পাঠ ৯: অসমৰ কাঁহ শিল্প, Class 4, MILChapter -9, Assamese Medium

পাঠ ৯: অসমৰ কাঁহ শিল্প, Class 4, MILChapter -9, Assamese Medium

Next Chapter

পৃষ্ঠা ৮৩

ক – পাঠভিত্তিক ক্ৰিয়া

প্ৰশ্ন: (ক) অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল?

উত্তৰ: অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল।

প্ৰশ্ন: (খ) অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক’ত?

উত্তৰ: অম্লানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত।

প্ৰশ্ন: (গ) সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত?

উত্তৰ: সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত।

প্ৰশ্ন: (গ) পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়?

উত্তৰ: পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক বান-কাঁহী বুলি কয়।

প্ৰশ্ন: (ঘ) হাতী-খুজীয়া বাটি কি?

উত্তৰ: হাতী-খুজীয়া বাটি হ’ল এবিধ বৰ ডাঙৰ বাটি, য’ত জলপান খায়।

প্ৰশ্ন: (ঙ) কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়?

উত্তৰ: তাম আৰু ৰাং জোখমতে মিহলাই জুইত গলাই কাঁহ তৈয়াৰ কৰা হয়।

প্ৰশ্ন: (চ) কাঁহেৰে গঢ়া কেইবিধমান বাচন-বৰ্তনৰ নাম লিখা।

উত্তৰ: কাঁহেৰে গঢ়া কেইবিধমান বাচন-বৰ্তনৰ নাম হ’ল- কাঁহী, বাটি, লোটা, বান-বাটি, ঘটি, গিলাচ, বটা, বৰ-কাঁহ, ভোৰতাল আদি।

প্ৰশ্ন: (ছ) কঁহাৰশাল মানে কি?

উত্তৰ: যি ঠাইত কঁহাৰসকলে কাঁহৰ বাচন-বৰ্তন গঢ়ে, সেই ঠাইকে কঁহাৰশাল বোলে।

প্ৰশ্ন: (জ) কঁহাৰশালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লিখা।

উত্তৰ: কঁহাৰশালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম হ’ল- নিয়াৰি, হাতুৰী, চেপেনা, কুন্দা, মহী, ভাতী আদি।

পৃষ্ঠা ৮৪

প্ৰশ্ন: বৰ্ণনা কৰা।

* শৰৎকালৰ সন্ধিয়াৰ পৰিৱেশ

* উত্তৰ: শৰৎকালৰ সন্ধিয়াটোত ফৰিংফুটা জোনাক আছিল, আধাফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছিল আৰু ফুলৰ সুবাসে চৌদিশ আমোলমোলাইছিল। দূৰৈৰ নামঘৰৰ পৰা বৰকাঁহৰ ঢং ঢং ধ্বনি ভাঁহি আহিছিল।

* বটা আৰু বান-কাঁহীৰ ব্যৱহাৰ

* উত্তৰ: সাধাৰণতে বটাত তামোল-পাণ দিয়া হয় আৰু বান-কাঁহী ভাত খাবলৈ ব্যৱহাৰ কৰা হয়।

প্ৰশ্ন: ভাব বহলাই লিখোঁ আহা – ‘হাতৰ নিব, কাণৰ নিব, দহো আঙুলি কোনে নিব?’

উত্তৰ: এই ফকৰা ফাঁকিৰ অৰ্থ হ’ল যে মানুহে অৰ্জন কৰা টকা-পইচা, ধন-সোণ আদি ক্ষণস্থায়ী হয়, সেইবোৰ আনে নিবও পাৰে বা হেৰাই যাবও পাৰে। কিন্তু মানুহৰ হাতৰ বিদ্যা, অৰ্থাৎ যি কৌশল তেওঁ নিজে জানে (যেনে কাঁহ গঢ়া বিদ্যা), সেয়া সদায় তেওঁৰ লগতে থাকে। সেই বিদ্যাক কোনেও কাঢ়ি নিব নোৱাৰে বা নষ্ট কৰিব নোৱাৰে।

খ – ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্ৰশ্ন: যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা।

* তীক্ষ্ণ – ক্ষ্ণ = ক্ষ + ণ

* প্ৰাহ্ন – হ্ণ = হ + ণ

* অহ্ন – হ্ন = হ + ন

প্ৰশ্ন: যুক্তাক্ষৰ গঠন কৰোঁ আহা।

* ক্ষ + ণ = ক্ষ্ণ

* হ + ণ = হ্ণ

* হ + ন = হ্ন

পৃষ্ঠা ৮৫

প্ৰশ্ন: তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা।

* কিন্তু – ন্ + ত

* সুন্দৰ – ন্ + দ

* বস্তু – স + ত

* শিল্প – ল + প

* স্থায়ী – স + থ

* অম্লান – ম + ল

* সূত্ৰ – ত + ৰ

* সন্ধিয়া – ন + ধ

* আঞ্জা – ঞ + জ

* ধ্বনি – ধ + ব

পৃষ্ঠা ৮৬

প্ৰশ্ন: বাঁওফালৰ কথাখিনিৰ অৰ্থ সোঁফালে দিয়া আছে। বিচাৰি উলিয়াই মিলোৱা।

* কাঁহৰ বাচন গঢ়া স্থান – কঁহাৰশাল

* লোৰ সঁজুলি গঢ়া স্থান – কমাৰশাল

* কাপোৰ বোৱা যতন – তাঁত-শাল

* ঢেঁকী ৰখা ঘৰ – ঢেঁকী-শাল

* সদায় জুই ধৰা ঠাই – জুইশাল (জুহাল)

* সৰিয়হ পেৰা যতন – তেলী-শাল

প্ৰশ্ন: বাক্য ৰচনা কৰা।

* খা-খবৰ – পেহাকে অম্লান আৰু অনন্যাৰ ঘৰুৱা খা-খবৰ ল’লে।

* হাত-মুখ – ৰাতিপুৱা শুই উঠি হাত-মুখ ধোৱা এটা ভাল অভ্যাস।

* টকা-পইচা – মানুহৰ হাতৰ বিদ্যা টকা-পইচাতকৈ মূল্যবান।

* ধন-সোণ – ধন-সোণ হেৰাই যাব পাৰে, কিন্তু বিদ্যা নাযায়।

পৃষ্ঠা ৮৭

প্ৰশ্ন: কাষৰ বাকচৰ পৰা ক্ৰিয়া পদ আনি তলৰ বাক্যকেইটা পূৰ কৰা।

* মই ভাত খাওঁ।

* ৰীণা সদায় স্কুললৈ যায়।

* আমটো মিঠা নহয়।

* মইনাই ভালকৈ নাচে।

* ৰহিমৰ দাদাক ডিব্ৰুগড়ত থাকে।

* আমাৰ এখন খেলপথাৰ আছে।

প্ৰশ্ন: তলৰ বাক্যকেইটাৰ ক্ৰিয়া পদত আঁচ টানা (ক্ৰিয়া পদটো বাছি উলিওৱা)।

* অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ আহিছে। – আহিছে

* ফৰিংফুটা জোনাকত আধাফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে। – জিলিকি উঠিছে

* অম্লান আৰু অনন্যা পেহাকৰ লগত আগ চোতালতে বহিল। – বহিল

* এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ মাতিলে। – মাতিলে

* অম্লানহঁতক পেহাকে কঁহাৰশাললৈ লৈ গ’ল। – লৈ গ’ল

গ – জ্ঞান সম্প্ৰসাৰণ

প্ৰশ্ন: কাঁহ শিল্প অসমৰ এবিধ লেখত ল’বলগীয়া কুটীৰ-শিল্প। অসমৰ আন কেইটামান কুটীৰ-শিল্পৰ নাম লিখা।

উত্তৰ: অসমৰ আন কেইটামান লেখত ল’বলগীয়া কুটীৰ-শিল্প হ’ল- বাঁহ-বেতৰ শিল্প, মৃৎ শিল্প (মাটিৰ বাচন গঢ়া), বস্ত্ৰ শিল্প (তাঁত-শাল), আৰু পিতল শিল্প।

পৃষ্ঠা ৮৮

প্ৰশ্ন: তোমালোকৰ ঘৰত কাঁহৰ বাহিৰে আন কি কি ধাতুৰে তৈয়াৰ কৰা বাচন-বৰ্তন আছে? সেইবোৰৰ তালিকা কৰা।

উত্তৰ: আমাৰ ঘৰত কাঁহৰ বাহিৰে ষ্টীল (Stainless Steel), এলুমিনিয়াম, লো, পিতল, তাম আৰু কাঁচৰ বাচন-বৰ্তন আছে।

প্ৰশ্ন: ছবিৰ সৈতে মিলাই নাম লিখা।

* (তামোল-পাণ থকা ছবি) – বটা

* (ভাত বাঢ়ি থোৱা কাঁহীৰ দৰে ছবি) – বান-কাঁহী

* (সৰু বাটিৰ দৰে ছবি) – বান-বাটি

* (গিলাচৰ দৰে ছবি) – গিলাচ

* (কলহৰ দৰে ছবি) – কলহ

* (ঘটিৰ দৰে ছবি) – লোটা

পৃষ্ঠা ৮৯

ঘ – প্ৰকল্প

প্ৰশ্ন: তোমালোকৰ অঞ্চলৰ ওচৰে-পাঁজৰে থকা যিকোনো এটা কুটীৰ-শিল্প প্ৰতিষ্ঠানলৈ অভিভাৱকৰ সৈতে যোৱা আৰু ইয়াৰ কাম-কাজবিলাক নিৰীক্ষণ কৰি চমুকৈ এটি টোকা লিখা।

উত্তৰ: (ই এটা প্ৰকল্পমূলক কাম। ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবলগীয়া।

Leave a Comment

Your email address will not be published. Required fields are marked *