পাঠ ১০: তিনিটা মাছৰ কাহিনী, Class 5, Chapter 10

 

পাঠ ১০: তিনিটা মাছৰ কাহিনী, Class 5, Chapter 10, SEBA New Book, Assamese Medium

Next Chapter

 

(পৃষ্ঠা ৮৮)

ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া)

উত্তৰ দিয়া

(ক) “তিনিটা মাছৰ কাহিনী”ত থকা মাছকেইটাৰ নাম কি কি?

 * উত্তৰ: “তিনিটা মাছৰ কাহিনী”ত থকা মাছকেইটাৰ নাম হ’ল- অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদ্ভৱিষ্য।

(খ) অনাগতবিধাতা কিয় শংকিত হৈছিল?

 * উত্তৰ: মাছমৰীয়া কেইজনমানে “কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব” বুলি কথা পতা শুনি অনাগতবিধাতা শংকিত হৈছিল।

(গ) অনাগতবিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল?

 * উত্তৰ: অনাগতবিধাতাৰ কথা প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল।

(ঘ) কোনে বিপদৰ কথা নাভাবি আঁকোৰ-গোঁজ হৈ থাকি মৃত্যুক সাৱটি ল’লে?

 * উত্তৰ: যদ্ভৱিষ্যই বিপদৰ কথা নাভাবি আঁকোৰ-গোঁজ হৈ থাকি মৃত্যুক সাৱটি ল’লে।

(ঙ) মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে?

 * উত্তৰ: মাছমৰীয়াকেইজনে জালেৰে পুখুৰীত মাছ মাৰিলে।

কোৱা আৰু লিখা

তলৰ কথাকেইষাৰ কোনে, কি উদ্দেশ্যেৰে, কাক কৈছিল?

(ক) “আপুনি সঁচা কথাকেই কৈছে। ময়ো এই বিল এৰি ওচৰত থকা আন খাল-বিললৈ যোৱাটো উচিত বুলি ভাবোঁ।”

 * উত্তৰ: এই কথাষাৰ প্ৰত্যুৎপন্নমতিয়ে কৈছিল। অনাগতবিধাতাই মাছমৰীয়া অহাৰ খবৰ দি আন ঠাইলৈ যাব লাগে বুলি কোৱা কথাষাৰ সমৰ্থন কৰি, নিজৰ প্ৰাণ ৰক্ষা কৰাৰ উদ্দেশ্যেৰে অনাগতবিধাতা আৰু যদ্ভৱিষ্যক উদ্দেশ্যি কৈছিল।

(খ) “মই মুখৰ কথাতেই পিতৃ-পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ।”

 * উত্তৰ: এই কথাষাৰ যদ্ভৱিষ্যই কৈছিল। অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতিয়ে বিপদৰ আশংকাত বিলখন এৰি যাবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি, নিজৰ আঁকোৰ-গোঁজ মনোভাবৰ বাবে তেওঁলোক দুজনক উদ্দেশ্যি কৈছিল।

(গ) “কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি শেষ কৰিব।”

 * উত্তৰ: এই কথাষাৰ অনাগতবিধাতাই কৈছিল। মাছমৰীয়াসকলৰ কথা শুনিবলৈ পাই, আহিবলগীয়া বিপদৰ বিষয়ে সকলোকে অৱগত কৰাই সাৱধান কৰাৰ উদ্দেশ্যেৰে বিলত থকা সকলো মাছক (বিশেষকৈ প্ৰত্যুৎপন্নমতি আৰু যদ্ভৱিষ্যক) উদ্দেশ্যি কৈছিল।

তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা।

 * অনাগতবিধাতা – (যি অনাগত বা আহিবলগীয়া বিপদৰ বিষয়ে আগতীয়াকৈ চিন্তা কৰে)

 * প্ৰত্যুৎপন্নমতি – (যাৰ বুদ্ধি ততালিকে কাম কৰে; উপস্থিত বুদ্ধি থকা)

 * যদ্ভৱিষ্য – (যি ভৱিষ্যতে যি হ’বলগীয়া আছে হ’ব বুলি ভাবে; ভাগ্যত বিশ্বাসী)

 * এখন্তেক – (অলপ সময়, ক্ষন্তেক)

 * ঘোদালি – (ঘুৰি-পকি তন্ন তন্নকৈ বিচৰা; পানী ঘোলা কৰি)

 * নিঃশেষ – (সম্পূৰ্ণৰূপে শেষ, একো নথকা)

 * বিনাশ – (ধ্বংস, মৃত্যু)

 * সুৰক্ষিত – (য’ত কোনো বিপদ নাই, নিৰাপদ)

 * বজ্ৰসদৃশ – (বজ্ৰৰ দৰে কঠিন বা ভয়ংকৰ)

 * আঁকোৰ-গোঁজ – (একেলহীয়া, নিজৰ কথাতে লাগি থকা)

 * উচ্চস্বৰে – (ডাঙৰ মাতেৰে)

 * হাতসাৱটি – (একো নকৰাকৈ বহি থকা)

(পৃষ্ঠা ৮৯)

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(ক) মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক কি ক’লে?

 * উত্তৰ: মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক ক’লে যে কাইলৈ পুৱা মাছমৰীয়াসকলে আহি বিলৰ মাছবোৰ মাৰি নিঃশেষ কৰিব, সেয়েহে তেওঁলোকৰ তাত এখন্তেকো থকা উচিত নহয় আৰু ৰাতিয়েই আন সুৰক্ষিত স্থানলৈ গুচি যাব লাগে।

(খ) অনাগতবিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতিয়ে কিয় সমৰ্থন কৰিলে?

 * উত্তৰ: প্ৰত্যুৎপন্নমতিয়ে ভাবিছিল যে যাৰ জীয়াই থকাৰ উপায় থাকে, তেওঁ কিহৰ মোহত পৰি বিনাশ হ’ব? ‘পিতৃ-পিতামহৰ কুঁৱা’ বুলি খাৰুৱা পানী খাই থকাসকলক কাপুৰুষ বুলি ভাবি, নিজৰ প্ৰাণ ৰক্ষা কৰাটোৱেই উচিত বুলি ভাবি তেওঁ অনাগতবিধাতাৰ কথাটো সমৰ্থন কৰিলে।

(গ) যদ্ভৱিষ্যই কিয় মৃত্যুক সাৱটি ল’ব লগা হ’ল?

 * উত্তৰ: যদ্ভৱিষ্যই ভাবিছিল যে যদি আয়ুস শেষ হয় তেনেহ’লে অন্য ঠাইলৈ গ’লেও মৃত্যু হ’বই। সি বিপদৰ কথা শুনিও সাৱধান নহৈ নিজৰ আঁকোৰ-গোঁজ মনোভাব আৰু ভাগ্যৰ ওপৰত বিশ্বাস কৰি বিলখন এৰি নগ’ল।সেয়েহে পাছদিনা মাছমৰীয়াসকলৰ জালত পৰি সি মৃত্যুক সাৱটি ল’ব লগা হ’ল।

(ঘ) আঁকোৰগোঁজ মনোভাবে মানুহক কেনেদৰে বিপদত পেলায়?

 * উত্তৰ: আঁকোৰগোঁজ মনোভাবে মানুহক কোনো পৰিস্থিতিৰ লগত খাপ খাবলৈ নিদিয়ে বা সঠিক সিদ্ধান্ত লোৱাত বাধা দিয়ে। বিপদ আহিব বুলি জানিও কেৱল নিজৰ জেদত লাগি থাকিলে যদ্ভৱিষ্যৰ দৰেই বিপদত পৰি বিনাশ হ’বলগীয়া হয়।

তলৰ আধৰুৱা বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ পাঠটো পঢ়া আৰু খালী অংশটো পূৰ কৰি লিখা।

(ক) এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদ্ভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছে একেলগে বাস কৰি আছিল। এদিন অনাগতবিধাতাই পুখুৰীত সাঁতুৰি-নাদুৰি থাকোঁতে সেই ফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে,- “এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব।” এইবুলি কৈ মাছমৰীয়াসকল ঘৰা-ঘৰি গুচি গ’ল।

(খ) যদ্ভৱিষ্যৰ এনেকুৱা আঁকোৰ-গোঁজ মনোভাব দেখি তেওঁক এৰি অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰে সৈতে আন বিললৈ গুচি গ’ল। পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে। তেওঁলোকে জালেৰে মাছ মাৰি গোটেই বিলখন ঘোদালি পেলালে আৰু যদ্ভৱিষ্যৰ লগতে থকা অন্যান্য মাছবোৰকো জালেৰে ধৰি ঘৰলৈ লৈ গ’ল।

(পৃষ্ঠা ৯১)

খ – ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

বাক্য ৰচনা কৰা

 * হাত-বাউল দি – (বিপদে আমাক হাত-বাউল দি মাতিছে।)

 * সাঁতুৰি-নাদুৰি – (মাছবোৰে বিলত সাঁতুৰি-নাদুৰি ফুৰিছে।)

 * আঁকোৰ-গোঁজ – (যদ্ভৱিষ্যৰ আঁকোৰ-গোঁজ মনোভাবৰ বাবেই তাৰ মৃত্যু হ’ল।)

 * ঘোদালি – (মাছমৰীয়াহঁতে গোটেই বিলখন ঘোদালি পেলালে।)

 * ঘৰা-ঘৰি – (গধূলি হোৱাৰ লগে লগে মানুহবোৰ ঘৰা-ঘৰি গ’ল।)

 * অতি শীঘ্ৰে – (প্ৰত্যুৎপন্নমতিয়ে অতি শীঘ্ৰে বিল এৰি যোৱাৰ সিদ্ধান্ত ল’লে।)

 * এখন্তেক – (সি এখন্তেকো নৰৈ গুচি গ’ল।)

উদাহৰণত দেখুওৱাৰ দৰে ‘অ’ লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ সাজা।

 * উদাহৰণ – সুৰক্ষিত – অসুৰক্ষিত

 * সংলগ্ন – অসংলগ্ন

 * ঘটন – অঘটন

 * বুজন – অবুজন

 * চেতন – অচেতন

(পৃষ্ঠা ৯২)

গ- জ্ঞান সম্প্ৰসাৰণ

(ক) দলত আলোচনা কৰি কি হ’ব কোৱা আৰু লিখা।

 * মাছবোৰ যদি নোহোৱা হৈ যায়? – (উত্তৰ: মাছবোৰ নোহোৱা হৈ গ’লে পানীত থকা সৰু সৰু কীট-পতংগ, শেলাই আদিৰ ভাৰসাম্য নষ্ট হ’ব। লগতে মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ জীৱিকা নিৰ্বাহ কৰাত অসুবিধা হ’ব আৰু মানুহে এটা প্ৰধান খাদ্যৰ পৰা বঞ্চিত হ’ব।)

 * বিলৰ পানী যদি শুকাই যায়? – (উত্তৰ: বিলৰ পানী শুকাই গ’লে তাত থকা মাছ, কাছ, উদ্ভিদ আদিকে ধৰি সকলো জলজ প্ৰাণীৰ মৃত্যু হ’ব আৰু গোটেই পৰিৱেশ তন্ত্ৰটো ধ্বংস হৈ যাব।)

 * মাছ যদি উভৈনদী হয়? – (উত্তৰ: মাছ উভৈনদী হ’লে মাছমৰীয়া লোকসকল আৰ্থিকভাৱে লাভৱান হ’ব। মানুহে কম মূল্যতে মাছ খাবলৈ পাব, কিন্তু বেছি হ’লে আকৌ বিলত সিহঁতৰ বাবে খাদ্যৰ অভাৱো হ’ব পাৰে।)

(খ) তলৰ সমস্যাবোৰ তুমি কেনেকৈ সমাধান কৰিবা?

 * বিদ্যালয়লৈ গৈ থাকোঁতে উজুটি খাই পৰি তেজ ওলালে – (উত্তৰ: প্ৰথমে তেজ ওলোৱা ঠাইখন পৰিষ্কাৰ পানীৰে ধুই ল’ম। তাৰপিছত স্কুলৰ প্ৰাথমিক চিকিৎসা বাকচৰ পৰা ডেটল বা আন জীৱাণুনাশক লগাই কপাহেৰে বান্ধি ল’ম। যদি ঘাঁ দ হয়, তেন্তে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাম বা অভিভাৱকক খবৰ দিম।)

 * সন্মুখত সাপ বা কুকুৰ দেখা পালে – (উত্তৰ: সন্মুখত সাপ দেখিলে মই থমকি ৰ’ম আৰু লাহেকৈ আনফালেদি আঁতৰি যাম, তাক একো আমনি নকৰোঁ। কুকুৰ দেখিলে ভয় নকৰি, নোচোঁচৰাকৈ লাহে লাহে তাৰ কাষেৰে পাৰ হৈ যাম। যদি কুকুৰটোৱে খেদি আহে, তেন্তে ৰৈ দিম বা ওচৰৰ মানুহক মাতিম।)

 * শ্ৰেণীকোঠাত দুজন ল’ৰাৰ মাজত কাজিয়া লাগিলে – (উত্তৰ: মই প্ৰথমে তেওঁলোকক কাজিয়া নকৰিবলৈ বুজাম। যদি মোৰ কথা নুশুনে, তেন্তে লগে লগে শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰীক খবৰ দিম।)

‘মাছ’ শব্দত থকা আখৰ দুটাৰে আৰু কিমান নতুন শব্দ গঠন কৰিব পাৰা, দলত আলোচনা কৰা আৰু তলৰ তালিকাত লিখা।

 * মা – মাছ, মাত, মামা, মাৰ, মাহ, মানুহ, মাটি

 * ছ – ছয়, ছত্ৰ, ছা, ছাগলী, ছাল

তোমালোকে পাঠটোত পোৱা ‘তৎক্ষণাত’, ‘প্ৰত্যুৎপন্নমতি’ শব্দ দুটাত ব্যৱহাৰ হোৱা ‘ৎ’ টো দেখিছা। ‘ৎ’ থকা বিভিন্ন শব্দ লিখা।

 * উত্তৰ: হঠাৎ, ভবিষ্যৎ, সৎ, সাক্ষাৎ, জগৎ, বিদ্যুৎ।

মাছৰ বিষয়ে কেইশাৰীমান বাক্য লিখা।

 * (উত্তৰ: মাছ এবিধ জলচৰ প্ৰাণী। ই পানীত বাস কৰে। মাছে ফুলৰ সহায়ত উশাহ লয়। মাছৰ দেহত ফিছা আৰু পাখনা থাকে, যাৰ সহায়ত ই পানীত সাঁতুৰে। মাছ মানুহৰ বাবে এটা পুষ্টিকৰ খাদ্য। অসমৰ বিল, নদী আদিত বিভিন্ন প্ৰকাৰৰ মাছ পোৱা যায়।)

(পৃষ্ঠা ৯৩)

ছবিখন চাই কোনে কি কৰিছে কোৱা।

 * উত্তৰ: ছবিখনত এখন মাছৰ বজাৰৰ দৃশ্য দেখুওৱা হৈছে।

 * এজন মাছমৰীয়াই নাৱত বহি মাছ কাটি আছে।

 * এজন গ্ৰাহকে মাছ কিনিবলৈ ৰৈ আছে।

 * আন এজন মানুহে মাছ চাই আছে।

 * এগৰাকী মহিলাই (গ্ৰাহক) মাছ বেচি থকা মহিলা এগৰাকীৰ পৰা মাছ চাই আছে।

 * মাছ বেচা মহিলাগৰাকীয়ে বাল্টিৰ পৰা মাছ উলিয়াই দেখুৱাইছে।

 * তেওঁলোকৰ সন্মুখত ডাঙৰ ডাঙৰ পাতত বহুতো মাছ সজাই থোৱা আছে।

 * আন এজন ল’ৰাই মাছ বেচিবলৈ বহি আছে।

 * পানীত মাছ জীয়া কৰি ৰখা ডাঙৰ ড্ৰামো আছে।

তলৰ বাক্যবোৰৰ ভাব বুজাই লিখা।

(ক) সাৱধানৰ মৰণ নাই।

 * ভাব: যিজন ব্যক্তিয়ে যিকোনো কাম কৰাৰ আগতে বা বিপদ অহাৰ আগতে সাৱধানতা অৱলম্বন কৰে, তেওঁ সহজে বিপদত নপৰে বা তেওঁৰ অকাল মৃত্যু নহয়। অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতিয়ে সাৱধান হোৱাৰ বাবেই মাছমৰীয়াৰ জালত পৰি মৰিবলগীয়া নহ’ল।

(খ) বাছি খাবা, জাগি শুবা।

 * ভাব: এই বাক্যশাৰীৰ অৰ্থ হ’ল আমি খোৱা-লোৱা আৰু শোৱা-ফুৰা সকলো কামতে সাৱধান হ’ব লাগে। যিকোনো বস্তু খোৱাৰ আগতে সেয়া স্বাস্থ্যকৰ হয়নে নহয় বিচাৰ কৰি (বাছি) খাব লাগে, আৰু শোৱাৰ সময়ত বা আন কামত সদায় সজাগ (জাগি) থাকিব লাগে। এনেদৰে চলিলে মানুহ নিৰোগী আৰু নিৰাপদ হৈ থাকে।

ঘ – প্রকল্প

অসমত মাছৰ নামেৰে বহুতো ঠাইৰ নাম আছে। … ঠাইৰ নামৰ তালিকা প্ৰস্তুত কৰা।

 * উদাহৰণ- কাৱৈমাৰী (জিলা- বৰপেটা)

 * (আন কিছুমান নাম):

   * মাছখোৱা (জিলা – ধেমাজি)

   * ৰৌমাৰী (জিলা – বঙাইগাঁও/গোৱালপাৰা)

   * শ’লমাৰী (জিলা – নলবাৰী)

   * পুঠিমাৰী (জিলা – কামৰূপ)

   * বৰমাছ (জিলা – বাক্সা)

Leave a Comment

Your email address will not be published. Required fields are marked *