
পাঠ ১২ সমাজ: পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ, Class 6, Chapter 12, SEBA New Book, Assamese Medium
Next Chapter
অনুশীলনী – ১ (পৃষ্ঠা ১০১)
১ (ক) পৰিয়াল বুলিলে কি বুজা?
Ans. পৰিয়াল হ’ল সমাজৰ প্ৰাথমিক গোট। পৰিয়াল এটাত সদস্যসকলে ইজনে সিজনক শাৰীৰিক, মানসিক আৰু আৱেগিকভাবে সহায়-সহযোগ কৰে, জন্মৰ পৰা আদৰ-যত্ন কৰি সন্তানক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰে, আৰু সামাজিক প্ৰাণী হিচাপে গঢ় দিয়াত সহায় কৰে।
১ (খ) পৰিয়াল এটাত সদস্য কি কি প্ৰকাৰে যোগ হয়?
Ans.পৰিয়াল এটাত তিনি প্ৰকাৰে সদস্য যোগ হ’ব পাৰে- জন্মসূত্রে, বিবাহ সূত্ৰে আৰু দত্তকসূত্রে।
১ (গ) পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে?
Ans. পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে ঘৰুৱা কাম-কাজত ইজনে সিজনক সহায়-সহযোগ কৰিব লাগে।
১ (ঘ) ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে?
Ans.ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ ভূমিকাক অতি উচ্চ স্থান দিয়া হৈছে। ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল হিচাপে বিবেচনা কৰা হয়, যাক উপনিষদ আৰু হিতোপদেশত ‘বসুদৈৱ কুটুম্বকম্’ বুলি কোৱা হৈছে।
২. পৰিয়ালৰ পৰা আমি কি কি পাওঁ?
Ans. পৰিয়ালৰ পৰা আমি শাৰীৰিক, মানসিক আৰু আৱেগিক সহায়-সহযোগ পাওঁ। পৰিয়ালে আমাক জন্মৰ পৰা আদৰ-যত্ন কৰে, প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰে আৰু সামাজিক প্ৰাণী হিচাপে গঢ়ি তোলে। ইয়াৰ উপৰিও আমি পৰিয়ালৰ পৰা সমাজৰ নীতি-নিয়ম পালন, আনৰ প্ৰতি সন্মান প্ৰদৰ্শন, সহনশীলতা, সহযোগিতা আদি গুণবোৰ আয়ত্ত কৰিবলৈ শিকো।
অনুশীলনী – ২ (পৃষ্ঠা ১০৪)
১ (ক) প্রতিবেশী মানে কি?
Ans.আমাৰ ওচৰে-পাজৰে বসবাস কৰা পৰিয়ালসমূহকে আমি প্রতিবেশী বুলি কওঁ।
১ (খ) ৰাইজ বুলিলে কি বুজা?
Ans. ৰাইজ বুলি ক’লে আমাৰ প্ৰতিৱেশীসকল, গাঁৱৰ বাসিন্দাসকল বা দুই-তিনিখন গাঁৱৰ লোকসকলক একেলগে বুজাব পাৰি। একেখন সমাজত বসবাস কৰা সকলোৱেই ৰাইজৰ অংশ।
১ (গ) ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসব উল্লেখ কৰা।
Ans. ৰাইজে সহযোগিতাৰে পালন কৰা দুটা উৎসৱ হ’ল- ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ৰাজহুৱা ভোজভাত খোৱা আৰু নামঘৰৰ ভাওনা।
১ (ঘ) সামূহিক গোটৰ এটা উদাহৰণ দিয়া।
Ans সামূহিক গোটৰ এটা উদাহৰণ হ’ল- চহৰৰ আৱাসিক অঞ্চলবোৰ ভালদৰে পৰিচালনাৰ কাৰণে গঠন হোৱা আৱাসিক কল্যাণ সমিতি।
২. সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিৱেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা।
Ans. সমাজ এখন সুচাৰুৰূপে চলোৱাত প্ৰতিৱেশীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰিয়ালৰ পিছতেই মানুহে প্ৰতিবেশীৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিৱেশীসকলৰ মাজত সুস্থ সম্পৰ্ক থকাটো সমাজখন পৰিচালিত হ’বলৈ আৱশ্যক। তেওঁলোকে জাতি-ধৰ্ম নিৰ্বিশেষে বিয়া-বাৰু, উৎসৱ-অনুষ্ঠান আদিত একগোট হয় আৰু ৰাস্তা-ঘাট, পুখুৰী, শিক্ষানুষ্ঠান আদি উমৈহতীয়া সম্পদৰ পৰিচালনাত সহযোগিতা কৰে। প্ৰতিৱেশীসকলৰ মাজত থকা সমতা, একতা, উদাৰতা আৰু সহযোগিতাৰ মনোভাৱে সমাজখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।
৩. অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা।
Ans. অসমৰ সামাজিক জীৱনত ৰাইজৰ প্ৰভাৱ অপৰিসীম। ‘ৰাইজেই ৰজা’ বোলা প্ৰবাদটোৱেই ইয়াৰ গুৰুত্ব বুজায়। ৰাইজে অসমৰ সমাজৰ ৰীতি-নীতিৰ অভিভাৱক হিচাপে দায়িত্ব লৈ আহিছে। গাঁৱৰ উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণ, উৎসৱ-পাৰ্বণ উদ্যাপন, আৰু আপদ-বিপদত মানুহক সহযোগিতা আগবঢ়োৱাৰ পৰম্পৰা ৰাইজে পালন কৰে। উদাহৰণস্বৰূপে, ভোগালী বিহুৰ উৰুকা, ভাওনা, হুঁচৰি গোৱা আদিত ৰাইজে একেলগে কাম কৰে। এতিয়াও বহু ঠাইত মানুহে সমস্যাৰ সমাধান বিচাৰি ৰাইজৰ ওচৰত ‘বিচাৰ’ দিয়ে আৰু সেই ৰায় মানি লয়, যিটোৱে ৰাইজৰ প্ৰতি মানুহৰ আস্থা প্ৰকাশ কৰে।
দলগত কার্য (পৃষ্ঠা ১০৪)
তোমালোকৰ গাঁৱত থকা ৰাজহুৱা সম্পত্তিৰ এখন তালিকা প্রস্তুত কৰা।
Ans.(এইটো এটা দলগত কাৰ্য। পাঠত উল্লেখ কৰা উদাহৰণ অনুসৰি ৰাজহুৱা সম্পত্তিৰ উদাহৰণ হ’ল- ৰাস্তা-ঘাট, পুখুৰী, ৰাজহুৱা উপাসনা গৃহ, শিক্ষানুষ্ঠান আদি।)
