
পাঠঃ ১৬ – মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
অনুশীলনী (পৃষ্ঠা ১৪৮)
১। উত্তৰ দিয়া-
(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল?
উত্তৰ: ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল।
(খ) পাণিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
উত্তৰ: পাণিপথৰ প্ৰথম যুদ্ধ ১৫২৬ খ্ৰীঃত সংঘটিত হৈছিল।
(গ) ঔৰংগজেবে কাক অসম আক্রমণ কৰিবলৈ পঠিয়াইছিল?
উত্তৰ: ঔৰংগজেৱে বংগৰ চুবেদাৰ মিৰজুমল্লাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।
(ঘ) মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?
উত্তৰ: মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা সম্ৰাটৰ হাতত ন্যস্ত আছিল।
(ঙ) মনচবদাৰী প্রথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ: মনচবদাৰী প্ৰথা মহামতি আকবৰে প্ৰচলন কৰিছিল।
২। শুদ্ধ/অশুদ্ধ নির্ণয় কৰা-
(ক) ভাৰতবৰ্ষত মোগলসকলে ১২০৬ খ্রীঃৰ পৰা ১৮৫৭ খ্রীঃলৈ ৰাজত্ব কৰিছিল।
উত্তৰ: অশুদ্ধ। (মোগলসকলে ১৫২৬ খ্ৰীঃৰ পৰা ১৮৫৭ খ্ৰীঃলৈ ৰাজত্ব কৰিছিল)
(খ) মোগল সাম্রাজ্যৰ অন্তৰ্গত প্রদেশবোৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল।
উত্তৰ: অশুদ্ধ। (তেওঁলোকৰ বিচাৰৰ ক্ষমতা অতি কম আছিল)
(গ) বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল।
উত্তৰ: শুদ্ধ।
(ঘ) মিৰজুম্ম্পাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ।
উত্তৰ: শুদ্ধ।
(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়।
উত্তৰ: অশুদ্ধ। (মনচবদাৰ শব্দটোৱে পদ-মৰ্যদা বা উপাধি বুজায়)
৩। খালি ঠাই পূৰণ কৰা-
(ক) ____ মোগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।
উত্তৰ: আকবৰ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট।
(খ) মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল ____ নীতি-নির্দেশনা মতে।
উত্তৰ: মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি-নিৰ্দেশনা মতে।
(গ) মোগলসকলে কৰ-কাটলৰ বাবে মাটিক ____ ভাগত ভাগ কৰিছিল।
উত্তৰ: মোগলসকলে কৰ-কাটলৰ বাবে মাটিক চাৰি ভাগত ভাগ কৰিছিল।
(ঘ) ____ খ্রীঃত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।
উত্তৰ: ১৫৭৭ খ্ৰীঃত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।
(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল ____ জন।
উত্তৰ: আকবৰৰ শাসনকালত মনচবদাৰ আছিল ২৯ জন।
৪। চমু উত্তৰ লিখা-
(ক) একত্ৰিত ভাৰতবৰ্ষৰ সপোন আশিংকভাবে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্রাট দুজন কোন কোন আছিল?
উত্তৰ: একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন আছিল মহামতি অশোক আৰু আকবৰ।
(খ) ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি ক’ৰ পৰা ক’লৈ আছিল?
উত্তৰ: ঔৰংগজেৱৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল।
(গ) মোগলৰ প্রাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন?
উত্তৰ: মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ আছিল দিৱান, ফৌজদাৰ আৰু ফটোৱাল।
(ঘ) মোগলসকলৰ শাসন কালত মাটিক কেই ভাগত ভাগোৱা হৈছিল আৰু ভাগবোৰ কি কি?
উত্তৰ: মোগলসকলৰ শাসন কালত মাটিক চাৰি ভাগত ভাগোৱা হৈছিল। ভাগবোৰ হ’ল- (১) পোলাজ, (২) পাৰাউটি, (৩) চাচ্চাৰ, আৰু (৪) বানজাৰ।
(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল?
উত্তৰ: মনচবদাৰসকলক পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল।
৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা-
(ক) মোগলসকলৰ বিচাৰ ব্যৱস্থা।
উত্তৰ: মোগল ৰাজত্ব কালত বিচাৰ ব্যৱস্থাৰ সু-শৃংখল নীতি নাছিল আৰু সুকীয়া বিচাৰালয়ো নাছিল। সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা কোৰাণৰ নীতি-নিৰ্দেশনা মতে পৰিচালিত হৈছিল। প্ৰদেশৰ চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা অতি কম আছিল। গাঁও পৰ্যায়ত গাঁও পঞ্চায়তৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল।
(খ) মনচবদাৰী প্ৰথা।
উত্তৰ: মনচবদাৰ প্ৰথা মোগল শাসন নীতিৰ এটা অংশ আছিল। আকবৰে ১৫৭৭ খ্ৰীঃত ইয়াৰ প্ৰচলন কৰে। মনচবদাৰ শব্দটোৱে পদ-মৰ্যদা বা উপাধি বুজায়। সামৰিক বাহিনীক শক্তিশালী কৰা আৰু সকলো জাতি-জনজাতিক শাসনত জড়িত কৰাৰ বাবে এই প্ৰথা প্ৰৱৰ্তন কৰা হৈছিল। মনচবদাৰসকলক তেওঁলোকৰ পদমৰ্যদা অনুসৰি পাৰিতোষিক হিচাপে জায়গীৰ প্ৰদান কৰা হৈছিল।
