পাঠ – ৩ বতৰ, Class -5, Environment Chapter -10 

 

পাঠ – ৩ বতৰ, Class -5, Environment Chapter -10, Assamese medium

Next Chapter

 

পৃষ্ঠা ১৭ (কাৰ্যকলাপ)

চিন্তা কৰি লিখোঁ আহা –

প্ৰশ্ন: এনে বতৰত (খৰাং বতৰ) আমাৰ কি কি অসুবিধা হ’ব পাৰে? খেতিয়কৰ কি কি সমস্যা হ’ব পাৰে?

উত্তৰ: খৰাং বতৰত পানীৰ অভাৱ হয়, যাৰ ফলত মানুহ আৰু জীৱ-জন্তুৱে খোৱা পানীৰ কষ্টত ভোগে। খেতিয়কসকলৰ বাবে ই এক ডাঙৰ সমস্যা। বৰষুণৰ অভাৱত মাটি শুকাই যায়, মাটিত ছিৰাল-ফাঁট মেলে আৰু খেতি-বাতি কৰিব নোৱাৰা হয়, যাৰ ফলত খাদ্যৰ নাটনি হ’ব পাৰে।

দলত আলোচনা কৰি উত্তৰ লিখোঁ আহা –

প্ৰশ্ন: বিজুলী-গাজনিৰে বৰষুণ আহিলে আমি কিয় ঘৰৰ ভিতৰত আশ্রয় ল’ব লাগে?

উত্তৰ: বিজুলী-গাজনিৰে বৰষুণ আহিলে বিজুলী পৰি (বজ্ৰপাত) মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে। লগতে ধুমুহা-বতাহত গছ-গছনি বা ঘৰৰ টুকুৰা আদি ভাগি পৰি আঘাত কৰিব পাৰে। সেয়েহে নিৰাপদে থাকিবলৈ আমি ঘৰৰ ভিতৰত আশ্ৰয় ল’ব লাগে।

প্ৰশ্ন: নেৰা-নেপেৰা বৰষুণৰ ফলত আমাৰ কি কি ধৰণৰ সমস্যাৰ সৃষ্টি হয়?

উত্তৰ: নেৰা-নেপেৰা বৰষুণৰ ফলত বাট-পথ পানীৰে উপচি পৰে আৰু যাতায়াতত বিঘিনি ঘটে। ইয়াৰ ফলত নদ-নদী, খাল-বিল আদি পানীৰে উপচি পৰি বানপানীৰ সৃষ্টি হ’ব পাৰে।

প্ৰশ্ন: বহুদিন ধৰি বৰষুণ নহ’লে বতৰটো কিয় শুকান হৈ পৰে?

উত্তৰ: বহুদিন ধৰি বৰষুণ নহ’লে মাটি, নদী, পুখুৰী আদি পানীৰ উৎসসমূহ শুকাবলৈ ধৰে আৰু বায়ুত জলীয় বাষ্পৰ পৰিমাণ কমি যায়, যাৰ ফলত বতৰটো শুকান হৈ পৰে।

প্ৰশ্ন: ধুমুহা আহিলে আমাৰ কি কি অসুবিধা হ’ব পাৰে?

উত্তৰ: ধুমুহা আহিলে বৰ বেগেৰে বতাহ বলে। ইয়াৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি পৰে। কেতিয়াবা তীব্ৰ বতাহৰ লগতে মেঘৰ গাজনি, বিজুলী-ঢেৰেকণিৰে সৈতে দবা-পিটা বৰষুণো আহে।

পৃষ্ঠা ১৮ (কাৰ্যকলাপ)

চিন্তা কৰি লিখোঁ আহা –

(বতৰৰ অৱস্থা আৰু তাৰ লগত জড়িত উপাদান)

 * বতৰৰ অৱস্থা – আজি বৰ ৰ’দ দিছে

   * বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে – উষ্ণতা

 * বতৰৰ অৱস্থা – বতৰটো ডাৱৰীয়া হৈছে

   * বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে – মেঘৰ উপস্থিতি

 * বতৰৰ অৱস্থা – ধুমুহা আহিছে

   * বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে – বতাহৰ বেগ/দিশ

 * বতৰৰ অৱস্থা – নদ-নদীবোৰ পানীৰে উপচি পৰিছে

   * বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে – বৰষুণৰ পৰিমাণ

পৃষ্ঠা ১৯ (কাৰ্যকলাপ)

প্ৰশ্ন: তোমালোকে গৰমৰ দিনত আৰু ঠাণ্ডাৰ দিনত পিন্ধা সাজ-পাৰৰ নাম লিখা।

উত্তৰ:

 * গৰমৰ দিনৰ সাজ-পাৰ: গৰমৰ দিনত পাতল কপাহী কাপোৰ (যেনে – কটনৰ চার্ট, ফ্ৰক, টী-চার্ট) আৰু বগা বা পাতল ৰঙৰ পোছাক পিন্ধা হয়।

 * ঠাণ্ডাৰ দিনৰ সাজ-পাৰ: ঠাণ্ডাৰ দিনত উমাল গৰম কাপোৰ, যেনে – উণৰ কাপোৰ, চুৱেটাৰ, জেকেট, এৰী কাপোৰ আদি পিন্ধা হয়।

দলত আলোচনা কৰি কোৱা –

প্ৰশ্ন: মাঘ-ফাগুণ মাহত খাল-বিল, পুখুৰী আদিৰ পানী শুকাই যায় কিয়?

উত্তৰ: মাঘ আৰু ফাগুন মাহ শীতকালৰ ভিতৰত পৰে। এই সময়ত বৰষুণ একেবাৰে কম হোৱাৰ ফলত বতৰ শুকান আৰু ধূলিয়ৰি হ’বলৈ ধৰে, যাৰ বাবে খাল-বিল, পুখুৰী আদিৰ পানী শুকাই যায়।

প্ৰশ্ন: গৰমৰ দিনত ঘামচি-খজুৱতি আদিৰপৰা হাত সাৰি থাকিবলৈ আমি কি কি কৰিব পাৰোঁ?

উত্তৰ: গৰমৰ দিনত ঘামচি-খজুৱতি আদিৰপৰা হাত সাৰি থাকিবলৈ আমি পাতল কপাহী কাপোৰ পিন্ধিব লাগে, কাৰণ কপাহী কাপোৰে ঘামবোৰ সহজতে শুহি লয় আৰু ইয়াৰ মাজেৰে বতাহ চলাচল কৰে। নাইলন, পলিয়েষ্টাৰ আদি কৃত্রিম সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধাৰ পৰা বিৰত থাকিব লাগে।

পৃষ্ঠা ২১ (কাৰ্যকলাপ)

চিন্তা কৰি লিখা –

প্ৰশ্ন: বতৰৰ আগজাননীয়ে তলত দিয়া ব্যক্তিসকলক কিদৰে বিশেষভাৱে সহায় কৰে।

উত্তৰ:

 * খেতিয়কঃ ধুমুহা, বৰষুণ বা খৰাং বতৰৰ আগজাননী পালে খেতিয়কসকলে শস্য চপোৱা, শস্য ৰক্ষা কৰা বা নতুন খেতিৰ বাবে প্ৰস্তুতি চলোৱাৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে।

 * জাহাজৰ নাৱিকঃ সাগৰৰ বতৰ, ধুমুহা আদিৰ বিষয়ে আগতীয়াকৈ জানিলে নাৱিকসকলে নিজৰ যাত্ৰা নিৰাপদ কৰিব পাৰে বা বিপদজনক পৰিস্থিতিত যাত্ৰা বাতিল কৰিব পাৰে।

 * বৈমানিক বা বিমান-চালকঃ বতৰৰ আগজাননীয়ে (যেনে – ধুমুহা, কুঁৱলী, ডাৱৰৰ অৱস্থান) বিমান-চালকক বিমান নিৰাপদে অৱতৰণ বা উৰণ কৰোৱাত সহায় কৰে।

 * সাগৰত মাছ মৰা মাছমৰীয়াঃ ধুমুহা বা সাগৰ উত্তাল হোৱাৰ আগজাননী পালে মাছমৰীয়াসকলে সাগৰলৈ যোৱাৰ পৰা বিৰত থাকি নিজৰ জীৱন ৰক্ষা কৰিব পাৰে।

 * পৰ্বতাৰোহণকাৰীঃ বতৰৰ আগজাননীয়ে পৰ্বতাৰোহণকাৰীক বৰফ পৰা, ধুমুহা অহা আদি বিপদৰ বিষয়ে আগতীয়াকৈ সঁকীয়াই দিয়ে, যাৰ ফলত তেওঁলোকে নিৰাপদ স্থানত আশ্ৰয় ল’ব পাৰে।

পৃষ্ঠা ২২ (অনুশীলনী)

১। উত্তৰ লিখা –

(ক) বতৰ বুলিলে কি বুজা?

উত্তৰ: বায়ুমণ্ডলৰ বিভিন্ন পৰিস্থিতি, যেনে – বতাহ বলা, বৰষুণ হোৱা, ধুমুহা-গাজনি অহা বা ফৰকাল হৈ থকা, এনে একো একোটা অৱস্থাই বতৰৰ সৃষ্টি কৰে।

(খ) ঋতু কেইটা আৰু কি কি?

উত্তৰ: আমাৰ দেশত বছৰটোত ছটা ঋতু অনুভূত হয়। সেইকেইটা হ’ল- গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

(গ) বতৰৰ আগজাননী মানে কি?

উত্তৰ: ৰেডিঅ’, দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জনোৱা হয়। এনে জাননীক বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বোলা হয়।

(ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম।

উত্তৰ: বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম হ’ল- থাৰ্ম’মিটাৰ (উত্তাপ জোখা), বেৰ’মিটাৰ (চাপ জোখা), আৰু ৰেইনগ’জ (বৰষুণৰ পৰিমাণ জোখা)।

(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে?

উত্তৰ: আমাৰ দেশত ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা –

 * বায়ুৰ উষ্ণতা – থাৰ্ম’মিটাৰ

 * বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ – হাইগ্ৰ’মিটাৰ

 * বৰষুণৰ পৰিমাণ – ৰেইনগজ

 * বায়ুৰ গতিবেগ – এনিম’মিটাৰ

৩। খালী ঠাই পূৰ কৰা –

(ক) গৰম দিনত পাতল কপাহী কাপোৰ আৰামদায়ক।

(খ) বতাহৰ দিশ জুখিবলৈ দিক-দর্শীসূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

(গ) বায়ুমোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(ঘ) ধুমুহা আহিলে আকাশত বিজুলী-ঢেৰেকণি মাৰে আৰু মেঘেও গাজে।

৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়?

উত্তৰ: বতৰৰ আগজাননী ৰেডিঅ’, দূৰদৰ্শন, বাতৰি-কাকত আৰু ইণ্টাৰনেটৰ জৰিয়তে দিয়া হয়।

৫। চমু টোকা লিখা –

 * (ক) ৰেইনগজ: ৰেইনগ’জ হ’ল বতৰ বিজ্ঞান কেন্দ্ৰত ব্যৱহাৰ কৰা এবিধ সঁজুলি। ইয়াৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়।

 * (খ) কৃত্রিম উপগ্রহ: আজি-কালি বতৰৰ আগজাননী দিয়াত কৃত্রিম উপগ্রহ বিশেষভাৱে ব্যৱহৃত হয়।

 * (গ) বতৰ বিজ্ঞান কেন্দ্ৰ: বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিভিন্ন তথ্য-পাতি সম্বন্ধে আমাক জানিবলৈ দিয়ে। এই কেন্দ্ৰত থাৰ্ম’মিটাৰ, বেৰ’মিটাৰ, ৰেইনগ’জ আদি সঁজুলি ব্যৱহাৰ কৰি বতৰৰ তথ্য লাভ কৰা হয়। আমাৰ দেশত ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে এই কাম কৰে।

 * (ঘ) খৰাং বতৰ: যেতিয়া বহুদিন ধৰি বৰষুণ নহয়, তেতিয়া বতৰ শুকান হৈ পৰে আৰু মাটিত ছিৰাল-ফাঁট মেলে। এনে বতৰক খৰাং বতৰ বা শুকান বতৰ বুলি কোৱা হয়।

 * (ঙ) ফৰকাল বতৰ: যেতিয়া আকাশত ডাৱৰ নাথাকে আৰু আকাশখন মুকলি হৈ থাকে, তেনে বতৰক ফৰকাল বতৰ বোলে। এনে বতৰত সকলো ধৰণৰ কাম-কাজ কৰিবলৈ সুবিধা হয়।

৬। বতৰ অনুযায়ী আমাৰ সাজ-পাৰ কেনেধৰণৰ হ’ব লাগে লিখা।

উত্তৰ: বতৰ অনুযায়ী আমাৰ সাজ-পাৰ বেলেগ বেলেগ হয়।

 * গৰমৰ দিনত: আমি পাতল কপাহী কাপোৰ পিন্ধিব লাগে। কপাহী কাপোৰে ঘাম শুহি লয় আৰু বতাহ চলাচল কৰিবলৈ দিয়ে, যাৰ ফলত শৰীৰ শীতল থাকে। বগা বা পাতল ৰঙৰ কাপোৰ পিন্ধা উচিত।

 * শীতকালত: আমি উমাল গৰম কাপোৰ, যেনে- উণৰ কাপোৰ বা অসমত তৈয়াৰী এৰী কাপোৰ পিন্ধিব লাগে, যিয়ে আমাক শীতৰ পৰা ৰক্ষা কৰে।

৭। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে।

উত্তৰ: বতৰৰ আগজাননীয়ে খেতিয়কক খেতিৰ কামত, জাহাজৰ নাৱিকক জাহাজ চলোৱাত, বৈমানিক বা বিমান-চালকক বিমান উৰুওৱাত, সাগৰত মাছ মৰা মাছমৰীয়াক সাগৰলৈ যোৱাৰ ক্ষেত্ৰত, আৰু পৰ্বতাৰোহণকাৰীক পৰ্বত বগোৱাত বিশেষভাৱে সহায় কৰে।

৮। বতৰৰ উপাদানকেইটাৰ নাম কি কি?

উত্তৰ: বতৰৰ উপাদানকেইটাৰ নাম হ’ল- বায়ুমণ্ডলৰ উষ্ণতা, চাপ, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, আৰু বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ।

Leave a Comment

Your email address will not be published. Required fields are marked *