Class 3, Environment Chapter 13,আমাৰ ঘৰুৱা উৎপাদন, SEBA New Book
Ni
পৃষ্ঠা ৮৮:
ক্ৰিয়া-কলাপ ১
* প্ৰশ্ন: বাঁহ-বেতেৰে সজা সামগ্ৰীবোৰৰ নাম তলত দিয়া খালী বাকচত লিখা-
* উত্তৰ: (ছবিবোৰ চাই) চালনী, পাচি, খৰাহী, ডলা, কুলা, বিচনী, মুঢ়া, ঢাৰি।
* প্ৰশ্ন: বাঁহ-বেতেৰে আৰু কি কি সাজিব পাৰি?
* উত্তৰ: বাঁহ-বেতেৰে ঘৰত সজোৱা কিছুমান সামগ্রী, যেনে- ফুলদানি, শৰাই, জাপি আদি তৈয়াৰ কৰিব পাৰি।
পৃষ্ঠা ৮৯:
* প্ৰশ্ন: বাঁহেৰে আৰু কি কি সাজিব পাৰি?
* উত্তৰ: কিছুমান ঘৰ, ভঁৰাল, গঁৰাল, গোহালি আদিও বাঁহেৰে সজা হয়। ইয়াৰ উপৰিও খেতিয়কসকলে কৃষি কাৰ্যত ব্যৱহাৰ কৰা কিছুমান সঁজুলিও বাঁহেৰে তৈয়াৰ কৰে, যেনে- যুঁৱলি, মৈ, ওখোন আদি।
পৃষ্ঠা ৯০:
* প্ৰশ্ন: প্লাষ্টিকৰ ব্যৱহাৰ কিয় হ্রাস কৰিব লাগে?
* উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে দিয়া হৈছে। তেওঁলোকে শিক্ষক বা ডাঙৰক সুধি জানি ল’ব লাগিব।)
ক্ৰিয়া-কলাপ ২
* প্ৰশ্ন: তোমাৰ ঘৰত বাঁহ আৰু বেতেৰে সজা কি কি সামগ্রী আছে তালিকা অনুসৰি লিখা-
* উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে দিয়া হৈছে। পাঠটোৰ আধাৰত কিছুমান উদাহৰণ হ’ল-)
* বাঁহেৰে সজা সামগ্ৰীৰ নাম – চালনী, পাচি, খৰাহী, কুলা, বিচনী, জাপি, গগণা, বাঁহী, টকা, জাকৈ, খালৈ, চেপা, জুলুকি।
* বেতেৰে সজা সামগ্ৰীৰ নাম – মুঢ়া, ঢাৰি, পাটী।
পৃষ্ঠা ৯২:
অনুশীলনী
১। উত্তৰ লিখা –
* (ক) প্ৰশ্ন: বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম।
* উত্তৰ: বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম হ’ল- গগণা আৰু বাঁহী।
* (খ) প্ৰশ্ন: ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ-বেতৰ দুবিধ সামগ্রীৰ নাম।
* উত্তৰ: ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ-বেতৰ দুবিধ সামগ্ৰী হ’ল- ফুলদানি আৰু শৰাই।
* (গ) প্ৰশ্ন: তাঁত-শালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম।
* উত্তৰ: তাঁত-শালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম হ’ল- চেৰেকী, উঘা, মহুৰা আৰু বাচ।
২। তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা-
* (ক) প্ৰশ্ন: শুৱালকুছি
* উত্তৰ: শুৱালকুছি পাট, মুগা কাপোৰৰ বাবে বিখ্যাত।
* (খ) প্ৰশ্ন: কাছাৰ
* উত্তৰ: কাছাৰ জিলা পাটী আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত।
* (গ) প্ৰশ্ন: নলবাৰী
* উত্তৰ: নলবাৰী জিলা বাঁহ-বেতৰ বিভিন্ন সামগ্রী আৰু জাপি উৎপাদনৰ বাবে জনাজাত।
* (ঘ) প্ৰশ্ন: ঢকুৱাখনা
* উত্তৰ: ঢকুৱাখনা পাট, মুগা কাপোৰৰ বাবে বিখ্যাত।
৩। তলত দিয়া সামগ্রীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা-
* (ক) প্ৰশ্ন: বিচনী
* উত্তৰ: বিচনী গৰম লাগিলে বা ল’বলৈ ব্যৱহাৰ কৰা হয়।
* (খ) প্ৰশ্ন: মুঢ়া
* উত্তৰ: মুঢ়া বহিবলৈ ব্যৱহাৰ কৰা হয়।
* (গ) প্ৰশ্ন: চালনী
* উত্তৰ: চালনী চাউল, মাহ আদি পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
* (ঘ) প্ৰশ্ন: জাপি
* উত্তৰ: জাপি ঘৰ সজাবলৈ ব্যৱহাৰ কৰা হয়। (নলবাৰী জিলা জাপি উৎপাদনৰ বাবেও জনাজাত)।
* (ঙ) প্ৰশ্ন: জাকৈ
* উত্তৰ: জাকৈ মাছ ধৰা এবিধ সঁজুলি।
* (চ) প্ৰশ্ন: উঘা
* উত্তৰ: উঘা তাঁত-শালত ব্যৱহাৰ হোৱা এবিধ সঁজুলি।
৪। ‘ক’ অংশৰ সৈতে ‘খ’ অংশ আঁচ্ টানি মিলোৱা-
* উত্তৰ:
* জপা – কাপোৰ-কানি ভৰাই থোৱা যতন
* ডুলি – ধান, মাহ আদি থোৱা যতন
* ঢাৰি – বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন
* যুঁৱলি – খেতিৰ এবিধ সঁজুলি
* চেপা – মাছ ধৰা এবিধ সঁজুলি
* টকা – বাঁহৰ এবিধ বাদ্য
*
