পাঠ-১৩: ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম,Class -5

 

পাঠ-১৩: ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম,Class -5, Environment Chapter -13, Assamese medium

Next Chapter

(পৃষ্ঠা ১০৩ ৰ প্ৰশ্ন)

প্ৰশ্ন: তোমাৰ বিদ্যালয়ত বছৰটোৰ কি কি দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় লিখা।

উত্তৰ: পাঠ্যপুথিৰ মতে, ১৫ আগষ্টৰ দিনটো স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় । এই দিৱসসমূহত বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।

প্ৰশ্ন: স্বাধীনতা সংগ্রামীসকলে কৰা আন্দোলনৰ পৰা আমাৰ কি কি উপকাৰ হ’ল?

উত্তৰ: স্বাধীনতা সংগ্ৰামীসকলৰ আন্দোলনৰ ফলত ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ’ব বুলি অনুভৱ কৰিলে । ইয়াৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে । তেতিয়াৰপৰাই আমাৰ দেশখন স্বাধীন হয় ।

(পৃষ্ঠা ১০৬ ৰ অনুশীলনী)

১। উত্তৰ লিখা-

(ক) কেতিয়াৰপৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখৰপৰা আমাৰ দেশখন স্বাধীন হয় ।

(খ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কর্তব্য আছে?

উত্তৰ: ভাৰতীয় নাগৰিকৰ ১১ টা মৌলিক কর্তব্য আছে ।

(গ) সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰ: সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ আছিল ।

(ঘ) সংবিধান খচৰা কমিটীৰ নেতা কোন আছিল?

উত্তৰ: সংবিধান খচৰা কমিটীৰ নেতা ড° ভীমৰাও আম্বেদকাৰ আছিল ।

(ঙ) ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল?

উত্তৰ: ১৯৪৯ চনৰ ২৬ নবেম্বৰত সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হৈছিল ।

২। খালী ঠাই পূৰ কৰা-

(ক) আমি ১৯৫০ চনৰপৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে-

উত্তৰ: আমি ১৯৫০ চনৰপৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে- গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছোঁ ।

(খ) -সংবিধানখন অতি দীঘলীয়া সংবিধান।

উত্তৰ: ভাৰতৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। (পাঠৰ প্ৰসংগ অনুসৰি)

(গ) ভাৰতবৰ্ষ এখন সার্বভৌম – গণৰাজ্য।

উত্তৰ: ভাৰতবৰ্ষ এখন সার্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য ।

(ঘ) প্রত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব – আছে।

উত্তৰ: প্রত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে ।

(ঙ) – চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে ।

৩। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।

উত্তৰ: ভাৰতীয় সংবিধানৰদ্বাৰা নাগৰিকক কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে, যাক মৌলিক অধিকাৰ বোলা হয় । এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ-সুবিধা লাভ কৰে ।

সংবিধানে আমাক ছয় বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে । সেইবোৰ হ’ল :

১। সাংবিধানিক প্রতিকাৰৰ অধিকাৰ

২। স্বাধীনতাৰ অধিকাৰ

৩। সমতাৰ অধিকাৰ

৪। শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ

৫। শোষণৰ বিৰুদ্ধে অধিকাৰ

৬। ধর্মীয় অধিকাৰ

৫। চমুটোকা লিখা-

(ক) স্বাধীনতা আন্দোলন: আমাৰ দেশখন ১৯৪৭ চনৰ ১৪ আগষ্টলৈকে বৃটিছ শাসনৰ অধীনত আছিল । বৃটিছসকলৰ অন্যায়-অত্যাচাৰৰ বাবে ভাৰতীয় লোকসকলে অসন্তুষ্ট হৈ বৃটিছ শাসনৰ বিৰুদ্ধে প্রতিবাদ কৰিবলগীয়া হৈছিল । আমাৰ দেশৰ স্বাধীনতাৰ হকে বৃটিছৰ শাসনৰ বিৰুদ্ধে কৰা এই যুঁজ বা বিদ্রোহসমূহেই আছিল আমাৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণি । মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষচন্দ্ৰ বসু আদিৰ নেতৃত্বত অসহযোগ আন্দোলন , আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন আদি গোটেই দেশজুৰি বিয়পি পৰিছিল ।

(খ) সংবিধান: প্রত্যেক স্বাধীন দেশৰ একোখন নিজা সংবিধান থাকে । দেশ এখনৰ সু-পৰিচালনা আৰু নাগৰিকৰ ৰক্ষণাবেক্ষণৰ বাবে থকা নীতি-নিয়ম আৰু আইন-কানুনবোৰকেই সামগ্রিকভাৱে সংবিধান বুলি কোৱা হয় । ভাৰতৰ সংবিধানখন ১৯৪৯ চনৰ ২৬ নবেম্বৰত গৃহীত হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় ।

(গ) মৌলিক কর্তব্য: দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহয়, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগে । দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে । ভাৰতীয় নাগৰিকৰ ১১ টা মৌলিক কর্তব্য আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *