Class 3, EVS Chapter 8, আমাৰ চৌপাশৰ বায়ু 

Class 3, Environment Chapter 8, আমাৰ চৌপাশৰ বায়ু, SEBA New Book

Next Chapter

পৃষ্ঠা ৫৩:

কওঁ আহা-

* প্ৰশ্ন: কি কি কাম কৰিলে আমি আমাৰ চৌপাশে বায়ু থকাটো অনুভৱ কৰোঁ?

* উত্তৰ: বিচনীৰ বা ল’লে, চিলা উৰুৱালে, বতাহ বলিলে, গছ-পাত লৰিলে, ধূলি-বালি বা কাগজৰ টুকুৰা উৰিলে আৰু কাগজৰ চকৰি হাতত লৈ ঘূৰালে আমি আমাৰ চৌপাশে বায়ু থকাটো অনুভৱ কৰোঁ।

পৃষ্ঠা ৫৪:

কৰি চাওঁ আহা- (বটল)

* প্ৰশ্ন: পানীৰপৰা বুৰবুৰণি ওলাইছেনে? যদি ওলাইছে কিয়?

* উত্তৰ: হয়, বুৰবুৰণি ওলাইছে। বটলৰ ভিতৰত থকা বায়ুখিনি ওলাই অহাৰ বাবে বুবুৰণি ওলাইছে।

কৰি চাওঁ আহা- (পলিথিনৰ মোনা)

* প্ৰশ্ন: কি দেখিলা? পলিথিনৰ মোনাটো ফুলি উঠিলনে? কিয় ফুলি উঠিল?

* উত্তৰ: পলিথিনৰ মোনাটো ফুলি উঠিল। মোনাটোৰ ভিতৰত আমাৰ চাৰিওফালে থকা বায়ু সোমাল কাৰণে ই ফুলি উঠিল।

কৰি চাওঁ আহা- (মাটিৰ চপৰা)

* প্ৰশ্ন: পানীত বুৰুৰণি ওলোৱা দেখিছানে? এই বুবুৰণি কিহৰ বাবে ওলাইছে?

* উত্তৰ: হয়, বুৰুৰণি ওলোৱা দেখিছোঁ। মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহিছে আৰু মাটিৰ সেই খালী ঠাইখিনি পানীয়ে পূৰ কৰিছে। সেইবাবে বুবুৰণি ওলাইছে।

পৃষ্ঠা ৫৫:

চিন্তা কৰি কওঁ আহা- (প্ৰাণীৰ উশাহ)

* প্ৰশ্ন: গৰু, ছাগলী, কুকুৰ আদি প্রাণীবোৰ শুই বা বহি থাকোঁতে সিহঁতৰ পেটবোৰ উঠা-নমা কৰা দেখিছানে? কিয় এইদৰে পেটবোৰে উঠা-নমা কৰে?

* উত্তৰ: হয়, দেখিছোঁ। সকলো জীৱকে জীয়াই থাকিবলৈ বায়ু লাগে। উশাহ-নিশাহ লোৱাৰ বাবে, অৰ্থাৎ উশাহত বায়ু শৰীৰৰ ভিতৰলৈ নিয়া আৰু নিশাহত বাহিৰলৈ উলিয়াই দিয়াৰ ফলত সিহঁতৰ পেটবোৰ উঠা-নমা কৰে।

চিন্তা কৰি কওঁ আহা- (গোন্ধ)

* প্ৰশ্ন: ৰান্ধনি ঘৰত মাংস ৰান্ধিলে আমি দূৰৈৰপৰাই কিয় গোন্ধ পাওঁ?

* উত্তৰ: বায়ুৱে বস্তুৰ গোন্ধ বিয়পায়। ৰান্ধনি ঘৰত মাংস ৰান্ধিলে তাৰ গোন্ধটো বায়ুৰ জৰিয়তে বিয়পি আহে, সেয়েহে আমি দূৰৈৰপৰাই গোন্ধ পাওঁ।

পৃষ্ঠা ৫৬:

ক্ৰিয়া-কলাপ ১

* প্ৰশ্ন: বায়ু কেনেদৰে দূষিত হয় তলৰ ছবিবোৰ চাই খালী বাকচত লিখা-

* উত্তৰ:

* (প্ৰথম ছবি) – কল-কাৰখানাৰপৰা ওলোৱা ধোঁৱা

* (দ্বিতীয় ছবি) – গাড়ী-মটৰৰ পৰা ওলোৱা ধোঁৱা

* (তৃতীয় ছবি) – ফটা-ফটকা বা ফটকা ফুটোৱা

* (চতুৰ্থ ছবি) – জাৱৰ-জোঁথৰ বা আৱৰ্জনা জ্বলোৱা

পৃষ্ঠা ৫৭:

লিখোঁ আহা-

* প্ৰশ্ন: বায়ু কেনেকৈ নিৰ্মল কৰি ৰাখিব পাৰি?

* উত্তৰ: অধিক পৰিমাণে গছপুলি ৰোপণ কৰি বায়ু নিৰ্মল কৰি ৰাখিব পাৰি।

অনুশীলনী

১। উত্তৰ লিখা-

* প্ৰশ্ন (ক): দূষিত বায়ুৰপৰা হ’ব পৰা তিনিবিধ বেমাৰৰ নাম।

* উত্তৰ: দূষিত বায়ুৰপৰা হ’ব পৰা তিনিবিধ বেমাৰৰ নাম হ’ল – মূৰৰ বিষ, চৰ্দি, আৰু কাহ্।

* প্ৰশ্ন (খ): পানীত থকা জীৱবোৰে ক’ৰ পৰা উশাহ লয়?

* উত্তৰ: পানীত থকা জীৱবোৰে (যেনে – মাছ, কাছ) পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰপৰাই উশাহ লয়।

* প্ৰশ্ন (গ): বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা দুটা কার্য।

* উত্তৰ: বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা দুটা কার্য হ’ল – বিচনীৰে বিচিলে বতাহ লগা আৰু চিলা উৰুৱা।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✓’ চিন দিয়া-

* (ক) ফক্কা ফুটালে বায়ু দূষিত নহয় / হয়।

* (খ) মাটিৰ ভিতৰত বায়ু থাকে / নাথাকে।

* (গ) বায়ু আমি দেখোঁ / অনুভৱ কৰোঁ। (যিহেতু পাঠত কোৱা হৈছে, “আমি চকুৰে দেখা নাপাওঁ; কিন্তু অনুভৱ কৰোঁ”)

* (ঘ) জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে / নাথাকে।

৩। প্ৰশ্ন: ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰুৰণি কিয় উঠে?

* উত্তৰ: শুকান ইটাৰ টুকুৰাৰ ভিতৰতো বায়ু থাকে। পানীত পেলাই দিলে ইটাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহে আৰু সেইবাবে বুৰুৰণি উঠে।

৪। প্ৰশ্ন: আকাশত উৰি থকা এখন চিলাৰ ছবি আঁকা।

* উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ছবি অঁকা কাৰ্যকলাপ।)

৫। প্ৰশ্ন: বায়ু দূষিত ন’হবৰ বাবে কি কি ব্যৱস্থা হাতত ল’বা লিখা।

* উত্তৰ: বায়ু দূষিত ন’হবৰ বাবে এই ব্যৱস্থাবোৰ হাতত ল’ব লাগে:

* কল-কাৰখানাৰ ধোঁৱাবোৰ ফিল্টাৰযুক্ত ওখ চিনিৰে বহু ওপৰত এৰি দিব লাগে।

* গেলা-পচা বস্তু বা জাৱৰ-জোঁথৰ মুকলি ঠাইত জ্বলাই নিদি ডাষ্টবিনত পেলাব লাগে।

* প্লাষ্টিক, ৰবৰৰ আৱৰ্জনা আদি জ্বলাব নালাগে।

* অধিক পৰিমাণে গছপুলি ৰোপণ কৰিব লাগে।

*

Leave a Comment

Your email address will not be published. Required fields are marked *