পাঠ ৭: ফুলকোঁৱৰৰ গীত, Class 5, Chapter 7

 

পাঠ ৭: ফুলকোঁৱৰৰ গীত, Class 5, Chapter 7, SEBA New Book, Assamese Medium

Next Chapter 

 

 

(পৃষ্ঠা ৫৯)

ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া)

তলৰ শব্দবোৰৰ অৰ্থ… মিলাই লিখা।

* টিপা – আঙুলি বা হাতেৰে মৰা চেপা

* শাল – এমূৰ-জোঙা চুটি খুঁটি

* চলি – চাঁচি এৰুওৱা পাতল কাঠ

* শূল – জোঙা অস্ত্ৰ

* দশা – ভাগ্য/অৱস্থা

* শখা – শংখ

* তমস্কাৰ – পৰিপাটি

উত্তৰ দিয়া

(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?

* উত্তৰ: ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ পখী ঘোঁৰা আছিল।

(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক’ত পৰিছিল?

* উত্তৰ: ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনীৰ বাৰীতে পৰিছিল।

(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?

* উত্তৰ: ফুলকোঁৱৰে উঠি অহা কাঠৰ পখী ঘোঁৰাটোৰ ‘জেউতি চৰিলে’ (বেগী হ’লে) ছমাহৰ বাট একেদিনেই যায়, সেয়েহে ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে পালে।

(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?

* উত্তৰ: ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে।

বুজাই লিখা

(ক) ই বোলে মালিনী… তোৰ দশা ভাল হ’ল, গীতফাকিত “মালিনী” কাক বোলা হৈছে?

* উত্তৰ: গীতফাকিত “মালিনী” বুলি ফুলনিবাৰীখনৰ গৰাকী বা যিগৰাকী মহিলাই ফুলৰ বাগিচাৰ চোৱা-চিতা কৰে তেওঁক বোলা হৈছে।

মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?

* উত্তৰ: মালিনীৰ ফুলৰ বাৰীখন বাৰ বছৰ ধৰি শুকান হৈ আছিল। ফুলকোঁৱৰৰ পৰশত সেই শুকান বাৰীখন ফুলি তমস্কাৰ হৈ পৰিল। সেয়েহে বাটৰুৱাসকলে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে।

(পৃষ্ঠা ৬০)

(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল?

* উত্তৰ: ফুলকোঁৱৰে কাঠৰ পখী ঘোঁৰাৰ পৰা নামি ভৰিৰে টিপা মাৰোঁতে ফুলগছে শিপা ধৰিলে, মুখেৰে শঁখা বজালে পোখা মেলিলে, শাল মাৰোঁতে ডাল মেলিলে, চলি মাৰোঁতে কলি পেলালে আৰু শূল মাৰোঁতে ফুল মেলিলে। এইদৰে ফুলকোঁৱৰৰ পৰশত ফুলনি বাৰীখন ফুলি তমস্কাৰ হৈছিল।

(গ) শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল?

* উত্তৰ: শিপা ধৰাৰ পৰা ফুলবোৰে পোখা মেলা, ডাল মেলা, আৰু কলি পেলা স্তৰকেইটা পাৰ হৈ ফুলিছিল।

(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ’ল?

* উত্তৰ: ফুলকোঁৱৰ আহি মালিনীৰ বাৰীত পৰাৰ পাছত তেওঁৰ যাদুকৰী পৰশত বাৰ বছৰ ধৰি শুকান হৈ থকা ফুলৰ বাৰীখনত গছে শিপা ধৰিলে, পোখা মেলিলে, ডাল বাঢ়িল, কলি পেলালে আৰু শেষত ফুলি উঠিল। এইদৰেই শুকান বাৰীখন সলনি হ’ল।

 

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

* (ক) জেউতি চৰিলে – উৰি যাওঁ উৰি যাওঁ কৰিল,

* (খ) ফুলনি বাৰীত থাকোঁতে কোঁৱৰে – ইপাহি সিপাহি লেখি,

* (গ) কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে – সৱালৈ মাৰিলে শাল,

* (ঘ) তগৰ গুটিমালী – সৱেও পেলালে কলি।

* (ঙ) কৰে হৰি হৰি – ফুলৰে তিব্বিৰ দেখি।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

গীতটোৰ পৰা চন্দ্ৰবিন্দু ( ঁ ) থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা।

* উত্তৰ: ছমাহৰ, যাওঁ, শঁখা।

শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা।

* (ক) মই সদায় স্কুললৈ যাওঁ।

* (খ) ৰতনে সদায় ফুটবল খেলে।

* (গ) গোলাপ ফুলপাহি টিস্টিকীয়া ৰঙা।

(পৃষ্ঠা ৬১)

তলৰ গীতফাকিৰ পৰা বিশেষ্য পদকেইটা বাছি উলিওৱা।

(গীতফাকি: কাঠৰ পখী ঘোঁৰা… সৱেও ধৰিলে শিপা।)

* উত্তৰ: বিশেষ্য পদকেইটা হ’ল- কাঠ, পখী, ঘোঁৰা, বাট, জেউতি, দিনে, মালিনী, বাৰী, ফুলকোঁৱৰ, ভৰি, টিপা, সেউতী, মালতী, তগৰ, গুটিমালী, শিপা।

 

(পৃষ্ঠা ৬২)

গ-জ্ঞান সম্প্ৰসাৰণ

‘শংখ’ এবিধ মুখেৰে বজোৱা বাদ্য। মুখেৰে আৰু কি কি বাদ্য বজাব পাৰি?

* উত্তৰ: মুখেৰে বজাব পৰা আন কেইটামান বাদ্য হ’ল— বাঁহী, পেঁপা, সুতুলী, গগনা, শিঙা আদি।

(ইয়াৰ পিছত ‘নিচুকনি গীত’, ‘বিহুগীত

‘, ‘বিয়ানাম’, আৰু ‘বনগীত’ আদি লোকগীতৰ উদাহৰণ দিয়া হৈছে।)

Leave a Comment

Your email address will not be published. Required fields are marked *