Class 3, Environment Chapter 9,দৈনন্দিন জীৱনত পানী, SEBA New Book 

Class 3, Environment Chapter 9,দৈনন্দিন জীৱনত পানী, SEBA New Book

পৃষ্ঠা ৫৮:

সাঁথৰ এটা কওঁ আহা-

 * সাঁথৰ: মোৰ ৰূপ তিনিটা… মই বাৰু কোন হওঁ কোৱা।

 * উত্তৰ: পানী।

কওঁ আহা-

 * প্ৰশ্ন: তোমালোকে ঘৰত পানী ক’ৰপৰা পোৱা?

 * উত্তৰ: (ছাত্ৰ-ছাত্ৰীৰ নিজৰ উত্তৰ। পাঠটোৰ আধাৰত) আমি ঘৰত কুঁৱা, দম-কল (টিউবৱেল), নৈ, বিল, পুখুৰী আদিৰ পৰা পানী পাওঁ।

(প্রকল্প – এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক কাৰ্যকলাপ।)

পৃষ্ঠা ৬০:

কওঁ আহা-

 * প্ৰশ্ন: ওপৰৰ ছবিকেইখনত পানী কি কি কামত ব্যৱহাৰ কৰা দেখিছা।

 * উত্তৰ: ওপৰৰ ছবিকেইখনত পানী খোৱা, ৰন্ধা-বঢ়া, কাপোৰ ধোৱা, গা ধোৱা আৰু গছত পানী দিয়া কামত ব্যৱহাৰ কৰা দেখিছোঁ।

 * প্ৰশ্ন: তোমালোকৰ ঘৰত কি কি কামত পানী ব্যৱহাৰ কৰা?

 * উত্তৰ: আমাৰ ঘৰত খোৱা, ৰন্ধা-বঢ়া, গা ধোৱা, কাপোৰ-কানি ধোৱা, ঘৰ চাফা কৰা আৰু ফুলৰ পুলিত পানী দিয়া আদি কামত পানী ব্যৱহাৰ কৰা হয়।

পৃষ্ঠা ৬১:

ক্ৰিয়া-কলাপ ১

 * (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক পৰীক্ষামূলক ক্ৰিয়াকলাপ।)

পৃষ্ঠা ৬২:

চিন্তা কৰি কওঁ আহা-

 * প্ৰশ্ন: বৰষুণৰ পানী সংগ্ৰহ কৰি কি কি কামত ব্যৱহাৰ কৰিব পাৰি?

 * উত্তৰ: বৰষুণৰ পানী সংগ্ৰহ কৰি গছৰ পুলি বা ফুলৰ টাবত দিয়া, কাপোৰ ধোৱা, গা ধোৱা ঘৰ, পকী চোতাল বা নলা-নর্দমা আদি চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি।

 * প্ৰশ্ন: শীতকালত পানীৰ উৎসবোৰত পানীৰ পৰিমাণ কমি যায়। ইয়াৰ কাৰণ কি বুলি ভাবা?

 * উত্তৰ: খৰালি কালত (শীতকালত) বৰষুণৰ পৰিমাণ কম হয়, যাৰ বাবে কুঁৱা, খাল, বিল, পুখুৰী, নৈ আদিত পানীৰ পৰিমাণ কমি যায়।

লিখোঁ আহা-

 * প্ৰশ্ন: পানী-কল খুলি বন্ধ নকৰাকৈ এৰি থৈ অহাটো উচিতনে? যদি নহয় কিয় লিখা।

 * উত্তৰ: পানী-কল খুলি বন্ধ নকৰাকৈ এৰি থৈ অহাটো উচিত নহয়। কাৰণ পানীৰ নাটনি হ’ব পাৰে, সেয়ে আমি প্রয়োজনতহে পানী ব্যৱহাৰ কৰা উচিত। এনে কৰিলে পানীৰ অপচয় হয়।

(প্রকল্প – এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক কাৰ্যকলাপ।)

পৃষ্ঠা ৬৩:

ক্ৰিয়া-কলাপ ২

 * প্ৰশ্ন: তলৰ ছবিকেইখন ভালদৰে চোৱা। কোনখন ছবিয়ে পানী দূষিত হোৱা বুজাইছে? সঠিক বাকচত ‘✓’ চিন দিয়া-

 * উত্তৰ: পানী দূষিত হোৱা বুজোৱা ছবিবোৰ হ’ল:

   * (পুখুৰীত কাপোৰ ধোৱা)

   * (পুখুৰীত গৰু-ম’হক গা ধুওৱা)

   * (নদীত কল-কাৰখানাৰ আৱৰ্জনা পেলোৱা)

লিখোঁ আহা-

 * প্ৰশ্ন: তোমালোকৰ ঘৰৰ বা বিদ্যালয়ৰ ওচৰত পুখুৰী থাকিলে, ইয়াৰ পানী দূষিত নোহোৱাকৈ কেনেদৰে ৰাখিব পাৰি সেই বিষয়ে তিনিটা বাক্য লিখা।

 * উত্তৰ: পুখুৰীৰ পানী দূষিত নোহোৱাকৈ ৰাখিবলৈ:

   * পুখুৰীত গা ধোৱা, বাচন-বর্তন বা কাপোৰ ধোৱা আদি কাৰ্য কৰিব নালাগে।

   * পুখুৰীত গৰু-ম’হক গা ধুওৱাব নালাগে।

   * গেলা-পচা বস্তু বা নলা-নর্দমাৰ পানী আদি পুখুৰীত পেলাব নালাগে।

পৃষ্ঠা ৬৪:

অনুশীলনী

১। উত্তৰ লিখা-

 * (ক) প্ৰশ্ন: কি কি কামত আমি পানী ব্যৱহাৰ কৰোঁ?

 * উত্তৰ: আমি পানী খোৱা, ৰন্ধা-বঢ়া, গা ধোৱা, কাপোৰ ধোৱা, খেতি কৰা আৰু গছত পানী দিয়া আদি কামত ব্যৱহাৰ কৰোঁ।

 * (খ) প্ৰশ্ন: পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি?

 * উত্তৰ: ফল-মূল, শাক-পাচলি বা চাউল-দাইল ধোৱা পানী পেলাই নিদি গছৰ পুলি বা ফুলৰ টাবত দিব পাৰি। কাপোৰ ধোৱা পানীখিনিও গা ধোৱা ঘৰ বা পকী চোতাল চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি।

 * (গ) প্ৰশ্ন: দম-কল আৰু কুঁৱাৰ পানীৰ উৎস কি?

 * উত্তৰ: দম-কল আৰু কুঁৱাৰ পানীৰ উৎস হ’ল মাটিৰ তলত থকা পানী অৰ্থাৎ ভূ-গর্ভৰ পানী।

২। খালী ঠাই পূৰ কৰা-

 * (ক) পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়।

 * (খ) পানী উতলালে ভাপ হয়।

 * (গ) খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ’ব লাগে।

 * (ঘ) খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ’ব লাগে।

৩। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✓’ চিন দিয়া-

 * (ক) উদ্ভিদক পানীৰ প্ৰয়োজন হয় / নহয়।

 * (খ) সকলো পানী সেৱন কৰাৰ বাবে উপযোগী হয় / নহয়।

 * (গ) খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ’ব লাগে / নালাগে।

 * (ঘ) এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি / নোৱাৰি।

৪। প্ৰশ্ন: পানী দূষিত নোহোৱাকৈ ৰাখিবপৰা দুটা উপায় উল্লেখ কৰা।

 * উত্তৰ: পানী দূষিত নোহোৱাকৈ ৰাখিবপৰা দুটা উপায় হ’ল:

   * পুখুৰীত গা ধোৱা, কাপোৰ ধোৱা বা গৰু-ম’হক গা ধুওৱা আদি কাৰ্য কৰিব নালাগে।

   * কল-কাৰখানাৰ আৱৰ্জনা বা নলা-নর্দমাৰ পানী আদি পুখুৰী বা নদীত পেলাব নালাগে।

পাঠ ১০: আকাশৰ কথা (পৃষ্ঠা ৬৫-৬৮)

পৃষ্ঠা ৬৫:

ক্ৰিয়া-কলাপ ১

 * প্ৰশ্ন: ওপৰত দিয়া পদ্যটো পঢ়া আৰু ছবিকেইখন চাই দিন আৰু ৰাতিৰ আকাশত কি কি দেখা পোৱা যায় লিখা-

 * উত্তৰ:

   * দিনৰ আকাশ – বেলি (সূর্য)

   * ৰাতিৰ আকাশ – জোনবাই (চন্দ্ৰ) আৰু তৰা

পৃষ্ঠা ৬৭:

কওঁ আহা-

 * প্ৰশ্ন: ওপৰৰ ছবিত দিয়া কথাখিনিৰপৰা কি বুজিছা?

 * উত্তৰ: ওপৰৰ কথাখিনিৰপৰা বুজিলোঁ যে পূৰ্ণিমাৰ দিনা জোনটো ডাঙৰ আৰু উজ্জ্বল দেখি। বেলিটো আমাৰপৰা বহুত দূৰৈত আছে, কিন্তু জোনটো ওচৰত থকা বাবে জোনটোক বেলিৰ সমান ডাঙৰ যেন দেখা যায়, যদিও আচলতে ই বেলিটোৰ সমান ডাঙৰ নহয়।

 * প্ৰশ্ন: পূৰ্ণিমাৰ দিনা চন্দ্ৰটো কেনেকুৱা দেখি?

 * উত্তৰ: পূৰ্ণিমাৰ নিশা চন্দ্ৰটোক ঘূৰণীয়া আৰু বৰ উজ্জ্বল দেখা যায়।

 *

Leave a Comment

Your email address will not be published. Required fields are marked *