পাঠ ৬: বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ,

পাঠ ৬: বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ, Class 6, MIL Chapter 6, SEBA,Assamese Medium

Next Chapter 


ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৪-৬৫)
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
* প্ৰশ্ন: সর্পই দংশন কৰিলে কি কৰা উচিত?
   * (ক) চাফ-চিকুণকৈ থকা উচিত
   * (খ) ৰাশিফল চোৱা উচিত
   * (গ) বেজৰ ওচৰলৈ যোৱা উচিত
   * (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত
   * উত্তৰ: (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত।
* প্ৰশ্ন: আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে?
   * (ক) ই সৰু কথা হোৱাৰ বাবে
   * (খ) ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে
   * (গ) ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে
   * (ঘ) আমি শিক্ষা-দীক্ষাত পিছ পৰি থকাৰ বাবে
   * উত্তৰ: (গ) ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে।
২।
* প্ৰশ্ন: তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
* উত্তৰ: পাঠটোত কোৱা হৈছে যে দৈনিক ৰাশিফলৰ মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়ক আৰু ভাল দিন-বাৰ চাই কাম কৰাৰ কোনো যুক্তি নাই। সেয়েহে (গ) উত্তৰটোৱেই শুদ্ধ।
৩। ‘ক’ অংশৰ শব্দবোৰৰ লগত ‘খ’ অংশৰ অৰ্থবোৰ মিলোৱা-
* অনুসন্ধিৎসু – কৌতূহলী
* স্বাস্থ্যসন্মত – স্বাস্থ্যকৰ
* যুক্তিনিষ্ঠ – যুক্তি থকা
* বিৰল – পাবলৈ টান
* বিকল্প – এটাৰ সলনি আন এটা
* পৰম্পৰা – পূৰ্বৰপৰা চলি অহা নীতি
* প্ৰজ্ঞা – তীক্ষ্ণ বুদ্ধি, তত্ত্ব-জ্ঞান
৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
* (ক) বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা?
   * উত্তৰ: আনে কোৱা বাবে কোনো কথা গ্ৰহণ নকৰি, আমাৰ অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি-জাৰি চাই কিয় পায় বা কিয় নাপায় চিন্তা কৰি সিদ্ধান্ত লোৱাটোৱেই বৈজ্ঞানিক মন। সেই বৈজ্ঞানিক মনে দেখুৱাই দিয়া শুদ্ধ পথেৰে আগুৱাই যোৱাটোৱেই হ’ল বৈজ্ঞানিক মানসিকতা।
* (খ) আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ থকাৰ কাৰণ কি?
   * উত্তৰ: আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ থকাৰ কাৰণ হ’ল অজ্ঞতা নাইবা বৈজ্ঞানিক মানসিকতাৰ অভাৱ।
* (গ) ভাল দিন-বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে?
   * উত্তৰ: নাই, ভাল দিন-বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই।
* (ঘ) ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত?
   * উত্তৰ: ছাত্ৰ-ছাত্ৰীসকলৰ কুমলীয়া মনতেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত, তেতিয়াহে বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰপৰা মুক্ত কৰি সৰ্বাংগসুন্দৰ কৰিব।
* (ঙ) অতীজত আমাৰ সমাজত অসুখ-বিসুখ হ’লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল?
   * উত্তৰ: অতীজত আমাৰ সমাজত অসুখ-বিসুখ হ’লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
* (ক) বাহিৰত ফুৰি-চাকি অহা কাপোৰ-কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে?
   * উত্তৰ: বাহিৰত পিন্ধা সাজবোৰত ধূলি-মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে সেয়া সলাই চাফ-চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত। এইটোৱেই ইয়াৰ আঁৰৰ বৈজ্ঞানিক ভিত্তি।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৬)
* (খ) বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব পাৰে?
   * উত্তৰ: বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব, তেনে কোনো কথা নাই। এজন নিৰক্ষৰ লোকো বৈজ্ঞানিক মনৰ অধিকাৰী হ’ব পাৰে। ইয়াৰ বাবে তেওঁৰ মাত্ৰ প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চোৱাৰ একোটা মন থাকিব লাগিব।
* (গ) সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে?
   * উত্তৰ: অন্ধবিশ্বাস আৰু কু-সংস্কাৰে সমাজৰ বিস্তৰ ক্ষতিসাধন কৰে। ব্যক্তি হিচাপে আৰু সমাজ হিচাপে উন্নতি কৰিবলৈ হ’লে আমি অন্ধবিশ্বাস এৰিবই লাগিব।
৬। তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ‘ইক’ প্রত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা।
* উপন্যাস – ঔপন্যাসিক
* ইতিহাস – ঐতিহাসিক
* শিক্ষা – শৈক্ষিক
* বাণিজ্য – বাণিজ্যিক
* ভূগোল – ভৌগোলিক
৭। তলত দিয়া শব্দযোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা।
* বৈজ্ঞানিক – অবৈজ্ঞানিক
* সময় – অসময়
* সাধু – অসাধু
* ন্যায় – অন্যায়
* ক্লান্ত – অক্ৰান্ত
* শান্ত – অশান্ত
* ভয় – নিৰ্ভয়
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৭)
৮। উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা।
* সৰল – সৰলতা
* নম্ৰ – নম্ৰতা
* দৃঢ় – দৃঢ়তা
* দুৰ্বল – দুৰ্বলতা
* ভদ্ৰ – ভদ্ৰতা
* উচ্চ – উচ্চতা
৯। পাঠটোত -বোৰ, -বিলাক, সমূহ, খিনি, সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা।
* -বোৰ (যেনে: ‘পায়-নাপায়’বোৰ, কথাবোৰ, অন্ধবিশ্বাসবোৰ, কাৰণবোৰ, মানুহবোৰ, ল’ৰা-ছোৱালীবোৰ)
* -সমূহ (যেনে: চেনেলসমূহহত)
* -সকল (যেনে: ব্যক্তিসকল)
১০। বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে- যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ’লে কি কৰিলাহেঁতেন?
* উত্তৰ: আইমণিয়ে কৰা কামত বৈজ্ঞানিক ভিত্তি আছে। যাত্ৰাৰ সময়ত সম্মুখেৰে মেকুৰী পাৰ হৈ যোৱাটো এটা অন্ধবিশ্বাস। আইমণিয়ে সেই অন্ধবিশ্বাসক বিশ্বাস নকৰি বাছত উঠিল, যিটো বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক। আনহাতে বাপুকণে অন্ধবিশ্বাসৰ বাবেই ৰৈ গ’ল আৰু ফলত তাৰ পৰীক্ষা বেয়া হ’ল।
* বাপুকণৰ ঠাইত মই হোৱা হ’লে, মইও আইমণিৰ দৰে অন্ধবিশ্বাসক নামানি বাছত উঠি সময়মতে বিদ্যালয়লৈ গ’লোহেঁতেন।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৮)
১১। নিৰ্দেশনা অনুসৰি কৰা-
* (ক) পঢ়া, চোৱা আৰু লিখা।
   * প্ৰশ্ন: সাতো ভাইৰ নাম লেখা।
   * উত্তৰ: ৰামধেনুৰ সাতোটা ৰং হ’ল: বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।
* (খ) পঢ়া আৰু কৰি দেখুওৱা-
   * প্ৰশ্ন: (নিউট্ৰনৰ চকৰি ঘূৰোৱা পৰীক্ষা) …চকৰিটো জোৰেৰে ঘূৰাই দিয়া আৰু ৰামধেনুৰ ৰংবোৰ পৰ্যৱেক্ষণ কৰা।
   * উত্তৰ: (এইটো এটা কৰ্মভিত্তিক ক্ৰিয়া-কলাপ)। চকৰিটো জোৰেৰে ঘূৰালে ৰামধেনুৰ সাতোটা ৰং মিলি গৈ বগা হৈ পৰে।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৯)
১২। (প্ৰকল্প) আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা কামবোৰৰ মাজত বিজ্ঞানসন্মত ভিত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে যুক্তিৰে লিখা।
* উত্তৰ:
   * বিজ্ঞানসন্মত ভিত্তি থকা কাম: বাহিৰৰ পৰা আহি কাপোৰ-কানি সলাই চাফ-চিকুণ হৈহে পাকঘৰত সোমোৱা।
     * যুক্তি: বাহিৰত পিন্ধা সাজত ধূলি-মাকতি আৰু বিভিন্ন বীজাণু লাগি আহিব পাৰে। সেয়া সলাই সোমালে খাদ্য দূষিত হোৱাৰ পৰা ৰক্ষা পৰে, যিটো স্বাস্থ্যসন্মত।
   * বিজ্ঞানসন্মত ভিত্তি নথকা কাম (অন্ধবিশ্বাস): যাত্ৰাৰ সময়ত পিছফালৰপৰা মতা বা আগেদি মেকুৰী পাৰ হৈ যোৱাটোক অশুভ বুলি ভবা।
     * যুক্তি: এইবোৰ সম্পূৰ্ণ অন্ধবিশ্বাস। মেকুৰী পাৰ হৈ যোৱা বা কোনোবাই মতাৰ লগত যাত্ৰা ভাল বা বেয়া হোৱাৰ কোনো বৈজ্ঞানিক সম্পৰ্ক নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *