অধ্যায় ৮: আমাৰ ঐতিহ্য
1.চৰাইদেউ ভ্রমণ
2.লাচিত বৰফুকন
Chapter -8,Class-3, SEBA, New Book, Assamese medium

পৃষ্ঠা ১১০
ক্ৰিয়া-কলাপ
পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
(ক) ছাত্ৰ-ছাত্ৰীসকলে ক’লৈ শৈক্ষিক ভ্ৰমণলৈ গৈছিল?
উত্তৰ: ছাত্ৰ-ছাত্ৰীসকলে চৰাইদেউলৈ শৈক্ষিক ভ্ৰমণলৈ গৈছিল।
(খ) চৰাইদেউ কোনে ৰাজধানী হিচাপে বাছি লৈছিল?
উত্তৰ: চাওলুং চ্যুকাফাই চৰাইদেউক ৰাজধানী হিচাপে বাছি লৈছিল।
(গ) মৈদামবোৰ দেখিবলৈ কেনেকুৱা?
উত্তৰ: মৈদামবোৰ দেখিবলৈ সৰু-বৰ টিলাৰ দৰে।
(ঘ) মৈদাম কিয় দিয়া হৈছিল?
উত্তৰ: আহোম স্বৰ্গদেউসকলৰ, ৰাণীসকলৰ আৰু ৰাজপৰিয়ালৰ লোকসকলৰ মৃতদেহ তেওঁলোকে ব্যৱহাৰ কৰা বস্ত্ৰ-অলংকাৰ, সা-সামগ্ৰী, সোণ-ৰূপ আদি দি সমাধিস্থ কৰিবলৈ মৈদাম দিয়া হৈছিল।
(ঙ) মৈদামবোৰ কোনে সজাইছিল?
উত্তৰ: মৈদামবোৰ আহোম ৰাজত্বকালত সজোৱা হৈছিল।
(চ) ‘চাওলুং’ মানে কি?
উত্তৰ: ‘চাওলুং’ মানে ডাঙৰ।
পৃষ্ঠা ১১১
২। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা।
* চাওলুং চ্যুকাফাই ক’ত প্ৰথম ৰাজধানী পাতিছিল?
(ক) গোলাঘাট (খ) চৰাইদেউ (গ) শিৱসাগৰ (ঘ) যোৰহাট
উত্তৰ – (খ) চৰাইদেউ
* চ্যুকাফা কোন দেশৰ পৰা আহিছিল?
(ক) চীন (খ) ম্যানমাৰ (গ) থাইলেণ্ড (ঘ) ভূটান
উত্তৰ – (ক) চীন (চীনদেশৰ ইউনান প্ৰদেশৰ মুং-মাও ৰাজ্যৰ পৰা)
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাওঁ আহা-
* সমাধিস্থল – মৈদাম
* চীনদেশ – স্থাপত্য-কলা
* চ্যুকাফা – চাওলুং
* চৰাইদেউ – আহোমৰ প্ৰথম ৰাজধানী
৪। বাক্য সাজোঁ আহা-
* ঐতিহাসিক: চৰাইদেউ অসমৰ এটা ঐতিহাসিক ঠাই।
* স্থাপত্য-কলা: মৈদামবোৰৰ স্থাপত্য-কলা অদ্বিতীয়।
* ৰাজধানী: চাওলুং চ্যুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিল।
* সমাধিস্থ: মৈদামবোৰত স্বৰ্গদেউসকলক সমাধিস্থ কৰা হৈছিল।
* যাদুঘৰ: আমি যাদুঘৰত পুৰণি কীৰ্তিস্তম্ভ চাবলৈ গ’লোঁ।
পৃষ্ঠা ১১২
ভাষা-অধ্যয়ন
৫। ক) তলৰ শব্দবোৰ ভাঙি পঢ়োঁ আহা-
* ঐতিহাসিক – ঐ + ত্ + ই + হ্ + আ + স্ + ই + ক্
* স্থাপত্য – স্ + থ্ + আ + প্ + অ + ত্ + য্
* স্বৰ্গদেউ – স্ + ব্ + অ + ৰ্ + গ + অ + দ্ + এ + উ
* বিশ্ব – ব্ + ই + শ্ + ব্
খ) পাঠটোত থকা যুক্তাক্ষৰ থকা শব্দবোৰ বিচাৰি উলিয়াই লিখা।
উত্তৰ: স্বৰ্গদেউ, প্ৰথম, স্থাপত্য-কলা, ব্যৱহাৰ, ছাত্ৰ-ছাত্ৰীসকলে, শ্ৰেণীটোৰ, অনুষ্ঠান, জ্যেষ্ঠ, শিক্ষক, অৱস্থিত, বিখ্যাত, ৰাজপৰিয়ালৰ, বস্ত্ৰ, মৃতদেহ, সমাধিস্থ, কীৰ্তিস্তম্ভ, বিশ্ব, ঐতিহ্যক্ষেত্ৰ, প্ৰদেশৰ, ৰাজ্যৰ।
৭। বাক্য ৰচনা কৰা-
* আত্মীয়-স্বজন: বিয়াঘৰত বহুতো আত্মীয়-স্বজন গোট খাইছে।
* সা-সামগ্ৰী: মৈদামৰ ভিতৰত ৰজাই ব্যৱহাৰ কৰা সা-সামগ্ৰী পোৱা গৈছিল।
* সৰু-বৰ: চৰাইদেউত বহুতো সৰু-বৰ মৈদাম আছে।
* সোণ-ৰূপ: পুৰণি কালত মানুহে সোণ-ৰূপৰ অলংকাৰ পিন্ধিছিল।
পৃষ্ঠা ১১৩
জ্ঞান-সম্প্ৰসাৰণ
৮। ভাবোঁ আৰু লিখোঁ আহা-
(ক) তোমালোকৰ বিদ্যালয়ৰ পৰা ক’লৈ শৈক্ষিক ভ্ৰমণলৈ যাবা এখন তালিকা যুগুত কৰা।
উত্তৰ: (নমুনা উত্তৰ)
আমাৰ বিদ্যালয়ৰ পৰা শৈক্ষিক ভ্ৰমণলৈ যাব পৰা ঠাইবোৰ হ’ল:
১. গুৱাহাটী যাদুঘৰ
২. গুৱাহাটী তাৰকাগৃহ
৩. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
৪. ওচৰৰ এখন পুথিভঁৰাল।
(খ) ঐতিহাসিক ঠাইবোৰ কিয় চাফ-চিকুণকৈ ৰখা উচিত?
উত্তৰ: ঐতিহাসিক ঠাইবোৰ আমাৰ দেশৰ গৌৰৱ আৰু ঐতিহ্যৰ প্ৰতীক। এইবোৰ চাফ-চিকুণকৈ ৰাখিলে ঠাইবোৰৰ সৌন্দৰ্য অটুট থাকে আৰু দেশ-বিদেশৰ পৰ্যটকসকল এইবোৰ চাবলৈ আহি ভাল পায়। ইয়াৰ দ্বাৰা আমাৰ দেশৰ সন্মান বাঢ়ে।
(গ) চৰাইদেউৰ মৈদামবোৰ ‘অসমৰ পিৰামিড’ বুলি কোৱা হয়। তোমাৰ মতে কিয় কোৱা হয়?
উত্তৰ: ইজিপ্তৰ পিৰামিডবোৰত সেই দেশৰ ৰজাসকলৰ (ফাৰাও) মৃতদেহ মমি কৰি বিভিন্ন সা-সামগ্ৰীৰ সৈতে সমাধিস্থ কৰা হৈছিল। ঠিক তেনেদৰে, চৰাইদেউৰ মৈদামবোৰতো আহোম স্বৰ্গদেউ আৰু ৰাজপৰিয়ালৰ লোকসকলৰ মৃতদেহ তেওঁলোকে ব্যৱহাৰ কৰা সা-সামগ্ৰীৰ সৈতে সমাধিস্থ কৰা হৈছিল। দুয়োটাৰে উদ্দেশ্য আৰু নিৰ্মাণৰ ধাৰণা একে হোৱাৰ বাবে চৰাইদেউৰ মৈদামবোৰক ‘অসমৰ পিৰামিড’ বুলি কোৱা হয়।
পৃষ্ঠা ১১৭
ক্ৰিয়া-কলাপ
পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
(ক) লাচিত বৰফুকন কোন আছিল?
উত্তৰ: লাচিত বৰফুকন আহোম ৰাজ্যৰ এজন বীৰ সেনাপতি আছিল।
(খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ: শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল।
(গ) শৰাইঘাটৰ যুদ্ধ ক’ত হৈছিল?
উত্তৰ: শৰাইঘাটৰ যুদ্ধ ব্ৰহ্মপুত্ৰৰ বুকুত শৰাইঘাট নামে ঠাইত হৈছিল।
(ঘ) লাচিত বৰফুকনে কাক ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি কৈছিল?
উত্তৰ: লাচিত বৰফুকনে তেওঁৰ মোমায়েকক কামত গাফিলতি কৰাৰ বাবে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি কৈছিল।
(ঙ) লাচিত দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: লাচিত দিৱস ২৪ নৱেম্বৰ তাৰিখে পালন কৰা হয়।
পৃষ্ঠা ১১৮
২। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা।
* শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যৰ সেনাপতি কোন আছিল?
(ক) মীৰজুমলা (খ) লাচিত (গ) ৰামসিংহ (ঘ) জয়সিংহ
উত্তৰ – (গ) ৰামসিংহ
* লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিল?
(ক) মোমাই তামুলী বৰবৰুৱা (খ) লাঙি ফুকন (গ) ৰামসিংহ (ঘ) ওপৰৰ এটাও নহয়
উত্তৰ – (ক) মোমাই তামুলী বৰবৰুৱা
৩। তলৰ বাক্যকেইটা পাঠটোৰ কাহিনী অনুসৰি খালী ঠাই পূৰ কৰা।
(ক) লাচিত বৰফুকন আহোম ৰাজ্যৰ এজন বীৰ সেনাপতি আছিল।
(খ) ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল।
(গ) লাচিত বৰফুকনৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা।
(ঘ) ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়।
৪। ভাষা-অধ্যয়ন
ক) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আহা-
* খ্ৰীষ্টাব্দ – খ্ + ৰ্ + ঈ + ষ্ + ট্ + আ + ব্ + দ
* ব্ৰহ্মপুত্ৰ – ব্ + ৰ্ + অ + হ্ + ম্ + অ + প্ + উ + ত্ + ৰ
* মন্ত্ৰী – ম্ + অ + ন্ + ত্ + ৰ্ + ঈ
* জন্ম – জ্ + অ + ন্ + ম
* গাফিলতি – গ্ + আ + ফ্ + ই + ল্ + অ + ত্ + ই
খ) তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য সাজোঁ আহা-
* যুদ্ধ: শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ জয় হৈছিল।
* সেনাপতি: লাচিত বৰফুকন এজন বীৰ সেনাপতি আছিল।
* গাফিলতি: আমি কোনো কামতে গাফিলতি কৰিব নালাগে।
* দেশপ্ৰেম: লাচিত বৰফুকনৰ দেশপ্ৰেম অতুলনীয় আছিল।
পৃষ্ঠা ১১৯
জ্ঞান-সম্প্ৰসাৰণ
৫। ভাবোঁ আৰু লিখোঁ আহা-
(ক) লাচিত বৰফুকনৰ কোনটো গুণে তোমাক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে?
উত্তৰ: লাচিত বৰফুকনৰ মহান দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠা গুণটোৱে মোক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে। তেওঁ আনকি নিজৰ মোমায়েককো কামত গাফিলতি কৰাৰ বাবে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি কৈ শাস্তি দিছিল, যিটো তেওঁৰ অসাধাৰণ কৰ্তব্যপৰায়ণতাৰ নিদৰ্শন।
(খ) তোমাৰ বিদ্যালয়ত লাচিত দিৱস কেনেকৈ পালন কৰা লিখা।
উত্তৰ:
আমাৰ বিদ্যালয়ত লাচিত দিৱসৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত সকলোৱে ফুল দি শ্ৰদ্ধাঞ্জলি জনায়। আমাৰ ছাৰ-বাইদেউসকলে লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ বিষয়ে আমাক কয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশপ্ৰেমমূলক গীত, কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
(গ) লাচিত বৰফুকনৰ বাহিৰে আন এজন বীৰ পুৰুষৰ নাম লিখা।
উত্তৰ: লাচিত বৰফুকনৰ বাহিৰে আন এজন বীৰ পুৰুষৰ নাম হ’ল চিলাৰায় (বা কনকলতা বৰুৱা)।
