
পাঠ ৩: ভূ-অবয়ব আৰু মানুহ, Class 6, Chapter 3, SEBA New Book, Assamese Medium
Next Chapter
অনুশীলনী – ১ (পৃষ্ঠা ২৩)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) পৃথিৱীৰ কোন অংশত প্রধান ভূ-অৱয়ববোৰ দেখা যায়?
উত্তৰ: আমি দেখিবলৈ পোৱা ভূ-অৱয়ববোৰ মূলতঃ পৃথিৱীৰ উপৰিভাগৰ জলভাগ আৰু স্থলভাগত পোৱা যায়।
(খ) স্থলভাগত পোৱা প্ৰধান ভূ-অৱয়ববোৰৰ নাম লিখা।
উত্তৰ: স্থলভাগত পোৱা প্ৰধান ভূ-অৱয়ববোৰ হ’ল- পৰ্বত-পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা।
(গ) পর্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ: পর্বত-পাহাৰ যথেষ্ট ওখ আৰু ইয়াৰ উচ্চ শিখৰ বা শৃংগ থাকে। আনহাতে, মালভূমি পৰ্বত-পাহাৰতকৈ কম উচ্চ হয় আৰু ইয়াৰ ওপৰভাগ বহল আৰু প্ৰায় সমতল হয়, ইয়াত থিয় শিখৰ নাথাকে।
(ঘ) সমভূমি কেনেকৈ গঠিত হয়?
উত্তৰ: নৈ, জান-জুৰিৰ বোৱতী পানীয়ে উচ্চভূমিৰপৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ ধৰি এনেদৰে পলস জমা হোৱাৰ ফলত সমভূমিৰ সৃষ্টি হয়।
(ঙ) মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি?
উত্তৰ: মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ’ল ইয়াৰ ওপৰভাগ বহল আৰু প্ৰায় সমতল, ইয়াৰ এক বা একাধিক অংশ কিছু পৰিমাণে থিয় ঢালযুক্ত হ’ব পাৰে আৰু এইবোৰ খনিজ পদাৰ্থৰ ভঁৰাল স্বৰূপ।
(চ) পার্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা?
উত্তৰ: পার্বত্য অঞ্চলবোৰ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। এইবোৰত কৃষিকার্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ। সেয়েহে এনে অঞ্চলবোৰত জনবসতি সেৰেঙা হয়।
২. পৰ্বত-পাহাৰে মানুহক কিদৰে সহায় কৰে, বহলাই লিখা।
উত্তৰ: পৰ্বত-পাহাৰে মানুহক বিভিন্ন ধৰণেৰে সহায় কৰে।
* পানীৰ উৎস: পৃথিৱীৰ বেছিভাগ প্রধান নদীৰেই উৎপত্তিস্থল হৈছে পৰ্বতৰ হিমবাহ আৰু নিজৰা। গতিকে পৰ্বত-পাহাৰক পানীৰ ভঁৰাল বুলি ক’ব পাৰি।
* কৃষি: পাহাৰৰ এঢলীয়া ঢালত মানুহে ঝুম খেতি কৰি ধান, গম, আলু, ফল-মূল আদিৰ খেতি কৰে।
* সম্পদ: পৰ্বত-পাহাৰত থকা অৰণ্যসমূহে মানুহক খৰি, খাদ্য, গৃহ নিৰ্মাণৰ সামগ্রী আৰু ঔষধি উদ্ভিদৰ যোগান ধৰে।
* জলবায়ু: ই ওচৰ-পাজৰৰ বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ আদি নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে।
* পৰ্যটন: পৰ্বতৰ কিছুমান স্বাস্থ্যকৰ ঠাই পর্যটন স্থল হিচাপে জনপ্রিয়।
অনুশীলনী – ২ (পৃষ্ঠা ২৮)
১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জলমণ্ডল কাক বোলে?
উত্তৰ: সাগৰ-মহাসাগৰ, উপসাগৰ, নদ-নদী, হ্রদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়।
(খ) পৃথিৱীৰ গভীৰতম অংশৰ নাম কি?
উত্তৰ: পৃথিৱীৰ গভীৰতম অংশৰ নাম হ’ল মেৰিয়ানা খাত (Trench)।
(গ) সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা।
উত্তৰ: সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হ’ল কাস্পিয়ান সাগৰ।
(ঘ) নদীৰ উৎস বুলিলে কি বুজা?
উত্তৰ: যি ঠাইৰপৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস (Source) বোলে।
(ঙ) শাখা নৈ কি?
উত্তৰ: এখন নদীৰপৰা এভাগ জলধাৰা ওলাই গ’লে তাক শাখা নৈ বোলে।
২) চমু টোকা লিখা-
(ক) সাগৰ-মহাসাগৰ: পৃথিৱীৰ উপৰিভাগৰ শতকৰা ৭১ ভাগৰো অধিক অংশ পানীয়ে আগুৰি আছে, যাৰ ৯৭ শতাংশই সাগৰ-মহাসাগৰ। পৃথিৱীৰ প্ৰধান মহাসাগৰ পাঁচখন হ’ল- প্রশান্ত, আটলান্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰ। ইয়াৰে প্ৰশান্ত মহাসাগৰেই বৃহত্তম আৰু গভীৰতম। সাগৰ-মহাসাগৰবোৰ নানা প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল।
(খ) নদ-নদী: ভূ-পৃষ্ঠত উচ্চভূমিৰপৰা নিম্নভূমিলৈ বিশেষ পথেৰে বৈ যোৱা জলধাৰাক নদী (River) বোলে। বৰষুণ, বৰফগলা পানী বা ভূ-গৰ্ভৰ পানীয়ে নৈৰ সৃষ্টি কৰে। য’ৰ পৰা নদী আৰম্ভ হয় তাক উৎস আৰু য’ত সাগৰ বা হ্ৰদত মিলিত হয় তাক মোহনা বোলে। নদীত আহি পৰা সৰু সৰু নৈবোৰক উপনৈ বোলা হয়।
(গ) সিক্তভূমি বা আর্দ্রভূমি: নদী উপত্যকা বা সমতলভূমিত থকা জলাশয়, যেনে, বিল, জলাহ, ডোৱা, পুখুৰী, দলনি, পিটনি আদিক আর্দ্রভূমি বা সিক্তভূমি (Wetland) বুলি কোৱা হয়। এইবোৰ বছৰটোৰ বেছিভাগ সময় জলমগ্ন হৈ থাকে আৰু ইয়াত জলজ উদ্ভিদ, মাছ-কাছৰ লগতে পৰিভ্ৰমী চৰাই আদিও দেখা যায়।
(ঘ) হ্রদ: স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰি থকা জলভাগকে হ্ৰদ (Lake) বোলা হয়। বৰষুণ, হিমবাহ, নৈ, ভূ-গৰ্ভৰ পানী আদি বিভিন্ন উৎসৰপৰা হ্ৰদলৈ পানী আহে। কিছুমান হ্ৰদৰ পানী সুস্বাদু হয় আৰু আন কিছুমানৰ পানী লুণীয়া হয়। ৰাছিয়াৰ বৈকাল হ্ৰদ হ’ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ।
৩) মানুহৰ ওপৰত ভূ-অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা।
উত্তৰ: ভূ-অৱয়বে মানুহৰ বসতি, আর্থিক কাম-কাজ, আৰু বিচৰণক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কোনো এটা অঞ্চলৰ জনবসতি ঘন হ’ব নে সেৰেঙা হ’ব সেয়া মূলতঃ ভূ-প্রকৃতি আৰু ভূ-অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, সমভূমি অঞ্চলত কৃষি, যাতায়াত আৰু উদ্যোগৰ সুবিধা থকা বাবে জনবসতি ঘন হয় , কিন্তু পার্বত্য অঞ্চলত এইবোৰৰ অসুবিধা বাবে জনবসতি সেৰেঙা হয় । তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ আৰু ব্যৱসায়-বাণিজ্যৰ বিস্তাৰো বহু পৰিমাণে ভূ-অৱয়বৰ ওপৰতে নিৰ্ভৰশীল।
ভাবি উলিওৱা (পৃষ্ঠা ২৯)
(প্রয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল’বা)
পার্বত্য অঞ্চলত বস-বাস কৰা লোকসকলে জীৱন-নির্বাহৰ ক্ষেত্ৰত কোনবোৰ সমস্যাৰ সন্মুখীন হয়?
উত্তৰ: পার্বত্য অঞ্চলত বাস কৰা লোকসকলে জীৱন-নিৰ্বাহৰ ক্ষেত্ৰত কেতবোৰ বিশেষ সমস্যাৰ সন্মুখীন হয়।
* ভূমিৰ অভাৱ: পৰ্বত-পাহাৰবোৰ শিলাময় আৰু থিয় ঢালযুক্ত হোৱা বাবে কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে উপযুক্ত সমান ঠাইৰ অভাৱ হয়।
* যাতায়াত: পাহাৰীয়া অঞ্চলত যাতায়াত-পৰিবহণৰ ব্যৱস্থা তুলনামূলকভাৱে পিছপৰা আৰু সকলো ঠাই সুচল পথেৰে সংযুক্ত নহয়।
* প্ৰাকৃতিক দুৰ্যোগ: এই অঞ্চলবোৰত বাৰিষাকালত ভূমিস্খলনৰ দৰে সমস্যাই যাতায়াতত বাধা সৃষ্টি কৰাৰ লগতে জনজীৱন বিপন্ন কৰে।
