আমাৰ অধিকাৰ, Class -4, Environment Chapter 14, Assamese medium 

আমাৰ অধিকাৰ, Class -4, Environment Chapter 14, Assamese medium 

পৃষ্ঠা নং ১১৪

প্ৰশ্ন: বাছেৰে গৈ থাকোঁতে বিপুলহঁতে খেতি পথাৰত কি কি দেখা পাইছিল?

উত্তৰ: বাছেৰে গৈ থাকোঁতে বিপুলহঁতে দুডৰা খেতিপথাৰ দেখিছিল। তাত পুৰুষ আৰু মহিলাই খেতি কৰি আছিল। তেওঁলোকৰ লগত ছোৱালী দুজনীমানে কোলাত সৰু ভায়েকহঁতক লৈ আছিল।

প্ৰশ্ন: তেওঁলোকে চাবলৈ যোৱা বিদ্যালয়খনত ল’ৰাতকৈ ছোৱালীৰ সংখ্যা কম হোৱাৰ কাৰণ কি?

উত্তৰ: শিক্ষকজনৰ মতে, সেই পাহাৰীয়া অঞ্চলটোৰ অভিভাৱকসকলৰ বেছিভাগেই অশিক্ষিত/নিৰক্ষৰ হোৱা বাবে শিশুৰ অধিকাৰৰ প্ৰতি সচেতন নহয়। আৰ্থিকভাৱে জুৰুলা হোৱা বাবে মাক-দেউতাক দুয়োজনে হাজিৰা কামলৈ যাব লাগে, সেয়েহে ভাই-ভনীহঁতক চোৱাচিতা কৰাৰ দায়িত্ব ছোৱালীবোৰৰ ওপৰত পৰে। ইয়াৰ উপৰি ছোৱালীবোৰে বিদ্যালয়লৈ নগৈ খেতিপথাৰত কাম কৰিবলগীয়া হয় বা অৰ্থৰ অভাৱত আনৰ ঘৰত বন কৰা ছোৱালী হ’বলৈ যায়, যাৰ ফলত লিংগ-বৈষম্যৰ সৃষ্টি হৈছে।

পৃষ্ঠা নং ১১৫

প্ৰশ্ন: লিংগ-বৈষম্য থাকিলে আমাৰ কি কি অসুবিধা হয়?

উত্তৰ: লিংগ-বৈষম্য থাকিলে ল’ৰা আৰু ছোৱালীৰ মাজত ভেদাভেদৰ সৃষ্টি হয়। ইয়াৰ ফলত, পাঠত উল্লেখ কৰাৰ দৰে, ছোৱালীসকলে ল’ৰাৰ সমান শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হয়। তেওঁলোকে বিদ্যালয়লৈ যোৱাৰ সলনি ঘৰুৱা কাম, ভাই-ভনীক চোৱাচিতা কৰা বা খেতিপথাৰত কাম কৰিবলগীয়া হয়। ইয়াৰ ফলত ছোৱালীসকল শিক্ষাৰ পোহৰৰ পৰা আঁতৰি থাকে।

পৃষ্ঠা নং ১১৭

অনুশীলনী

১। উত্তৰ লিখা –

(ক) লিংগ-বৈষম্য মানে কি?

উত্তৰ: লিংগ-বৈষম্য মানে ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ।

(খ) শিশুৰ অধিকাৰ বুলিলে কি বুজা?

উত্তৰ: শিশুৰ অধিকাৰ বুলিলে শিশুসকলে পাবলগীয়া কিছুমান মৌলিক সুবিধা আৰু সুৰক্ষাক বুজায়। যেনে, ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা পোৱাটো এক অধিকাৰ। ঠিক তেনেদৰে, ১৪ বছৰৰ তলৰ শিশুক কল-কাৰখানা আদিত কামত খটুওৱাৰ পৰা সুৰক্ষা দিয়াটোও শিশুৰ অধিকাৰৰ ভিতৰত পৰে।

(গ) শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা।

উত্তৰ: শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইন হ’ল:

 * ২০০৯ চনত প্ৰণয়ন কৰা ‘শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন’।

 * ১৯৮৬ চনত প্ৰণয়ন কৰা ‘শিশু-শ্রমিক আইন’।

(ঘ) অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ: অসমত প্ৰতি বছৰে ৪ মার্চ তাৰিখটো ‘শিশু সুৰক্ষা দিৱস’ হিচাপে পালন কৰা হয়।

২। খালী ঠাই পূৰ কৰা।

(ক) বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান ______ দেখিলে।

উত্তৰ: খেতি

(খ) সিহঁতে বিদ্যালয়খনৰ ______ -সভাত অংশগ্রহণ কৰিলে।

উত্তৰ: প্রাতঃ

(গ) আমাৰ দেশৰ চৰকাৰে ______ চনত শিশু শ্রমিক আইন প্রণয়ন কৰে।

উত্তৰ: ১৯৮৬

(ঘ) ২০০৯ চনত ______ শিক্ষাৰ আইন প্ৰবৰ্তন কৰা হয়।

উত্তৰ: শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক

৩। সত্যনে অসত্য লিখা।

(ক) সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল।

উত্তৰ: অসত্য (তেওঁলোকে দেখিছিল যে ল’ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা খুব কম আছিল।)

(খ) সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল।

উত্তৰ: সত্য

(গ) লিংগ-বৈষম্য মানে ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ।

উত্তৰ: সত্য

(ঘ) মালালা ইউচফযাই ভাৰতীয় মহিলা।

উত্তৰ: অসত্য (তেওঁ পাকিস্তানৰ বাসিন্দা আছিল।)

৪। আকস্মিক বক্তৃতা আয়োজন কৰা-

(লিংগ-বৈষম্য, শিশু শ্রমিক, শিশুৰ অধিকাৰ, ক্ষেত্ৰ ভ্ৰমণ, প্রাতঃসভা, বিদ্যালয়)

উত্তৰ: (এইটো শ্ৰেণীকোঠাত কৰিবলগীয়া এক ছাত্ৰ-ছাত্ৰীৰ কাৰ্যকলাপ।)

৫। প’ষ্টাৰ লিখা।

(ক) ______ শিশুৰ মৌলিক ______।

উত্তৰ: শিক্ষা শিশুৰ মৌলিক অধিকাৰ।

(খ) ৬ৰ পৰা ______ বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্য

তামূলক।

উত্তৰ: ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্যতামূলক।

Leave a Comment

Your email address will not be published. Required fields are marked *