পাঠ ৬: ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ,

পাঠ ৬: ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ, Class 6, Chapter 6, SEBA New Book, Assamese Medium

Next Chapter 


তালিকা ৬.১ (পৃষ্ঠা ৪৯)
* বৰ্ষপঞ্জি – গ্রেগ’ৰিয়ান
* বৰ্ষপঞ্জি – বিক্রম সংবৎ (বিক্ৰমী)
   * ভিত্তি – খ্ৰীষ্টপূর্ব ৫৭
   * আৰম্ভণিৰ ভিত্তি – ৰজা বিক্রমাদিত্যই শক ৰজাক পৰাস্ত কৰা বছৰ
   * প্রয়োগ – হিন্দু ধর্মীয় অনুষ্ঠানৰ দিন নির্ণয়

* বৰ্ষপঞ্জি – শকাব্দ বা শালিবাহনাব্দ
   * ভিত্তি – খ্ৰীষ্টাব্দ ৭৮
   * আৰম্ভণিৰ ভিত্তি – কুশান ৰজা কণিষ্কৰ ৰাজ অভিষেক (আনুমানিক)
   * প্রয়োগ – বীজ সিঁচা বা আন কৃষি কৰ্মৰ দিন নির্ধাৰণ

* বৰ্ষপঞ্জি – হিজৰী
   * ভিত্তি – খ্ৰীষ্টাব্দ ৬২২
   * আৰম্ভণিৰ ভিত্তি – হজৰৎ মহম্মদে মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰাৰ দিন
   * প্রয়োগ – মুছলমানসকলৰ সকলো ধর্মীয় উৎসৱৰ দিন নির্ধাৰণ

* বৰ্ষপঞ্জি – ভাস্কৰাব্দ
   * ভিত্তি – খ্ৰীষ্টাব্দ ৫৯৩
   * আৰম্ভণিৰ ভিত্তি – ৰজা ভাস্কৰবৰ্মন সিংহাসনত আৰোহণ কৰা বছৰ
   * প্রয়োগ – বিহু তথা আন অসমীয়া উৎসৱ-পাৰ্বণৰ দিন নির্ধাৰণ

* বৰ্ষপঞ্জি – শংকৰাব্দ
   * ভিত্তি – খ্ৰীষ্টাব্দ ১৪৪৯
   * আৰম্ভণিৰ ভিত্তি – শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তাৰিখ
   * প্রয়োগ – শংকৰদেৱৰ তিথি

অনুশীলনী – ১ (পৃষ্ঠা ৫১)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক কি বুলি জনা যায়?
উত্তৰ: শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক শংকৰাব্দ বুলি জনা যায়।
(খ) ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰপৰা হৈছে?
উত্তৰ: ভাস্কৰাব্দৰ আৰম্ভণি ৰজা ভাস্কৰবৰ্মনৰ সিংহাসনত আৰোহণ কৰা বছৰৰপৰা হৈছে।
(গ) মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম কি?
উত্তৰ: মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম হিজৰী।
(ঘ) গ্রেগ’ৰিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰপৰা গণনা কৰা হয়?
উত্তৰ: গ্রেগ’ৰিয়ান বর্ষপঞ্জি যীশুখ্ৰীষ্টৰ জন্ম বছৰৰপৰা আৰম্ভ হয়।
(ঙ) এক দশক বুলিলে কি বুজা?
উত্তৰ: দশক বুলিলে ১০ বছৰীয়া এছোৱা সময়ক বুজোৱা হয়।
(চ) ১০০০ বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?
উত্তৰ: ১০০০ বছৰক একেলগে বুজাবলৈ সহস্রাব্দ শব্দটো ব্যৱহাৰ কৰা হয়।

২) ইতিহাস আৰু কাহিনীৰ মাজত কি পার্থক্য আছে?
উত্তৰ: ইতিহাস আখ্যান বা সাধুকথা নহয়। ইতিহাস হ’ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। আনহাতে, কাহিনী কাল্পনিক হ’ব পাৰে।
৩) ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান কি?
উত্তৰ: ইতিহাসবিদসকলে সত্যতা নিৰূপণৰ কাৰণে উৎস আৰু ধাৰাবাহিকতাৰ ওপৰত সবাতোকৈ বেছি গুৰুত্ব আৰোপ কৰে।

ইতিহাস অধ্যয়নৰ উৎসৰ প্ৰকাৰ (পৃষ্ঠা ৫২)
* এপিগ্রাফিক – শিলালিপি, তাম্রলিপি, ফলক
* প্রত্নতাত্ত্বিক – স্থাপত্য, স্তুপ, মুদ্রা, মানুহ, জীবজন্তু আৰু উদ্ভিদৰ অৱশিষ্ট, সঁজুলি আৰু অস্ত্র-শস্ত্র, সমাধিক্ষেত্র, বাচন-বর্তন, পোৰা মাটিৰ সামগ্ৰী
* কলাত্মক – ছবি, ভাস্কর্য, মূর্তি আৰু আ-অলংকাৰ
* সাহিত্যিক – বেদ, পুৰাণ, মহাকাব্য, লোক কথা, কবিতা, নাটক, ঐতিহাসিক লেখা, অতীতত লিখা বিষয়বস্তুভিত্তিক পুথি, ভ্রমণকাৰীৰ টোকা
* মৌখিক – বংশ বৃত্তান্ত, লোকগীত

অনুশীলনী – ২ (পৃষ্ঠা ৫৩)
১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা?
উত্তৰ: ইতিহাস জনাৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন নথি-পত্র, যেনে, পুৰণি পুথি, ফটো, ভোটাৰ তালিকা, শিলালিপি, স্থাপত্য, বাচন-বৰ্তন আদিক ইতিহাস অধ্যয়নৰ উৎস বুলি ক’ব পৰা যায়।
(খ) ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা।
উত্তৰ: ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম হ’ল প্রত্নতাত্ত্বিক উৎস (যেনে- মুদ্রা, স্থাপত্য) আৰু সাহিত্যিক উৎস (যেনে- বেদ, পুৰাণ, ভ্রমণকাৰীৰ টোকা)।
(গ) এপিগ্রাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে?
উত্তৰ: এপিগ্রাফিষ্ট বা লিপিবিদসকলে প্রাচীন শিলালিপি, তাম্রলিপি, ফলক আদিৰপৰা তথ্য উদ্‌ঘাটন কৰে।
(ঘ) জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়?
উত্তৰ: জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক পুৰাজীৱবিজ্ঞানী বুলি জনা যায়।
(ঙ) নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে?
উত্তৰ: নৃতত্ত্ববিদসকলে প্রত্নতাত্ত্বিক স্থানত থকা শিল্পকর্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে।

২) ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে?
উত্তৰ: ইতিহাসবিদসকলে অতীতৰ বিষয়ে অধ্যয়ন কৰোঁতে বিভিন্ন উৎসৰপৰা তথ্য সংগ্ৰহ কৰি প্ৰথমে সেইবোৰ তুলনা কৰি চায়। কেতিয়াবা এটা উৎসই আনটোৰ তথ্যক সমর্থন কৰে আৰু কেতিয়াবা সম্পূর্ণ বিপৰীত তথ্যও পোৱা যাব পাৰে। গতিকে কোনটো তথ্য অধিক নিৰ্ভৰযোগ্য তাক থিৰাং কৰিবলৈ ইতিহাসবিদসকলে সেই সময়ৰ অন্য উৎস বিচাৰিবলগীয়া হয়।

৩) ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰ: ইতিহাস লিখনত আন বহুতো বিষয়ৰ ভূমিকা আছে। প্রত্নতাত্ত্বিকসকলে প্রাচীন স্থানৰ অৱশিষ্ট খনন আৰু অধ্যয়ন কৰে। নৃতত্ত্ববিদসকলে শিল্পকর্ম পৰীক্ষা কৰি সাংস্কৃতিক আচৰণ অধ্যয়ন কৰে। পুৰাজীৱবিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে। লিপিবিদসকলে প্রাচীন শিলালিপি পঢ়ে। ইয়াৰ উপৰি সাহিত্য আৰু ভাষাৰ বিশেষজ্ঞসকল, তথা বৈজ্ঞানিক অধ্যয়ন (যেনে- প্রাচীন জলবায়ু, ৰাসায়নিক অধ্যয়ন, জিনীয় বৈজ্ঞানিক অধ্যয়ন) আদিয়েও অতীতৰ পুনৰ গঠনত অৰিহণা যোগায় ।

তালিকা ৬.২ (পৃষ্ঠা ৫৪)
* মহাভাৰতত উল্লেখিত স্থান – কাশ্মীৰ
   * বৰ্তমানৰ স্থান – কাশ্মীৰ
* মহাভাৰতত উল্লেখিত স্থান – কুৰুক্ষেত্র
   * বৰ্তমানৰ স্থান – হাৰিয়ানাৰ কিছু অংশ
* মহাভাৰতত উল্লেখিত স্থান – ভাংগা
   * বৰ্তমানৰ স্থান – বংগৰ কিছু অংশ
* মহাভাৰতত উল্লেখিত স্থান – প্রাগজ্যোতিষ
   * বৰ্তমানৰ স্থান – অসমৰ বৃহৎ অংশ
* মহাভাৰতত উল্লেখিত স্থান – কচ্চ
   * বৰ্তমানৰ স্থান – গুজৰাটৰ কচ্চ অঞ্চল
* মহাভাৰতত উল্লেখিত স্থান – কেৰেলা
   * বৰ্তমানৰ স্থান – কেৰেলা

অনুশীলনী – ৩ (পৃষ্ঠা ৫৫)
১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল?
উত্তৰ: ভাৰতৰ আটাইতকৈ প্ৰাচীন গ্রন্থ ঋগ্বেদত এই উপমহাদেশৰ উত্তৰ-পশ্চিম অঞ্চলটোক সপ্তসিন্ধু (সাতখন নদীৰে গঠিত ভূমি) নাম দিয়া হৈছিল।
(খ) ভাৰত উপমহাদেশ বুলিলে বর্তমান কোনটো অঞ্চলক বুজায়?
উত্তৰ: ভাৰত উপমহাদেশ বুলিলে ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান আৰু নেপালক একেলগে বুজোৱা হয়।
(গ) অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল?
উত্তৰ: সম্রাট অশোকে তেওঁৰ শিলালিপিত সমগ্ৰ ভাৰতক বুজাবলৈ ‘জম্বুদ্বীপ’ নাম ব্যৱহাৰ কৰিছিল।
(ঘ) প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?
উত্তৰ: প্রাচীন গ্রীকসকলে এই অঞ্চলটোৰ নাম ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ ৰাখিছিল।
(ঙ) প্রাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল?
উত্তৰ: প্রাচীন চীনাসকলে ভাৰতক ‘য়িন্তু’ বা ‘য়িন্দু’ বুলি উল্লেখ কৰিছিল। ‘সিন্ধু’ৰ পৰা উদ্ভৱ হোৱা আন এটা চীনা শব্দ আছিল ‘তিয়ানঝু’।
(চ) ভাৰতৰ কোনটো অঞ্চলক ‘ভাৰতম’ বুলি কোৱা হৈছিল?
উত্তৰ: প্রাচীন তামিল সাহিত্যত দক্ষিণৰ কন্যাকুমাৰীৰপৰা উত্তৰে হিমালয়লৈ বিস্তৃত অঞ্চলটোক ‘ভাৰতম’ নামেৰে জনা গৈছিল।

২) ‘ভাৰত’ শব্দটো কিদৰে আহিল বৰ্ণনা কৰা।
উত্তৰ: ‘ভাৰত’ নামটো হঠাতে সৃষ্টি হোৱা নাছিল। মহাভাৰতত সমগ্র উপমহাদেশখনক বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ নামেৰে ‘ভাৰতবৰ্ষ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল। এই ‘ভাৰত’ শব্দটো উত্তৰ ভাৰতত বহুলভাৱে প্ৰচলিত আছিল।

৩) ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা।
উত্তৰ: পাৰস্যৰ লোকসকলে সিন্ধু নদীৰ তীৰৱৰ্তী অঞ্চলটোক ‘সিন্ধু’ নামেৰে জানিছিল, কিন্তু তেওঁলোকে ইয়াক ‘হিন্দু’ বা ‘হিন্দ’ বুলি উল্লেখ কৰিছিল। প্রাচীন গ্রীকসকলে এই অঞ্চলটোক বুজাওঁতে ‘হিন্দ’ ৰ প্ৰাৰম্ভিক ‘হ’ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল আৰু ইয়াক ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ বুলিছিল। এনেদৰেই ‘ইণ্ডিয়া’ নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়।

 

Leave a Comment

Your email address will not be published. Required fields are marked *