
পাঠ – ১৪: বিদ্যা
লেখক: সত্যনাথ বৰা
পৃষ্ঠা: ১১২-১১৫
—
ক – পাঠভিত্তিক ক্রিয়া
৩। উত্তৰ দিয়া:
(ক) লেখকে বিদ্যাৰ লগত কি কি বস্তুৰ তুলনা কৰিছে?
উত্তৰ: লেখকে বিদ্যাৰ লগত কাপ, হাল আৰু চৰুৰ তুলনা কৰিছে।
(খ) লিখিবলৈ কিহৰ আৱশ্যক?
উত্তৰ: লিখিবলৈ কাপৰ আৱশ্যক।
(গ) বিদ্যাৰ আলম নহ’লে কি কৰিব নোৱাৰি?
উত্তৰ: বিদ্যাৰ আলম নহ’লে কোনেও কোনো বিষয়তে উদগতি কৰিব নোৱাৰে।
(ঘ) কোনে পৃথিৱীত নাম জিলিকাইছে?
উত্তৰ: যিসকল লোক গভীৰ বিদ্যাৰ গৰাকী, তেওঁলোকেই পৃথিৱীত নাম জিলিকাইছে।
(ঙ) বিদ্যাৰ ৰশ্মিৰ পোহৰত মানুহে কি কি লাভ কৰে?
উত্তৰ: বিদ্যাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে।
—
৪। ‘বিদ্যা মানৱ মনৰ দীপ্তি…’ – কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰ:
‘বিদ্যা মানৱ মনৰ দীপ্তি’ কথাষাৰৰ তাৎপৰ্য হ’ল যে বিদ্যাক এক পোহৰৰ লগত তুলনা কৰা হৈছে। এই পোহৰে মানুহৰ মনক আলোকিত কৰে। বিদ্যাৰ পোহৰ নাপালে মানুহৰ মন আন্ধাৰত থাকে, যাৰ ফলত তেওঁলোকে নিজৰ ক্ষমতা থকা স্বত্ত্বেও তাক খটুৱাবলৈ সঠিক বাট বিচাৰি নাপায়। বিদ্যাই মন পোহৰাই তুলিলেহে মানুহে সংসাৰত নিজৰ কৰ্ম কৰি উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে।
—
৫। খালী ঠাই পূৰ কৰা:
(ক) লাগতিয়াল আহিলাপাতি যতনাই নল’লে কোনেও কাম সুকলমে কৰিব নোৱাৰে।
(খ) এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদগতি সাধনৰো তেনে সুকীয়া আহিলা আছে।
(গ) বিদ্যাই আঁতৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়।
(ঘ) কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি।
(ঙ) বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়।
—
খ – ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
৬। তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াৰাচক বিশেষ্য পদবোৰ বাছি উলিয়োৱা:
শব্দবোৰ: পোহৰাই, খোৱা, ৰন্ধন, কথন, লিখন, শোৱা, দাৱন, পঢ়ন
উত্তৰ: খোৱা, ৰন্ধন, কথন, লিখন, শোৱা, দাৱন, পঢ়ন।
—
৭। উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা:
উদাহৰণ:
গুণ + ৱন্ত = গুণৱন্ত
ৰূপ + ৱন্ত = ৰূপৱন্ত
শক্তি + মন্ত = শক্তিমন্ত
খ্যতি + মন্ত = খ্যাতিমন্ত
শ্ৰী + মন্ত = শ্ৰীমন্ত
অভিধানৰ অৰ্থ:
ৰূপৱন্ত: ধুনীয়া, সুন্দৰ চেহেৰাৰ।
খ্যাতিমন্ত: বিখ্যাত, যাৰ নাম-যশ আছে।
শ্ৰীমন্ত: ধুনীয়া, সৌন্দৰ্যশালী; লক্ষ্মীৱন্ত।
—
৮। সমাৰ্থক শব্দবোৰ আঁক টানি মিলাই লিখা:
বাওঁফালৰ শব্দ সোঁফালৰ সমাৰ্থক শব্দ
সুকলমে নিয়াৰিকৈ
সুকীয়া পৃথক
বৃথা নিষ্ফল
ফৰকাল পোহৰ
লাগতিয়াল আৱশ্যক / প্রয়োজনীয়
আলম আশ্ৰয়
—
৯। বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা:
বাওঁফালৰ শব্দ বিপৰীত অৰ্থ
লাগতিয়াল অলাগতিয়াল
উদগতি অধোগতি
বিদ্যা-হীন বিদ্যাৱন্ত
আন্ধাৰ পোহৰ
—
খ – ভাষা অধ্যয়ন (অৱশিষ্ট)
১০। বাক্য ৰচনা কৰা:
১. খ্যাতিমন্ত: সত্যনাথ বৰা এজন খ্যাতিমন্ত অসমীয়া সাহিত্যিক আছিল।
২. উদগতি: বিদ্যাৰ আলম নহ’লে কোনো কামতে উদগতি কৰিব নোৱাৰি।
৩. পৃথিৱী: গভীৰ বিদ্যাৰ গৰাকীসকলে পৃথিৱীত নাম জিলিকাইছে।
৪. ক্ষণিকৰ: মানুহৰ জীৱন ক্ষণিকৰ বাবে, কিন্তু কৰ্ম চিৰদিন থাকে।
৫. বৃথা: বিদ্যা-হীন মানুহৰ জীৱন বৃথা।
—
গ – জ্ঞান সম্প্ৰসাৰণ
১১। দলত আলোচনা কৰি লিখা:
প্ৰশ্ন: ‘ৰন্ধন’ শব্দটোৰ পৰা ৰান্ধনি, ৰান্ধনী, ৰন্ধন-শাল, ৰন্ধা-বঢ়া আদি অনেক শব্দ সাজিব পাৰি। ‘বিদ্যা’ শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা।
উত্তৰ: ‘বিদ্যা’ শব্দটোৰ পৰা সাজিব পৰা কিছুমান শব্দ হ’ল –
বিদ্যাৱন্ত
বিদ্যা-হীন
বিদ্যালয়
বিদ্বান
বিদ্যার্থী
বিদ্যাৰম্ভ
বিদ্যাশিক্ষা
—
১২। তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা (অভিধানৰ ক্ৰমত):
শব্দবোৰ: যশস্যা, সুকলমে, সুচল, কৰ্ষণ, আলম, লিখন, ৰশ্মি, বৃথা, চৰু, গভীৰ, ক্ষণিকৰ, ধন
উত্তৰ:
১. আলম
২. কৰ্ষণ
৩. ক্ষণিকৰ
৪. গভীৰ
৫. চৰু
৬. ধন
৭. বৃথা
৮. যশস্যা
৯. ৰশ্মি
১০. লিখন
১১. সুকলমে
১২. সুচল
—
১৩। তুমি পঢ়া শিশু আলোচনী এখনৰ পৰা তোমাৰ ভাল লগা কবিতা বা গল্প দলত পঢ়ি শুনোৱা।
উত্তৰ: এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে দলীয় পঢ়া আৰু আলোচনা কাৰ্য — লিখিত উত্তৰ প্ৰয়োজন নহয়।
—
১৪। আগৰ দিনত ৰন্ধনৰ কাৰণে ‘চৰু’ ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত আমি ‘চৰু’ৰ উপৰি আন কি কি আহিলাৰে ৰন্ধা-বঢ়া কৰোঁ, লিখা।
উত্তৰ: বৰ্তমান সময়ত আমি চৰুৰ উপৰিও ৰন্ধা-বঢ়া কৰিবলৈ কেৰাহী, প্ৰেছাৰ কুকাৰ, ছচ্পেন, ভজা কেৰাহী (Frypan) আদি ব্যৱহাৰ কৰোঁ।
—
১৫। খেতি কৰিবলৈ যেনে আমাৰ কেইবাবিধো সঁজুলিৰ প্ৰয়োজন, ঠিক তেনেদৰে লিখা-পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ কি কি?
উত্তৰ: লিখা-পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ হ’ল –
কিতাপ, বহী, কলম, পেঞ্চিল, ৰবৰ, জোখমাৰি (স্কেল), জ্যামিতি বাকচ, অভিধান, বেগ আদি।
