুসকলে ৰংচঙীয়া সাজ পিন্ধে।)

* ৰং-ধেমালি (আমোদ-প্ৰমোদ…) – (সৰু ল’ৰা-ছোৱালীয়ে ৰং-ধেমালি কৰি ভাল পায়।)

* ৰং-ৰহইছ (হাঁহি-ধেমালি, ৰগৰ) – (গাওঁত বিহুৰ ৰং-ৰহইছ চলি আছে।)

(পৃষ্ঠা ৭০)

পোহৰৰ সাতৰঙৰ সংক্ষেপণ ভিবজিওৰ (VIBGYOR) ৰ লগত পৰিচয় হওঁ আহা।

* V – VIOLET – বেঙুনীয়া

* I – INDIGO – ঘননীলা

* B – BLUE – নীলা

* G – GREEN – সেউজীয়া

* Y – YELLOW – হালধীয়া

* O – ORANGE – সুমথিৰা

* R – RED – ৰঙা

(পৃষ্ঠা ৭১)

এতিয়া তলত দিয়া ৰংবোৰ মিহলাই চোৱা।

(নৱকান্ত বৰুৱাৰ ‘ৰঙৰ খেলা’ কবিতাটিৰ আধাৰত

* (ক) ৰঙা + নীলা = বেঙুনীয়া

* (খ) ৰঙা + হালধীয়া = সুমথিৰা

* (গ) হালধীয়া + নীলা = সেউজীয়া

* (ঘ) ৰঙা + নীলা + হালধীয়া = মটীয়া

দলত আলোচনা কৰি চমুটোকা লিখা।

* ৰংপুৰ – ৰংপুৰ হ’ল শিৱসাগৰৰ পুৰণি নাম। ই আহোম ৰাজত্ব কালত অসমৰ ৰাজধানী আছিল। ইয়াত ৰংঘৰ, কাৰেংঘৰ আদি বহুতো ঐতিহাসিক কীৰ্তিচিহ্ন আছে।

* ৰামধেনু – বৰষুণৰ পাছত বেলিৰ বিপৰীত দিশত আকাশত দেখা পোৱা সাতটা ৰঙৰ ধেনু। বেলিৰ পোহৰ পানীৰ কণাত প্ৰতিফলিত আৰু প্ৰতিসৰিত হৈ ৰামধেনুৰ সৃষ্টি হয়। ইয়াৰ ৰং সাতটা হ’ল- বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

* গুহা – পাহাৰৰ গাত থকা প্ৰাকৃতিক গাঁত বা খোৰোং। আদিম কালত মানুহে এনে গুহাতে বাস কৰিছিল।

* বন-মানুহ – হাবিত বাস কৰা মানুহৰ সৈতে সাদৃশ্য থকা এবিধ উন্নত শ্ৰেণীৰ প্ৰাণী, যেনে- গৰিলা, চিম্পাঞ্জী, ওৰাংওটাং আদি।

* বায়ুমণ্ডল – আমাৰ পৃথিৱীখনক চাৰিওফালৰ পৰা আৱৰি ৰখা গেছৰ ডাঠ আৱৰণটোকে বায়ুমণ্ডল বোলে।

* অক্ষিপট – আমাৰ চকুৰ একেবাৰে ভিতৰত থকা পৰ্দাখন, য’ত পোহৰ পৰিলে আমি বস্তু দেখা পাওঁ।

VIBGYOR-অৰ দৰে সাতোৰঙৰ প্ৰথম আখৰবোৰেৰে অসমীয়া শব্দ এটা গঠন কৰা।

* (বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা)

* উত্তৰ: বেঘনীসেহাসুৰ

 

Leave a Comment

Your email address will not be published. Required fields are marked *