
পাঠঃ ১২ – গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
পাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ)
ক্ৰিয়াকলাপ (পৃষ্ঠা ১১৩)
প্ৰশ্ন: …মানচিত্ৰৰ পৰা উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ চিনাক্ত কৰা। কি কি ৰাজ্যৰ নাম পালা বাৰু?
উত্তৰ: মানচিত্ৰ ১২.১ ৰ পৰা পোৱা ৰাজ্যসমূহ হ’ল:
উত্তৰ ভাৰত: কাশ্মীৰ, গান্ধাৰ, থানেশ্বৰ, কনৌজ, ৰাজপুতনা, পাটলিপুত্ৰ, মালব, চাণ্ডেল্য, কৰ্ণসুবৰ্ণ, কামৰূপ, গৌড়।
দক্ষিণ ভাৰত: বল্লভী, ৰাষ্ট্ৰকুট, কলিঙ্গ, চালুক্য, পল্লব, কাঞ্চী, কেৰল, চোল, পাণ্ড্য।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১১৪)
প্ৰশ্ন: ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিচত কিছুমান দেশীয় স্বাধীন ৰাজ্য স্বতঃস্ফূর্তভাবে ভাৰতবৰ্ষৰ লগত চামিল হৈছিল। এই বাজ্যবোৰ কি কি?
উত্তৰ: ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিচত অধিকাংশ দেশীয় ৰাজ্যই স্বেচ্ছাই ভাৰতীয় সংঘত যোগদান কৰিছিল। এই ৰাজ্যবোৰৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল:
বিকেৰ, বৰোদা আৰু ৰাজস্থানৰ কেইখনমান ৰাজ্য: এইবোৰ প্ৰথমতে যোগদান কৰা ৰাজ্যসমূহৰ ভিতৰত আছিল।
পটিয়ালা: ই স্বেচ্ছাই যোগদান কৰা অন্যতম প্ৰথম ৰাজ্য আছিল।
গ্বালিয়ৰ।
ভাৱনগৰ।
কুচ (Kutch)।
জুনাগড়, হায়দৰাবাদ, আৰু কাশ্মীৰকে ধৰি মাত্ৰ কেইখনমান ৰাজ্যই প্ৰাৰম্ভিক সময়ত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল, যিবোৰক পিছলৈ বিভিন্ন কূটনৈতিক আৰু সামৰিক ব্যৱস্থাৰ জৰিয়তে ভাৰতত চামিল কৰা হৈছিল।
প্ৰশ্ন: ১৯৭১ চনত আমাৰ ভাৰতবৰ্ষৰ ওচৰত এখন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। ৰাষ্ট্ৰখনৰ নাম কি বাৰু?
উত্তৰ: ১৯৭১ চনত ভাৰতবৰ্ষৰ ওচৰত সৃষ্টি হোৱা নতুন স্বাধীন ৰাষ্ট্ৰখনৰ নাম বাংলাদেশ।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১১৫)
প্ৰশ্ন: …আমাৰ ৰাজ্যবোৰক প্ৰদেশ বুলি কোৱা হয়। প্রদেশবোৰক জিলা, মহকুমা, তহছিল, মৌজা, গাঁও আদিত ভাগ কৰা হৈছে। এই প্রতিটো ভাগৰ শাসনৰ মুৰব্বীসকলক কি বোলা হয়? আলোচনা কৰি লিখা।
উত্তৰ: জিলা: উপায়ুক্ত, জিলা দণ্ডাধীশ
মহকুমা: মহকুমা ধিপতি, মহকুমাদণ্ডাধীশ
তহছিল / তালুক: তহচিলদাৰ, তালুকদাৰ
মৌজা / গাঁও-চক্ৰ: কানুনগো,ৰাজহ পৰিদৰ্শক
গাঁও: গাঁও বিষয়া, পটোৱাৰী
প্ৰশ্ন: আমাৰ দেশৰ কৰ-কাটল ব্যৱস্থাটোৰ বিষয়ে শিক্ষকৰ লগত আলোচনা কৰি এটি টোকা প্রস্তুত কৰা।
উত্তৰ: ভাৰতৰ কৰ ব্যৱস্থা মূলত দুপ্ৰকাৰৰ: প্ৰত্যক্ষ কৰ (আয়কৰ) আৰু পৰোক্ষ কৰ (জিএছটি)। এই কৰসমূহ চৰকাৰে দেশৰ উন্নয়ন আৰু জনকল্যাণমূলক কামৰ বাবে সংগ্ৰহ কৰে। সুনাগৰিক হিচাপে কৰ পৰিশোধ কৰাটো সকলোৰে কৰ্তব্য।
প্ৰশ্ন: হর্ষবর্ধনৰ সাম্ৰাজ্যৰ মানচিত্ৰখন (১২.২) চাই ওচৰ-চুবুৰীয়া স্বাধীন ৰাজ্যবোৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: মানচিত্ৰ ১২.২ অনুসৰি হৰ্ষবৰ্ধনৰ সাম্ৰাজ্যৰ ওচৰ-চুবুৰীয়া ৰাজ্যবোৰ হ’ল কামৰূপ, গৌড়, বল্লভী, চালুক্য আদি।
প্ৰশ্ন: চালুক্য ৰাজ্যখন থানেশ্বৰৰ কোন দিশত অৱস্থিত?
উত্তৰ: মানচিত্ৰ ১২.২ অনুসৰি, চালুক্য ৰাজ্যখন থানেশ্বৰৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত।
প্ৰশ্ন: প্রসংগ পুথি পঢ়ি হর্ষবর্ধনৰ সময়ত চালুক্যত কোন ৰজাই ৰাজত্ব কৰিছিল জানি লোৱা।
উত্তৰ: হর্ষবর্ধনৰ সমসাময়িক কালত দাক্ষিণাত্যৰ চালুক্য ৰাজ্যত দ্বিতীয় পুলকেশী (Pulakesin II) ৰজাই ৰাজত্ব কৰিছিল। তেওঁ বাদামী (বা ভাটাপী) ৰ পৰা শাসন কৰিছিল।
অনুশীলনী
১। উত্তৰ দিয়া :-
(ক) থানেশ্বৰ ৰাজ্যখন বর্তমান কোন প্রদেশৰ অন্তর্গত?
উত্তৰ: থানেশ্বৰ ৰাজ্যখন বৰ্তমানৰ হাৰিয়ানা প্ৰদেশত আছিল।
(খ) হর্ষবর্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি?
উত্তৰ: হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম বাণভট্ট।
(গ) ইলোবাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল?
উত্তৰ: ইলোৰাৰ কৈলাশ নাথ মন্দিৰ ৰাষ্ট্ৰকুট ৰজা প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল।
(ঘ) চোল বংশৰ শ্রেষ্ঠ বজাজনব নাম কি?
উত্তৰ: চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজাৰাজ।
(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল বজাই নির্মাণ কৰাইছিল?
উত্তৰ: গংগাইকুণ্ডচোলপুৰম নগৰ ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰই নিৰ্মাণ কৰাইছিল।
২। খালি ঠাই পুৰোৱা-
(ক) বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজা আছিল ____
উত্তৰ: বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰবৰ্মণ।
(খ) ____ ৰ আন এটি নাম আছিল শিলাদিত্য।
উত্তৰ: হৰ্ষবৰ্ধনৰ আন এটি নাম আছিল শিলাদিত্য।
(গ) পল্লবসকলে ____ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কবে।
উত্তৰ: পল্লবসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে।
(ঘ) এলিফেন্টা আৰু ____ মন্দিৰসমূহত ৰাষ্ট্ৰকুট শিল্পৰ নিদৰ্শন পোৱা যায়।
উত্তৰ: এলিফেন্টা আৰু মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰকুট শিল্পৰ নিদৰ্শন পোৱা যায়।
(ঙ) চোল বজাসকলে ব্রাহ্মাণসকলক দান দিয়া মাটিক ____ বোলা হৈছিল।
উত্তৰ: চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদেয় বোলা হৈছিল।
৩। শুদ্ধ উত্তৰ বাছি উলিওৱা-
(ক) গুপ্ত সাম্রাজ্যৰ পতন হৈছিল গ্রীকসকলৰ/হুণসকলৰ/তুর্কী-আফগানসকলৰ আক্ৰমণৰ ফলত।
উত্তৰ: গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল হুণসকলৰ আক্ৰমণৰ ফলত।
(খ) হর্ষবর্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা/কনৌজ।
উত্তৰ: হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ।
(গ) হর্ষবর্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬/১/৫/১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল।
উত্তৰ: হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে আদায় কৰিছিল।
(ঘ) কাঞ্চী/কাঞ্চীপুৰম/মহাৱলীপুৰম পল্লব বাজ্যৰ ৰাজধানী আছিল।
উত্তৰ: কাঞ্চীপুৰম পল্লব ৰাজ্যৰ ৰাজধানী আছিল।
(ঙ) ৰাজাৰাজ/প্রথম কৃষ্ণ/দান্তিদূর্গ/ৰাষ্ট্ৰকুট ৰাজ্যৰ প্ৰতিষ্ঠাপক।
উত্তৰ: দান্তিদূৰ্গ ৰাষ্ট্ৰকুট ৰাজ্যৰ প্ৰতিষ্ঠাপক।
৪। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া-
(ক) গুপ্ত সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ কি?
উত্তৰ: গুপ্ত সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ আছিল মধ্য এছিয়াৰ হুণসকলৰ আক্ৰমণ।
(খ) থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি?
উত্তৰ: থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কনৌজ।
(গ) পল্লব শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি?
উত্তৰ: পল্লব শাসকসকলৰ প্ৰধান অৱদান দুটা হ’ল দ্ৰাবিড় শিল্পকলা নামৰ নতুন শিল্পৰীতিৰ প্ৰচলন কৰা আৰু সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ তথা বৈষ্ণব আৰু শৈৱ সাহিত্যৰ বিকাশ ঘটোৱা।
(ঘ) ৰাষ্ট্ৰকুটসকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল?
উত্তৰ: ৰাষ্ট্ৰকুটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল।
(ঙ) কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল?
উত্তৰ: চোল বংশৰ ৰজা প্ৰথম পৰান্তকৰ শাসন কালত (গাঁওসমূহক স্বায়ত্ত শাসন প্ৰদান কৰাৰ জৰিয়তে) পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল।
৫। ৫০টা মান শব্দৰ ভিতৰৰ লিখা-
(ক) হর্ষবর্ধনৰ শাসন পদ্ধতি।
উত্তৰ: সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাবে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাওঁ আদি ভাগত ভাগ কৰিছিল আৰু এই বিভাগবোৰ চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল।
(খ) হর্ষবর্ধনৰ ৰাজহ ব্যবস্থা।
উত্তৰ: হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে শোধাব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও এনে কৰ শোধাইছিল। এইদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল।
(গ) মহাবলীপুৰম মন্দিৰৰ শিল্পৰীতি।
উত্তৰ: মহাবলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয় (যেনে- ধৰ্মৰাজ ৰথ, ভীম ৰথ)। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই মন্দিৰবোৰ দ্ৰাবিড় শিল্পকলা নামৰ এটি নতুন শিল্পৰীতিৰ নিদৰ্শন।
(ঘ) ৰাষ্ট্ৰকুট ৰাজ্যৰ অৱস্থিতি।
উত্তৰ: ৰাষ্ট্ৰকুট ৰাজ্যখন দাক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমানৰ গুজৰাট প্ৰদেশৰ তলফালে নৰ্মদা নদীৰ পৰা কৃষ্ণা আৰু তুঙ্গভদ্ৰা নদীক স্পৰ্শ কৰাকৈ অৱস্থিত আছিল।
(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য।
উত্তৰ: চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰ অকল উপাসনা স্থলীয়েই নাছিল, বৰং এইবোৰ ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ আছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনেৰে মন্দিৰৰ পূজা-সেৱা কৰা পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল। এইদৰে মন্দিৰবোৰে আৰ্থ-সামাজিক আৰু সাংস্কৃতিক জীৱন চহকী কৰিছিল।
৬। তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্রস্তুত কৰা-
(গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য, কনৌজ, কেবল, মালৱ, ৰাষ্ট্ৰকুট, কলিঙ্গ, চালুক্য, চাণ্ডেল্য।)
উত্তৰ: (মানচিত্ৰ ১২.১ ৰ আধাৰত)
উত্তৰ ভাৰত: গৌড়, ৰাজপুতনা, থানেশ্বৰ, কনৌজ, মালৱ, চাণ্ডেল্য, (গুৰ্জৰ প্ৰতিহাৰ – মানচিত্ৰত নাই, কিন্তু উত্তৰ ভাৰতৰ), কলিঙ্গ।
দক্ষিণ ভাৰত: চোল, পাণ্ড্য, কেৰল, ৰাষ্ট্ৰকুট, চালুক্য।
