পাঠ-৫ আহাৰৰ প্ৰয়োজনীয়তা, Class -5, Environment Chapter -5, Assamese medium
Next Chapter

পৃষ্ঠা ৩৩ (কাৰ্যকলাপ)
চিন্তা কৰি লিখা –
প্ৰশ্ন: তলৰ ছবি দুখন চাই কাক কি জাতীয় আহাৰৰ বেছিকৈ প্রয়োজন হয় লিখা- (চিত্ৰ-১ এজন শ্ৰমিক, চিত্ৰ-২ খেলি থকা ল’ৰা)
উত্তৰ:
* চিত্ৰ-১ (শ্ৰমিক): এই লোকজন শাৰীৰিক পৰিশ্ৰম কৰা মানুহ, সেয়েহে তেওঁক শৰীৰক শক্তি যোগোৱা শৰ্কৰা জাতীয় খাদ্যৰ (শক্তিদায়ক খাদ্য) বেছি প্রয়োজন।
* চিত্ৰ-২ (খেলি থকা ল’ৰা): এইসকল বাঢ়ি অহা ল’ৰা-ছোৱালী। এওঁলোকৰ শৰীৰৰ বৃদ্ধিৰ বাবে প্ৰ’টিন জাতীয় খাদ্যৰ বৰ প্ৰয়োজনীয়।
পৃষ্ঠা ৩৪ (কাৰ্যকলাপ)
প্ৰশ্ন: তোমালোকে খোৱা নিজৰ নিজৰ দৈনন্দিন আহাৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: (এইটো এটা ছাত্ৰ-ছাত্ৰীৰ নিজা কাৰ্যকলাপ। এটা নমুনা উত্তৰ হ’ল:)
* ৰাতিপুৱা: ৰুটি, ভাজি, কণী।
* দুপৰীয়া (মধ্যাহ্ন ভোজন): ভাত, দাইল, মাছ/মাংস, শাক-পাচলি।
* আবেলি: ফল-মূল বা বিস্কুট।
* ৰাতি: ভাত বা ৰুটি, দাইল, ভাজি।
পৃষ্ঠা ৩৫ (কাৰ্যকলাপ)
দলগত কার্য –
প্ৰশ্ন: অধিক পৰিমাণে বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ লৱণ থকা খাদ্যবস্তুৰ এখন চার্ট প্ৰস্তুত কৰা।
উত্তৰ: (এখন নমুনা চার্ট)
ভিটামিন আৰু খনিজ লৱণ থকা খাদ্যবস্তু:
* সেউজীয়া শাক-পাচলি
* গাজৰ
* বিলাহী
* আমলখি
* নেমুটেঙা
* শিলিখা
* অমৰা
* মধুৰি-আম
* তিতা-কেৰেলা
* কাচকল
* সুমথিৰা
* পালেং
* মাছ-মাংস
* কণী
* গাখীৰ
প্ৰশ্ন: তলত দিয়া যিবোৰ খাদ্য খাই তুমি ভালপোৱা সেইবোৰত (✓) চিন দিয়া আৰু খাদ্যবস্তুবোৰক তলৰ তালিকা অনুসৰি ভাগ কৰা। (ভাত, নাৰিকল, লাডু, দৈ, মাখন, চকলেট, তিয়হ, মাংস, মাছ, ছয়াবিন, গাখীৰ, পিঠা, শাক, অমিতা, দাইল, কণী, মিঠাই, আপেল, গাজৰ, বিস্কুট, আলু)
উত্তৰ: (ইয়াত খাদ্যবোৰ ভাগ কৰি দেখুওৱা হ’ল:)
* চর্বীজাতীয় – নাৰিকল, মাখন, চকলেট।
* প্ৰ’টিনজাতীয় – দৈ, মাংস, মাছ, ছয়াবিন, গাখীৰ, দাইল, কণী।
* ভিটামিন আৰু খনিজ লবণ জাতীয় – তিয়হ, শাক, অমিতা, আপেল, গাজৰ।
* শৰ্কৰাজাতীয় – ভাত, লাডু, পিঠা, মিঠাই, বিস্কুট, আলু।
পৃষ্ঠা ৩৬ (কাৰ্যকলাপ)
দলত আলোচনা কৰি তেল আৰু চৰ্বীযুক্ত খাদ্যবোৰৰ নাম লিখা –
উত্তৰ: তেল আৰু চৰ্বীযুক্ত খাদ্যবোৰৰ নাম হ’ল:
* তেল
* ঘিউ
* মাখন
* নাৰিকল
* সৰিয়হ
* বাদাম
* তিল
* চর্বীযুক্ত মাংস
* চিঙৰা
* লুচি
* আলুৰ চিপছ
পৃষ্ঠা ৩৭ (কাৰ্যকলাপ)
দলত আলোচনা কৰি লিখা –
প্ৰশ্ন: তলৰ কোনবোৰ খাদ্য খোৱা উচিত আৰু কোনবোৰ খোৱা অনুচিত লিখা- (ফল-মূল, ভাত, চিগাৰেট, ধপাত, তামোল-পাণ, ৰুটি, গাখীৰ, মাংস)
উত্তৰ:
* খাদ্যৰ নাম – ফল-মূল
* খোৱা উচিত নে অনুচিত – উচিত
* কিয় – কাৰণ ইয়াত ভিটামিন আৰু খনিজ লৱণ থাকে যি আমাক ৰোগৰ পৰা ৰক্ষা কৰে।
* খাদ্যৰ নাম – ভাত
* খোৱা উচিত নে অনুচিত – উচিত
* কিয় – ই শৰ্কৰাজাতীয় খাদ্য যি শৰীৰক শক্তি যোগায়।
* খাদ্যৰ নাম – চিগাৰেট
* খোৱা উচিত নে অনুচিত – অনুচিত
* কিয় – ই স্বাস্থ্যৰ বাবে অত্যন্ত অপকাৰী।
* খাদ্যৰ নাম – ধপাত
* খোৱা উচিত নে অনুচিত – অনুচিত
* কিয় – ই স্বাস্থ্যৰ বাবে অত্যন্ত অপকাৰী।
* খাদ্যৰ নাম – তামোল-পাণ
* খোৱা উচিত নে অনুচিত – অনুচিত
* কিয় – ই স্বাস্থ্যৰ বাবে অপকাৰী।
* খাদ্যৰ নাম – ৰুটি
* খোৱা উচিত নে অনুচিত – উচিত
* কিয় – ই শৰ্কৰাজাতীয় খাদ্য যি শৰীৰক শক্তি যোগায়।
* খাদ্যৰ নাম – গাখীৰ
* খোৱা উচিত নে অনুচিত – উচিত
* কিয় – ইয়াত প্ৰ’টিন আৰু খনিজ লৱণ থাকে যি শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু হাড় মজবুত কৰে।
* খাদ্যৰ নাম – মাংস
* খোৱা উচিত নে অনুচিত – উচিত (অত্যাধিক চৰ্বীযুক্ত নহ’লে)
* কিয় – ইয়াত প্ৰ’টিন থাকে যি শৰীৰৰ বৃদ্ধিত সহায় কৰে।
পৃষ্ঠা ৩৮ (অনুশীলনী)
১। চমুকৈ উত্তৰ লিখা –
(ক) আমাক কিয় আহাৰৰ প্ৰয়োজন হয়?
উত্তৰ: আমাক আহাৰৰ প্ৰয়োজন হয় কাৰণ আহাৰৰ পৰাই আমি কাম কৰিবলৈ শক্তি পাওঁ। ই আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। আহাৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে।
(খ) খাদ্যত থকা উপাদানবোৰ কি কি?
উত্তৰ: খাদ্যত থকা ছয়বিধ উপাদান হ’ল- শৰ্কৰা, প্ৰ’টিন, চর্বী, ভিটামিন, খনিজ লৱণ আৰু পানী।
(গ) সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্রয়োজন?
উত্তৰ: যিবোৰ আহাৰত শৰ্কৰা, প্ৰ’টিন, চর্বী, ভিটামিন আৰু খনিজ লবণ প্রয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰেই হৈছে সুষম আহাৰ।
সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে।
(ঘ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে?
উত্তৰ: আমি যথেষ্ট পৰিমাণে পানী খাব লাগে কাৰণ পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে, শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱৰূপে বাহিৰ কৰাত সহায় কৰে, আৰু শৰীৰ শীতল কৰি ৰাখে।
২। খালী ঠাই পূৰ কৰা –
(ক) জীয়াই থাকিবৰ বাবে আহাৰৰ প্রয়োজন।
(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল প্ৰ’টিন।
(গ) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ভিটামিন আৰু খনিজ লৱণ থাকে।
(ঘ) প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে।
(ঙ) ভিটামিন A ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা –
* আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল – শৰ্কৰা
* শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লবণ বিধ হ’ল – কেলচিয়াম
* তেজৰ গঠনত সহায় কৰা খনিজ লবণ বিধ হ’ল – লো
* আয়’ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ’ল – গৰল
৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা –
(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল –
উত্তৰ: ভিটামিন আৰু খনিজ লৱণ (যিহেতু ভিটামিনে প্রতিষেধক হিচাপে কাম কৰে আৰু খনিজ লৱণে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে)।
(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয় –
উত্তৰ: অভাৱজনিত ৰোগ।
(গ) ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ’ল –
উত্তৰ: আমলখি।
