পাঠ – ২: কালিকা লগা পাট-কাপোৰ, Class -7, Chapter -2, SEBA New Book, Assamese Medium

Next Chapter

পাঠ – ২: কালিকা লগা পাট-কাপোৰ

পৃষ্ঠা ১১: জানো আহা (শব্দ-অৰ্থ)

চহকী – ধনী

দেখনিয়াৰ – সুঠাম আৰু দেখিবলৈ ধুনীয়া

বনকৰা – বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা

ৰূপান্তৰিত – গঢ় বা আকাৰ সলনি হোৱা

পেৰা – ধন-বস্তু সুমুৱাই থোৱা নলগোৱা কাঠৰ বাকচ

জকমকীয়া – নানা ৰঙৰ জিলিকনি থকা, চকমক কৰা

প্রচলিত – চলি থকা

সুশোভিত – সুসজ্জিত, অতি শোভাযুক্ত

সৰহ – অধিক, বহুত, অনেক

পৃষ্ঠা ১১: ক-পাঠভিত্তিক ক্রিয়া

২। উত্তৰ দিয়া।

(ক) চহকী মানুহজন কোন দেশৰ আছিল?

উত্তৰ: চহকী মানুহজন আচিক দেশৰ আছিল।

(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?

উত্তৰ: চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।

(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?

উত্তৰ: ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট-কাপোৰ দিয়া হৈছিল।

(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?

উত্তৰ: কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কৈছিল যে ‘এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব’।

(ঙ) আচিক সম্প্রদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

উত্তৰ: আচিক দেশৰ লোকসকল মাতৃপ্রধান জাতি, সেই নিয়ম অনুসৰি ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।

(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?

উত্তৰ: ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ওচৰৰ জান এটাত চেপা (খোকা) পাতি মাছ ধৰিবলৈ গৈছিল।

(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ’ল?

উত্তৰ: কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই (চিত্ৰৰী) হৈ পৰিল।

পৃষ্ঠা ১২: ক্রিয়া-কলাপ (অৱশিষ্ট)

৩। চমু উত্তৰ লিখা।

(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?

উত্তৰ: কাপোৰখনৰ বিশেষত্ব আছিল যে এটা বিশেষ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ তাত কোনোবাই হাত দিলে, সেই ব্যক্তিজন চকুৰ পচাৰতে চৰাইলৈ ৰূপান্তরিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।

(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিত্ৰৰী চৰাই লৈ ৰূপান্তরিত হৈছিল?

উত্তৰ: ছোৱালীজনীয়ে (ঘৈণীয়েকে) কাপোৰখন ৰ’দত দি মাছ মাৰিবলৈ যাওঁতে গিৰিয়েকক বৰষুণ দিলেও কাপোৰখন নুচুবলৈ কৈ গৈছিল। কিন্তু ধাৰাসাৰে শিল-বৰষুণ অহাত গিৰিয়েকে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখন সামৰিবলৈ গৈ তাত হাত দিলে। লগে লগেই তেওঁ এটা সুশোভিত চিত্ৰৰী (ময়ূৰ) চৰাইলৈ ৰূপান্তৰিত হ’ল।

(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ’ল?

উত্তৰ: গিৰিয়েকজনে কাপোৰখন চুই দিয়া কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তায়ো এজনী চৰাইৰ (মাইকী ম’ৰা চৰাই) ৰূপ পালে।

৪। তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা।

প্রচলিত – চলি থকা

দেখনিয়াৰ – সুঠাম আৰু দেখিবলৈ ধুনীয়া

চহকী – ধনী

সুশোভিত – সুসজ্জিত

সৰহ – বহুত

পৃষ্ঠা ১২: খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।

(প্ৰশ্ন): এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল

(উত্তৰ): এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ, সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

পৃষ্ঠা ১৩: ক্রিয়া-কলাপ (অৱশিষ্ট)

৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্রিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।

সমাপিকা ক্রিয়া

১. সময়ত এজন দেখনিয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ’ল।

২. জীয়েক-জোঁৱায়েকে কাপোৰখন সযত্নে ৰাখিছিল।

অসমাপিকা ক্রিয়া

১. এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলে।

২. কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে।

পৃষ্ঠা ১৪: ক্রিয়া-কলাপ (অৱশিষ্ট)

৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়া বাছি উলিয়াই তলৰ বাকচত লিখা।

সমাপিকা ক্রিয়া

যাম

নাযাওঁ

বুটলিম

পঢ়ে

চাওঁ

অসমাপিকা ক্রিয়া

উঠি

আহি

পৃষ্ঠা ১৫: গ – জ্ঞান সম্প্ৰসাৰণ

৮। পুৰণি কালত তোমাৰ ককা-আইতাৰাহঁতে কাপোৰ-কানি, বাচন-বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ-কানি, বাচন-বর্তন ক’ত থোৱা, তাৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:

কাপোৰ-কানি থোৱা ঠাই: আলমাৰী, ৱাৰড্ৰ’ব, চেল্ফ, ড্ৰয়াৰ।

বাচন-বৰ্তন থোৱা ঠাই: ৰান্ধনি ঘৰৰ কেবিনেট, চেল্ফ, বাচন থোৱা ৰেক।

৯। ছবিখনত দিয়া সঁজুলিকেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা।

উত্তৰ:

বৰশী: মাছ ধৰা বা মাৰা কামত ব্যৱহাৰ কৰা হয়।

খালৈ: মাছ ধৰি থ’বলৈ ব্যৱহাৰ কৰা হয়।

পল: পানী কম থকা ঠাইত মাছ ধৰা কামত ব্যৱহাৰ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *