পাঠ ১: অসম আমাৰ ৰূপহী, Class 5, Chapter 1,

 

পাঠ ১: অসম আমাৰ ৰূপহী, Class 5, Chapter 1, SEBA New Book, Assamese Medium

Next Chapter 

 

(পৃষ্ঠা ১-২)

(এই পৃষ্ঠাবোৰত ড° ভূপেন হাজৰিকাৰ ‘অসম আমাৰ ৰূপহী’ গীতটি দিয়া হৈছে।)

(পৃষ্ঠা ৩)

ক্রিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া)

উত্তৰ দিয়া

(ক) ড° ভূপেন হাজৰিকাই ‘আই’ বুলি কাক সম্বোধন কৰিছে?

* উত্তৰ: ড° ভূপেন হাজৰিকাই ‘আই’ বুলি অসম দেশক সম্বোধন কৰিছে।

(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?

* উত্তৰ: ড° ভূপেন হাজৰিকাই মাঘ মাহত সোণৰ হাতেৰে লখিমী আদৰাৰ কথা কৈছে।

(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?

* উত্তৰ: শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়।

(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?

* উত্তৰ: অসমৰ ভাষাই (ভাষাৰ মৰমবোৰে) পাহাৰ-ভৈয়ামৰ মিলন সেতু গঢ়ে।

(ঙ) ড° ভূপেন হাজৰিকাই ক’ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে?

* উত্তৰ: ড° ভূপেন হাজৰিকাই অসমতে (ইয়াতেই) মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে কোনখন দেশক বুজাইছে?

* উত্তৰ: এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে অসম দেশক বুজাইছে।

(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো কি নোপোৱাৰ কথা কৈছে?

* উত্তৰ: গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে।

(জ) ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা।

* উত্তৰ: ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ চিৰ বিনন্দীয়া আৰু সেউজীয়া বুলি কৈছে।

দলত আলোচনা কৰি বহলাই লিখা

(ক) ৰামধনু কি আৰু ৰামধনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি?

* উত্তৰ: ৰামধনু হ’ল বৰষুণৰ পাছত আকাশত দেখা দিয়া সাতোৰঙী ধেনু। ৰামধনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে হ’ল—অসমৰ মৰমৰ ভাষাই ৰামধনুৰ দৰে পাহাৰ আৰু ভৈয়ামত বাস কৰা সকলো মানুহৰ মাজত মিলনৰ সেতু গঢ়ি তোলে।

(খ) লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে?

* উত্তৰ: লৌহিত্য মানে হ’ল ব্ৰহ্মপুত্ৰ নদী। এই নদীৰ পাৰতে অসমীয়া সভ্যতা-সংস্কৃতি গঢ়ি উঠিছে আৰু ইয়াতেই তেওঁ জন্ম লোৱাৰ বাবে গীতিকাৰে ইয়াৰ বহল পাৰক প্ৰণিপাত জনাইছে।

(পৃষ্ঠা ৪)

উত্তৰ দিয়া

(ক) গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে। ‘ৰ’ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে?

* উত্তৰ: গীতটিত ‘ৰ’ আখৰটো ২১ বাৰ ব্যৱহাৰ হৈছে।

(খ) গীতটিত ‘া’ -কাৰ (স্বৰ) চিনটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো কাৰ (স্বৰ) চিন এবাৰো ব্যৱহাৰ হোৱা নাই?

* উত্তৰ: গীতটিত ‘ঋ’ -কাৰ (ৃ) চিনটো এবাৰো ব্যৱহাৰ হোৱা নাই।

(গ) গীতটিত থকা ‘ৰ’ আৰু ‘ৰে’-ৰে শেষ হোৱা শব্দবোৰ লিখা

* ৰ-ৰে শেষ হোৱা

* আমাৰ

* গুণৰ

* দিশৰ

* তোমাৰ

* আমাৰে

* সোণৰ

* তৰাৰে

* তোমাৰ

* ভাষাৰ

* মৰমবোৰ

* পাৰক

* ৰে-ৰে শেষ হোৱা

* ভাৰতৰে

* ঘূৰে

* হাতেৰে

* ভাৰতৰে

* দৰে

* ভাৰতৰে

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১. গীতটিৰ পৰা কাৰ (স্বৰ) চিন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি কাৰ (স্বৰ) চিন যোগ হৈছে ভাঙি দেখুওৱা।

* যেনে-ৰূপহী – ৰূ = ৰ + উ-কাৰ

২. গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা।

* যেনে- বিনন্দীয়া – ন্দ = ন + দ – আনন্দ, সুন্দৰ

(পৃষ্ঠা ৫)

৩. উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা

* (ক) উদাহৰণ – ৰূপহ-ৰূপহী, কাঁহ- কাঁহী

* কপাহ – কপাহী

* চেনেহ – চেনেহী

* বাঁহ – বাঁহী

* (খ) উদাহৰণ – ৰস – ৰসাল

* জীপ – জীপাল

* নোম – নোমাল

* তেজ – তেজাল

* কোব – কোবাল

* ভোগ – ভোগাল

* (গ) উদাহৰণ – সোণ – সোণালী, ৰং-ৰঙালী

* ৰূপ – ৰূপালী

* জোন – জোনালী

* (ঘ) উদাহৰণ- বিনন্দ-বিনন্দীয়া, চহৰ-চহৰীয়া

* দুখ – দুখীয়া

* নিয়ম – নিয়মীয়া

* নগৰ – নগৰীয়া

৪. একে অৰ্থ প্ৰকাশ কৰা শব্দ (সমাৰ্থক) লিখা।

* সূর্য- বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি

* আকাশ – (গগন, অম্বৰ, শূন্য)

* বায়ু – (বতাহ, পৱন, সমীৰ)

* পৃথিৱী – (ধৰা, বসুন্ধৰা, অৱনী)

(পৃষ্ঠা ৬)

৫. তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে। তাৰ পৰা বিচাৰি উলিয়াই লিখা।

* যেনে – আৰম্ভণি – শেষ

* ঠেক – বহল

* বিচ্ছেদ – মিলন

* অনাদৰ – আদৰ

* নিৰস – ৰসাল

* দিৱস – ৰাতি

* কুৰূপা – ৰূপহী

* পশ্চিম – পূৰ্ব

৬. তলৰ অংশ দুটা আঁচ টানি মিলোৱা।

* সোণালী – যি সোণৰ নিচিনা বৰণৰ

* চিত্ৰকৰ – যি চিত্র আঁকে

* ৰসাল – যি ৰসেৰে পৰিপূৰ্ণ

* গীতিকাৰ – যি গীত লিখে

৭. তলৰ শব্দবোৰেৰে বাক্য সাজা

* অলেখ – (আকাশত অলেখ তৰা আছে।)

* আদৰ – (মাঘত অসমীয়াই লখিমী আদৰে।)

* পৰিৱেশ – (অসমৰ সেউজীয়া পৰিৱেশ বৰ ধুনীয়া।)

* সমাৱেশ – (গীতটিত মধুৰ ৰূপৰ সমাৱেশ ঘটিছে।)

* বিনন্দীয়া – (অসমৰ পৰিৱেশ চিৰ বিনন্দীয়া।)

গ – জ্ঞান সম্প্ৰসাৰণ

১. ‘অসম আমাৰ ৰূপহী’ ত থকা আখৰকেইটাৰ সহায়ত নতুন শব্দ গঠন কৰা।

* যেনে – ৰূপ, অৰূপ, ৰূপম

* মা, মাহী, মহী

* পৰ, পৰম, পৰমা

* মৰ, অমৰ, সমৰ

(পৃষ্ঠা ৭)

২. ‘জন্ম ল’লোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ’ … (এই সম্পৰ্কে কবি নলিনীবালা দেৱীৰ ‘জনমভূমি’ কবিতাটো সংগ্ৰহ কৰি পঢ়িবলৈ দিয়া হৈছে।)

৩. ‘চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ’ … (অসমৰ পৰিৱেশ সম্পৰ্কে আলোচনা চক্ৰ।)

জানো আহা

* লখিমী আদৰা (ধানৰ আগ অনা উৎসৱ) – খেতি চপোৱাৰ অৰ্থে পালিত উৎসৱৰ অংগৰূপে পৰম্পৰাগত ৰীতি অনুযায়ী গছীধান ঘৰলৈ অনা কাৰ্য।

* সাঙুৰি দিয়া বা খোৱা – কোনো এঘৰত ধান চপাবলৈ সমূহীয়াকৈ অথচ কোনো পাৰিশ্ৰমিক অবিহনে কৰি দিয়া কাম। এই অৰ্থতে সাঙুৰি দিয়া মানুহে যি ভোজ-ভাত খায় তাকে সাঙুৰি খোৱা বোলে। ইয়াকে সাঁউৰি খোৱাও বোলা হয়।

* ন-খোৱা – নকৈ চপোৱা খাদ্য শস্য, বিশেষকৈ নতুন ধানৰ চাউলেৰে লগে-ভাগে খোৱা প্ৰীতি ভোজ।

* খেতি উঠা উৎসৱ – পথাৰৰ পৰা খেতি চপোৱা কাৰ্যৰ সমাপ্তি উপলক্ষে আয়োজিত উৎসৱ, য’ত আনন্দ সহকাৰে পৰমজনাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়।

(পৃষ্ঠা ৮)

ঘ-প্রকল্প

* ‘অসম আমাৰ ৰূপহী’ এটি দেশপ্ৰেমমূলক গীত। ড° ভূপেন হাজৰিকাই ৰচনা কৰা অন্য দুটি দেশপ্ৰেমমূলক গীত সংগ্ৰহ কৰি গোৱা। (যেনে- ‘মহাবাহু ব্ৰহ্মপুত্ৰ…..’)

* অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত থলুৱা নৃত্যৰ ছবি সংগ্ৰহ কৰা।

 

 

জানি থোৱা: ড° ভূপেন হাজৰিকাৰ জীৱন পঞ্জী

* ১৯২৬: ৮ ছেপ্টেম্বৰত শদিয়াত জন্ম। পিতৃ – নীলকান্ত হাজৰিকা, মাতৃ – শান্তিপ্রিয়া হাজৰিকা।

* ১৯৩০: ৫ বছৰ বয়সতে গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ সভাত প্ৰথম গীত পৰিৱেশন।

* ১৯৩৬: ‘জয়মতী’ বোলছবিৰ বাবে দুটি গীত বাণীবদ্ধ।

* ১৯৩৭: ‘কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান’- ৰচিত প্ৰথম গীত।

* ১৯৩৯: ‘ইন্দ্ৰমালতী’ ছবিত অভিনয় আৰু ‘মইনা কেতিয়া আহিলি তই’ গীতটি পৰিৱেশন।

* ১৯৪০: তেজপুৰ চৰকাৰী বয়জ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ।

* ১৯৪২: কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু ‘স্কুল অৱ আৰ্ট’ ত ভৰ্তি।

* ১৯৪৩: আকাশবাণীত গীত পৰিৱেশন।

(পৃষ্ঠা ৯)

* ১৯৪৬: ৰাজনীতি বিজ্ঞানত এম.এ. পাছ কৰি বি.বৰুৱা কলেজত প্ৰবক্তা হিচাপে যোগদান।

* ১৯৪৮: ‘চিৰাজ’ বোলছবিৰ সংগীত পৰিচালনা আৰু অভিনয়।

* ১৯৫০: প্রিয়ম পেটেলৰ সৈতে নিউয়ৰ্ক চহৰত বিবাহ সম্পন্ন।

* ১৯৫২: কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ। তেওঁৰ থেছিচৰ বিষয় আছিল ‘মাছ কমিউনিকেশ্বন ইন ইণ্ডিয়া’জ এডাল্ট এডুকেশ্বন’।

* ১৯৫৪: গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তাৰূপে যোগদান।

* ১৯৬০: ‘মানুহে মানুহৰ বাবে’ গীতটি ৰচনা।

* ১৯৬১: ‘শকুন্তলা’ ছবিৰ পৰিচালনা, এই কথাছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ।

* ১৯৬৬: ‘লটি-ঘটি’ কথাছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ।

* ১৯৬৭: নাওবৈচা সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাপে নিৰ্বাচিত।

* ১৯৭৩: প্ৰথমবাৰৰ বাবে হিন্দী বোলছবিৰ সংগীত পৰিচালক।

* ১৯৭৬: ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ‘স্বর্ণকমল পুৰস্কাৰ’ লাভ।

* ১৯৮৫: ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড জুৰীৰ সভাপতি।

* ১৯৮৮: অসম চৰকাৰৰ ‘শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা’ লাভ আৰু ‘সংগীত নাটক অকাডেমী’ৰ বঁটা লাভ।

* ১৯৯৩: ‘অসম সাহিত্য সভা’ৰ সভাপতি নিৰ্বাচিত আৰু ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ।

* ১৯৯৮: ‘সংগীত নাটক অকাডেমী’ৰ সভাপতি হিচাপে মনোনীত।

* ২০০১: ভাৰত চৰকাৰৰ ‘পদ্মভূষণ’ সন্মান লাভ

* ২০০৮: অসম চৰকাৰৰ ‘অসম ৰত্ন’ উপাধি লাভ।

* ২০১১: ৫ নৱেম্বৰত দেহাৱসান (মুম্বাইত)।

* ২০১২: ভাৰত চৰকাৰৰদ্বাৰা মৰণোত্তৰভাৱে ‘পদ্মবিভূষণ’ সন্মান লাভ।

Leave a Comment

Your email address will not be published. Required fields are marked *