
পাঠ ৯: প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ, Class 6, Chapter 9, SEBA New Book, Assamese Medium
Next Chapter
তালিকা ৯.১ (পৃষ্ঠা ৭৩)
* মৌর্য বংশৰ প্ৰখ্যাত ৰজাসকল আৰু তেওঁলোকৰ শাসনকাল
* সম্রাট – চন্দ্রগুপ্ত মৌর্য
* শাসন কাল – আনুমানিক ৩২৪ খ্ৰীষ্টপূৰ্বৰপৰা ২৯৭ খ্রীষ্টপূর্বলৈ
* সম্রাট – বিন্দুসাৰ
* শাসন কাল – ২৯৭ খ্ৰীষ্টপূৰ্বৰপৰা ২৭৩ খ্রীষ্টপূর্বলৈ
* সম্রাট – অশোক
* শাসন কাল – ২৬৮ খ্ৰীষ্টপূৰ্বৰপৰা ২৩২ খ্রীষ্টপূর্বলৈ
তালিকা ৯.২ (পৃষ্ঠা ৭৫)
* প্রধান গুপ্ত ৰজাসকলৰ শাসনকাল
* সম্রাট – প্রথম চন্দ্রগুপ্ত
* শাসন কাল – আনুমানিক ৩১৯-৩২০ খ্ৰীষ্টাব্দৰ পৰা ৩৩৫ খ্রীষ্টাব্দলৈ
* সম্রাট – সমুদ্রগুপ্ত
* শাসন কাল – ৩৩৫ খ্ৰীষ্টাব্দৰপৰা ৩৮০ খ্ৰীষ্টাব্দলৈ
* সম্রাট – দ্বিতীয় চন্দ্রগুপ্ত
* শাসন কাল – ৩৮০ খ্ৰীষ্টাব্দৰপৰা ৪১২ খ্ৰীষ্টাব্দলৈ
অনুশীলনী – ১ (পৃষ্ঠা ৭৭)
১. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা-
(ক) মৌর্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ: মৌর্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্রগুপ্ত মৌর্য।
(খ) অর্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: অর্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক আছিল কৌটিল্য।
(গ) বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল?
উত্তৰ: বৰ্তমানৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্রদেশ, গুজৰাট, উৰিষ্যা, বাংলাদেশ, পাকিস্তানৰ কিছু অংশৰ লগতে আন কিছু অঞ্চলজুৰি মৌৰ্যসকলৰ শাসন চলিছিল।
(ঘ) মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়?
উত্তৰ: সম্রাট অশোকক মৌর্য বংশৰ সৰ্বশ্রেষ্ঠ ৰজা বুলি গণ্য কৰা হয়।
(ঙ) শৃংগ বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ: শৃংগ বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্র শৃংগ।
(চ) পূষ্যমিত্র শৃংগ কোনটো বৰ্ণৰ লোক আছিল?
উত্তৰ: পূষ্যমিত্র শৃংগ এজন ব্রাহ্মণ বৰ্ণৰ লোক আছিল।
(ছ) গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ: শ্রীগুপ্তক গুপ্ত বংশৰ প্ৰথমগৰাকী সম্রাট বুলি ধৰা হয়।
(জ) মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?
উত্তৰ: মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল।
(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি নামেৰে জনা গৈছিল?
উত্তৰ: অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্রী নামেৰে জনা গৈছিল।
(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?
উত্তৰ: শাসনৰ সুবিধাৰ বাবে সৃষ্টি কৰা বিভিন্ন বিভাগৰ দায়িত্বত থকা বিষয়াসকলক অধ্যক্ষ বোলা হৈছিল।
(ট) মৌৰ্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা কি আছিল?
উত্তৰ: মৌৰ্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা আছিল ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র।
(ঠ) গুপ্তবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন?
উত্তৰ: সমুদ্রগুপ্তক গুপ্তবংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়।
অনুশীলনী – ২ (পৃষ্ঠা ৭৮)
১. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা-
(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।
উত্তৰ: মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ প্ৰধান ৰাজবংশ তিনিটা আছিল পাণ্ড্য, চোল আৰু চেৰাসকল।
(খ) পাণ্ড্যবংশৰ ৰাজধানী কি আছিল?
উত্তৰ: পাণ্ড্যবংশৰ ৰাজধানী আছিল মাডুৰাই।
(গ) উৰাইয়ুৰ কোনখন ৰাজ্যৰ শাসনকেন্দ্ৰ আছিল?
উত্তৰ: উৰাইয়ুৰ চোল ৰাজবংশৰ শাসনৰ মূল কেন্দ্ৰ আছিল।
(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?
উত্তৰ: চেৰাসকলৰ অঞ্চলটোক কেৰেলা বুলিও জনা গৈছিল।
(ঙ) কাক অন্ধ্র বুলি জনা গৈছিল?
উত্তৰ: সাতবাহন বংশৰ লোকসকলক অন্ধ্র বুলিও জনা গৈছিল।
(চ) চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ: প্রথম পুলকেশী নামৰ এগৰাকী ৰজাই চালুক্য বংশ প্রতিষ্ঠা কৰিছিল।
(ছ) পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ: পল্লৱ বংশৰ প্ৰথমগৰাকী প্রখ্যাত ৰজা আছিল সিংহবিষ্ণু।
(জ) কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল?
উত্তৰ: কাঞ্চীপুৰম পল্লৱ শাসকসকলৰ ৰাজধানী আছিল।
(ঝ) দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল?
উত্তৰ: দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল কৃষি কর্ম।
তালিকা ৯.৩ (পৃষ্ঠা ৭৯)
* বৰ্মন বংশৰ প্ৰখ্যাত ৰজাসকল আৰু তেওঁলোকৰ শাসনকাল
* সম্রাট – পুষ্যবর্মন
* শাসন কাল – আনুমানিক ৩৫০ খ্ৰীষ্টাব্দৰপৰা ৩৮০ খ্রীষ্টাব্দলৈ
* সম্রাট – ভাস্কৰবৰ্মন
* শাসন কাল – আনুমানিক ৫৯৪ খ্রীষ্টাব্দৰপৰা ৬১০ খ্ৰীষ্টাব্দলৈ
অনুশীলনী – ৩ (পৃষ্ঠা ৮০)
১. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা-
(ক) প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি?
উত্তৰ: প্রাচীন কামৰূপত শাসন কৰা প্ৰথমটো ঐতিহাসিক বংশ আছিল বর্মন বংশ।
(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰ: ৰজা ভাস্কৰবৰ্মনে সিংহাসনত আৰোহণ কৰিয়েই ৫৯৪ খ্রীষ্টাব্দত ভাস্কৰাব্দ নামৰ এটা নতুন বছৰ গণনাৰ প্ৰচলন কৰিছিল।
(গ) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ: ভাস্কৰবৰ্মনক বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়।
(ঘ) চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?
উত্তৰ: চীনা পৰিব্রাজক হিউৱেন চাং ৰজা ভাস্কৰবৰ্মনৰ ৰাজত্বকালত তেওঁৰ আমন্ত্রণক্রমে কামৰূপলৈ (অসমলৈ) আহিছিল।
(ঙ) বিষয় বুলিলে কি বুজা?
উত্তৰ: প্রাচীন কামৰূপৰ শাসন ব্যৱস্থাত ৰাজ্যখনক বিভিন্ন প্রশাসনিক গোটত বিভক্ত কৰা হৈছিল। তেনে গোটবোৰক ‘বিষয়’ বুলি জনা গৈছিল।
(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।
উত্তৰ: কামৰূপ ৰাজ্যৰ লোকসকলৰ প্ৰধান জীৱিকা আছিল কৃষি। ইয়াৰ লগতে কাপোৰ বোৱা, কাঁহ-পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা আদিও উল্লেখযোগ্য বৃত্তি আছিল।
তালিকা ৯.৪ (পৃষ্ঠা ৮০)
* প্রাচীন ভাৰতৰ পালি ভাষাত লিখা সাহিত্যসমূহ
* গ্রন্থ/সাহিত্য – বৌদ্ধ ধৰ্মৰ ধৰ্মগ্রন্থ ত্রিপিটক (সুত্ত, বিনয় আৰু অবিধম্মপিটক)।
* লেখক – বুদ্ধদেৱৰ বাণীসমূহ পৰৱৰ্তী সময়ত তেওঁৰ শিষ্যসকলে লিখি উলিয়াই সংকলিত কৰিছিল।
* গ্রন্থ/সাহিত্য – মিলিন্দপাহা
* লেখক – নাগেশ্বৰ
* গ্রন্থ/সাহিত্য – দীপবংশ, মহাবংশ
* লেখক – বিভিন্ন বৌদ্ধ ধর্মগুৰুৱে বিভিন্ন সময়ত ৰচনা কৰিছিল (শ্রীলংকাত ৰচিত হৈছিল)।
তালিকা ৯.৫ (পৃষ্ঠা ৮১)
* প্রাচীন ভাৰতৰ প্ৰাকৃত ভাষাত লিখা সাহিত্যসমূহ
* গ্রন্থ/সাহিত্য – অংগ, উপাংগ, প্ৰাৰিকৰ্ণ, চেয়া সুত্ত আদি জৈন ধর্মীয় গ্রন্থ।
* লেখক – জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ শিষ্যসকলে এই শ্ৰেণীৰ সাহিত্য সৃষ্টি কৰিছিল।
তালিকা ৯.৬ (পৃষ্ঠা ৮১)
* প্রাচীন ভাৰতৰ সংস্কৃত ভাষাৰ সাহিত্যসমূহ
* গ্রন্থ/সাহিত্য – বৈদিক সাহিত্যসমূহ (ঋকবেদ, সামবেদ, যজুৰবেদ আৰু অথর্ব বেদ)।
* লেখক – বেদৰ কোনো নির্দিষ্ট লেখক নাছিল।
* গ্রন্থ/সাহিত্য – মহাকাব্য দুখন- ৰামায়ণ আৰু মহাভাৰত।
* লেখক – মহাভাৰত (ব্যাসদেৱৰ ৰচনা বুলি কোৱা হয়), ৰামায়ণ (বাল্মিকী)।
* গ্রন্থ/সাহিত্য – পুৰাণসমূহ
* লেখক – লেখকৰ বিষয়ে সবিশেষ জনা নাযায়।
* গ্রন্থ/সাহিত্য – বুদ্ধচৰিত
* লেখক – অশ্বঘোষ
* গ্রন্থ/সাহিত্য – স্বপ্ন-বাসবদত্তা, পঞ্চৰাত্র
* লেখক – ভাস
* গ্রন্থ/সাহিত্য – মুদ্রাৰাক্ষস
* লেখক – বিশাখাদত্ত
* গ্রন্থ/সাহিত্য – হর্ষচৰিত
* লেখক – বাণভট্ট
* গ্রন্থ/সাহিত্য – পৰিস্থিতপাৰ্বন
* লেখক – হেমচন্দ্র
* গ্রন্থ/সাহিত্য – অর্থশাস্ত্র
* লেখক – কৌটিল্য
* গ্রন্থ/সাহিত্য – মহাবীৰচৰিত
* লেখক – ভৱভূতি
তালিকা ৯.৭ (পৃষ্ঠা ৮১-৮২)
* কীৰ্তিচিহ্নসমূহৰ নাম – খাজুৰাহো
* স্থান – মধ্যপ্রদেশ
* কীৰ্তিচিহ্নসমূহৰ নাম – কৈলাশ শিৱ মন্দিৰ
* স্থান – ইলোৰা
* কীৰ্তিচিহ্নসমূহৰ নাম – বৃহদেশ্বৰ মন্দিৰ
* স্থান – তামিলনাডু
* কীৰ্তিচিহ্নসমূহৰ নাম – সূর্য মন্দিৰ
* স্থান – উৰিষ্যা
* কীৰ্তিচিহ্নসমূহৰ নাম – বিৰুপাক্ষ মন্দিৰ
* স্থান – কর্ণাটক
* কীৰ্তিচিহ্নসমূহৰ নাম – মিনাক্ষী মন্দিৰ
* স্থান – তামিলনাডু
* কীৰ্তিচিহ্নসমূহৰ নাম – লিংগৰাজ মন্দিৰ
* স্থান – ওড়িছা
* কীৰ্তিচিহ্নসমূহৰ নাম – অজন্তা আৰু ইলোৰা গুহাসমূহ
* স্থান – মহাৰাষ্ট্ৰ
* কীৰ্তিচিহ্নসমূহৰ নাম – সাঁচিৰ বৌদ্ধ স্তুপসমূহ
* স্থান – মধ্যপ্রদেশ
* কীৰ্তিচিহ্নসমূহৰ নাম – সাৰনাথৰ স্তম্ভ
* স্থান – উত্তৰ প্ৰদেশ
অনুশীলনী – ৪ (পৃষ্ঠা ৮২)
১. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা-
(ক) গুপ্তযুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল?
উত্তৰ: গুপ্ত শাসনকালত সাহিত্যৰ উল্লেখনীয় বিকাশ হৈছিল। কালিদাসৰ দৰে মহান কবিৰ সৃষ্টি, লগতে পুৰাণ, অভিধান আদি ৰচনা হোৱাৰ দৰে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত হোৱা এনেবোৰ বিকাশৰ বাবেই গুপ্তযুগক ‘সোণালী যুগ’ বুলি অভিহিত কৰা হয়।
(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।
উত্তৰ: কালিদাসে লিখা তিনিখন গ্ৰন্থ হ’ল- মালৱিকাগ্নিমিত্রম, অভিজ্ঞান-শকুন্তলম্, আৰু কুমাৰসম্ভৱম।
(গ) বৰ্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?
উত্তৰ: এলাহাবাদ প্রশস্তিৰ (বৰ্তমানৰ প্রয়াগৰাজ) লেখক আছিল হৰিসেন।
(ঘ) দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?
উত্তৰ: দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা সংস্কৃত ভাষাৰ প্ৰথমখন অভিধান হ’ল অমৰকোষ।
(ঙ) দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল?
উত্তৰ: দক্ষিণ ভাৰতত সংস্কৃত, তামিল, তেলেগু, কানাড়া, মালায়ালাম আদি ভাষাত বহু নাটক, পদ্য আদি সাহিত্য ৰচিত হৈছিল।
ভাবি উলিওৱাঃ (পৃষ্ঠা ৮৩)
(ক) অশোক চক্রই কি সূচায়?
উত্তৰ: অশোক চক্ৰক ‘ধৰ্মচক্ৰ’ বুলিও কোৱা হয়। ই ধৰ্ম বা ন্যায়ৰ পথ, অবিৰাম গতিশীলতা আৰু দেশৰ প্ৰগতিক সূচায়।
(খ) অশোক চক্ৰৰ তলত খোদিত ‘সত্যমেব জয়তে’ শাৰী ক’ত ক’ত দেখিবলৈ পোৱা?
উত্তৰ: ‘সত্যমেব জয়তে’ শাৰীটো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত (যিটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে) খোদিত আছে। ইয়াৰ উপৰি ইয়াক ভাৰতীয় মুদ্ৰা (টকা) আৰু ভাৰত চৰকাৰৰ সকলো চৰকাৰী নথিপত্ৰত দেখিবলৈ পোৱা যায়।
