পাঠ-১৬: আমাৰ চুবুৰীয়া ৰাজ্যসমূহ, Class -5, Environment Chapter -16, Assamese medium

(পৃষ্ঠা ১২২ ৰ প্ৰশ্ন)
প্ৰশ্ন: উত্তৰ-পূব ভাৰতৰ চাৰিসীমাত কি কি বিদেশী ৰাষ্ট্ৰ আছে?
উত্তৰ: উত্তৰ-পূব ভাৰতৰ উত্তৰ ফালে ভূটান, তিব্বত (চীন দেশৰ অংশ), পূব ফালে ম্যানমাৰ, আৰু দক্ষিণ আৰু পশ্চিম ফালে বাংলাদেশ অৱস্থিত ।
প্ৰশ্ন: মেঘালয় কিয় পর্যটকসকলৰ আকৰ্ষণৰ স্থলী?
উত্তৰ: মেঘালয় ৰাজ্যখন প্রাকৃতিক সৌন্দৰ্যৰে ভৰা । ইয়াৰ ৰাজধানী শ্বিলং এখন স্বাস্থ্যকৰ ঠাই । তদুপৰি পৰ্যটকসকলৰ আকৰ্ষণস্থলী হৈছে বৰাপানী (হ্রদ), জলপ্রপাত, ৰুট ব্রীজ (গছৰ শিপাৰে নিৰ্মিত দলং) আদি ।
(পৃষ্ঠা ১২৪ ৰ প্ৰশ্ন)
প্ৰশ্ন: ৰাজধানীৰ সৈতে উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম
উত্তৰ: (পাঠ্যপুথিত থকা তালিকা অনুসৰি)
* অৰুণাচল প্রদেশ – ইটানগৰ
* অসম – দিছপুৰ
* মণিপুৰ – ইম্ফল
* মিজোৰাম – আইজল
* মেঘালয় – শ্বিলং
* নাগালেণ্ড – ক’হিমা
* ত্ৰিপুৰা – আগৰতলা
* ছিকিম – (খালী)
(পৃষ্ঠা ১২৬ ৰ প্ৰশ্ন)
প্ৰশ্ন: উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্য প্ৰধানকৈ মালভূমিৰে আবৃত?
উত্তৰ: উত্তৰ-পূব ভাৰতৰ মালভূমি অঞ্চলটো মেঘালয় (গাৰো পাহাৰ, খাচি পাহাৰ আৰু জয়ন্তীয়া পাহাৰ) আৰু কাৰ্বি মালভূমিৰে (কাৰ্বি আৰু ৰেংমা পাহাৰ) গঠিত ।
প্ৰশ্ন: উত্তৰ-পূব ভাৰতৰ কোনকেইখন ৰাজ্যত সমভূমি আছে?
উত্তৰ: উত্তৰ-পূব ভাৰতৰ সমভূমি অঞ্চলৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি, বৰাক সমভূমি, মণিপুৰ সমভূমি আৰু পশ্চিম ত্ৰিপুৰা সমভূমিয়েই প্রধান ।
প্ৰশ্ন: অৰুণাচল প্ৰদেশৰ কোন দিশত হিমালয় পর্বতমালা অৱস্থিত?
উত্তৰ: অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চল হিমালয় পর্বতমালাই আগুৰি আছে ।
(পৃষ্ঠা ১২৭ ৰ প্ৰশ্ন)
প্ৰশ্ন: অসমত কি কি গুৰুত্বপূৰ্ণ স্থান আছে তাৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: (পাঠত উল্লেখ থকা উদাহৰণসমূহ)
* আশাৰীকান্দি (জিলা: ধুবুৰী) – টেৰাকোটা শিল্পৰ বাবে গুৰুত্বপূৰ্ণ ।
* কাজিৰঙা – বিশ্বৰ প্ৰাকৃতিক ঐতিহ্যৰ থলী ।
* মাজুলী – এটা উল্লেখযোগ্য নদী-দ্বীপ ।
* হাফলং – অতি স্বাস্থ্যকৰ ঠাই ।
অনুশীলনী (পৃষ্ঠা ১২৯)
১। উত্তৰ লিখা-
(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা।
উত্তৰ: উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ হ’ল- অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা ।
(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।
উত্তৰ: উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হ’ল :
* অৰুণাচল প্রদেশ: আদি, নিচি, গাল’, আপাটানি
* অসম: ডিমাচা, বড়ো, কার্বি, আহোম, মিছিং
* মেঘালয়: খাচি, গাৰো, জয়ন্তীয়া
* মিজোৰাম: মিজো, মাৰ
* নাগালেণ্ড: আংগামী, চেমা, আও, ৰেংমা
* মণিপুৰ: মণিপুৰী, কুকি, কাবুই
* ত্ৰিপুৰা: ত্ৰিপুৰী, চাকমা, জামাতীয়া
* ছিকিম: লেপচা, নেপালী
(গ) উত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা।
উত্তৰ: উত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম হ’ল- অৰুণাচলৰ টাৱাং, অসমৰ হাফলং, আৰু মেঘালয়ৰ শ্বিলং ।
(ঘ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়?
উত্তৰ: অসমৰ কাষতে থকা আন কেইখন ৰাজ্য হ’ল অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা । অসমকে ধৰি এই সাতোখন ৰাজ্যক একেলগে সাতভনীৰ দেশ বোলা হয় ।
২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা
* অৰুণাচল প্রদেশ – ইটানগৰ
* নাগালেণ্ড – ক’হিমা
* ত্ৰিপুৰা – আগৰতলা
* মণিপুৰ – ইম্ফল
* মিজোৰাম – আইজল
৩। খালী ঠাই পূৰ কৰা-
(ক) মেঘালয়ৰ – পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়।
উত্তৰ: মেঘালয়ৰ মৌছিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় ।
(খ) মণিপুৰ ৰাজ্যৰ – হ্রদ প্রাকৃতিকভাৱে হোৱা এক বৃহৎ হ্রদ।
উত্তৰ: মণিপুৰ ৰাজ্যৰ লফ্টক হ্রদ প্রাকৃতিকভাৱে হোৱা এক বৃহৎ হ্রদ ।
(গ) শ্বিলং এখন – ঠাই।
উত্তৰ: শ্বিলং এখন স্বাস্থ্যকৰ ঠাই ।
(ঘ) চাহ উৎপাদনৰ ক্ষেত্ৰত – ভাৰতৰ ভিতৰতেই প্রথম।
উত্তৰ: চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতেই প্রথম ।
(ঙ) – খাচিসকলৰ এটা উৎসৱৰ নাম।
উত্তৰ: নংক্রেন খাচিসকলৰ এটা উৎসৱৰ নাম ।
৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা –
(ক) বর্তমান অৰুণাচল প্রদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।
উত্তৰ (অশুদ্ধ): এই বাক্যটো অশুদ্ধ।
শুদ্ধ: এসময়ত নাগালেণ্ড ৰাজ্যখন নগা পাহাৰ হিচাপে অসমৰ অংগ আছিল । (আনহাতে, অৰুণাচল প্রদেশক আগতে উত্তৰ-পূব সীমান্ত অঞ্চল হিচাপে জনা গৈছিল )।
(খ) কার্বি আংলং জিলা সমভূমিৰে গঠিত।
উত্তৰ (অশুদ্ধ): এই বাক্যটো অশুদ্ধ।
শুদ্ধ: অসমৰ কাৰ্বি আৰু ৰেংমা পাহাৰ কাৰ্বি মালভূমিৰ অন্তৰ্গত ।
(গ) অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পর্বতমালা অৱস্থিত।
উত্তৰ (অশুদ্ধ): এই বাক্যটো অশুদ্ধ।
শুদ্ধ: অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পর্বতমালা অৱস্থিত ।
(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত।
উত্তৰ (অশুদ্ধ): এই বাক্যটো অশুদ্ধ।
শুদ্ধ: ত্ৰিপুৰা ৰাজ্যখন জাম্পুই পাহাৰ, চাখান পাহাৰ, লংতৰাই পাহাৰ আদি পাহাৰ আৰু পশ্চিম ত্ৰিপুৰা সমভূমিৰে গঠিত (অৰ্থাৎ কেৱল সমভূমি নহয়)।
(ঙ) মিজোৰামত লফ্টক হ্রদ আছে।
উত্তৰ (অশুদ্ধ): এই বাক্যটো অশুদ্ধ।
শুদ্ধ: মণিপুৰত বিখ্যাত লফ্টক হ্রদ আছে ।
৫। কোন কেইখন ৰাজ্যক একেলগে ‘উত্তৰ-পূব ভাৰত’ বুলি কোৱা হয়?
উত্তৰ: অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা — এই সাতোখন ৰাজ্যক একেলগে উত্তৰ-পূব ভাৰত বা উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱা হয় । ২০০২ চনত উন্নয়ন পৰিকল্পনাৰ সুবিধাৰ্থে ছিকিম ৰাজ্যকো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা কৰা হৈছে ।
৬। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকর্ষণীয় লিখা।
উত্তৰ: ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল এক বৈচিত্র্যময় অঞ্চল । এই অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম । ইয়াত নদ-নদী, পৰ্বত-পাহাৰেৰে ভৰা অনেক ঠাই আছে। উদাহৰণস্বৰূপে, মেঘালয়ৰ শ্বিলং , বৰাপানী, জলপ্রপাত আৰু ৰুট ব্রীজ , অৰুণাচলৰ টাৱাঙত থকা বৃহৎ বৌদ্ধমন্দিৰ , মণিপুৰৰ লফ্টক হ্রদ , অসমৰ কাজিৰঙা আৰু মাজুলী আদি উল্লেখযোগ্য। টাৱাং, হাফলং, শ্বিলং আদি স্বাস্থ্যকৰ ঠাই । এই ঐতিহ্যপূর্ণ স্থানসমূহ পৰ্যটকৰ বাবে আকর্ষণীয় কেন্দ্র হিচাপে গঢ়ি উঠিছে ।
