
পাঠ: ১৩ – প্রাক্ ঐতিহাসিক অসম
পাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ)
ক্ৰিয়াকলাপ (পৃষ্ঠা ১২৩)
প্ৰশ্ন: অতীতৰ কুণ্ডিল বা বিদর্ভ ৰাজ্যখন বর্তমান কোনখন ৰাজ্যৰ অর্ন্তগত?
উত্তৰ: অতীতৰ কুণ্ডিল বা বিদৰ্ভ ৰাজ্যখনৰ ৰাজধানী কুণ্ডিল নগৰ আছিল, যিখন বৰ্তমান অসম ৰাজ্যৰ শদিয়া অঞ্চলৰ অন্তৰ্গত।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১২৬)
প্ৰশ্ন: বর্মণ বংশই কামৰূপত প্রতিষ্ঠা লাভ কৰাৰ সময়ত উত্তৰ ভাৰতত কোনটো ৰাজবংশৰ অভ্যুদয় হৈছিল?
উত্তৰ: বৰ্মণ বংশই কামৰূপত প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত (আনুমানিক চতুৰ্থ শতিকাত) উত্তৰ ভাৰতত গুপ্ত ৰাজবংশৰ (গুপ্তসকলৰ) অভ্যুদয় হৈছিল।
প্ৰশ্ন: হিউবেন চাং আৰু ইৎচিং কোন দেশৰ পৰিব্রাজক আছিল?
উত্তৰ: হিউৱেন চাং আৰু ইৎচিং চীন দেশৰ পৰিব্ৰাজক আছিল।
প্ৰশ্ন: নালন্দা বিশ্ববিদ্যালয় বর্তমান কোনখন ৰাজ্যত অবস্থিত?
উত্তৰ: নালন্দা বিশ্ববিদ্যালয় বৰ্তমান বিহাৰ ৰাজ্যত অৱস্থিত।
অনুশীলনী (পৃষ্ঠা ১২৭-১২৮)
১। উত্তৰ দিয়া:
(ক) নৰকাসুৰ কোন আছিল?
উত্তৰ: নৰকাসুৰ পুৰণি কামৰূপত ৰাজত্ব কৰা এজন প্ৰবল প্ৰতাপী ৰজা আছিল। তেওঁ কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা আৰু ভৌম বংশৰ প্ৰতিষ্ঠাপক আছিল।
(খ) বৰ্মণ বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰ: পুষ্য বৰ্মণ বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা আছিল।
(গ) হিউবেন চাঙে কোন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল?
উত্তৰ: হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্বন্ধে অধ্যয়ন কৰিবলৈ আহিছিল।
(ঘ) অভিনব গুপ্ত কোন আছিল?
উত্তৰ: অভিনৱ গুপ্ত এজন পণ্ডিত আছিল। দাক্ষিণাত্যৰ পৰা অহা শংকৰাচাৰ্যই কামৰূপত তেওঁৰ লগত তৰ্ক যুদ্ধত লিপ্ত হৈছিল।
(ঙ) পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল?
উত্তৰ: যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্যখন চাৰিটা ভাগত বিভক্ত আছিল।
(চ) দানব বংশীয় প্রথম ৰজাজনৰ নাম কি আছিল?
উত্তৰ: দানব বংশীয় প্ৰথম ৰজাজনৰ নাম আছিল মহীৰঙ্গ দানব।
২। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা:
(ক) ৰামায়ণ, মহাভাৰত হ’ল হিন্দু ধৰ্মৰ দুখন মহাকাব্য।
উত্তৰ: শুদ্ধ।
(খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ।
উত্তৰ: অশুদ্ধ। (নৰকাসুৰে দানব বংশৰ শেষ ৰজা ঘটকাসুৰক হত্যা কৰি ‘ভৌম বংশ’ প্ৰতিষ্ঠা কৰিছিল।)
(গ) বৰ্মণ বংশৰ আদি ৰজা হ’ল পুষ্য বর্মণ।
উত্তৰ: শুদ্ধ।
(ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা।
উত্তৰ: শুদ্ধ।
(ঙ) ইৎচিঙে চি-উ-কি পুথিখন বচনা কৰিছিল।
উত্তৰ: অশুদ্ধ। (হিউৱেন চাঙেহে ‘চি-ইউ-কি’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।)
৩। ক্রমানুসাৰে সজোৱা-
(বর্মণ বংশ, দানব বংশ, পাল বংশ, শালস্তম্ভ বংশ, ভৌম বংশ।)
উত্তৰ:
দানব বংশ
ভৌম বংশ
বৰ্মণ বংশ
শালস্তম্ভ বংশ
পাল বংশ
৪। কোন কাৰ সমসাময়িক আঁচ টানি মিলোৱা-
কুমাৰ ভাস্কৰ বৰ্মণ – হৰ্ষবৰ্ধন
সমুদ্ৰগুপ্ত – পুষ্য বৰ্মণ (পাঠ ১১, )
নৰকাসুৰ – বাণ ৰজা
ভগদত্ত – দুৰ্যোধন
শংকাৰাচাৰ্য – অভিনব গুপ্ত
৫। চমু টোকা লিখাঃ
(ক) হৰিহৰ যুদ্ধ:
বাণ ৰজাৰ জীয়েক ঊষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই গন্ধৰ্ব বিবাহ কৰাইছিল। বাণ ৰজা ক্ষুন্ন হৈ অনিৰুদ্ধৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত শ্ৰীকৃষ্ণই (হৰি) অনিৰুদ্ধৰ হৈ আৰু ভগৱান শিৱই (হৰ) বাণ ৰজাৰ হৈ যুদ্ধ কৰিছিল । সেয়েহে এই যুদ্ধক হৰিহৰ যুদ্ধ বোলা হয়।
(খ) শালস্তম্ভ বংশ:
বৰ্মণ বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে। এই বংশৰ ২১ জন ৰজাই প্ৰায় তিনিশ বছৰ কাল ৰাজত্ব কৰিছিল। ইয়াৰ প্ৰতিষ্ঠাতা শালস্তম্ভই ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হাৰুপেশ্বৰ ৰাখিছিল। তেওঁলোকৰ ৰাজত্ব কালত কামৰূপ ৰাজ্যই সকলো দিশৰ পৰা এক শক্তিশালী ৰাজ্যৰূপে স্বীকৃতি পাইছিল।
(গ) পালবংশ:
শালস্তম্ভসকলৰ পাছত পাল ৰাজবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে। ব্ৰহ্মপাল এই ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল। এওঁলোকে দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ শাসন কৰিছিল। এওঁলোকৰ ৰাজধানী দুৰ্জ্জয়নগৰ আছিল। পাল ৰজাসকল বিদ্যানুৰাগী আছিল আৰু ব্ৰাহ্মণসকলক ভূমিদান কৰি জ্ঞান চৰ্চাৰ পৰিৱেশ সৃষ্টি কৰিছিল।
(ঘ) কুণ্ডিল ৰাজ্য:
প্ৰাগৈতিহাসিক যুগত কামৰূপ ৰাজ্যৰ পূব দিশত কুণ্ডিল বা বিদৰ্ভ নামৰ এখন ৰাজ্য আছিল । ইয়াৰ ৰাজধানী আছিল কুণ্ডিল নগৰ (এতিয়াৰ শদিয়া অঞ্চল)। সেই ৰাজ্যত ভীষ্মক নামে এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ জীয়েক ৰুক্মিণীক শ্ৰীকৃষ্ণই বিবাহ কৰাইছিল ।
(ঙ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থা:
অৰ্থনৈতিক অৱস্থা: পুৰণি কামৰূপৰ অধিবাসীসকল খেতিৰ ওপৰত নিৰ্ভৰশীল আছিল। ধান, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ আদি উৎপন্ন হৈছিল। এৰী, মুগা, পাট, কপাহী কাপোৰ তৈয়াৰ হৈছিল। মাছ মৰা, সোণ উলিওৱা, সোণ গঢ়া আদি উল্লেখযোগ্য বৃত্তি আছিল। তিব্বত, চীন আদিৰ লগত বৈদেশিক বাণিজ্য চলিছিল।
সামাজিক অৱস্থা: ব্ৰাহ্মণসকলক সমাজত উচ্চ স্থান দিয়া হৈছিল। জাতি-ভেদ প্ৰথা কঠোৰভাৱে প্ৰচলন নাছিল। যৌথ পৰিয়ালৰ প্ৰচলন আছিল। সতীদাহ আৰু পৰ্দা প্ৰথাৰ প্ৰচলন নাছিল।
৬। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা।
*(ক) আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পার্থক্য।
উত্তৰ: আখ্যান কেৱল ধৰ্মমূলক পুথিতহে পোৱা যায়। দেৱ-দেৱীৰ মহিমাৰ কথা উল্লেখ থকা কাহিনীবোৰকে কিংবদন্তি বোলে, ইয়াত কল্পনাৰ বহন থাকে। কিন্তু ইতিহাসত কল্পনাৰ বহন নাথাকে। ইতিহাস প্ৰকৃত সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত, য’ত এটা জাতিৰ অতীতৰ ঘটনা, কলা-সংস্কৃতি, অৰ্থনীতি আদিৰ কথা উল্লেখ থাকে ।
*(খ) ভাস্কৰ বৰ্মণ আৰু হর্ষবর্ধনৰ সম্পর্ক।
উত্তৰ: ভাস্কৰ বৰ্মণ কামৰূপৰ বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল আৰু হৰ্ষবৰ্ধন উত্তৰ ভাৰতৰ সম্ৰাট আছিল। তেওঁলোক সমসাময়িক আছিল। ভাস্কৰ বৰ্মণৰ সৈতে হৰ্ষবৰ্ধনৰ সু-সম্পৰ্ক আছিল। ভাস্কৰ বৰ্মণৰ অনুৰোধত হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপলৈও আহিছিল ।
*(গ) পুৰণি কামৰূপ ৰাজ্যৰ অধিবাসীসকলৰ খাদ্য আৰু সাজপাৰ।
উত্তৰ: পুৰণি কামৰূপৰ মানুহৰ প্ৰধান আহাৰ আছিল ভাত। তেওঁলোকে লোণৰ অভাৱত কলগছৰ পৰা তৈয়াৰী খাৰ (কলাখাৰ) খাইছিল। ইয়াৰ উপৰি গাখীৰ, পাচলি, ফল-মূল, মাছ, মাংসও তেওঁলোকৰ খাদ্য আছিল। তেওঁলোকে মূলতঃ কপাহী কাপোৰ পৰিধান কৰিছিল আৰু ধনী মানুহখিনিয়ে পাট কাপোৰ ব্যৱহাৰ কৰিছিল।
৭। পুৰণি কামৰূপ ৰাজ্যৰ মানচিত্ৰত থকা ঠাইবোৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: মানচিত্ৰ ১৩.১ ত থকা ঠাইবোৰ হ’ল:
হিমালয় পৰ্বত
ভূটান
ডিক্ৰংগ (দিক্ৰাই)
সোণকোষ (স্বর্ণকোষ)
ভৰলী (ভৰলু)
ৰূপহী (ৰূপিকা)
শোণিতপুৰ
ডবকা
মণিপুৰ
বংগোপ সাগৰ
