
পাঠঃ ২০ – অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
পাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ)
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৭৫)
প্ৰশ্ন: উন্নত যাতায়াত ব্যৱস্থাৰ সুবিধা কি কি?
উত্তৰ: উন্নত যাতায়াত ব্যৱস্থাৰ সুবিধাসমূহ হ’ল: ই যান-বাহনবোৰ বহুদিনলৈ ভালে ৰাখে, ইন্ধনৰ খৰচ কমায়, যান-বাহনবোৰৰ গতি সুষম হয়, গতিপথৰ দূৰত্ব হ্ৰাস পায়, পথ দুৰ্ঘটনাও বহু পৰিমাণে কমে আৰু যাত্ৰা আৰামদায়ক হয়। ইয়াৰ ফলত উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ মানুহ আগ্ৰহী হয় আৰু বস্তুৰ আমদানি-ৰপ্তানি খৰতকীয়া হয়।
প্ৰশ্ন: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কিয় নির্মাণ কৰা হৈছে?
উত্তৰ: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে কাৰণ ইয়াৰ সুবিধা বহু বেছি। এই ৰাস্তাবোৰ কংক্ৰিটেৰে নিৰ্মাণ কৰা হয় বাবে ই সহজে ভাগি নাযায় আৰু ওখকৈ বনোৱা বাবে বানপানীয়েও খহাব নোৱাৰে। ই যথেষ্ট বহল আৰু পোন হোৱা বাবে যান-বাহনৰ গতি সুষম হয় আৰু পথ দুৰ্ঘটনা কমে।
প্ৰশ্ন: নদীৰ ওপৰত কিয় দলং সাজিব লাগে?
উত্তৰ: দেশৰ যাতায়াত ব্যৱস্থাক যথেষ্ট আধুনিক, বিজ্ঞানসন্মত আৰু সুচল কৰি তুলিবলৈ ডাঙৰ নদীসমূহৰ ওপৰত সংযোগী দলং নিৰ্মাণ কৰা হয়।
প্ৰশ্ন: কি আঁচনিৰ অধীনত গ্রামাঞ্চলৰ ৰাস্তা-ঘাট পকীকৰণ হৈছে?
উত্তৰ: প্ৰধানমন্ত্ৰীৰ গ্ৰামচড়ক যোজনাৰ অধীনত গাঁৱৰ ৰাস্তা-ঘাটবোৰ পকীকৰণ কৰা হৈছে।
আলোচনাভিত্তিক ব্যৱহাৰিক কাম।)
প্ৰশ্ন: নিৰক্ষৰতাক কিয় সামাজিক ব্যাধি বুলি কোৱা হয়?
উত্তৰ: নিৰক্ষৰতাক সামাজিক ব্যাধি বুলি কোৱা হয় কাৰণ নিৰক্ষৰ লোক এজনে সাধাৰণ দোকান এখনো চলাবলৈ অসুবিধা পায়, ৰে’ল-বাছৰ টিকট কটাৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হয়, অন্ধবিশ্বাসৰ বলি হৈ চিকিৎসকৰ সলনি বেজ বা তান্ত্ৰিকৰ চিকিৎসা লৈ অকাল মৃত্যুমুখত পৰে আৰু ডাইনী হত্যাৰ দৰে অমানৱীয় ঘটনাও ইয়াৰেই ফল।
প্ৰশ্ন: প্রাথমিক শিক্ষা শিশুৰ কি অধিকাৰ হিচাপে স্বীকৃত?
উত্তৰ: সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
প্ৰশ্ন: বিদ্যালয়ত মধ্যাহ্ন ভোজন ব্যৱস্থাৰ উদ্দেশ্য কি?
উত্তৰ: বিদ্যালয় আৰু শিক্ষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৭৮)
প্ৰশ্ন: শৰীৰ সুস্থ নাথাকিলে আমি কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হওঁ?
উত্তৰ: শৰীৰ সুস্থ নাথাকিলে আমি শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব নোৱাৰোঁ।
প্ৰশ্ন: কি আঁচনিৰ অধীনত চৰকাৰে গ্রামাঞ্চলত চিকিৎসালয় স্থাপন কৰিছে?
উত্তৰ: চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনিৰ অধীনত গাঁও অঞ্চলত চিকিৎসালয় স্থাপন কৰিছে।
প্ৰশ্ন: ১০৪ নং ফোনৰ জৰিয়তে কি সেৱা লাভ কৰিব পাৰি?
উত্তৰ: ১০৪ নম্বৰ ফোন সেৱা যোগে বিনামূলীয়াকৈ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে সু-পৰামৰ্শ লাভ কৰাৰ সুবিধা উপলব্ধ হৈছে।
প্ৰশ্ন: মৃত্যুঞ্জয় সেবা কিমান নম্বৰ ফোনৰ জৰিয়তে উপলব্ধ হয়?
উত্তৰ: ১০৮ নম্বৰত ফোন কৰি মৃত্যুঞ্জয় সেৱাৰ সুবিধা প্ৰদান কৰা হৈছে।
প্ৰশ্ন: দূষিত পানী খোৱাৰ ফলত মানুহৰ কি কি বেমাৰ হ’ব পাৰে?
উত্তৰ: দূষিত বা অপৰিষ্কাৰ পানী খোৱাৰ ফলত মানুহৰ ডায়েৰীয়া, কলেৰা, জণ্ডিচ আদি নানা ৰোগ হ’ব পাৰে।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৭৯)
প্ৰশ্ন: (শিক্ষকৰ লগত আলোচনা কৰি একোটা টোকা লিখা-) বর্ধিত উপার্জনে জনসাধাৰণৰ জীৱন ধাৰণৰ মান কেনেকৈ উন্নত কৰে?
উত্তৰ: বৰ্ধিত উপাৰ্জনৰ সহায়ত মানুহে নিজৰ অভাৱসমূহ দূৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে জীৱন-ধাৰণৰ মান উন্নত কৰিব পাৰে
প্ৰশ্ন: (শিক্ষকৰ লগত আলোচনা কৰি একোটা টোকা লিখা-) কৃষি খণ্ডৰ উৎপাদন বঢ়াবৰ বাবে চৰকাৰে কি কি ব্যবস্থা লৈছে?
উত্তৰ: উন্নত জলসিঞ্চন ব্যৱস্থা, ট্ৰেক্টৰ, পাৱাৰটিলাৰ, মৰণা মৰা যন্ত্ৰ, উইডাৰ, উন্নত বীজ, উন্নত সাৰ, কীটনাশক দ্ৰব্য যোগান ধৰিছে। ইয়াৰ উপৰি কিষাণ কল চেণ্টাৰ আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাও দিছে।
ক্ৰিয়াকলাপ (পৃষ্ঠা ১৮০)
প্ৰশ্ন: যোগাযোগ ব্যবস্থাই দেশৰ উন্নয়নত কেনেদবে সহায় কৰে সেই বিষয়ে এটা টোকা লিখা।
উত্তৰ: উন্নত যোগাযোগ ব্যৱস্থাই অনেক তথ্যৰ যোগান ধৰে, যাৰ ফলত মানুহে বহুতো দুৰূহ কাম সহজে সম্পন্ন কৰিব পাৰে। ই মানৱ জাতিৰ উন্নতিত অতুলনীয় অৱদান যোগায় আৰু দেশৰ উন্নতিৰ গতি ক্ষিপ্ৰ কৰে।
অনুশীলনী (পৃষ্ঠা ১৮১)
১। চমু উত্তৰ লিখা-
(ক) ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলে কি লাভ কৰিছে?
উত্তৰ: ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলে জবকাৰ্ড লাভ কৰিছে।
(খ) বর্তমান প্রাথমিক বিদ্যালয়ৰ গৃহসমূহ কোন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে?
উত্তৰ: বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ গৃহসমূহ সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছে।
(গ) স্বাস্থ্যবান ব্যক্তি বুলিলে কাক বুজায়?
উত্তৰ: নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক আমি স্বাস্থ্যবান ব্যক্তি বুলি কওঁ।
(ঘ) সর্বাত্মক শিক্ষাৰ উদ্দেশ্য কি?
উত্তৰ: সৰ্বাত্মক শিক্ষাৰ উদ্দেশ্য হ’ল শাৰীৰিক আৰু মানসিকভাবে প্ৰত্যাহ্বান যুক্ত শিশুসকলকো শিক্ষা ব্যৱস্থাৰ লগত সাঙুৰি লোৱা।
২। উত্তৰ লিখা-
(ক) আন্তঃগাঁথনিমূলক কাম-কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্রহণ কৰিছে?
উত্তৰ: আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা, যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ’ব নোৱাৰে। যেনে- ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান আদি।
আমাৰ চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা কেইটামান আঁচনি হ’ল:
যাতায়াত: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, সংযোগী দলং নিৰ্মাণ, প্ৰধানমন্ত্ৰীৰ গ্ৰামচড়ক যোজনা, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি (ৰাস্তা-ঘাট নিৰ্মাণ) ।
শিক্ষা: শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ( বিনামূলীয়া পাঠ্যপুথি যোগান, মধ্যাহ্ন ভোজন), সৰ্বশিক্ষা অভিযান মিছন (বিদ্যালয় গৃহ নিৰ্মাণ, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ) ।
স্বাস্থ্য: গ্ৰাম্য পানী যোগান আঁচনি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান, জননী সুৰক্ষা যোজনা, ১০৮ মৃত্যুঞ্জয় সেৱা, ১০৪ ফোন সেৱা।
কৃষি: উন্নত জলসিঞ্চন ব্যৱস্থা, কিষাণ কল চেণ্টাৰ, কিষাণ ক্ৰেডিট কাৰ্ড।
বিদ্যুৎ: গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি।
(খ) যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায় তাক বহলাই আলোচনা কৰা।
উত্তৰ: দেশৰ অৰ্থনৈতিক উন্নয়নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।
যাতায়াত ব্যৱস্থা: উন্নয়নৰ এক উল্লেখযোগ্য বুনিয়াদ হৈছে যাতায়াত ব্যৱস্থা। কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। উন্নত যাতায়াত ব্যৱস্থা (যেনে চাৰিলেনযুক্ত পথ, দলং) থাকিলে যান-বাহনৰ ইন্ধনৰ খৰচ কমে, যাত্ৰা আৰামদায়ক হয়, উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ মানুহ আগ্ৰহী হয়, আৰু মেচিন, কেঁচামাল আদি সহজে সৰবৰাহ কৰিব পাৰি।
যোগাযোগ ব্যৱস্থা: যোগাযোগ ব্যৱস্থাই সমগ্ৰ বিশ্বতে বৈপ্লৱিক পৰিৱৰ্তন আনিছে। বিজ্ঞান-প্ৰযুক্তিৰ প্ৰভাৱত ঘৰত বহি নিমিষতে পৃথিৱীৰ ইমূৰ-সিমূৰৰ বাতৰি পাব পাৰি। উন্নত যোগাযোগ ব্যৱস্থাই অনেক তথ্যৰ যোগান ধৰে, যাৰ ফলত মানুহে বহুতো দুৰূহ কাম সহজে সম্পন্ন কৰিব পাৰে। ই দেশৰ উন্নতিৰ গতি ক্ষিপ্ৰ কৰে।
৩। খালী ঠাই পূৰ কৰা-
(ক) ____ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আবশ্যকীয় আগতীয়া কাৰিকৰী সংগঠন বা সা-সুবিধা যিবিলাকৰ অবিহনে ____ উন্নয়ন সম্ভব হ’ব নোৱাৰে।
উত্তৰ: আন্তঃগাঁথনি, অৰ্থনৈতিক
(খ) ____ বৃদ্ধি হোৱা মানে দেশ এখন ____ পথত অগ্রসৰ হোবা।
উত্তৰ: ৰাষ্ট্ৰীয় আয়, উন্নতিৰ
(গ) প্রধানমন্ত্রী ____ যোজনাৰ অধীনত গ্রামাঞ্চলৰ ৰাস্তা-ঘাটবোৰ ____ কৰা হৈছে।
উত্তৰ: গ্ৰামচড়ক, পকীকৰণ
(ঘ) সংবিধানে ____ শিক্ষাক শিশুৰ ____ অধিকাৰ হিচাপে স্বীকৃতি দিছে।
উত্তৰ: প্রাথমিক, মৌলিক
(ঙ) ____ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট ____ আৰু উন্নয়নমুখী কৰি তুলিছে।
উত্তৰ: বিদ্যুতৰ, সুচল
৪। প্রকল্প:
প্ৰশ্ন: তোমাৰ অঞ্চলত চৰকাৰে কি কি ক্ষেত্ৰত আঁচনি গ্রহণ কৰি অর্থনৈতিক উন্নয়ন সাধন কৰাব চেষ্টা কৰিছে তাক তলত দিয়া ধৰণে তালিকাভুক্ত কৰা।
উত্তৰ: (এইটো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ব্যৱহাৰিক প্ৰকল্প। তেওঁলোকে নিজৰ অঞ্চলত দেখা পোৱা আঁচনিবোৰ তালিকাভুক্ত কৰিব লাগিব।)
ক্ষেত্ৰ – চৰকাৰী আঁচনি
(যেনে: ৰাস্তা-ঘাট) – (যেনে: প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা)
(যেনে: শিক্ষা) – (যেনে: বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন)
(যেনে: স্বাস্থ্য) – (যেনে: গ্ৰাম্য পানী যোগান আঁচনি, ১০৮ সেৱা)
