Class 3, EVS Chapter 10, আকাশৰ কথা 

Class 3, Environment Chapter 10, আকাশৰ কথা, SEBA New Book

Next Chapter

পৃষ্ঠা ৬৫:

ক্ৰিয়া-কলাপ ১

 * প্ৰশ্ন: ওপৰত দিয়া পদ্যটো পঢ়া আৰু ছবিকেইখন চাই দিন আৰু ৰাতিৰ আকাশত কি কি দেখা পোৱা যায় লিখা-

 * উত্তৰ:

   * দিনৰ আকাশ – বেলি (সূর্য)

   * ৰাতিৰ আকাশ – জোনবাই (চন্দ্ৰ) আৰু তৰা

পৃষ্ঠা ৬৭:

কওঁ আহা-

 * প্ৰশ্ন: ওপৰৰ ছবিত দিয়া কথাখিনিৰপৰা কি বুজিছা?

 * উত্তৰ: ওপৰৰ কথাখিনিৰপৰা আমি বুজিলোঁ যে পূৰ্ণিমাৰ দিনা জোনটো ডাঙৰ আৰু উজ্জ্বল দেখা যায়। যদিও জোনটো বেলিটোৰ সমান ডাঙৰ যেন দেখি, আচলতে ই বেলিটোৰ সমান ডাঙৰ নহয়। বেলিটো আমাৰপৰা বহুত বেছি দূৰৈত আছে, তাৰ তুলনাত জোনটো ওচৰত থকা বাবে জোনটোক বেলিৰ সমান যেন দেখা যায়।

 * প্ৰশ্ন: পূৰ্ণিমাৰ দিনা চন্দ্ৰটো কেনেকুৱা দেখি?

 * উত্তৰ: পূৰ্ণিমাৰ নিশা চন্দ্ৰটোক ঘূৰণীয়া আৰু বৰ উজ্জ্বল দেখা যায়।

পৃষ্ঠা ৭০:

আঁকো আহা-

 * প্ৰশ্ন: তোমালোকৰ বহীত ৰামধেনুৰ ছবি এখন আঁকা।

 * উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ছবি অঁকা কাৰ্যকলাপ।)

প্রকল্প-

 * প্ৰশ্ন: (প্ৰথমটো দল) পূৰ্ণিমাৰ ৰাতিৰপৰা পোন্ধৰ দিনলৈ প্ৰতিটো ৰাতি আকাশৰ চন্দ্ৰটোলৈ মন কৰা। প্রতি তিনিদিনৰ মূৰে মূৰে ৰাতিৰ চন্দ্ৰটোৰ আকাৰ কেনেকুৱা দেখিলা, ক্রমানুসাৰে তোমাৰ বহীত অংকন কৰা-

 * উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক প্রকল্প।)

 * প্ৰশ্ন: (আনটো দল) চন্দ্রটো নেদেখা হোৱাৰ পাছৰ পৰা… কেইদিনৰ পিছত চন্দ্ৰটো পুনৰ দেখা পালা গণনা কৰি লিখা।

 * উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক প্রকল্প।)

দলীয় কার্য-

 * প্ৰশ্ন: (কাৰ্বন কাগজত তৰা আৰু চন্দ্ৰ আঁকি বাকচৰ সহায়ত টৰ্চ লাইটেৰে চোৱা।)

 * উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক দলীয় কাৰ্যকলাপ।)

চিন্তা কৰি কওঁ আহা-

 * প্ৰশ্ন: সূর্যটো নথকা হ’লে আমাৰ কি হ’লহেঁতেন?

 * উত্তৰ: সূর্যটো নথকা হ’লে আমাৰ পৃথিৱীখনত একো নহ’লহেঁতেন। সূৰ্যৰ পৰাই আমি তাপ আৰু পোহৰ পাওঁ। পৃথিৱীৰ নিজা পোহৰ নাই, ই সূৰ্যৰ পৰাহে পোহৰ পায়। সূৰ্য নথকা হ’লে গোটেই পৃথিৱীখন আন্ধাৰ আৰু অতিপাত চেঁচা হৈ গ’লহেঁতেন, যাৰ ফলত গছ-গছনি আৰু জীৱ-জন্তু জীয়াই থাকিব নোৱাৰিলেহেঁতেন।

পৃষ্ঠা ৭১:

অনুশীলনী

১। উত্তৰ লিখা-

 * (ক) প্ৰশ্ন: চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি?

 * উত্তৰ: পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। এইদৰে ঘূৰি থাকোঁতে চন্দ্ৰৰ যি অংশত সূৰ্যৰ পোহৰ পৰে, আমি কেৱল সেই অংশটোহে দেখা পাওঁ। চন্দ্ৰটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা কাৰণেহে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ।

 * (খ) প্ৰশ্ন: ৰামধেনুৰ ৰং কেইটা আৰু কি কি?

 * উত্তৰ: ৰামধেনুৰ সাতটা ৰং। ৰংকেইটা হ’ল- বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

 * (গ) প্ৰশ্ন: তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি?

 * উত্তৰ: আমি তৰাবোৰ দিনত নেদেখোঁ, কাৰণ সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্র।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✓’ চিন দিবা—

 * (ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ / সূর্য / তৰাবোৰ আছে। (কাৰণ পাঠৰ ৬৭ পৃষ্ঠাত কৈছে যে বেলিৰ তুলনাত জোনটো ওচৰত আছে)

 * (খ) পূৰ্ণিমাৰপৰা অমাৱস্যালৈ ১০ / ১৫ দিন সময় লাগে।

 * (গ) ৰামধেনুৰ ৰং মুঠতে পাঁচটা / সাতটা।

৩। খালী ঠাই পূৰ কৰা

 * (ক) সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে।

 * (খ) তৰাবোৰ আমাৰপৰা বহুত দূৰৈত থকাৰ কাৰণে সৰু যেন দেখি।

 * (গ) চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই।

৪। প্ৰশ্ন: দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰোঁ?

 * উত্তৰ: দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নোৱাৰি, কিয়নো বেলিৰ তীব্ৰ পোহৰ চকুয়ে সহ্য কৰিব নোৱাৰে।

৫। প্ৰশ্ন: পৃথিৱীৰপৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়া একে আকাৰৰ যেন কিয় লাগে?

 * উত্তৰ: বেলিটো আমাৰপৰা বহুত বেছি দূৰৈত আছে। তাৰ তুলনাত জোনটো (চন্দ্ৰ) ওচৰত থকা বাবে জোনটোক বেলিৰ সমান যেন দেখা যায়।

৬। প্ৰশ্ন: সৌৰজগতৰ ছবি আঁকা।

 * উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ছবি অঁকা কাৰ্যকলাপ।)

Leave a Comment

Your email address will not be published. Required fields are marked *