
প্ৰশস্তি (প্রশস্তি) কবিতাৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ
১। অতি চমু উত্তৰ দিয়া:
- (ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
Ans. ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায় ।
- (খ) ৰঘুনাথ চৌধাৰীৰ কবিতা–পুথি দুখনৰ নাম লিখা।
Ans. ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল- ‘সাদৰী‘ (১৯১০) আৰু ‘কেতেকী‘ (১৯১৮) ।
- (গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
Ans. নৱ কিশলয়দলে (কুঁহিপাতে) চামৰ ধুলাই প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে ।
- (ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
Ans. মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে ।
- (ঙ) জল, স্থল আৰু ক‘ত দেৱতাৰ মহা অভিযান চলিছে?
Ans. জল, স্থল আৰু অন্তৰীক্ষত (আকাশত) দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে ।
- (চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
Ans. মোহন কীচক বেণুৱে (কীচক বাঁহৰ বাঁহীয়ে) অনাহত ছন্দে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে ।
২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু আনিছে লিখা।
- উত্তৰ: কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু যেনে- ঊষাৰ কুঙ্কুম ৰাগ (ৰাতিপুৱাৰ পোহৰ) , বসুধা (পৃথিৱী) , নৱ কিশলয় দল (কুঁহিপাত) , ফুল্ল কুসুম (ফুলি উঠা ফুল) , উপেক্ষিত ৰবাব ফুল , বন–বিহঙ্গ (বনৰ চৰাই) , তৰু (গছ) , জল, স্থল, অন্তৰীক্ষ (আকাশ) , আৰু কীচক বেণু (বাঁহী) ইত্যাদিৰ অৱতাৰণা কৰিছে।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে?
- উত্তৰ: কবিতাটোত কবিয়ে মূলতঃ পৰম সুন্দৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে । কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে , চৌদিশে ফুলি উঠা ফুলৰ আনন্দত , চৰাই-চিৰিকটিৰ সুমধুৰ গানত , আৰু কীচক বেণুৰ অনাহত ছন্দে গোৱা গানত সৰ্বত্ৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । তেওঁ এই সমস্ত সৃষ্টিৰ আঁৰত থকা মহামহিম (অতিশয় গৌৰৱান্বিত) সৃষ্টিকৰ্তাৰ গুণানুকীৰ্তন কৰিছে। কবিৰ এই আৰাধনাৰ আঁৰত এক আধ্যাত্মিক সুৰ আৰু ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে ।
৪। কবিতাটোত প্রকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উত্তৰ: ‘প্ৰশস্তি‘ কবিতাটোত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজেৰে পৰম সুন্দৰ সৃষ্টিকৰ্তাৰ সাধনা কৰিছে ।
দোকমোকালিৰ কুঙ্কুম ৰাগেৰে ৰঞ্জিত হোৱা বসুধা আৰু নৱ কিশলয়ে চামৰ ধোৱা দৃশ্য – এই সকলোবোৰেই সুন্দৰৰ সৃষ্টি ।
ফুলি থকা কুসুমৰ আনন্দ আৰু উপেক্ষিত ৰবাব ফুলৰ প্ৰেম পৰিমলে কবিক মোহিত কৰিছে।
বন-বিহঙ্গৰ ছন্দভৰা সুমধুৰ গান আৰু জল, স্থল, অন্তৰীক্ষত চলা দেৱতাৰ মহা অভিযানে যেন সেই নেদেখা সুন্দৰ জনৰেই অস্তিত্বৰ ইংগিত দিছে ।
মোহন কীচক বেণুৱে যি মহামহিমৰ গান গাইছে , সেয়াও সৃষ্টিৰ মূল স্ৰষ্টাৰেই গুণানুকীৰ্তন ।
কবিয়ে প্ৰকৃতিৰ এই সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে সেই পৰম সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ ভক্তবৃন্দক আহ্বান জনাইছে । এইদৰেই কবিতাটোত প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ অৰ্থাৎ সুন্দৰৰ সাধনা লুকাই আছে ।
৫। ‘প্ৰশস্তি‘ কবিতাটোৰ মূলভাৱ লিখা।
- উত্তৰ: ‘প্ৰশস্তি’ কবিতাটোৰ মূলভাৱ হ’ল পৰম সুন্দৰ সৃষ্টিকৰ্তাৰ গুণানুকীৰ্তন বা আৰাধনা ।
কবিয়ে ৰাতিপুৱাৰ অপৰূপ প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনা কৰিছে- ঊষাৰ কুঙ্কুম ৰাগে বসুধাক ৰঞ্জিত কৰা, কুঁহিপাতে চামৰ ধুলাই প্ৰকৃতিক সাদৰি অনা, ফুলি উঠা ফুলৰ আনন্দ আৰু চৰাইৰ সুমধুৰ গানত সৰ্বত্ৰে দেৱতাৰ মহা অভিযানৰ ইংগিত ।
কবিৰ মতে, প্ৰকৃতিৰ এই সন্মোহিনী সুধাৰ মাজত নেদেখা জনৰ অস্তিত্ব লুকাই আছে ।
কবিয়ে জৰাজীৰ্ণ কালৰাত্ৰি শেষ হোৱাৰ পিছত , অমৃতৰ পুত্ৰ স্বৰূপ মানৱক মোহ–তন্দ্ৰালস ত্যাগ কৰি মুক্তিৰ বাট বিচাৰিবলৈ আৰু সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে ।
কবিতাটোৱে সৃষ্টিৰ ৰহস্য উন্মোচন কৰি, প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজেৰে ঈশ্বৰ ভক্তিৰ এক আধ্যাত্মিক সুৰ প্ৰকাশ কৰিছে ।
৬। ‘উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্রী।‘ – কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰ: কবিয়ে মানৱ জাতিক ‘ঋত্বিক ধ্যানী‘ (যজ্ঞ কৰা পুৰোহিত) আৰু ‘অমৃতৰ পুত্ৰ‘ (ঈশ্বৰৰ সন্তান, যাৰ মৃত্যু নাই) বুলি সম্বোধন কৰিছে, কাৰণ তেওঁলোক সত্যৰ পথৰ যাত্ৰী বা মুক্তি পথযাত্রী ।
কবিয়ে কৈছে যে দুৰ্যোগপূৰ্ণ মহা কালৰাত্ৰি (ভয়াবহ ৰাতি) শেষ হ’ল , যিয়ে সকলো পুঞ্জীভূত ক্লেদ (জমা হৈ থকা গেলা মল) দীৰ্ণ (ফলা) কৰি দিছে ।
এই কালৰাত্ৰিক সাংসাৰিক মোহ, অজ্ঞতা, দুখ-দুৰ্দশা বা অন্যায়-অবিচাৰৰ প্ৰতীক হিচাপে লোৱা হৈছে।
সেয়ে, সেই জৰাজীৰ্ণ আৰু দুৰ্যোগৰ সময়ছোৱা অতিক্ৰম হোৱাৰ লগে লগে , কবিয়ে মানুহক জ্ঞানৰ পোহৰত, স্বাধীনতা আৰু মুক্তিৰ নতুন পথত আগবাঢ়িবলৈ আহ্বান জনাইছে ।
তেওঁ বিচাৰিছে যে মানুহে মোহ তন্দ্ৰালস ত্যাগ কৰি ঈশ্বৰৰ সৃষ্টিৰ সৌন্দৰ্য উপলব্ধি কৰক আৰু সুন্দৰৰ ৰূপ ধ্যান কৰক ।
৭। ব্যাখ্যা কৰা:
- (ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ছন্দভৰা সুমধুৰ তান, জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান।
- উত্তৰ: এই পদফাকিৰে কবিয়ে প্ৰকৃতিৰ সৰ্বব্যাপী উল্লাস আৰু ঈশ্বৰৰ উপস্থিতিৰ কথা কৈছে। ৰাতিপুৱা হোৱাৰ লগে লগে গছৰ আগত (তৰু শিৰে শিৰে) বনৰ চৰাইবোৰে (বন বিহঙ্গই) ছন্দোবদ্ধ মিঠা সুৰত গান গাবলৈ আৰম্ভ কৰিছে । এই সুমধুৰ তান কেৱল এটা চৰাইৰ গান নহয়, ই যেন জল, স্থল আৰু আকাশ (অন্তৰীক্ষ) – সকলোতে বিৰাজ কৰা দেৱতাৰ এক মহান আগমনী বা অভিযান । ইয়াৰ দ্বাৰা কবিয়ে এই বিশ্বব্ৰহ্মাণ্ডত সৃষ্টিকৰ্তাৰ শক্তি আৰু মহত্বৰ ব্যাপকতা বুজাইছে, য’ত প্ৰকৃতিৰ প্ৰতিটো অণুই যেন ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে ।
- (খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ‘ল মহা কালৰাত্ৰি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্রী।
- উত্তৰ: ব্যাখ্যা নং ৬ চাওক। এই পদফাকিত কবিয়ে ঘোষণা কৰিছে যে জৰাজীৰ্ণ (ফলা, ছিৰা) আৰু পুঞ্জীভূত ক্লেদ (জমা হৈ থকা গেলা মল বা দুৰ্নীতি) আঁতৰাই ভয়াবহ কালৰাত্ৰিৰ (দুৰ্যোগপূৰ্ণ ৰাতি) সমাপ্তি ঘটিছে । এতিয়া নতুন পোহৰৰ আগমন হৈছে। গতিকে কবিয়ে মানৱ জাতিৰ প্ৰতিনিধিস্বৰূপ ঋত্বিক ধ্যানী আৰু অমৃতৰ পুত্ৰসকলক সাৰ পাই উঠিবলৈ আহ্বান জনাইছে। তেওঁলোকে মুক্তিৰ পথৰ যাত্ৰী , গতিকে সকলো অন্ধকাৰ আৰু জঞ্জাল ত্যাগ কৰি, নতুন উদ্যমেৰে জ্ঞান আৰু সত্যৰ পথত আগবাঢ়ি যাবলৈ কবিৰ এই গভীৰ আহ্বান ।
- (গ) মোহন কীচক বেণু অনাহত ছন্দে গায় মহামহিমৰ গান, মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ! সুন্দৰৰ কৰা ৰূপধ্যান।
- উত্তৰ: এই পদফাকিৰ জৰিয়তে কবিয়ে আধ্যাত্মিক আহ্বান জনাইছে। মোহন কীচক বেণুৱে (কীচক বাঁহৰ বাঁহীয়ে) কোনোৱে নোবজোৱাকৈয়ে, স্বয়ম্ভূভাৱে এক বিশেষ ছন্দত মহামহিম (অতিশয় গৌৰৱান্বিত সৃষ্টিকৰ্তা) জনৰ গুণানুকীৰ্তন কৰিছে । ইয়াৰ অৰ্থ হ’ল প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে নিৰৱচ্ছিন্নভাৱে ঈশ্বৰৰ মহত্ব প্ৰকাশ কৰি আছে । সেয়ে কবিয়ে ভক্তবৃন্দক সাংসাৰিক মোহ আৰু তন্দ্ৰালস (ভাগৰুৱা টোপনি) ত্যাগ কৰি সাৰ পাই উঠিবলৈ আহ্বান জনাইছে । এইদৰে সাৰ পাই উঠি, সেই পৰম সুন্দৰ সৃষ্টিকৰ্তাৰ ৰূপ ধ্যান (আৰাধনা) কৰিবলৈ তেওঁ উপদেশ দিছে ।
৮। ভাষা–বিষয়ক:
১। অর্থ লিখা:
- কিশলয়– কুঁহিপাত, গজালি, কোঁহ ।
- চিত্তহাৰী– মন-প্ৰাণ হৰি নিয়া ।
- অন্তৰীক্ষ– আকাশ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় ।
- তন্দ্ৰালস– শ্ৰান্ত ক্লান্ত, বেছিকৈ ভাগৰ লাগি টোপনিত কলমটিয়াই থকা অৱস্থা ।
২। বাক্য ৰচনা কৰা:
- দশোদিশ– সূৰ্যৰ কুঙ্কুম ৰাগেৰে দশোদিশ উদ্ভাসিত হৈ পৰিল।
- উপেক্ষিত– সমাজৰ উপেক্ষিত লোকসকলক সহায় কৰাটো সকলোৰে কৰ্তব্য।
- জৰাজীৰ্ণ– অতি কমেও তেওঁলোকে জৰাজীৰ্ণ ঘৰটো ভালকৈ মেৰামতি কৰিব লাগিছিল।
- অমৃত– ভাৰতীয় সংস্কৃতিত মানুহক অমৃতৰ পুত্ৰ বুলি কোৱা হয়।
- মোহ– জীৱনৰ উন্নতিৰ বাবে সকলো ধৰণৰ মোহ ত্যাগ কৰিব লাগে।
৩। সমার্থক শব্দ লিখা:
- তৰু– গছ, বৃক্ষ, পাদ্ৰপ, বনস্পত্তি।
- মুক্তি– নিষ্কৃতি, মোক্ষ, পৰিত্ৰাণ, পৰাম গতি।
- সুমধুৰ– অতি মিঠা, সুৰীয়া, মধুৰ।
- অভিযান– আগমণ, যাত্ৰা, আৰম্ভণি, চেষ্টা।
- ধ্যানী– চিন্তাশীল, ধ্যানমগ্ন, তপস্বী।

All details moja ka diya ase kintu kobitatir mul vabh tu olop val ka diba lagisil val hoisa jodio mul vabh tu dile aru olop val lagil heten ane sob vale ase moja lagsa sobdo artho Bilak. Very nice but not very nice.