Class 3, Environment Chapter 12,যাতায়াত আৰু যোগাযোগ SEBA New Book 

Class 3, Environment Chapter 12,যাতায়াত আৰু যোগাযোগ SEBA New Book

পৃষ্ঠা ৭৮:

কওঁ আহা-

* প্ৰশ্ন: পুৰণিকালত ব্যৱহাৰ কৰা তিনিবিধ যানবাহনৰ নাম।

* উত্তৰ: পুৰণি কালত ব্যৱহাৰ কৰা তিনিবিধ যানবাহন হ’ল – প্ৰাণীৰ পিঠিত উঠি যোৱা (যেনে – ঘোঁৰা), দোলা আৰু গৰু-গাড়ী।

পৃষ্ঠা ৮০:

লিখোঁ আহা-

* প্ৰশ্ন: তোমাৰ ঘৰৰপৰা তলত দিয়া ঠাইবোৰলৈ যাবলৈ কি ধৰণৰ যানবাহন ব্যৱহাৰ কৰিবা লিখা- বিদ্যালয়, নৈৰ সিপাৰ, নতুন দিল্লী।

* উত্তৰ:

* বিদ্যালয়: চাইকেল বা স্কুল বাছ।

* নৈৰ সিপাৰ: নাও বা ফেৰী।

* নতুন দিল্লী: ৰে’ল বা উৰা জাহাজ।

ক্ৰিয়া-কলাপ ১

* প্ৰশ্ন: পাঠত উল্লেখ কৰা যানবাহনবোৰৰ নামেৰে তালিকাখন পূৰ কৰা-

* উত্তৰ:

* প্ৰাণীয়ে টনা বাহন – গৰু-গাড়ী।

* ইন্ধনেৰে চলা বাহন – ৰে’ল, অট’-ৰিক্সা, গাড়ী, বাছ, উৰা জাহাজ, ফেৰী।

* ইন্ধন নোহোৱাকৈ চলা বাহন – নাও, চাইকেল।

লিখোঁ আহা-

* প্ৰশ্ন: তোমালোকে পেট্ৰ’ল পাম্প দেখিছানে? পেট্ৰ’ল পাম্পৰ প্ৰয়োজনীয়তা সম্পৰ্কে চিন্তা কৰি লিখা।

* উত্তৰ: হয়, মই পেট্ৰ’ল পাম্প দেখিছোঁ। গাড়ী, বাছ, অট’-ৰিক্সা আদি যানবাহনবোৰ চলিবলৈ পেট্ৰ’ল, ডিজেল আদি ইন্ধনৰ প্ৰয়োজন হয়। এই ইন্ধনবোৰ পেট্ৰ’ল পাম্পত পোৱা যায়। সেয়েহে, আমাৰ যানবাহনসমূহ চলাই ৰাখিবলৈ পেট্ৰ’ল পাম্পৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।

পৃষ্ঠা ৮১:

চিন্তা কৰি কওঁ আহা-

* প্ৰশ্ন: সকলোধৰণৰ যানবাহন চলা-চল কৰা ব্যৱস্থা একেইনে?

* উত্তৰ: নহয়, সকলোধৰণৰ যানবাহন চলা-চল কৰা ব্যৱস্থা একে নহয়। কিছুমান মাটিৰে বা স্থল পথেৰে, কিছুমান পানীৰে বা জল পথেৰে আৰু কিছুমান আকাশী পথেৰে চলাচল কৰে।

ক্ৰিয়া-কলাপ ২

* প্ৰশ্ন: বিভিন্ন যানবাহনৰ নাম লিখি তালিকাখন পূৰ কৰা-

* উত্তৰ:

* স্থল পথেৰে চলা – ৰে’ল, বাছ, গাড়ী, চাইকেল, গৰু-গাড়ী।

* জল পথেৰে চলা – নাও, ফেৰী।

* আকাশী পথেৰে চলা – উৰা জাহাজ।

পৃষ্ঠা ৮২:

ক্ৰিয়া-কলাপ ৩

* প্ৰশ্ন: তলত দিয়া ছবিবোৰ চোৱা আৰু কাষত দিয়া সঠিক আস্থানৰ লগত আঁচ টানি মিলোৱা-

* উত্তৰ:

* উৰা জাহাজ (বিমান) – বিমান বন্দৰ

* ৰে’ল – ৰে’ল-ষ্টেচন

* বাছ – বাছ আস্থান

* জাহাজ (ফেৰী) – জাহাজ ঘাট

পৃষ্ঠা ৮৩:

লিখোঁ আহা-

* প্ৰশ্ন: শিক্ষকৰ সহায় লৈ তলত দিয়া যানবাহনবোৰ কি কি কামত ব্যৱহাৰ কৰা হয় লিখা-

* উত্তৰ:

* এম্বুলেঞ্চ – ৰোগীক চিকিৎসালয়লৈ নিবলৈ ব্যৱহাৰ কৰা হয়।

* ট্রাক – বয়-বস্তু এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিবৰ বাবে ব্যৱহাৰ কৰা হয়।

* ডাক-ঘৰৰ ৰঙা গাড়ী – চিঠি-পত্ৰ আৰু ডাক সেৱাৰ সামগ্ৰী অনা-নিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।

* স্কুল বাছ – ছাত্র-ছাত্ৰীসকলক বিদ্যালয়লৈ অনা-নিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(প্রকল্প – এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক কাৰ্যকলাপ।)

পৃষ্ঠা ৮৫:

ক্ৰিয়া-কলাপ ৪

* প্ৰশ্ন: ৰাজহুৱা যানবাহনত উঠা-নমাৰ সময়ত যিবোৰ নিয়ম পালন কৰা উচিত, তেনে বাক্যৰ কাষত থকা খালী বাকচত ‘✓’ চিন আৰু যিবোৰ কৰা অনুচিত, তাত ‘✗’ চিন দি দেখুওৱা-

* উত্তৰ:

* বাছত শাৰী পাতি এজন এজনকৈ উঠা-নমা কৰিব লাগে। – [✓]

* বাছত উঠা-নমা কৰোঁতে ঠেলা-হেঁচা কৰিব লাগে। – [✗]

* গাড়ী লাহে লাহে চলি থকা অৱস্থাত জাঁপ মাৰি উঠা-নমা কৰিব লাগে। – [✗]

* গাড়ীৰ ভিতৰৰ পৰা খিৰিকীৰে বাহিৰলৈ হাত-মূৰ উলিওৱা অনুচিত। – [✓]

* বাছত উঠোতে পিছফালৰ দুৱাৰেদি উঠিব আৰু আগফলাৰ দুৱাৰেদি নামিব লাগে। – [✓]

আলোচনা কৰোঁ আহা-

* প্ৰশ্ন: ওপৰৰ ছবি দুখনলৈ চাই পুৰণি কালত মানুহে কেনেদৰে যোগাযোগ কৰিছিল, শিক্ষক আৰু সহপাঠীসকলৰ সৈতে আলোচনা কৰা।

* উত্তৰ: ছবি দুখনলৈ চাই আমি ক’ব পাৰোঁ যে পুৰণি কালত মানুহে পাৰ চৰাইৰ দ্বাৰা চিঠি-পত্ৰ পঠিয়াই আৰু ঢোল বজাই বাৰ্তা দিয়া-লৈয়া কৰি যোগাযোগ কৰিছিল।

পৃষ্ঠা ৮৬:

ক্ৰিয়া-কলাপ ৫

* প্ৰশ্ন: তলত কিছুমান যোগাযোগ মাধ্যমৰ ছবি দিয়া হৈছে। ছবিবোৰৰ তলে তলে থকা খালী বাকচত নামবোৰ শুদ্ধকৈ লিখা-

* উত্তৰ: (বাওঁফালৰ পৰা সোঁফাললৈ)

* কম্পিউটাৰ

* ৰেডিঅ’

* টেলিফোন / ম’বাইল

* বাতৰিকাকত

* দূৰদৰ্শন (টেলিভিছন)

লিখোঁ আহা-

* প্ৰশ্ন: ওপৰৰ ছবিখনলৈ চাই কম্পিউটাৰৰ অংশকেইটাৰ নাম বহীত লিখা।

* উত্তৰ: কম্পিউটাৰৰ অংশকেইটাৰ নাম হ’ল – মনিটৰ, চি পি ইউ (CPU), কি বোর্ড, আৰু মাউচ।

পৃষ্ঠা ৮৭:

লিখোঁ আহা-

* প্ৰশ্ন: ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰৰ সহায়ত আৰু কি কি কৰিব পাৰোঁ?

* উত্তৰ: ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰৰ সহায়ত আমি দেশ-বিদেশৰ খবৰ পাব পাৰোঁ, দূৰ-দূৰণিত থকা লোকসকলৰ লগত ঘৰত থাকিয়েই যোগাযোগ কৰিব পাৰোঁ, আৰু বিভিন্ন বিষয়ৰ ভিডিঅ’ চাই বহু কথা শিকিব পাৰোঁ। ইয়াৰ উপৰিও আমি অনলাইনত পঢ়া-শুনা কৰিব পাৰোঁ আৰু বিভিন্ন তথ্য বিচাৰিব পাৰোঁ।

চিন্তা কৰি কওঁ আহা-

* প্ৰশ্ন: যোগাযোগৰ মাধ্যমবোৰ নাথাকিলে আমাৰ কি অসুবিধা হ’লহেঁতেন?

* উত্তৰ: যোগাযোগৰ মাধ্যমবোৰ নাথাকিলে আমাৰ বহুতো অসুবিধা হ’লহেঁতেন। আমি দূৰৈত থকা ব্যক্তি এজনৰ লগত সহজে যোগাযোগ কৰিব নোৱাৰিলোহেঁতেন। দেশ-বিদেশৰ খবৰবোৰ সহজে নাপালোহেঁতেন আৰু তথ্যৰ আদান-প্ৰদান কৰাত বহুত অসুবিধা হ’লহেঁতেন।

অনুশীলনী

১। উত্তৰ লিখা-

* (ক) প্ৰশ্ন: স্থল পথেৰে চলা দুখন যানবাহনৰ নাম।

* উত্তৰ: স্থল পথেৰে চলা দুখন যানবাহনৰ নাম হ’ল বাছ আৰু ৰে’ল।

* (খ) প্ৰশ্ন: যানবাহন থকাৰ বাবে আমাৰ কি কি সুবিধা হৈছে?

* উত্তৰ: যানবাহন থকাৰ বাবে আমাৰ এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰা ব্যৱস্থাটো সহজ হৈছে। ইয়াৰ ফলত আমি কম সময়তে দূৰ-দূৰণিৰ ঠাইলৈ যাব পাৰোঁ আৰু বিভিন্ন বয়-বস্তু এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰোঁ।

* (গ) প্ৰশ্ন: তিনিটা যোগাযোগৰ মাধ্যমৰ নাম।

* উত্তৰ: তিনিটা যোগাযোগৰ মাধ্যমৰ নাম হ’ল – টেলিফোন (ম’বাইল), বাতৰিকাকত, আৰু কম্পিউটাৰ (ইণ্টাৰনেট)।

* (ঘ) প্ৰশ্ন: আলিবাটত খোজ কাঢ়োঁতে মানি চলিবলগীয়া তিনিটা নিয়ম।

* উত্তৰ: আলিবাটত খোজ কাঢ়োঁতে মানি চলিবলগীয়া তিনিটা নিয়ম হ’ল –

* ৰাস্তাত সদায় নিজৰ বাঁও হাতে খোজ কাঢ়িব লাগে।

* ৰাস্তা পাৰ হওঁতে সাৱধানে সোঁৱে-বাঁওৱে চাই ল’ব লাগে।

* সদায় পদপথেৰে খোজ কাঢ়িব লাগে।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ্ টানি মিলোৱা-

* উত্তৰ:

* ট্রেক্টৰ – মাটিত চলে

* মালবাহী ৰে’ল – বয়-বস্তু কঢ়িয়ায়

* ফেৰী – পানীত চলে

* উৰাজাহাজ – আকাশত উৰে

৩। খালী ঠাই পূৰ কৰা-

* (ক) যানবাহনবোৰ চলিবলৈ পেট্র’ল, ডিজেল আদি ইন্ধন প্ৰয়োজন হয়।

* (খ) উটক মৰুভূমিৰ জাহাজ বোলে।

* (গ) খোজ কাঢ়োঁতে সদায় নিজৰ বাঁও হাতেৰে যাব লাগে।

* (ঘ) এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰা ব্যৱস্থাই হ’ল যাতায়াত।

৪। তুমি ভালপোৱা এখন বাহনৰ ছবি আঁকা।

* উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ছবি অঁকা কাৰ্যকলাপ।)

*

Leave a Comment

Your email address will not be published. Required fields are marked *