
পাঠঃ ২১ – শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য,Class -7, SEBA
পাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ)
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৮২)
প্ৰশ্ন: পৰিয়ালে ল’ৰাজন আৰু ছোৱালীজনীৰ প্রতি লোৱা যত্নত কি তাৰতম্য দেখিবলৈ পাইছা?
উত্তৰ: ছবিখনত ল’ৰাজনক মাকে যত্নৰে ভাত বাঢ়ি দিছে, আনহাতে ছোৱালীজনীয়ে নিজৰ ভাত নিজে লৈ মজিয়াত বহি খাইছে। ইয়াৰ পৰা বুজা যায় যে পৰিয়ালে ল’ৰাজনৰ প্ৰতি বেছি যত্ন লৈছে।
প্ৰশ্ন: ল’বাজন আৰু ছোৱালীজনীয়ে কৰা কামৰ মাজত কিবা পার্থক্য দেখিছানে? যদি দেখিছা কি দেখিছা?
উত্তৰ: হয়, পাৰ্থক্য দেখিছোঁ। ছবিখনত ল’ৰাজনে মেজত বহি পঢ়া-শুনা কৰিছে, আনহাতে ছোৱালীজনীয়ে ঘৰুৱা কাম, অৰ্থাৎ ঘৰ সাৰি আছে ।
প্ৰশ্ন: তোমালোকৰ নিজৰ ভাই-ভনীৰ মাজত এনে পার্থক্য থকা উচিত বুলি ভাবা নে?
উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য) নাই, নিজৰ ভাই-ভনীৰ মাজত এনে পাৰ্থক্য থকা উচিত নহয়। আমাৰ পৰিয়াল আৰু সমাজে ছোৱালীতকৈ ল’ৰাৰ গুৰুত্ব বেছি বুলি ভবাটো বা মহিলাই কৰা কামক কম মূল্যমানৰ বুলি ভবাটো অনুচিত।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৮৪)
প্ৰশ্ন: সুমিত্রাই কৰা ঘৰবা কামবোৰৰ পৰা ঘৰৰ কি সুবিধা হয়?
উত্তৰ: সুমিত্ৰাই কৰা ঘৰুৱা কামবোৰৰ (যেনে: ৰন্ধা-বঢ়া, ধোৱা-পখলা, অঞ্জলিৰ পঢ়া-শুনাৰ তদাৰকী, শাহুৱেকৰ যত্ন, আলহী সোধা) বাবে ঘৰখন নিয়াৰিকৈ চলি থাকে। তেওঁ কাম নকৰিলে ঘৰখন অলপ সময়ো ভালদৰে নচলে ।
প্ৰশ্ন: মাকে কাম নকৰে বুলি অঞ্জলিয়ে কিয় কৈছে?
উত্তৰ: অঞ্জলিয়ে তেনেকৈ কোৱাৰ কাৰণ হ’ল তাইৰ মাক সুমিত্ৰাই কৰা ঘৰুৱা কামবোৰৰ বাবে কোনো দৰমহা নাপায় । আনহাতে, তাইৰ দেউতাকে চাকৰি কৰি দৰমহা পায় । সেয়েহে অঞ্জলিয়ে (আৰু সমাজে) ভাবি লৈছে যে যি কামৰ বাবে দৰমহা পোৱা নাযায়, সেয়া ‘কাম’ নহয়।
প্ৰশ্ন: তোমালোকৰ ঘৰৰ ঘৰৱা কামবোৰ কোনে কৰে?
উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য।)
প্ৰশ্ন: অৰুণ হাজৰিকাই চাকৰি কৰি কি পায়?
উত্তৰ: অৰুণ হাজৰিকাই চাকৰি কৰি দৰমহা পায় ।
প্ৰশ্ন: সুমিত্রা হাজৰিকাই ঘৰুৱা কাম কৰি কি পায়?
উত্তৰ: সুমিত্ৰা হাজৰিকাই ঘৰুৱা কাম কৰি একো দৰমহা নাপায় ।
প্ৰশ্ন: ঘৰুৱা কাম আৰু বাহিৰা কামৰ মাজত পার্থক্য কি?
উত্তৰ: পাঠৰ গল্পটোৰ মতে, বাহিৰা কাম (যেনে অৰুণ হাজৰিকাৰ চাকৰি) কৰি দৰমহা পোৱা যায় আৰু সমাজে তাক স্বীকৃতি দিয়ে । কিন্তু ঘৰুৱা কাম (যেনে সুমিত্ৰাই কৰা) কৰি কোনো দৰমহা পোৱা নাযায় আৰু পৰিয়াল বা সমাজে সেই কামক স্বীকৃতি নিদিয়ে ।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৮৪)
প্ৰশ্ন: তোমালোকৰ ঘৰুৱা কামবিলাকৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য। উদাহৰণ – ৰন্ধা-বঢ়া, ধোৱা-পখলা, ঘৰ সৰা-মোচা, আলহী সোধা, ল’ৰা-ছোৱালীৰ যত্ন লোৱা আদি।)
প্ৰশ্ন: যিগৰাকী মূল মহিলাই তোমালোকক ঘৰখনৰ কাম-কাজসমূহ কৰে, তেওঁ যদি সেই কামবোৰ নকৰিলেহেঁতেন, তেন্তে ঘৰখনৰ পৰিৱেশ কি হ’লহেঁতেন? একোটাকৈ টোকা লিখা।
উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য। পাঠৰ আধাৰত -) যদি ঘৰখনৰ মূল মহিলাই কাম-কাজসমূহ নকৰিলেহেঁতেন, তেন্তে ঘৰখন অলপ সময়ো ভালদৰে নচলিলহেঁতেন । সময়মতে কোনেও খোৱা-লোৱা নাপালেহেঁতেন, ঘৰখন লেতেৰা হৈ থাকিলহেঁতেন আৰু পৰিয়ালৰ সকলোৰে বহুত অসুবিধা হ’লহেঁতেন।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৮৫)
প্ৰশ্ন: মালতী দাসৰ কামৰ প্ৰকাৰ কি আৰু তেওঁৰ মাহিলী আয় কিমান?
উত্তৰ: মালতী দাসৰ কামৰ প্ৰকাৰ হ’ল ঘৰুৱা কাম (যেনে: চাহ-জলপান কৰা, ৰন্ধা-বঢ়া, বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা, ইস্ত্ৰি কৰা) । তেওঁৰ মাহিলী আয় ২০০০ টকা ।
প্ৰশ্ন: ৰফিকউদ্দিনৰ কামৰ মজুৰি কিয় বেছি?
উত্তৰ: ৰফিকউদ্দিন এজন দক্ষ মানুহ (কাঠমিস্ত্ৰী) । তেওঁৰ কামৰ চাহিদা আছে , সেয়ে তেওঁৰ মজুৰি বেছি।
প্ৰশ্ন: মালতী দাসৰ কামবিলাক কষ্টকৰ নহয় নেকি?
উত্তৰ: হয়, মালতী দাসৰ কামবিলাক কষ্টকৰ। ৰন্ধা-বঢ়া, কাপোৰ ধোৱা, পানী কঢ়িওৱা আদি কামত শৰীৰত যথেষ্ট হেঁচা পৰে আৰু দৌৰি ফুৰিবলগীয়াও হয়, যিটো ৰফিকউদ্দিনৰ পৰিশ্ৰমতকৈ বেছি ।
প্ৰশ্ন: মালতী দাসৰ জিৰণিৰ প্ৰয়োজন আছে বুলি ভাবানে?
উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য) হয়, মালতী দাসৰ জিৰণিৰ প্ৰয়োজন আছে। কাৰণ তেওঁ ৰফিকউদ্দিনতকৈ দৈনিক ৫ ঘণ্টা বেছি কাম কৰে আৰু কোনো জিৰণিও নাপায় ।
প্ৰশ্ন: ৰফিকউদ্দিন আৰু মালতীৰ কামৰ মূল্য কোনে নিৰ্ধাৰণ কৰে?
উত্তৰ: ৰফিকউদ্দিন আৰু মালতীৰ কামৰ মূল্য তেওঁলোকক কামত লগোৱা মালিকে (গৃহস্থই) নিৰ্ধাৰণ কৰে ।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৮৬)
প্ৰশ্ন: মালতী আৰু ৰফিকউদ্দিনৰ মজুৰিৰ মাজত ইমান ব্যৱধান থকা উচিতনে? যুক্তি দৰ্শাই এটা টোকা প্ৰস্তুত কৰা।
উত্তৰ: (শিক্ষাৰ্থীৰ বাবে কাৰ্য। পাঠৰ আধাৰত -) নাই, মালতী আৰু ৰফিকউদ্দিনৰ মজুৰিৰ মাজত ইমান ব্যৱধান থকা উচিত নহয়। মালতীয়ে ৰফিকউদ্দিনতকৈ দৈনিক ৫ ঘণ্টা বেছি কাম কৰে আৰু তেওঁৰ শাৰীৰিক পৰিশ্ৰমো বেছি । কিন্তু তেওঁ দৈনিক মাত্ৰ ৬৭ টকা পায়, যি ৰফিকৰ ৩০০ টকাতকৈ বহুত কম । মালতীক তেওঁ কৰা কামৰ তুলনাত অতি কম মূল্য দিয়া হৈছে । যদি মালতীয়ে উচিত মূল্য পালেহেঁতেন, তেওঁৰ পৰিয়ালটোৰ অৱস্থাও কিছু উন্নত হ’লহেঁতেন ।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৮৮)
প্ৰশ্ন: প্রতিভা দেবীসিং পাটিল কোন দিশত বিচক্ষণ মহিলা?
উত্তৰ: শ্ৰীমতী প্ৰতিভা দেবীসিং পাটিল এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হিচাপে সমগ্ৰ দেশতে স্বীকৃত হৈছিল ।
প্ৰশ্ন: মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ: মামণি ৰয়ছম গোস্বামীয়ে ২০০২ চনত ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা অৰ্জন কৰিছিল ।
প্ৰশ্ন: কল্পনা চাওলাৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল?
উত্তৰ: ১৯৯৫ চনত কল্পনাই আমেৰিকাৰ প্ৰসিদ্ধ মহাকাশ গৱেষণাকাৰী সংস্থা ‘নাছা’ত (NASA) মহাকাশচাৰী বিজ্ঞানী হিচাপে কামত যোগদান কৰি তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল ।
প্ৰশ্ন: কোন চনত বাচেন্দ্রী পালে মাউন্ট এভাৰেষ্ট জয় কৰিছিল?
উত্তৰ: ১৯৮৪ চনৰ ২৩ মে’ তাৰিখে বাচেন্দ্ৰী পালে এভাৰেষ্ট শৃংগ জয় কৰিছিল ।
প্ৰশ্ন: আলোচ্য মহিলাসকলৰ অৱদানে আমাৰ সমাজক কিদৰে চহকী কৰিছে? চমুকৈ কোৱা।
উত্তৰ: এই অসাধাৰণ মহিলাসকলৰ কাম-কাজে আমাৰ সমাজখনৰ উন্নতিত অৰিহণা যোগাইছে । প্রতিভা দেবীসিং পাটিলে ৰাজনীতিৰ ক্ষেত্ৰত, মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য আৰু সমাজসেৱাৰ ক্ষেত্ৰত, কল্পনা চাওলাই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত, আৰু বাচেন্দ্ৰী পালে দুঃসাহসিক ক্ৰীড়া (পৰ্বতাৰোহণ) ক্ষেত্ৰত অৱদান আগবঢ়াই সমাজক চহকী কৰিছে আৰু আন মহিলাসকলক অনুপ্ৰাণিত কৰিছে ।
অনুশীলনী (পৃষ্ঠা ১৮৯-১৯০)
১। চমু উত্তৰ লিখা:
(ক) শ্ৰমৰ সমমর্যাদা মানে কি?
উত্তৰ: শ্ৰমৰ সমমৰ্যাদা মানে হ’ল পুৰুষ আৰু মহিলা উভয়ে কৰা কামক সমান সন্মান আৰু স্বীকৃতি দিয়া। ইয়াৰ অৰ্থ হ’ল, মহিলাই কৰা ঘৰুৱা কাম বা আন কামক পুৰুষৰ কামতকৈ হীন বা কম গুৰুত্বপূৰ্ণ বুলি গণ্য নকৰা।
(খ) শ্ৰমৰ সমমূল্যই কি সুচায়?
উত্তৰ: শ্ৰমৰ সমমূল্যই সুচায় যে পুৰুষ আৰু মহিলাই কৰা শ্ৰমৰ বাবে সমান মূল্য বা মজুৰি লাভ কৰা উচিত, বিশেষকৈ যেতিয়া পৰিশ্ৰমৰ পৰিমাণ একে বা বেছি হয় ।
(গ) প্রতিভা দেবীসিং পাটিলৰ কর্মজীবন কেনেকৈ আৰম্ভ হৈছিল?
উত্তৰ: প্ৰতিভা দেবীসিং পাটিলৰ প্ৰথম কৰ্মজীৱন এগৰাকী উকীল হিচাপে আৰম্ভ হৈছিল ।
(ঘ) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্রতী হয়?
উত্তৰ: মামণি ৰয়ছম গোস্বামীয়ে ১৩ বছৰ বয়সৰ পৰাই সাহিত্য সাধনাত ব্ৰতী হয় ।
(ঙ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল?
উত্তৰ: কল্পনাই বৈমানিক অভিযন্তা আৰু মহাকাশ অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী লাভ কৰিছিল।
(চ) কলেজীয়া জীবনত কি খেলত বাচেন্দ্রীয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰ: কলেজীয়া জীৱনত ৰাইফল শুটিঙত বাচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল ।
২। উত্তৰ লিখা:
(ক) পুৰুষ-মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অবিহণা যোগায়?
উত্তৰ: সমাজ বা দেশ এখন প্ৰগতিৰ পথত আগুৱাই যাবলৈ হ’লে লিংগ বৈষম্যৰ অৱসান ঘটিব লাগিব । পুৰুষ-মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে উন্নতিৰ পথ মসৃণ কৰে । যদি সমাজৰ আটাইবোৰ ছোৱালী আৰু মহিলাই পুৰুষৰ সমানে নিজ দক্ষতাক প্ৰকাশ কৰাৰ সুযোগ পায়, তেন্তে দেশৰ উন্নতি দ্ৰুত হ’ব ।
(খ) লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কেনেকৈ?
উত্তৰ: লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজ এতিয়াও নিমজ্জিত। ইয়াৰ কাৰণ হ’ল:
পৰিয়ালত ল’ৰাৰ যত্ন বেছিকৈ লোৱা হয় আৰু ছোৱালীক অৱহেলা কৰা হয় ।
মহিলাসকলক ঘৰুৱা কামত আবদ্ধ ৰখা হয় আৰু ল’ৰাক উপাৰ্জনকাৰী হিচাপে গঢ়ি তোলা হয় ।
মহিলাই কৰা ঘৰুৱা শ্ৰমক (যেনে সুমিত্ৰাৰ কাম) সমাজে স্বীকৃতি নিদিয়ে বা মূল্যহীন বুলি ভাবে ।
মহিলাক তেওঁলোকৰ শ্ৰমৰ উচিত মূল্য দিয়া নহয় (যেনে মালতীৰ উদাহৰণ) ।
(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য?
উত্তৰ: সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য কাৰণ সমাজখনৰ সকলো দিশতে আজি মহিলাই নিজৰ সক্ষমতাৰ পৰিচয় দাঙি ধৰিছে । কৃষি, উদ্যোগ, সেৱা, ৰাজনীতি, সাহিত্য, বিজ্ঞান আদি সকলোতে মহিলাই পাৰদৰ্শী ভূমিকা পালন কৰিছে । মহিলাসকলক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ থল নাই । যদি তেওঁলোকে সমান সুবিধা আৰু মৰ্যাদা পায়, তেন্তে দেশৰ উন্নতিৰ পথ প্রশস্ত হ’ব ।
৩। খালী ঠাই পূৰ কৰা:
(ক) নাৰী আৰু পুৰুষৰ শ্ৰমৰ ____ অবিহনে সমাজব উন্নতি সম্ভৱ নহয়।
উত্তৰ: সমমৰ্যাদা
(খ) সমাজৰ ____ পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
উত্তৰ: উন্নতিত
(গ) ____ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য।
উত্তৰ: সমতা
(ঘ) মহিলাসকলো পুৰুষৰ সমানে ____ আৰু দায়িত্বশীল।
উত্তৰ: দূৰদৰ্শী
(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু ____।
উত্তৰ: বুদ্ধিদীপ্ত
