
পাঠ ২: সময় মণ্ডল আৰু মানচিত্র, Class 6, Chapter 2, SEBA New Book, Assamese Medium
অনুশীলনী – ১ (পৃষ্ঠা ১৩)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান?
উত্তৰ: ওচৰা-ওচৰি দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে ১ ঘণ্টা হয়।
(খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?
উত্তৰ: পৃথিৱীখনক ২৪ টা সময় মণ্ডলত ভাগ কৰা হৈছে।
(গ) ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে?
উত্তৰ: ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা ৮২.৩০’ পূব দ্রাঘিমাৰেখাৰ সময়কেই দেশখনৰ মান সময় (Standard Time) হিচাপে গণ্য কৰা হৈছে।
২. সময় মণ্ডল কেনেকৈ গণনা কৰা হয়?
উত্তৰ: সময় মণ্ডলৰ গণনা দ্রাঘিমাৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয়। পৃথিৱীয়ে ২৪ ঘণ্টাত এটা পূৰ্ণ চক্ৰ সম্পূৰ্ণ কৰে, অৰ্থাৎ ৩৬০° কোণ অতিক্ৰম কৰে। সেই অনুসাৰে, পৃথিৱীয়ে এক ঘণ্টাত ১৫° দ্রাঘিমাংশ অতিক্ৰম কৰে। লণ্ডনৰ গ্ৰীনউইচৰ মাজেদি যোৱা ০° দ্রাঘিমাৰেখাক মুখ্য দ্রাঘিমাৰেখা বুলি কোৱা হয়। এই মুখ্য দ্রাঘিমাৰেখাৰ সময়ৰ সৈতে প্ৰতিটো ১৫° দ্রাঘিমাংশৰ বাবে এক ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল নিৰ্ধাৰণ কৰা হয়। মুখ্য দ্রাঘিমাৰেখাৰ পৰা পূব দিশলৈ গ’লে সময় আগবাঢ়ে (যোগ হয়) আৰু পশ্চিম দিশলৈ গ’লে সময় পিছুৱাই (বিয়োগ হয়)।
অনুশীলনী – ২ (পৃষ্ঠা ১৬)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰ: মানচিত্ৰ এখন প্ৰস্তুত আৰু অধ্যয়ন কৰাৰ ক্ষেত্ৰত চাৰিটা মূল উপাদান থাকে। সেইকেইটা হ’ল- দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন।
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰ: প্রধান দিশ চাৰিটা হ’ল- উত্তৰ (North), দক্ষিণ (South), পূব (East) আৰু পশ্চিম (West)।
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ: ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয়, তাকেই স্কেল বা মাপনী (Scale) বোলে।
২. কিছু ক্ষেত্রত গোলকতকৈ মানচিত্র কিয় বেছি সুবিধাজনক?
উত্তৰ: গোলক হ’ল সমগ্ৰ পৃথিৱীখনৰ এটা ক্ষুদ্ৰ আৰ্হি। আনহাতে, মানচিত্ৰত পৃথিৱীৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা হয় আৰু ইয়াত এক বা বহুধৰণৰ তথ্য, যেনে- প্রাকৃতিক, ৰাজনৈতিক, বতৰ, জনসংখ্যা আদি দেখুৱাব পাৰি। বিশেষ বিষয় দেখুৱাবলৈ বিষয়ভিত্তিক মানচিত্ৰও (Thematic Map) অঁকা হয়। সেয়েহে, কোনো এটা অঞ্চলৰ বিতং তথ্য জানিবলৈ বা বিশেষ বিষয়বস্তু অধ্যয়ন কৰিবলৈ গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক।
৩. মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি?
উত্তৰ: মানচিত্ৰ হ’ল দিশ আৰু দূৰত্বৰ অনুপাত (মাপনী) সঠিক ৰূপত ৰাখি অংকন কৰা পৃথিৱী বা ইয়াৰ কোনো এটা অংশৰ চিত্ৰ। আনহাতে, নক্সা বা সাধাৰণ চিত্ৰ এখন মাপনী বা নির্দিষ্ট জোখ-মাখ নোহোৱাকৈ অঁকা হয়; ই কেৱল এটা ঠাইৰ সাধাৰণ আৰ্হিহে মাথোন।
৪. মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহয় কৰে?
উত্তৰ: মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰে’লপথ আদি উপাদানবোৰ প্ৰকৃত ৰূপত আঁকি দেখুৱাব নোৱাৰি। সেয়েহে, এই তথ্যবোৰ দেখুৱাবলৈ বিভিন্ন আখৰ, ৰং, ৰেখা, বা সাংকেতিক চিহ্ন (Symbol) ব্যৱহাৰ কৰা হয়। এই চিহ্নবোৰে এখন ঠাইৰ বিভিন্ন তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এই চিহ্নবোৰ গোটেই পৃথিৱীতে একে (প্রচলিত চিহ্ন) হোৱা বাবে, কোনো নতুন ঠাইৰ ভাষা নজানিলেও, মানচিত্ৰৰ চিহ্নবোৰৰ সহায়ত সেই ঠাইখনৰ বিষয়ে প্ৰয়োজনীয় তথ্য জানিব পাৰি।
