পাঠ ৯: ভতুৱা আৰু খকুৱাৰ খৰিয়াল, Class 5,

 

পাঠ ৯: ভতুৱা আৰু খকুৱাৰ খৰিয়াল, Class 5, Chapter 9,  SEBA New Book, Assamese Medium

Next Chapter

 

(পৃষ্ঠা ৭৮)

ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া)

উত্তৰ দিয়া

(ক) ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল?

 * উত্তৰ: ভতুৱা (কুকুৰ) আহি দেখিলে যে খকুৱা (মেকুৰী) গাঁওবুঢ়া বহা চকীখনত শুই আছে।  সেইখন চকীত খকুৱা বহাৰ বাবে ভতুৱাৰ খং উঠিছিল আৰু দুয়োটাৰ মাজত খৰিয়াল লাগিছিল।

(খ) ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল?

 উত্তৰ: ভতুৱাই লাজ-মানৰ কথা কোৱাত খকুৱাই ভেকাহি মাৰি কৈছিল যে ভতুৱাইনো বৰ লাজ-মান বুজা নেকি! কাৰণ সি গৰাকীৰ ঘৰত পেট ভৰাই খোৱাৰ পাছতো বিয়া-সবাহৰ গোন্ধ পালে চুৱাপাত চেলেকিবলৈ লৰ মাৰে, তেতিয়া তাৰ লাজ-মান ক’লৈ যায় বুলি খকুৱাই ওলোটাই প্ৰশ্ন কৰিছিল।

(গ) ‘লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ-ঠেকেচা খাওঁতে যাৰ জনম গ’ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ’বি, আজি তোক মই এসেকা দিহে এৰিম।’ – কথাষাৰ কোনে কাক কৈছিল?

 * উত্তৰ: এই কথাষাৰ ভতুৱাই খকুৱাক কৈছিল।

(ঘ) ‘জানে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে।’ – এই কথাষাৰ কোনে কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?

 উত্তৰ: এই কথাষাৰ অকুমণিয়ে জেঠায়েকক (গিৰীহঁতনী) কৈছে। বৰফৰ দেশত কুকুৰে শ্লেজগাড়ী নামৰ এবিধ গাড়ী টানে।

বহলাই লিখা

(ক) কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে?

 * উত্তৰ:

   * মিল: কুকুৰ আৰু মেকুৰী দুয়োটাই ঘৰচীয়া প্ৰাণী। দুয়োৰে বুদ্ধি চোকা আৰু ঘ্ৰাণ শক্তি তীক্ষ্ণ। দুয়োটাই চিকাৰী প্ৰাণী আৰু সহজে পোহ মানে। মানুহে খোৱা প্ৰায়বোৰ খাদ্যই দুয়ো খায় আৰু পনীয়া বস্তু জিভাৰে চেলেকি খায়।

   * অমিল:

     * আকৃতি: মেকুৰীৰ তুলনাত কুকুৰ ডাঙৰ। কুকুৰৰ (ভতুৱা) মুখখন দীঘল আৰু জোঙা, কিন্তু মেকুৰীৰ (খকুৱা) মুখখন ঘূৰণীয়া আৰু থোপোকা। মেকুৰীৰ চকু ঘূৰণীয়া আৰু উজ্জ্বল, কুকুৰৰ তেনে নহয়। কুকুৰৰ কাণ দীঘল আৰু ওলমি পৰা, মেকুৰীৰ কাণ সৰু আৰু থিয়। কুকুৰৰ নেজ কেঁকোৰা, মেকুৰীৰ নেজ দীঘল। মেকুৰীৰ মুখত দীঘল গোঁফ থাকে, কুকুৰৰ নাই।

     * স্বভাৱ: মেকুৰীয়ে পানীলৈ ভয় কৰে, কিন্তু কুকুৰে পানীত সাঁতুৰিব পাৰে। মেকুৰীয়ে গছ বগাব পাৰে, কুকুৰে নোৱাৰে। কুকুৰ প্ৰভুভক্ত আৰু বিশ্বাসী, ই ঘৰ পহৰা দিয়ে। মেকুৰী তেনেকুৱা নহয়, ই উম লগা কোমল ঠাইত শুবলৈ ভাল পায়।

(খ) কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে?

 * উত্তৰ: কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। আজিকালি চোৰ-ডকাইত ধৰা কাৰ্যতো পুলিচে কুকুৰ ব্যৱহাৰ কৰে।

   আনহাতে, মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে।

(গ) অকুমণি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা।

 * উত্তৰ: অকুমণি আৰু জেঠায়েকৰ কথা-বতৰাৰ পৰা কুকুৰ আৰু মেকুৰীৰ বিষয়ে বহুতো কথা জানিব পাৰি। দুয়োটাই ঘৰচীয়া প্ৰাণী আৰু পৃথিৱীৰ সকলো দেশতে ইহঁতক পোৱা যায়। বৰফৰ দেশত কুকুৰে শ্লেজগাড়ীও টানে। মেকুৰীয়ে গছ বগাব পাৰে কিন্তু কুকুৰে নোৱাৰে, আনহাতে কুকুৰে সাঁতুৰিব পাৰে কিন্তু মেকুৰীয়ে পানীলৈ ভয় কৰে। দুয়োটাৰে আকৃতিৰো অমিল আছে; কুকুৰ ডাঙৰ, মুখ জোঙা, কাণ ওলমি পৰা আৰু নেজ কেঁকোৰা।মেকুৰী সৰু, মুখ থোপোকা, চকু উজ্জ্বল, কাণ থিয়, নেজ দীঘল আৰু গোঁফ আছে। দুয়োৰে বুদ্ধি চোকা আৰু ঘ্ৰাণ শক্তি তীক্ষ্ণ। কুকুৰে ঘৰ পহৰা দি মানুহৰ উপকাৰ কৰে আৰু মেকুৰীয়ে এন্দুৰ-নিগনি মাৰি উপকাৰ কৰে।

(পৃষ্ঠা ৭৯)

খ – ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা।

 * উদাহৰণ- গৃহস্থ – স্থ = স + থ – স্থল, বাসস্থান

 * গোন্ধ – ন্ধ = ন + ধ – অন্ধ, বন্ধ

 * অন্ত্র – ন্ত্র = ন + ত + ৰ – মন্ত্ৰ, যন্ত্ৰ

 * বুদ্ধি – দ্ধ = দ + ধ – শুদ্ধ, যুদ্ধ

 * বিশ্বাসী – শ্ব = শ + ৱ – অশ্ব, বিশ্ব

 * শব্দ – ব্দ = ব + দ – আব্দাৰ, অব্দ

 * জন্তু – ন্ত = ন + ত – শান্ত, দন্ত

তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।

 * তৎ হেৰায় – (সাপটো দেখি তাৰ তৎ হেৰাল।)

 * জঁকি উঠিল – (মোৰ কথাত সি খঙতে জঁকি উঠিল।)

 * বিষম দেখি – (কাজিয়াখনৰ বিষম দেখি মই তাৰ পৰা আঁতৰি আহিলোঁ।)

 * লেউ-সেউ – (মেকুৰীটোৱে গিৰীহঁতনীৰ ভৰিত লেউ-সেউ হৈ লাগি ধৰিলে।)

 * চপ্-চপাই – (কুকুৰটোৱে চপ্-চপাই পানীখিনি খালে।)

 * বাটে-পথে – (বাটে-পথে ফুৰোঁতে সাৱধান হ’ব লাগে।)

 * বন্ধু-বান্ধৱী – (মোৰ বহুত বন্ধু-বান্ধৱী আছে।)

 * ডাঙৰ-দীঘল – (সি গাঁৱতে ডাঙৰ-দীঘল হৈছে।)

(পৃষ্ঠা ৮০)

পাঠটোত তোমালোকে অকুমণি… তেনে শব্দ লিখোঁ আহা।

 * গাঁৱত থাকে যি – গাঁৱলীয়া

 * বনত থাকে যি – বনৰীয়া

 * পোহ মানে যি – পোহনীয়া

 * ঘৰত ৰাখি পোহে যাক – ঘৰচীয়া

 * বেছিকৈ ভাত খায় যি – ভতুৱা

 * পেট যাৰ ডাঙৰ – পেটূৱা

 * এলাহ কৰে যি – এলেহুৱা

 * খঁক আছে যাৰ – খকুৱা

 * চাৰি ঠেং আছে যাৰ – চাৰিঠেঙীয়া

 * গাঁৱৰ মুখিয়াল জন – গাঁওবুঢ়া

(পৃষ্ঠা ৮২)

তলৰ দফাটো পঢ়া আৰু যতি চিন বহুওৱা।

 * দফাটো: খঁকুৱাৰ কথাত তৎ হেৰুৱাই ভতুৱা জঁকি উঠিল লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখঠেকেচা খাওঁতে যাৰ জনম গ’ল তাৰ মুখত এতিয়া বৰ বৰ কথা ৰ’বি আজি তোক মই এসেকা দিহে এৰিম

 * যতি চিন বহুওৱাই: খঁকুৱাৰ কথাত তৎ হেৰুৱাই ভতুৱা জঁকি উঠিল- “লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ-ঠেকেচা খাওঁতে যাৰ জনম গ’ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ’বি, আজি তোক মই এসেকা দিহে এৰিম।”

তলৰ শব্দবোৰৰ প্ৰতিশব্দ (সমাৰ্থক) লিখা।

 * ঘৰ – গৃহ, ভৱন, আলয়

 * পৃথিৱী – ধৰা, ধৰণী, বসুন্ধৰা

 * ঘূৰণীয়া – গোল, বৃত্তাকাৰ

 * শেষ – অন্ত, সমাপ্ত

 * বিষাদ – দুখ, বেজাৰ

 * আনন্দ – সুখ, ৰং, উল্লাস

(পৃষ্ঠা ৮৩)

গ-জ্ঞান সম্প্ৰসাৰণ

দুজন বন্ধুৰ মাজত স্কেল এপাটৰ বাবে খৰিয়াল লাগিলে তুমি কি বুলি বুজনি দিবা লিখা।

 * উত্তৰ: (সম্ভাৱ্য উত্তৰ) মই সিহঁতক বুজাম যে স্কেল এপাটৰ দৰে সৰু বস্তু এটাৰ বাবে কাজিয়া কৰাটো একেবাৰে অনুচিত। খৰিয়াল কৰিলে বন্ধুত্ব নষ্ট হয়। দুয়োজনে মিলি-জুলি স্কেলডাল ব্যৱহাৰ কৰিব লাগে, নহ’লে এজনে এজনক সহায় কৰিব লাগে। কাজিয়া কৰাৰ সলনি শান্তভাৱে কথা পাতিলে সকলো সমস্যা সমাধান হয়।

সাঁথৰ ভাঙো আহা

(ক) বগা বগা চাহাবৰ ৰঙা ৰঙা টুপী; এক ঘোচা মাৰিলে উঠে জ্বলি-পকি।

 * উত্তৰ: জুইশলা (দিয়াচলাই)।

(খ) ৰজাৰ ঘৰৰ বাকবাঁহ, তাতে-পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে?

 * উত্তৰ: তৰা।

(গ) দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট; বত্ৰিশ জোপা কলগছ, এখনহে পাত।

 * উত্তৰ: মুখ (পুখুৰী), দাঁত (কলগছ), জিভা (পাত)।

(পৃষ্ঠা ৮৪)

তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্যৱহাৰ কৰোঁ, কাষৰ খালী ঠাইত লিখা।

 * (ক) দেউতাৰ ককায়েক – বৰদেউতা, বৰতা

 * (খ) বৰদেউতাৰ ঘৈণীয়েক – বৰমা, বৰআই

 * (গ) দেউতাৰ ভায়েক – খুৰা, খুৰাদেউ

 * (ঘ) খুৰাৰ ঘৈণীয়েক – খুৰী, খুৰীদেউ / আই

 * (ঙ) দেউতাৰ বায়েক – জেঠাই, জেঠাইদেউ / বৰমা

 * (চ) জেঠাইৰ গিৰীয়েক – জেঠপেহা, বৰদেউতা / বৰতা

 * (ছ) দেউতাৰ ভনীয়েক – পেহী, পেহীদেউ

 * (জ) পেহীৰ গিৰীয়েক – পেহা, পেহাদেউ

 * (ঝ) আইৰ ককায়েক/ভায়েক – মোমাই, মোমা

 * (ঞ) মোমাইৰ ঘৈণীয়েক – মামী, মামীদেউ

 * (ট) আইৰ ভনীয়েক – মাহী, মাহীদেউ

 * (ঠ) মাহীৰ গিৰয়েক – মহা, মহাদেউ

Leave a Comment

Your email address will not be published. Required fields are marked *