প্ৰগতিৰ সোণালী বাট, Ch-6, Class-8

Next chapter

পাঠ ৬: প্ৰগতিৰ সোণালী বাট (পৃষ্ঠা ৫২-৬১)
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৫৫)
২। উত্তৰ দিয়া।
(ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি?
উত্তৰ: হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ হ’ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল।

(খ) প্ৰদৰ্শনীখন কোনে পাতিছিল?
উত্তৰ: প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল।

(গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল?
উত্তৰ: মানুহে ভিৰ কৰা বিপণিখনত এড়ী-পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল।

(ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে?
উত্তৰ: অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ভালেমান ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে।

(ঙ) স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়?
উত্তৰ: স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়।

(চ) এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়?
উত্তৰ: এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে।

(ছ) ২০০১ চনটো কি বর্ষ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ: ২০০১ চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল।

(জ) উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ’ল বয়ন শিল্প।

(ঝ) প্রাক্-স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল?
উত্তৰ: প্রাক্-স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল।

৩। চমুকৈ বৰ্ণনা কৰা।
(ক) আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে?
উত্তৰ: আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সেইবোৰ সুলভ মূল্যত বিক্ৰী কৰি গ্ৰাহকৰ চাহিদা পূৰণ কৰে। এনেকৈয়ে গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল কৰি স্বাৱলম্বী হোৱাৰ পথত আগবঢ়াই নিয়ে।

(খ) পাঠত থকা প্রাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: পাঠত থকা প্রাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকী হ’ল গার্গী আৰু মৈত্ৰেয়ী। তেওঁলোক প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী আছিল আৰু ধৰ্ম-আলোচনা, সভা-সমিতি আদিত পুৰুষৰ সমানেই অংশ গ্ৰহণ কৰিছিল।

(গ) মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল?
উত্তৰ: মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ।

(ঘ) মহাত্মা গান্ধীয়ে কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।

৪। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা।
উত্তৰ: নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ’ল- ‘উত্তৰ-পূব উন্নয়ন আৰু বিত্তীয় নিগম’, ‘কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ’, ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’ আৰু ‘ইন্দিৰা মহিলা যোজনা’।
ইন্দিৰা মহিলা যোজনা: এই যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়।

৫। তলৰ শব্দবোৰৰ অৰ্থ… লিখা।
বিপণী – দোকান, পোহাৰ।
প্ৰদৰ্শন – দেখুওৱা কাৰ্য, মেলা।
ক্ৰেতা – গ্ৰাহক, কিনোতা।
স্বাৱলম্বী – আত্মনিৰ্ভৰশীল।
সুপ্ত – লুকাই থকা, নিহিত।
গঠনাত্মক – গঠনমূলক।
অফুৰন্ত – শেষ নোহোৱা, অপাৰ।
পদক্ষেপ – খোজ, ব্যৱস্থা।
টনকিয়াল – মজবুত, আৰ্থিকভাৱে শক্তিশালী।
সমমৰ্যাদা – সমান সন্মান বা স্থিতি।
আন্তৰ্জাতিক – বিশ্বজুৰি, গোটেই পৃথিৱীৰ।

৬। ‘অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে’- এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল?
উত্তৰ: এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল। তেখেতে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ এই মন্তব্য কৰিছিল।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৫৬)
৭। বুজাই কোৱা আৰু লিখা।
(ক) আত্মসহায়ক গোট আৰু ইয়াৰ কাম-কাজ।
উত্তৰ: আত্মসহায়ক গোট হ’ল একে আৰ্থিক অৱস্থাৰ দুখীয়া শ্ৰেণীৰ ৰাইজে স্বেচ্ছামূলকভাৱে গঢ়া এটি গোট।
কাম-কাজ:
১. সদস্যসকলে নিয়মীয়াকৈ ৰাহি ধন জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে।
২. প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই পুঁজিৰ পৰা ঋণ দিয়ে।
৩. গোটটো পৈণত হ’লে বেংকৰ লগত সংযোগ কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰে।
৪. স্থানীয় সম্পদ ব্যৱহাৰ কৰি নানা সামগ্ৰী উৎপাদন কৰে (যেনে – খাদ্য, হস্তশিল্প) আৰু সেয়া বিক্ৰী কৰি স্বাৱলম্বী হয়।
(খ) নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম।
উত্তৰ: নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি হ’ল ‘উত্তৰ-পূব উন্নয়ন আৰু বিত্তীয় নিগম’, ‘কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ’, ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’ আদি।
কাম: এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে।
(গ) কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰে।
উত্তৰ: মহিলাসকল স্বাৱলম্বী হ’ব পৰা কিছুমান কাম হ’ল:
বয়ন শিল্প (তাঁত-শালত কাপোৰ বোৱা)।
এড়ী-পলু পোহা আৰু এড়ী সূতা কটা।
খাদ্য সামগ্ৰী প্ৰস্তুতকৰণ (যেনে- লাৰু, পিঠা, আচাৰ, পাপৰ, কাঁহুদি, খাৰলি)।
হস্তশিল্প (যেনে- হাতে-সজা বেগ, পুতলা, মমবাতি, বাঁহ-বেতৰ সামগ্ৰী)।

৮। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা।
নাৰী (মহিলা) – আজিৰ নাৰী সমাজ সকলো দিশতে আগবাঢ়িছে।
নাড়ী (শিৰ) – ডাক্তৰে ৰোগীৰ নাড়ী চাই আছে।
আচাৰ (ব্যৱহাৰ/খাদ্য) – (i) মানুহৰ আচাৰ-ব্যৱহাৰ ভাল হ’ব লাগে। (ii) মই আমৰ আচাৰ খাই ভাল পাওঁ।
আছাৰ (জোকাৰ/আঘাত) – মানুহজনে খঙত কিতাপখন আছাৰি পেলালে।
আচল (প্ৰকৃত/মূৰ) – আচল মানুহজন ধৰা নপৰিল।
আঁচল (কাপোৰৰ) – মাকে চাদৰৰ আঁচলেৰে মুখখন মচি দিলে।
লক্ষ (সংখ্যা) – এক লক্ষ টকা।
লক্ষ্য (উদ্দেশ্য) – জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ পৰিশ্ৰম কৰিব লাগে।
ফাঁকি (খালি/মিছা) – (i) কামত ফাঁকি দিব নাপায়। (ii) সি মোক ফাঁকি দিলে।
ফাকি (চৰাইৰ) – গছৰ ডালত চৰাইৰ ফাকি এটা বহি আছে।

৯। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ… লিখা।
বিনিৰ্ভৰশীল – স্বাৱলম্বী
কঠিন – সহজ
নবীন – প্ৰাচীন (পাঠত ‘বুঢ়া’ও আছে)
খৰগতি – ধীৰগতি
পূৰ্ণিমা – অমানিশা
অনধিকাৰ – অধিকাৰ
নিন্দা – প্ৰশংসা
অনাৱশ্যক – আৱশ্যক
জাগ্রত – সুপ্ত
ধ্বংস – গঠন (গঠনাত্মক)
অসম্ভৱ – সম্ভৱ

১০। এটা শব্দত প্ৰকাশ কৰা।
(ক) যি আনৰ ওপৰত নিৰ্ভৰ কৰে – পৰনিৰ্ভৰশীল
(খ) যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে – স্বাৱলম্বী
(গ) স্থানীয়ভাৱে পোৱা সম্পদ… ঘৰে ঘৰে গঢ়ি উঠা শিল্প – কুটীৰ শিল্প
(ঘ) যি আনক হিংসা নকৰে – অহিংস
(ঙ) যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে – স্বাৰ্থপৰ
(চ) যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে – আত্মবিশ্বাসী

ক্ৰিয়া-কলাপ (পৃষ্ঠা ৫৭)
১১। সন্ধি ভাঙা আৰু গঠন কৰা।
(ক)
স্ব + অধীন = স্বাধীন
উৎ + নতি = উন্নতি
উৎ + মত্ত = উন্মত্ত
সম্ + কৃত = সংস্কৃত
জীৱ + অন্ত = জীৱন্ত
স্ব + অৱলম্বন = স্বাৱলম্বন
উৎ + ঘাটন = উদ্‌ঘাটন
উৎ + চাৰণ = উচ্চাৰণ
(খ)
পৰাধীন = পৰ + অধীন
উন্নয়ন = উৎ + নয়ন
সংগীত = সম্ + গীত
মহাত্মা = মহা + আত্মা
অতীত = অতি + ইত
যথেষ্ট = যথা + ইষ্ট
বিদ্যোৎসাহ = বিদ্যা + উৎসাহ
যথোচিত = যথা + উচিত
১২। তলৰ শব্দবিলাক বহুবচনলৈ পৰিবৰ্তন কৰা।
শিক্ষক – শিক্ষকসকল
মানুহ – মানুহবোৰ
গ্ৰন্থ – গ্ৰন্থসমূহ
ছাত্ৰ – ছাত্ৰসকল
গৰু – গৰুবোৰ
গুৰু – গুৰুসকল
পৰ্বত – পৰ্বতমালা
মহিলা – মহিলাসকল

১৩। তলত দিয়া যুক্তাক্ষৰকেইটাৰে অৰ্থ প্রকাশক শব্দ লিখা।
চ্ছ – ইচ্ছা, স্বচ্ছ
স্ত – ব্যস্ত, স্তম্ভিত
গ্ৰ – গ্ৰাহক, গ্ৰহণ
দ্ধ – উদ্ধাৰ
ণ্ঠ – কণ্ঠ
ঞ্চ – অঞ্চল, পঞ্চমুখ
জ্ঞ – জ্ঞান

১৪। বাক্য ৰচনা কৰা।
দূৰ-দূৰণি – প্ৰদৰ্শনীখন চাবলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহিছিল।
বিধে বিধে – প্ৰদৰ্শনীত বিধে বিধে খাদ্য সামগ্ৰী আছিল।
শিপিনী – অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।
লোকে-লোকাৰণ্য – হাইস্কুলৰ খেলপথাৰখন লোকে-লোকাৰণ্য হৈ পৰিছিল।
সা-সুবিধা – চৰকাৰে মহিলাসকলক বহুতো সা-সুবিধা আগবঢ়াইছে।
চুকে-কোণে – অসমৰ চুকে-কোণে আত্মসহায়ক গোট গঢ়ি উঠিছে।
আত্মবিশ্বাস – মহিলাসকলৰ উৎফুল্লিত মুখবোৰত আত্মবিশ্বাসৰ ভাব আছিল।
দল্দোপ্-হেন্দোল্দাপ্ – খেলপথাৰখনত চাৰিওফালে দল্দোপ্-হেন্দোল্দাপ্ লাগিছিল।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৫৮)

১৫। লিংগ নির্ণয় কৰা।
নাৰী – স্ত্ৰীলিংগ
পুৰুষ – পুংলিংগ
যুৱক – পুংলিংগ
ডেকা – পুংলিংগ
বুঢ়ী – স্ত্ৰীলিংগ
আমৈ – স্ত্ৰীলিংগ
ছোৱালী – স্ত্ৰীলিংগ
দাদা – পুংলিংগ
দেউতা – পুংলিংগ

১৬। তলৰ উপসৰ্গকেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা।
প্ৰ – প্ৰগতি, প্ৰদৰ্শন
পৰা – পৰামৰ্শ
অপ – অপকাৰ
অতি – অতিশয়
উপ – উপযুক্ত, উপকাৰ
প্ৰতি – প্ৰতিভা, প্ৰতিষ্ঠান

ক্ৰিয়া-কলাপ (পৃষ্ঠা ৫৯)
১৭। মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে? তেনেধৰণৰ কাম কেইপদমানৰ নাম লিখা।
উত্তৰ: মহিলাসকলে কম খৰচতে স্বাৱলম্বী হ’ব পৰা কাম কেইপদমান হ’ল:
লাৰু, পিঠা, আচাৰ, পাপৰ, কাঁহুদি, খৰিচা, খাৰলি আদি খাদ্য সামগ্ৰী প্ৰস্তুত কৰা।
হাতে-সজা বেগ, পুতলা, মমবাতি বনোৱা।
বাঁহ-বেতৰ সামগ্ৰী বনোৱা।
এড়ী সূতা কটা আৰু এড়ী-পলু পোহা।
তাঁত-শালত কাপোৰ বোৱা (বয়ন শিল্প)।

১৮। ভাব বহলাই লিখা।
(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়। – ইয়াৰ অৰ্থ হ’ল ‘একতাতেই বল’। এজন মানুহে অকলে এটা ডাঙৰ কাম কৰিব নোৱাৰে। কিন্তু যেতিয়া বহুতো মানুহ (ৰাইজ) একলগ হয়, তেওঁলোকে সামান্য চেষ্টাও (নখ জোকাৰিলে) এটা ডাঙৰ কামলৈ (নৈ বোৱা) ৰূপান্তৰিত কৰিব পাৰে। আত্মসহায়ক গোটবোৰ ইয়াৰ এক উদাহৰণ।
(খ) মন কৰিলে চন, বাকৰি মাটিতে ধন। – ইয়াৰ অৰ্থ হ’ল যে যদি মানুহৰ মনত একাগ্ৰতা, ইচ্ছা আৰু পৰিশ্ৰম কৰাৰ মানসিকতা থাকে, তেন্তে তেওঁ অসাধ্যকো সাধন কৰিব পাৰে। খেতি-বাতি নোহোৱা ‘চন’ বা ‘বাকৰি’ মাটিতো তেওঁলোকে পৰিশ্ৰমৰ বলত শস্য উৎপাদন কৰি (ধন) উপাৰ্জন কৰিবলৈ সক্ষম হয়।

১৯। কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম লিখা। লগতে প্রতিবিধ সামগ্রী কেতিয়া ব্যৱহাৰ কৰা হয় লিখা।
উত্তৰ:
লাৰু, পিঠা (বিহু বা অন্যান্য উৎসৱত খোৱা হয়)।
আচাৰ, কাঁহুদি, খৰিচা (ভজা-পোৰাৰ লগত বা ভাতৰ লগত খোৱা হয়)।
এড়ী চাদৰ (ঠাণ্ডা দিনত গাত লোৱা হয়)।
বাঁহ-বেতৰ সামগ্ৰী (পাচি, খৰাহী আদি বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ হয়)।
মমবাতি (আঁন্ধাৰত পোহৰৰ বাবে বা উৎসৱত ব্যৱহাৰ হয়)।
হাতে-সজা বেগ (বজাৰলৈ যাওঁতে বা ফুৰিবলৈ যাওঁতে ব্যৱহাৰ হয়)।

২০। সাঁথৰ ভাঙা।
(ক) ওপৰে জাপি তলে জাপি… ৰৈ আছে মাকজনী। – কলপুলি / কলডিল
(খ) বিধাতাৰ নিৰ্মিত ঘৰ… কৰে থানবান। – কণী (কণীৰ ভিতৰত থকা পোৱালি)
(গ) পক্ষী নহয় সিটো… ৰাতি হ’লে জীয়ে। – জোনাকী পৰুৱা

Leave a Comment

Your email address will not be published. Required fields are marked *